জনগণ বাৰ্তা - Phone:: 940-123-9090. Email: editor@janaganabarta.com
Wednesday, September 16, 2026

ডিজিটেল যুগত Ghibli শৈলীৰ উত্থান: সুবিধা নে আশংকা ?

by Janagana Desk
1 minutes read

ডিজিটেল যুগত Ghibli শৈলীৰ উত্থান ঘটিছে। সামাজিক মাধ্যমৰ এটি নতুন ধাৰা Ghibli Art। সাধাৰণ প্ৰজাৰ পৰা ৰজালৈকে সকলো এতিয়া Ghibli জ্ব্বৰত আক্ৰান্ত। Artificial Intelligence ৰ সহায়ত সৃষ্টি হোৱা ঘিবলি-শৈলীৰ কলা বৰ্তমান সমাজিক মাধ্যমত এক বিশাল পৰিসৰত জনপ্রিয় হৈ পৰিছে। OpenAI ৰ ChatGPT ৰ নতুন আপডেটৰ জৰিয়তে সহজতে হায়াও মিয়াজাকিৰ ক্লাসিক চলচ্চিত্ৰসমূহৰ অনুকৃতি যেন শিল্প সৃষ্টি কৰা সম্ভৱ হৈছে। ব্যক্তিগত ফটো, দৃশ্য, তথা বিভিন্ন মুহূৰ্ত এই বিশেষ শৈলীত ৰূপান্তৰিত কৰি মানুহে আনন্দ লোৱা পৰিলক্ষিত হৈছে।

ঘিবলি-শৈলী (Ghibli Style) মূলত জাপানৰ প্ৰসিদ্ধ এনিমেশন ষ্টুডিঅ’ Studio Ghibli ৰ দ্বাৰা উদ্ভৱ হোৱা এক বিশেষ শিল্পশৈলী। এই শৈলী বিশ্বজুৰি বহুল প্ৰসংশিত আৰু জনপ্রিয়, বিশেষকৈ হায়াও মিয়াজাকি (Hayao Miyazaki) আৰু ইছাও তাকাহাটা (Isao Takahata)-ৰ নেতৃত্বত নিৰ্মিত এনিমেচন চলচ্চিত্ৰসমূহৰ বাবে।

যদিও এই প্ৰবণতাই সমাজিক মাধ্যমত এক বিশেষ স্থান লাভ কৰিছে, তথাপি গোপনীয়তা আৰু ডাটা সুৰক্ষাৰ ক্ষেত্ৰত কিছুমান গুৰুত্বপূর্ণ আশংকা উত্থাপিত হৈছে। সম্ভাব্য বিপদৰ ভিতৰত আছে কোনো প্লেটফৰ্মে আপলোড কৰা ফটো AI মডেল প্ৰশিক্ষণৰ বাবে ব্যৱহাৰ কৰে, যাৰ ফলত সেয়া অন্যান্য উদ্দেশ্যৰ বাবে পুনৰ ব্যৱহাৰ হ’ব পাৰে। আনহাতে ভৱিষ্যৎ অপব্যৱহাৰ হোৱাৰ সম্ভাৱনা থাকে যেনে deepfake, বদনামকাৰী বিষয়বস্তু, বা অবাঞ্ছিত ব্যৱহাৰৰ বাবে দুষ্প্ৰয়োগ হ’ব পাৰে। ইণ্টাৰনেট বিশেষজ্ঞসকলে সতৰ্কবাণী দিয়ে যে এআই ইমেজ জেনাৰেচন ব্যৱহাৰ কৰাৰ সময়ত ব্যক্তিগত তথ্য কেনেকৈ ব্যৱহাৰ হ’ব পাৰে, সেই বিষয়ে সকলোৱে সাৱধান হোৱাটো প্ৰয়োজন।
প্ৰযুক্তিৰ এই দ্ৰুত বিকাশৰ মাজত আনন্দ উপভোগ কৰোঁতে, ব্যক্তিগত গোপনীয়তা সুৰক্ষিত ৰাখিবলৈ সকলোৱে মনোযোগ দিব লাগিব।

Was this article helpful?
Yes0No0

You may also like