কোনেও ভৱা নাছিল হয়টো মনোৰঞ্জন বা পৰিয়ালৰ সৈতে সময় কটাবলৈ গৈ তেওঁলোকে মৃত্যুক আঁকোৱালি লব লাগিব, আপোনজনক চিৰদিনৰ বাবে হেৰুৱাব লাগিব। ২০২৫ চনৰ ২২ এপ্ৰিলৰ আকাশখন অবিৰত বৰষুণৰ পিছত মুকলি হৈছিল, যেন এক শান্তময় পৰিৱেশ। কিন্তু কোনে জানিছিল এই শান্তি আৰু সৌন্দৰ্যৰ আঁৰত লুকাই আছিল এক অদৃশ্য বিপদ। সেইদিনাই ঘটিছিল পেহেলগামৰ নাৰকীয় কাণ্ড। জম্মু-কাশ্মীৰৰ অনন্তনাগ জিলাৰ পেহেলগামৰ বৈসাৰাণ উপত্যকাত সংঘটিত হোৱা সন্ত্রাসবাদী আক্ৰমণত ২৬ জন পৰ্যটক নিহত হয়। এই ঘটনাটো ২০০৮ চনৰ মুম্বাই আক্ৰমণৰ পাছত ভাৰতত হোৱা আটাইতকৈ ভয়ংকৰ নাগৰিক হত্যাকাণ্ড হিচাপে বিবেচিত হৈছে।
পেহেলগাম নাৰকীয় হত্যাকাণ্ডৰ আন এগৰাকী ভুক্তভুগী এগৰাকী নাৰী ডাঃ সুজাতা। ১৮ এপ্ৰিলত স্বামী ভাৰত ভূষণ আৰু তিনি বছৰীয়া সন্তানৰ সৈতে কাশ্মীৰ ফুৰিব গৈছিল, কোনে জানিছিল মৃত্যু যেন ৰৈ আছিল। অতিকৈ দয়ালু ব্যক্তি ভাৰত ভূষণদেৱে তেওঁৰ পত্নী আৰু সৰু সন্তানৰ সৈতে কাশ্মীৰলৈ গৈছিল ছুটী উপভোগ কৰিবলৈ। পত্নীৰ সন্মুখতে সন্ত্ৰাসবাদীয়ে নিৰ্দয়ভাৱে তেওঁক গুলীয়াই হত্যা কৰিলে।
তেতিয়াৰ দুপৰীয়া প্ৰায় ১.৪৫ বাজিছিল, তেনেতে শুনা পালে বন্দুকৰ গুলীৰ শব্দ। প্ৰথমতে ভাবিছিল সেইয়া জীৱ-জন্তুক ভয় খুৱাবলৈ গুলীচালনা কৰিছে। কিন্তু বন্দুকৰ গুলী যিমানেই কাষ চাপিল বুজিবলৈ বাকী নাথাকিল যে সেয়া আক্ৰমণ হে। ততাতৈয়াকৈ স্বামী আৰু সন্তানৰ সৈতে এটা তম্বুৰ আঁৰত আত্মগোপন কৰিলে। তেনেতে দেখা পালে এজন সন্ত্ৰাসবাদীয়ে এজন বৃদ্ধৰ সৈতে কথা পাতিছে , হিন্দী ভাষাত তেওঁ কৈছিল, ‘আপুনি ইয়াত ইমান সুখী কেনেকৈ হ’ব পাৰে, তাত আমাৰ লৰা ছোৱালী মৃত্যুমুখত পৰিছে? বৃদ্ধজনৰ পৰা কিবা সঁহাৰি লাভ কোৰাৰ আগতেই সন্ত্ৰাসবাদীয়ে তেওঁক গুলীয়াই হত্যা কৰে আৰু তেওঁৰ মৃতদেহটো এফালে ঠেলি দিয়ে।
পিছ মুহূৰ্ততে সন্ত্ৰাসবাদীজন তেওঁলোকৰ ওচৰলৈ আহিল। পুত্ৰক খামুচি ধৰি দুখন কাতৰ হৈ বাৰম্বাৰ অনুৰোধ কৰিছিল আমাৰ এটি সন্তান আছে আমাক এৰি দিয়ক কিন্তু সন্ত্ৰাসবাদীয়ে কোনো অনুৰোধ নুশুনিলে লগালগ স্বামীৰ মূৰত তিনিটা গুলি কৰিল । চিকিৎসক পত্নীৰ বুজিবলৈ বাকী নাথাকিল যে তেওঁৰ স্বামী আৰু জীৱাই নাথাকে। এই ঘটনাৰ পিছত আৰু তেওঁৰ মূৰ তুলি চোৱাৰ সাহস নাছিল মাথোঁ ল’ৰাটোক জোৰেৰে সাৱটি ধৰিল। যিকোনো মূল্যৰ বিনিময়ত শিশুটোক ৰক্ষা কৰিবলৈ সংকল্পবদ্ধ হৈ প্ৰাণঢাকি দৌৰিছে। কাৰোবাৰ আকৌ বিয়াৰ ৭ দিনৰ পিছতেই সেন্দুৰ মচা গৈছে। পত্নীৰ সম্মুখতে গুলিয়াই হত্যা কৰা স্বামীয়ে চটফটাই মৃত্যুক সাৱটে। এইদৰে বহুজনক গুলীয়াই হত্যা কৰিলে। এই মৃত্যু কিমান বেদনাদায়ক, কিমান নৃশংস আছিল সেইয়া কেৱল ভুক্তভুগীয়েহে অনুধাৱন কৰিব পাৰিব। শিশুৰ পৰা বৃদ্ধ সকলোৰে মন মগজু কঁপাই তুলিছিল।
সন্ত্ৰাস জৰ্জৰিত যদিও কাশ্মীৰৰ পৰ্যটনক্ষেত্ৰ চাবলৈ যোৱাৰ আগতে তেওঁলোকে ভৱা নাছিল ঠাইবোৰ নিৰাপত্তাহীন এলেকা হব। যি নিৰাপত্তাৰ আধাৰত মানুহে টকা পইছা খৰচ কৰি ভ্ৰমণ কৰিব গৈছিল , কিয় নিৰাপত্তা ব্যৱস্থাৰ প্ৰতি গুৰুত্ব নাছিল কৰ্তিপক্ষৰ। কাশ্মীৰৰ দৰে স্পৰ্শকাতৰ ঠাইত নিৰাপত্তাৰ ক্ষেত্ৰত অতিৰিক্ত নিৰাপত্তা ব্যৱস্থাৰ পৰিৱৰ্তে এজনো নিৰাপত্তাৰক্ষী নাছিল যাৰ বাবে এনে ধৰণৰ নাৰকীয় হত্যাকাণ্ড সংঘটিত হল, প্ৰাণ হেৰুৱালে কেইবাজনো লোকে।
এই ঘটনাই উত্থাপন কৰিছে গম্ভীৰ নিৰাপত্তাৰ প্ৰশ্ন। কাশ্মীৰ যি স্পৰ্শকাতৰ অঞ্চল হিচাপে পৰিচিত, তাত পৰ্যটকসকলৰ উপচি পৰা ভিৰ থাকিও কোনো নিৰপেক্ষ বা চাক্ষুষ সুৰক্ষা ব্যৱস্থা নাছিল। স্থানীয় ৰিপোৰ্ট অনুসৰি, ঘটনাস্থলীত আক্ৰমণৰ সময়ত কোনো নিৰাপত্তাৰক্ষী উপস্থিত নাছিল। বিশেষকৈ প্ৰশ্ন উঠিছে, কি কাৰণত যাত্ৰীৰ সুৰক্ষাক এতিয়া পৰ্যন্ত উপেক্ষা কৰা হৈছে আৰু কেনেকৈ সশস্ত্ৰ সন্ত্রাসবাদীয়ে এনেদৰে মুক্ততাণ্ডব চলাবলৈ সক্ষম হ’ল ?
ভাৰত বহু বছৰ ধৰি সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ দি আহিছে, কিন্তু এই হত্যাকাণ্ডে দেখুৱাইছে যে বহু ক্ষেত্ৰত সুৰক্ষা ব্যৱস্থা নিয়ন্ত্ৰণত প্ৰশাসনৰ দুবৰ্লতা। চৰকাৰে এই সন্ত্ৰাসবাদীসকলৰ বিৰুদ্ধে গুৰুতৰ ব্যৱস্থা ল’ব লাগিব। কেন্দ্ৰীয় চৰকাৰে শক্তিশালী আৰু নিৰ্ণায়ক ব্যৱস্থা ল’ব লাগিব। অকল মন কি বাত আৰু ভাষণ বা চিনেমা বনাই শেষ কৰিলে নহব।
পাক অধিকৃত কাশ্মীৰ কেৱল এটি ভূখণ্ড নহয় — ই হৈছে আমাৰ ইতিহাস, সংস্কৃতি, আৰু আত্মপৰিচয়ৰ এক অবিচ্ছেদ্য অংশ। ১৯৪৭ চনৰ দেশ ভাগৰ পিছত ভাৰতীয় ভূখণ্ডৰ এটা অংশ অবৈধভাৱে পাকিস্তানৰ অধিকাৰত থাকি আহিছে। ইয়াৰ ওপৰত ভাৰতৰ সাংবিধানিক, আইনগত আৰু নৈতিক অধিকাৰ আছে — যি কথা ভাৰতীয় সংসদ আৰু চৰকাৰই বহুসময় ধৰি পুনৰাবৃত্তি কৰি আহিছে। বহু ৰক্তপাত হল আৰু নহব, এইবাৰ সময় শেষ পদক্ষেপ লোৱা।
আমি প্ৰতিজন ভাৰতীয়ই এই নাৰকীয় হত্যাকাণ্ডৰ হত্যাকাৰীক উচিত শাস্তি বিহাটো বিচাৰো। সন্ত্ৰাসবাদ নিপাত যাওক বুলি কেৱল মম জ্বলাই, প্ৰতিবাদ কৰিলেই নহব। কেৱল চলচ্চিত্ৰ নিৰ্মাণ কৰি সন্ত্ৰাসবাদীক নিঃশেষ কৰিলেই নহব, প্ৰকৃত অৰ্থত সন্ত্ৰাসবাদ নিৰ্মূল হোৱাটো বিচাৰো। পূৰ্ণদৈঘ্যৰ চলচ্চিত্ৰত নিজ দেশক বিজয়ী বা নায়ক সজাই “How it josh” বুলি কোৱাটো নিবিচাৰোঁ। আমি প্ৰতিজন ভাৰতীয়ই ন্যায় আৰু শান্তিৰ বিচাৰো। এনে ঘটনাৰ যেন পুনৰাবৃত্তি নহওঁক তাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব কেন্দ্ৰ তথা চৰকাৰে।
আমি আশা কৰিছোঁ হিংসা, হত্যা জৰ্জৰিত দৃশ্যখন ভাৰতৰ মানসপটৰ পৰা সম্পূৰ্ণৰূপে নাইকীয়া কৰিবৰ বাবে শাসকীয় পক্ষই বিহিত ব্যৱস্থা গ্ৰহণ কৰক। যিদৰে এসময়ত স্বৰ্গীয় ইন্দিৰা গান্ধীয়ে পূব পাকিস্তান বিচ্ছিন্ন কৰিছিল ঠিক তেনে এক সাহসী পদক্ষেপ মোদী চৰকাৰে হাতত লওক। বিজেপিয়ে যি অখণ্ড ভাৰতৰ কথা কৈ আহিছে সেয়া এইবাৰ কৰি দেখুওৱা সুযোগ আহিছে, আনকি দেশৰ সকলো বিৰোধী দলেও এক হৈ চৰকাৰক এক দৃষ্টান্ত মূলক পদক্ষেপ লবলৈ অনুৰোধ জনাইছে। কেৱল প্ৰতিক্ৰিয়া আৰু সমবেদনা দিয়েই নহয়, উপযুক্ত গোচৰ-বিচাৰ আৰু আগন্তুক সময়ত এনে নাৰকীয়তা ৰোধ কৰিব পৰা ব্যৱস্থাৰ প্ৰয়োজনীয়তা আহি পৰিছে।
মোদী ডাঙৰীয়া, PoK দখল কৰি সন্ত্ৰাসবাদীৰ মূল ঘাটি উৎখাত কৰি কাশ্মীৰত শান্তি স্থাপন কৰক…পাৰিবনে মোদী ডাঙৰীয়া ?