Skip to content

ভূমিস্খলনৰ ছায়াত বিধ্বস্ত গুৱাহাটী : জীৱন-মৃত্যুৰ অশান্ত সংগ্ৰাম

Dr Netraranjan
May 10, 20250 second read
Guwahati Landslide

গুৱাহাটী মহানগৰত পাহাৰীয়া অঞ্চলসমূহত ভূমিস্খলনে বছৰি ভয়াবহ ৰূপ ধাৰণ কৰি আহিছে। পাহাৰীয়া অঞ্চলত সংঘটিত হোৱা ভূমিস্খলনে বহুজনৰ প্রাণ কাঢ়ি নিছে। অধিক জনসংখ্যা আৰু সমতলভূমিত ভূমিৰ অভাৱৰ বাবে মানুহে পাহাৰতে বিপজ্জনকভাৱে ঘৰ সাজি বাস কৰি আহিছে । মুঠতে গুৱাহাটী মহানগৰত পাহাৰৰ ওপৰত অনিয়ন্ত্রিত বসতি আৰু সঠিক ভূমিস্খলন প্ৰতিৰোধ নথকাৰ বাবে বছৰি বিপদৰ আশংকা বাঢ়িছে। ব’হাগ মাহৰ পৰা বৰষুণ আৰম্ভ হৈছে আৰু ইয়াৰ ফলস্বৰূপ ভূমিস্খলনৰ ঘটনা বৃদ্ধি পোৱাৰ সম্ভাৱনা দেখা গৈছে। সাধাৰণতে, এপ্ৰিল মাহৰ পৰা গুৱাহাটীত ভূমিস্খলনৰ ঘটনা দেখা দিয়ে আৰু বাৰিষাৰ কৃত্রিম বানৰ সৈতে একে সময়ত ভূমিস্খলনৰ আতংক ও বৃদ্ধি পায়।

সাধাৰণতে বৰষুণ আৰম্ভ হোৱাৰ লগে লগে অর্থাৎ এপ্রিল মাহৰ পৰাই প্রতিবছৰে মহানগবত ভূমিস্খলনৰ ঘটনা আৰম্ভ হোৱা পৰিলক্ষিত হয়। বাৰিষাৰ কৃত্রিম বানৰ সমানুপাতিকভাবে মহানগৰত ভূমিস্খলনৰ ঘটনাও ঘটনাও বৃদ্ধি পাইছে। বিগত বর্ষত বর্ষত বাৰিষাৰ সময়তো মহানগৰৰ একাংশ স্থানত পাহাৰৰ মাটি খহি কেইবাটাও বাসগৃহ ধ্বংস হোৱাৰ লগতে কেইবাজনো লোক গুৰুতৰভাবে আহত হ’বলগীয়া অৱস্থাৰ সৃষ্টি হৈছিল।

পূর্বৰ বছৰসমূহতো পাহাৰৰ মাটি আৰু বাসগৃহ খহি পৰাৰ ফলত বহুতো লোকৰ মৃত্যু হৈ আহিছে। তথ্য অনুসৰি গুৱাহাটীত ১৯৯৩ চনৰ পৰা ২০১৮ চনলৈ ২৫ বছৰত ভূমিস্খলনৰ ফলত ১৬৫জন লোকৰ মৃত্যু হৈছে। ২০২৫ চনলৈ এই সংখ্যা আৰু অধিক বৃদ্ধি হৈছে। গুৱাহাটীত ২০০৪ চনত ভূমিস্খলনত সর্বাধিক ২২জন লোকে প্রাণ হেৰুৱাইছিল। উল্লেখযোগ্য যে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভূতত্ত্ব বিভাগৰ তথ্য মতে, বিগত তিনিটা দশকত গুৱাহাটীত ভূমিস্খলনৰ সমস্যাই জটিল ৰূপ ধাৰণ কৰিছে। বিভাগৰ তথ্য অনুযায়ী গুৱাহাটীৰ নৱগ্রহ অঞ্চলত ১৯৭২ চনত প্রথমটো ডাঙৰ ভূমিস্থলন সংঘটিত হৈছিল। ১৯৮৬ চনৰ পৰা গুৱাহাটীত ভূমিস্খলনৰ ঘটনা ক্রমাৎ বৃদ্ধি পাবলৈ লৈছে। ভূতত্ত্ব বিভাগৰ তথ্য মতে, ৭৫ শতাংশতকৈ অধিক ভূমিস্খলনৰ ঘটনা জুনৰ পৰা ছেপ্টেম্বৰৰ ভিতৰত হৈছে। তেনেদৰে ১৫ শতাংশ ভূমিস্খলনৰ ঘটনা অক্টোবৰ মাহত সংঘটিত হয়। লক্ষণীয়ভাবে ২০১৫ চনত অসম ইঞ্জিনিয়াৰিং কলেজ আৰু অসম দুর্যোগ ব্যৱস্থাপনা কর্তৃপক্ষই মহানগৰৰ ভূমিস্খলনপ্রৱণ স্থানসমূহৰ সমীক্ষা চলাইছিল। সমীক্ষাত প্রকাশ কৰিছিল যে গুৱাহাটীৰ ১৯টা পাহাৰৰ ৩৬৬টা অঞ্চলত ভূমিস্খলনৰ প্রবণতা আছে। কিন্তু ভূমিস্খলন প্ৰৱণ অঞ্চল চিনাক্ত কৰাৰ পাছতো ভূমিস্থলন ৰোধৰ বাবে চৰকাৰ, প্রশাসনে গ্রহণ কৰা নাই সুদূৰপ্রসাৰী ব্যৱস্থা। প্রতিবছৰে ভূমিস্খলনৰ বাবে গুৱাহাটী মহানগৰত জীৱন আৰু সম্পত্তিৰ হানি হৈ আহিছে। বিশেষকৈ মহানগৰত ভূমিস্খলনৰ ঘটনা সংঘটিত হোৱাৰ পাছতেই মহানগৰ জিলা প্রশাসনে পাহাৰ অঞ্চলত বিপজ্জনকভাবে বাসগৃহ নির্মাণ কৰা লোকসকলৰ বিৰুদ্ধে কঠোৰ ব্যবস্থা গ্রহণ কৰাৰ লগতে পাহাৰত গার্ডৱাল দিয়াৰ ব্যবস্থা আৰু ভূমিস্খলন প্রতিবোধৰ ব্যবস্থা কৰা হ’ব বুলি ঘোষণা কৰিছিল। কিন্তু সময়ত প্রশাসনে এই ক্ষেত্রত ব্যবস্থা গ্রহণ কৰাত গুৰুত্ব নিদিয়াৰ বাবেই বিপদৰ আশংকা অধিক বৃদ্ধি পাইছে।

Dr Netraranjan

Dr. Netraranjan, the Editor-in- Chief of Janagana Barta is an alumni of JNU and over two decades experience in MNCs at Senior Leadership position. A doctorate in management, his key area of interest is Strategic Political Affairs, Consultancy and Research & Analysis.

Related Articles

Facebook Posts
This message is only visible to admins.
Problem displaying Facebook posts. Backup cache in use.
Click to show error
Error: Error validating access token: The session has been invalidated because the user changed their password or Facebook has changed the session for security reasons. Type: OAuthException
Most Discussed
Back To Top