জনগণ বাৰ্তা - Phone:: 940-123-9090. Email: editor@janaganabarta.com
Monday, August 31, 2026

অসমৰ একমাত্ৰ মানৱসৃষ্ট নদী : ভোগদৈ

by Janagana Desk
1 minutes read
Bhogdoi: Man made river of Assam

উজনি অসমৰ এক প্ৰসিদ্ধ নদী হৈছে ভোগদৈ নদী। ব্ৰহ্মপুত্ৰ নদৰ এখন দক্ষিণ বাহিনী উপনদী। নদীবোৰ প্ৰাকৃতিক ভাৱে সৃষ্টি হয় কিন্তু যোৰহাটৰ বুকুত বৈ যোৱা ভোগদৈ নদীখন সম্পূৰ্ণ ৰূপে মানুহে খনন কৰা এখন ঐতিহাসিক নদী। নগা পাহাৰৰ পৰা উৎপত্তি হৈ ই যোৰহাট চহৰৰ মাজেদি প্ৰবাহিত হৈছে আৰু অন্য এখন নদীৰ সৈতে মিলিত হৈ নদীখনৰ নাম গেলাবিল হৈ যায় আৰু ব্ৰহ্মপুত্ৰত লগ লাগে। পূৰ্বতে ভোগদৈ নদী খনৰ নাম আছিল দিচৈ।

ইয়াৰ পুৰণা সুঁতিটো বৰ্তমান মৰিদিচৈ নামেৰে জনাজাত। মৰিদিচৈ সুঁতিটো বৰ্তমান যোৰহাট জিলাৰ উত্তৰ-পশ্চিম দিশ হৈ গোলাঘাট জিলাৰ দেৰগাঁৱৰ উত্তৰ দিশৰ বাঁহগুৰি, টায়ুং, দানিচাপৰি মিচিং, গঁড়মৰা লেঙেৰা চাপৰি, খকন্দগুৰি, ওপৰ টেমেৰা হৈ বোকাখাট মহকুমাৰ ৰঙাগড়া নামে ঠাইত গেলাবিলৰ লগত মিলিত হৈছে। এই মৰিদিচৈ সুঁতিটোৱে অতীতৰ দিচৈ নদীৰ অস্তিত্ব আজিও বহন কৰি আছে। যোৱা কেইবছৰমানৰ পৰা ভোগদৈ নদীখন যথেষ্ট প্ৰদূষিত হৈ পৰিছে।

স্বৰ্গদেউ গৌৰীনাথ সিংহই(১৭৮০-১৭৯৪) বৃটিছৰ সহায়ত বিদ্ৰোহী মায়ামৰীয়া মৰাণৰ হাতৰ পৰা সাম্ৰাজ্য উদ্ধাৰ কৰাৰ পাছত গড় গাঁও আৰু ৰংপুৰৰ পৰা যোৰহাটলৈ ৰাজধানী স্থানান্তৰিত কৰিলে। নতুন ৰাজধানীত পানীৰ প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ ৰাজধানীৰ কাষত এখন নৈৰ আৱশ্যকতা অনুভৱ কৰি পূৰ্ণানন্দ বুঢ়াগোহাঁইয়ে ভোগ দি দিচৈ নৈ খান্দি আনি যোৰহাটৰ কাষেদি ব্ৰহ্মপুত্ৰলৈ পেলাই দিয়ে।

নৈ খান্দোতে ভোগ দিয়াৰ কাৰণে নৈ খনৰ নাম হ’লগৈ ভোগদৈ। ইতিহাসে গৰকা প্ৰায় ছশটা বছৰ অতিক্ৰম কৰিলে এই নদী খনে। প্ৰাকৃতিক ভাৱে নহয়, মানৱসৃষ্ট এইখনেই সম্ভৱতঃ একমাত্ৰ নদী। ভোগদৈ কেৱল এটি নদী নহয়, এটি সাংস্কৃতিক-ঐতিহাসিক গৌৰৱ । যোৰহাট চহৰৰ অস্তিত্ব আৰু পৰিচয়ৰ সৈতে ওতপ্ৰোতভাৱে জড়িত এই নৈ আজিও অঞ্চলটোৰ জনজীৱনৰ অংশ হৈ আছে। অসমৰ এই একমাত্ৰ মানৱসৃষ্ট নদীখনে ইতিমধ্যে ইতিহাস, সাহিত্য, আৰু সাংস্কৃতিক গীত-কবিতাতো নিজৰ স্থান দখল কৰিছে। বহুকাল ধৰি যোৰহাটবাসীৰ কৃষি আৰু পানীয় জলৰ মূল আধাৰ হিচাপে এই নৈয়ে গুৰুত্বপূর্ণ ভূমিকা পালন কৰি আহিছে।

Was this article helpful?
Yes0No0

You may also like