Skip to content

বিবাহৰ আঁৰত লুকাই থকা নির্যাতন! বৈবাহিক ধৰ্ষণ: অপৰাধ নে সামাজিক স্বীকৃতি?

Janagana Desk
May 10, 20253 second read
Marital Rape

বৈবাহিক ধৰ্ষণ (Marital Rape) হৈছে এক প্ৰকাৰৰ নিৰ্যাতন, য’ত স্বামীয়ে পত্নীৰ অনিচ্ছাসত্ত্বেও বলপূৰ্বকভাৱে  যৌন সম্পৰ্ক বা শাৰীৰিক সম্পৰ্ক স্থাপন কৰে। নাৰীৰ ওপৰত হোৱা এনে শাৰীৰিক মানসিক উৎপীড়নক অপৰাধ। এতিয়াও বহুতো সমাজত ইয়াক অপৰাধ হিচাপে স্বীকৃতি দিয়া নহয়, যাৰ ফলত অসংখ্যগৰাকী মহিলা নীৰৱে এই অত্যাচাৰ সহ্য কৰিবলৈ বাধ্য হয়।

ৰাষ্ট্ৰীয় অপৰাধ অভিলেখন সংস্থাৰ ( এন চি আৰ বি ) ২০১৯-২০ চনত চলোৱা এক সমীক্ষা অনুসৰি ভাৰতবৰ্ষত প্ৰতিদিনে ৯৯ শতাংশ ধৰ্ষণৰ দৰে জঘন্য অপৰাধ সংঘটিত হয়। যাৰ এটা অচৰ্চিত বিষয় হৈছে— বৈবাহিক ধৰ্ষণ, ( Marital rape ) ২০২২ ত ৰাষ্ট্ৰীয় অপৰাধ অভিলেখন সংস্থাই প্ৰকাশ কৰিছিল যে পঞ্জাৱৰ ৭৬ শতাংশ পুৰুষে নিজৰ স্ত্ৰীৰ ওপৰত যৌন আতিশয্য চলোৱা কাৰ্যক তেওঁলোকৰ সম্পূৰ্ণ অধিকাৰ বুলি দাবী কৰে । একেদৰে জম্মু কাশ্মীৰত ৯৭ শতাংশ, মধ্য প্ৰদেশ আৰু উত্তৰ প্ৰদেশত ৯৭ শতাংশ আৰু বিহাৰত সৰ্বাধিক ৯৮ শতাংশ বৈবাহিক বলাৎকাৰৰ ঘটনা সংঘটিত হয়। অথচ এনে অমানৱীয় ঘটনাক আশ্চৰ্যকৰভাৱে আজিও ভাৰতীয় দণ্ডবিধি আইনত অপৰাধ বুলি গণ্য কৰা নহয়। নাৰীৰ ওপৰত হোৱা এনে শাৰীৰিক মানসিক উৎপীড়নক অপৰাধ বুলি ১৯৩২ চনত ঘোষণা কৰে পোন প্ৰথমে ইউৰোপীয় দেশ পোলেণ্ডে। তাৰপিছত ১৯৭০ চনৰ পৰা ১৯৯৩ চনৰ ভিতৰত আমেৰিকাৰ ৫০ খন দেশে এই ঘৃণনীয় কাণ্ডক অপৰাধ বুলি ঘোষণা কৰে । ১৯৮৪ চনত ইউৰোপীয় সাংসদে বৈবাহিক ধৰ্ষণক অপৰাধ ঘোষিত কৰে । ২০০২ চনত নেপালও এই কাণ্ডক অপৰাধ ঘোষিত কৰি উচিত শাস্তিৰ ব্যৱস্থা কৰে। আজি ৭৭ খন দেশে এই কাণ্ডক অপৰাধ বুলি কোৱাৰ বিপৰীতে ৩৪ খন দেশে ইয়াক কোনো অপৰাধ বুলি গণ্য নকৰে, য’ত ভাৰতো আছে । স্বামীয়ে কৰা ধৰ্ষণক ভাৰতত ধৰ্ষণ বুলি ধৰা নহয়।

বিবাহ এক সামাজিক সংস্থা। বিবাহ, আদৰ্শগতভাৱে, দুজন ব্যক্তিৰ মাজত সমান অংশীদাৰিত্ব হ’ব লাগে। কিন্তু নাৰীৰ সন্মতিতকৈ পুৰুষৰ দৈহিক অধিকাৰক সমাজ আৰু প্ৰতিষ্ঠানিক অগ্ৰাধিকাৰ দিয়াটোৱে বিবাহৰ সমতাবাদী চৰিত্ৰক ফলপ্ৰসূভাৱে ক্ষয় কৰে। বৈবাহিক হিংসা আৰু ধৰ্ষণৰ বিতৰ্ক ভাৰতৰ বাবে এক বিচাৰ্যৰ বিষয়। আওপুৰণি বিশ্বাস আৰু পিতৃতান্ত্রিক ব্যৱস্থাত শিপাই থকা এই ব্যতিক্ৰম কেৱল নাৰীৰ মৰ্যাদাক অপমান কৰাই নহয়, ব্যক্তিগত স্বাধীনতা, সমতা আৰু গোপনীয়তাকে ধৰি এগৰাকী নাৰীৰ সাংবিধানিক অধিকাৰৰ প্ৰত্যক্ষ উলংঘা কৰা হয়।

বৈবাহিক ধৰ্ষণক লৈ দীৰ্ঘদিন ধৰি অব্যাহত আছে বিতৰ্ক। ইয়াৰ মাজতে এটি গোচৰ সন্দৰ্ভত ৰায়দান কৰি ‘বৈবাহিক ধৰ্ষণ’ ক অপৰাধ নহয় বুলিয়েই জনালে উচ্চতম ন্যায়ালয়ে। উচ্চতম ন্যায়ালয়ে পৰ্যবেক্ষণৰ অন্তত কয় যে, স্ত্ৰীৰ বয়স যদি ১৫ বছৰৰ অধিক হয়, তেন্তে স্বামীৰ বলপূৰ্বক মিলনক বৈবাহিক ধৰ্ষণ বুলি কোৱা নহ’ব। ভাৰতীয় দণ্ডবিধি আইনৰ অধিনিয়মৰ অন্তৰ্গত ৩৭৫.২ ধাৰাক ২০১৩ চনত অপসাৰণ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে জাষ্টিচ বাৰ্মা কমিতিয়ে । তেওঁলোকৰ যুক্তি— ধৰ্ষণৰ ভিতৰত বৈবাহিক ধৰ্ষণ কোনো অপৰাধৰ শাৰীত নপৰে । সেই বিষয়ে যেতিয়া চুপ্ৰিম ক’ৰ্টক প্ৰশ্ন কৰা হৈছিল, উত্তৰত কৈছিল—‘ বৈবাহিক বলাৎকাৰক অপৰাধ বুলি ঘোষণা কৰাৰ কোনো প্ৰয়োজন নাই।’ ২০১৭ চনত যেতিয়া কেন্দ্ৰীয় চৰকাৰক এই বিষয়ে জানিবলৈ বিচৰাত চৰকাৰেও কৈছিল , এনে ধৰ্ষণ কাৰ্যক অপৰাধ ঘোষিত কৰাৰ ফলত ভাৰতীয় সমাজ ব্যৱস্থা আৰু বিবাহ ব্যৱস্থাৰ পৰিণতি বিষম হৈ উঠিব পাৰে। অতীজৰে পৰা চলি অহা ভাৰতীয় পৰম্পৰাক বিনষ্ট কৰিব পাৰে তেনে এখন আইনে। উপযুক্ত শিক্ষা আৰু সজাগতাই এদিন নিশ্চয় লক্ষ লক্ষ ভাৰতীয় নাৰীকো সম্পূৰ্ণ, অধিকাৰ আৰু সুৰক্ষাৰ দাবীত ৰাজপথলৈ ওলাই আহিবলৈ বাধ্য কৰিব।

ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য সমীক্ষা-৫ ত প্ৰকাশ পাইছে যে ভাৰতীয় মহিলাৰ এক তৃতীয়াংশই তেওঁলোকৰ বিবাহত শাৰীৰিক বা যৌন হিংসাৰ সন্মুখীন হৈছে যদিও ইয়াৰে ৭৭% মহিলাই কেতিয়াও প্ৰকাশ কৰা নাই। শেহতীয়াকৈ ছত্তীশগড় উচ্চ ন্যায়ালয়ে দিয়া ৰায়দানত উল্লেখ কৰিছে যে যিহেতু এজন পুৰুষ আৰু তেওঁৰ প্ৰাপ্তবয়স্ক পত্নীৰ মাজত যৌন কাৰ্য্য ধৰ্ষণ নহয়, গতিকে স্বামীয়ে কৰা যিকোনো ‘অস্বাভাৱিক যৌন কাৰ্য্য’ ভাৰতীয় দণ্ডবিধিৰ ৩৭৭ নং ধাৰাত সংজ্ঞায়িত কৰা অপৰাধ হিচাপে গণ্য কৰিব নোৱাৰি। আদালতৰ ৰায়দান অনুসৰি যিটো বলপূৰ্বক যৌন কাৰ্য্যৰ ফলত পত্নীক হত্যা কৰাৰ অপৰাধত দোষী সাব্যস্ত হোৱাৰ সময়ত গৃহীত হৈছিল , ই আই পি চিৰ ৩৭৫ নং ধাৰাটোৰ ব্যতিক্ৰম II ৰ ওপৰত নিৰ্ভৰ কৰিছিল, যিয়ে বৈবাহিক ধৰ্ষণক অপৰাধ হিচাপে স্বীকৃতি নিদিয়ে। যৌনতাৰ বাবে সন্মতি বৈবাহিক ব্যৱস্থাত অন্তৰ্নিহিত হৈ থাকে আৰু পত্নীয়ে পিছত ইয়াক প্ৰত্যাহাৰ কৰিব নোৱাৰে বুলি পশ্চাদপসৰণশীল বিশ্বাসৰ ওপৰত ভিত্তি কৰি এই ৰেহাই দিয়া হৈছে। কিন্তু এনে ধাৰণা পুৰুষৰ সপক্ষে আদিম আৰু অসমতাপূৰ্ণ। পুৰুষে যেতিয়াই ইচ্ছা কৰে তেতিয়াই বিবাহৰ বাবে সন্মতি আৰু যৌন সম্পৰ্কৰ সন্মতিৰ সমান কৰিলে নাৰীৰ শাৰীৰিক স্বায়ত্তশাসন, স্বাধীনতা আৰু গোপনীয়তাৰ মৌলিক অধিকাৰক ক্ষতিগ্ৰস্ত কৰে। ক’বলগীয়া কথাটো হ’ল যে এনে বিষয়সমূহৰ ওপৰত ৰাষ্ট্ৰৰ পঠন আলোকিত হোৱাৰ পৰা বহু দূৰত। বৈবাহিক ধৰ্ষণৰ ভূতক স্বীকৃতি দিয়াৰ প্ৰয়োজনীয়তাৰ প্ৰতি প্ৰকাশ্য অৱজ্ঞাক কেন্দ্ৰই এই ভিত্তিত সমৰ্থন জনাইছে যে স্বামীৰ দ্বাৰা প্ৰাপ্তবয়স্ক পত্নীৰ যৌন নিৰ্যাতনক ধৰ্ষণ বুলি কোৱাটো “অতি কঠোৰ” আৰু “অসমানুপাতিক” হ’ব।

বিশ্বৰ বহুতো দেশত বৈবাহিক ধৰ্ষণক এক অপৰাধ হিচাপে গণ্য কৰা হৈছে, কিন্তু কিছুমান দেশত ইয়াক সম্পূৰ্ণ স্বীকৃতি দিয়া নাই। ভাৰতত বৈবাহিক ধৰ্ষণ (Marital Rape) সম্পূৰ্ণ বেআইনী নহয় । ভাৰতীয় দণ্ডবিধি (IPC) ৩৭৫ ধাৰাত “ধৰ্ষণ” ৰ সংজ্ঞাত বিবাহিত পুৰুষে নিজৰ পত্নীৰ ওপৰত কৰা যৌন জুলুমক বিশেষ ৰেহাই দিয়া হৈছে, যদি পত্নীৰ বয়স ১৮ বছৰৰ ওপৰত হয়। আনহাতে, যদি পত্নীৰ বয়স ১৮ বছৰৰ তলত হয়, তেন্তে এইটো আইনগতভাৱে ধৰ্ষণ হিচাপে গণ্য হয়।ভাৰতীয় দণ্ডবিধিৰ ৩৭৫ ধাৰাত বৈবাহিক ধৰ্ষণক বিশেষ ক্ষেত্ৰত অপৰাধৰ বাহিৰত ৰখা হৈছে, বিশেষকৈ যদি পত্নীৰ বয়স ১৮ বছৰৰ ওপৰত হয়। বহুতো সংগঠনে ইয়াক অপৰাধ হিচাপে স্বীকৃতি দিয়াৰ বাবে আন্দোলন কৰি আছে। বহুতো সমাজত এই বিষয়টো গোপনে ৰখা হয়, যিহেতু সাংস্কৃতিক আৰু ধৰ্মীয় বিশ্বাসে পুৰুষক প্ৰধানত্ব দিয়ে।

বিবাহে কোনো ব্যক্তিৰ ওপৰত বলপূৰ্বক অধিকাৰ প্ৰদান নকৰে। পতি-পত্নীৰ মাজত পৰস্পৰ সন্মান, বিশ্বাস, আৰু ভালপোৱা থকাৰ প্ৰয়োজন। স্ত্ৰীৰ ব্যক্তিগত স্বাধীনতা আৰু সম্মান সুৰক্ষিত কৰিব লাগে। বৈবাহিক ধৰ্ষণ এক অপৰাধ আৰু ইয়াক কোনো পৰিস্থিতিতেও সামাজিক স্বীকৃতি দিয়া উচিত নহয়। আইন আৰু সমাজ উভয়ে একেলগে কাম কৰি, এই নিষ্ঠুৰতা দূৰ কৰাৰ বাবে আগবাঢ়িব লাগিব।

Janagana Desk

Janagana Barta News Desk, Guwahati.

Related Articles

Facebook Posts
This message is only visible to admins.
Problem displaying Facebook posts. Backup cache in use.
Click to show error
Error: Error validating access token: The session has been invalidated because the user changed their password or Facebook has changed the session for security reasons. Type: OAuthException
Most Discussed
Back To Top