ARISE! AWAKE! AND STOP NOT UNTIL THE GOAL IS REACHED
-SWAMI VIVEKANANDA
স্বামী বিবেকানন্দৰ সেই মহান বাণীৰ উদ্ধৃতি দিয়ে আজি সমগ্ৰ ভাৰতবাসীয়ে জানিব বিচাৰিছে – আমি জানো লক্ষ্যত উপনীত হলো ? কিয় লক্ষ্যৰ ইমান কাষৰ পৰা আমি আমেৰিকাৰ এটা নিৰ্দেশত পিছ হুহুকিলো ? অখণ্ড ভাৰতৰ স্বপ্ন আৰু দাবী কি মাথোঁ ভোট আহৰণ কৰা এক আবেগিক কৌশল আছিল নেকি ?
সাপ মাৰি কোনেও নেজত বিষ নথয়, এই ক্ষেত্ৰত টো বিষাক্ত সাপ দাল মৰাই নগল ! সকলো ৰাজনৈতিক দলৰ পূৰ্ণ সহযোগিতা, সমগ্ৰ ভাৰতবাসীৰ পূৰ্ণ সঁহাৰি আৰু বিশ্বাসক ধুলিস্যাৎ কৰিলে মোদী নেতৃত্বাধীন চৰকাৰে। আশা কৰা হৈছিল ১৯৭১ চনৰ দৰে এইবাৰো পাকিস্তানক ভালদৰে এসেকনি দিয়া হব, সন্ত্ৰাসবাদৰ সকলো ঘাটি উৎখাত কৰি পাক অধিকৃত কাশ্মীৰ পুনৰ ভাৰতে দখল কৰিব। সকলো ঠিকেই আছিল সেনাৰ পৰা জনসাধাৰণৰ সঁহাৰি লৈকে , সঁহাৰি দিছিল বিৰোধী, জাতি , বৰ্ণ , ভাষা নিৰ্বিশেষে। মোদীজীৰ নেতৃত্বত বিশাল ভাৰতীয় সেনা বাহিনীৰ এটা অবিস্মৰণীয় বিজয়ৰ লগতে ইতিহাস ৰচিব বুলি আমি কল্পনা কৰিছিলোঁ। কিন্তু আমাৰ আশা, আশা হৈয়েই ৰ’ল। হঠাৎ “Ceasefire mediated by the US” — এক আশ্চৰ্য্যজনক ঘটনা। আমেৰিকাৰ মধ্যস্থতাত যুদ্ধবিৰতি ঘোষণা হল ভাৰত পাকিস্তানৰ। বিশ্বক আতংকিত কৰা চাৰিদিনীয়া শত্ৰুতাৰ অন্তত ভাৰত আৰু পাকিস্তানে যুদ্ধবিৰতিৰ বাবে সন্মতি প্ৰকাশ কৰিছে। বন্ধ কৰা হল সকলো সামৰিক কাৰ্যকলাপ। এই সিদ্ধান্তই স্পষ্ট কৰিলে শাসকীয় বিজেপিয়ে দীৰ্ঘদিন ধৰি সন্ত্ৰাসবাদ আৰু পাকিস্তানৰ বিৰুদ্ধে নিজকে কঠোৰ বুলি উপস্থাপন কৰাৰ নাটকীয় ছবি। মাথোঁ ভাৰতৰ মিডিয়া বোৰে টিভিত চাইৰেন বজাই বজাই এনে পৰিবেশৰ সৃষ্টি কৰিলে যেন কৰাচী, লাহোৰ আদি চহৰ ধ্বংস হল, যেন ৰাতি পুৱালৈকে পাকিস্তান নিশ্চিহ্ন হৈ যাব – কিন্তু সকলো ভাৰতবাসীৰ আশা আৰু ভাৰতীয় সেনাৰ পৰাক্ৰমত চেঁচা পানী ঢালি আমেৰিকাৰ ৰঙা চকুৰ আগত সেও মানি নিশ্চিত বিজয়ৰ মুখৰ পৰা ভাৰতে যুদ্ধবিৰতি কৰিলে।
যুদ্ধ হৈছিল ভাৰত আৰু পাকিস্তানৰ, তেনে স্থলত ভাৰত পাকিস্তানে নিজাকৈ সিদ্ধান্ত লোৱাৰ পৰিৱৰ্তে আমেৰিকাই ৰাষ্ট্ৰ দুখনৰ মাজৰ যুদ্ধ বিৰতি ঘোষণা কৰিব পাৰে। এইয়া কিমান দুৰ যুক্তিসংগত ? ভাৰত-পাকিস্তান সম্পর্কত প্ৰথমবাৰৰ বাবে বহিৰাগত ৰাষ্ট্ৰই মধ্যস্থতা কৰিছে আৰু ভাৰতৰ হৈ যুদ্ধবিৰতি ঘোষণা কৰিছে। যি ভাৰতে নিজক Non-Aligned Movement (NAM)-ৰ নেতৃত্বকাৰী বুলি গৰ্ব কৰে, সেই ভাৰতেই এতিয়া আমেৰিকাৰ হাতত নিজৰ গতি-নিৰ্দেশনা সঁপিছে বুলি অনুভূত হৈছে।
ভাৰত আৰু পাকিস্তানৰ মাজত যুদ্ধবিৰতি ঘোষণা কৰা হৈছে আৰু এই ঘোষণা প্ৰথমে ড’নাল্ড ট্ৰাম্পে কৰিছিল ট্ৰুথ ছ’চিয়েলৰ ক্ৰেডিট ল’বলৈ। অৰ্থাৎ ইয়াৰ আঁৰত আমেৰিকাই আছে।
ভাৰতৰ ৰাজনীতিৰ ইতিহাসত এইবাৰ প্ৰথম, এটা বহিঃৰাষ্ট্ৰই (আমেৰিকা) ভাৰত-পাকিস্তানৰ মাজত যুদ্ধবিৰতিৰ মধ্যস্থতা কৰি তাৎক্ষণিকভাবে সামৰিক কার্যকলাপ বন্ধ কৰাৰ ঘোষণা কৰিলে। অথচ দেশৰ প্ৰধানমন্ত্ৰীয়ে ৰাইজক এই বিষয়ে অৱগত নকৰিলে । ই হৈছে এক কূটনৈতিক আত্মসমৰ্পণ, যি বহু দশক ধৰি নিৰ্মিত ৰাষ্ট্ৰীয় গৌৰৱক ম্লান কৰিলে। ভাৰত-পাকিস্তান সম্পর্কত আমেৰিকাৰ মধ্যস্থতা মানেই ভাৰতৰ নিজৰ সিদ্ধান্ত লোৱাৰ ক্ষমতা হ্ৰাস নহয়নে ?
এইয়া ভাৰতৰ বাবে এক কূটনৈতিক পৰাজয়। ক্ৰমাৎ বৃদ্ধি পোৱা শত্ৰুতাৰ মাজত ভাৰতে বন্ধ কৰিব নোৱাৰিলে পাকিস্তানৰ ২.৪ বিলিয়ন ডলাৰৰ সাহায্য । পাকিস্তানক ২.৪ বিলিয়ন ডলাৰৰ অধিক সাহায্যৰ অনুমোদন দিয়া আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধিৰ কাৰ্যবাহী ব’ৰ্ডৰ বৈঠকত ভাৰতে বিৰত থকাৰ বাবেই ইছলামবাগৰ বিদেশী পুঁজিৰ সুবিধা সীমিত কৰিবলৈ কূটনৈতিক ব্যৱহাৰ কৰাত ব্যৰ্থ হল ভাৰত।
“Free hand to army” – এই বুলি বহুসময়তে চৰকাৰে নিজৰ বলিষ্ঠতা প্ৰদৰ্শন কৰিছে। ‘ফ্ৰী হেণ্ড’ বুলি কোৱাৰ অৰ্থ হৈছে সেনাক অপাৰেশন চলাবলৈ ৰাজনৈতিক অনুমতি, সময় আৰু কৌশল নিৰ্ধাৰণত পূৰ্ণ স্বাধীনতা দিয়া।
সীমান্তত বা অভিযানত সেনাই নিজ দেশৰ বাবে যেতিয়া প্ৰাণ আহুতি দিয়ে , দেশবাসীয়ে আশা কৰে যে সেই বলিদানৰ এক প্ৰতিশোধমূলক ফলাফল থাকিব। কিন্তু যুদ্ধ আৰম্ভ হৈ চাৰিদিনৰ ভিতৰতে, কোনো দৃশ্যমান সফলতা বা দাবী পূৰণৰ অবিহনে যুদ্ধবিৰতি ঘোষণা কৰা প্ৰত্যক্ষভাৱে সেনাৰ বলিদানক অপমান জনোৱা বুলি অনুভূত হৈছে। মোদী চৰকাৰত হঠকাৰী সিদ্ধান্ত যুদ্ধবিৰতিৰ ঘোষণাই সেই বলিদানৰ উচিত মূল্য দিলে নে ? “যেতিয়া সেনাক ‘ফ্ৰী হেণ্ড’ দিয়া হ’ল, তেন্তে যুদ্ধ কিয় থমকি ৰ’ল ?” এনে সময়তে এক মুখ্য প্ৰশ্ন উঠিছে—যেতিয়া সীমান্তত সেনাই প্ৰাণ আহুতি দিয়ে, সেই সাহসৰ যথোচিত মূল্য যদি শাসকে কূটনীতিত আদায় নকৰে, তেন্তে “Free hand”ৰ অৰ্থ কি?
ক’ত গল পাকিস্তান অধীকৃত কাশ্মীৰৰ দাবী ? ভাৰতৰ দৃষ্টিকোণত, সমগ্ৰ জম্মু আৰু কাশ্মীৰ (POK সহ) ভাৰতৰ অবিচ্ছেদ্য অংগ। ভাৰতৰ সংবিধান অনুসাৰে POK ভাৰতৰ অঙ্গভুক্ত, কিন্তু বাস্তৱত আছে পাকিস্তানৰ নিয়ন্ত্ৰণত আছে । বহু বছৰৰ পৰা এই অঞ্চল পুনৰুদ্ধাৰৰ বাবে চৰকাৰে সদায় দম্ভ কৰিছিল। কিন্তু এই সময়তে যুদ্ধবিৰতি ঘোষণা—POK পুনৰুদ্ধাৰৰ স্বপ্নপূৰণৰ পৰা নিজেই আঁতৰি অহাৰ সদৃশ। পাকিস্তানক আক্ৰমণ কৰি দুৰ্বল কৰাৰ এই সময়তো যদি POK পুনৰুদ্ধাৰ নকৰে, তেন্তে কেতিয়া কৰিব ?
মনত পৰে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কেইটামান বাক্য ” Pakistan ko usi ki bhasa mein jabab dena chahiye …padosi marke chala jaye toh America jao, are pakistan jao “। কিন্তু পৰিতাপৰ কথা যে মুখেৰে এটা আৰু কামেৰে এটা কৰি দেখুৱালে মোদী ডাঙৰীয়াই। পাকিস্তানৰ সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰত্যুত্তৰ দিলে যুদ্ধ বিৰতিৰে। পাহৰি গল নেকি মোদী ডাঙৰীয়াৰ সেই বাক্যবাণী ? সন্ত্ৰাসবাদৰ প্ৰত্যুত্তৰটো এইয়া নাছিল।
ৰাজনৈতিক আৰু সামৰিক বক্তৃতাত ই বহুলভাৱে জনপ্ৰিয় হৈ পৰা এটা বাক্য “How is the Josh ? কেৱল চিনেমাতেই নহয় , আমি বিচাৰিছিলো পাকিস্তানক উচিত প্ৰত্যুত্তৰ দিয়াটো । কিন্তু শেহতীয়া যুদ্ধ বিৰতি ঘোষণা কৰাৰ পিছত মোদী ডাঙৰীয়াই “How is the Josh?” বুলি সোধাৰ অধিকাৰ হেৰুৱাইছে । ভাৰতীয় জনতাই একেটা প্ৰশ্ন কৰিছে—“How is the Josh?” এইবাৰ যেন উত্তৰ হৈ পৰিছে—“Josh is broken.”
‘Yeh Dil Maange More’ যি কাৰ্গিল যুঁজৰ সময়ত কেপ্তেইন বিক্ৰম বাট্ৰাৰ মুখত শুনা গৈছিল সেইয়া আছিল সাহস, দেশপ্ৰেম আৰু অদম্য মনোভাৱৰ প্ৰতীক। আজিৰ ভাৰতীয়ই আকৌ একে আশা কৰিছিল। কিন্তু সেই আশা অপূৰ্ণ হৈয়েই ৰ’ল।
স্বামী বিবেকানন্দৰ নীতি আদৰ্শৰে পৰিচালিত বিজেপি চৰকাৰ নিজ নীতি আদৰ্শৰ পৰাই যেন বিচলিত হৈছে। স্বামী বিবেকানন্দৰ বজ্ৰবাণী আছিল “Arise! Awake! And stop not until the goal is reached.” অর্থাৎ লক্ষ্যপূৰ্ণ নোহোৱা পৰ্যন্ত জাগি থকা। কিন্তু মোদী নেতৃত্বাধীন চৰকাৰ যেন সেই আদৰ্শৰ পৰা বিচ্যুত হৈছে। লক্ষ্য POK পুনৰুদ্ধাৰ নকৰাকৈ যুদ্ধবিৰতিৰে সেই লক্ষ্যৰ দিশে আগবঢ়াৰ পথ ত্যাগ কৰা হ’ল। এই সিদ্ধান্তই বিবেকানন্দৰ শক্তি, সাহস আৰু সংকল্পৰ বাণীক যেন উপেক্ষা কৰিলে।
বিজেপি চৰকাৰে নিজৰ বক্তব্যত সদায় চাণক্য নীতিৰ উল্লেখ কৰিছিল , কিন্তু বাস্তৱত প্ৰদৰ্শিত হল এখন বিপৰীত ছবি। চাণক্য নীতিত উল্লখে আছে শত্ৰু পক্ষ যদি দুৰ্বল তেন্তে মোহাৰি পেলোৱা । কিন্তু এইদৰে যুদ্ধবিৰতিৰ সিদ্ধান্ত গ্ৰহণ কৰি এই নীতি আদৰ্শৰে অনুপ্ৰানিত হলনে বিজেপি চৰকাৰ ?
ৰাছিয়া বা ইজৰাইল ৰ দৰে ৰাষ্ট্ৰই ৰাষ্ট্ৰীয় স্বাৰ্থৰ ক্ষেত্ৰত কঠোৰ আৰু স্বাধীন সিদ্ধান্ত লৈ আহিছে। এই ৰাষ্ট্ৰ বোৰে যুদ্ধবিৰতি বা কূটনৈতিক চাপক উপেক্ষা কৰি নিজৰ ৰাষ্ট্ৰীয় নীতিৰ ওপৰত অটল। এই পৰিপ্ৰেক্ষিতত, ভাৰতৰ যুদ্ধবিৰতি ঘোষণা তাতে আকৌ সেইটোও আমেৰিকাৰ মধ্যস্থতাত, এটা গুৰুতৰ কূটনৈতিক ব্যৰ্থতা। যদি ভাৰত নিজক “নতুন ভাৰত” বুলি অভিহিত কৰে, তেন্তে এনে সময়ত সেই নতুনতাৰ প্ৰতিফলন হ’ব লাগিছিল দৃঢ়তাত, আত্মবিশ্বাসত আৰু নিজৰ অভ্যন্তৰীণ বিষয়ত নিজেই সিদ্ধান্ত লোৱাৰ সাহসত।
পাক অধিকৃত কাশ্মীৰ (POK) ভাৰতৰ সংবিধানত উল্লেখিত ভাৰতৰ অবিচ্ছেদ্য অংশ। সেই অঞ্চল পুনৰুদ্ধাৰৰ দাবীত বহু বছৰ ধৰি চৰকাৰে ৰাজনৈতিক, সামৰিক আৰু জনভিত্তিক সমৰ্থন লাভ কৰি আহিছে। যুদ্ধৰ সুবিধাজনক সময়ত, সেই দাবীৰ প্ৰতি কোনো দৃঢ় পদক্ষেপ গ্ৰহণ নকৰাটো জনগণৰ আশা-আকাংক্ষাৰ ওপৰত এক গভীৰ আঘাত। তৃতীয় পক্ষৰ (আমেৰিকা) হস্তক্ষেপে এই বিষয়টোৰ মাজত ভাৰতৰ অভ্যন্তৰীণতাক বিশ্ব ৰাজনীতিৰ সমান্তৰাল কৰি তোলাৰ নামত ৰাষ্ট্ৰীয় সিদ্ধান্তৰ স্বাধীনতাক সন্দেহৰ আৱৰ্তত পেলালে।
যুদ্ধ কোনেও নিবিচাৰে ৷ কিন্তু চুক্তি নোহোৱাকৈ যুদ্ধবিৰতি আচৰিত নহয়নে ? যুদ্ধ বিৰতিৰ আগত এলানি চুক্তি হ’ব লাগিছিল
১) পাকিস্তানত লুকাই থকা সকলো সন্ত্ৰাসবাদী ভাৰতলৈ গতাই দিয়া
২) বেলুচিস্তানৰ স্বাধীনতাৰ স্বীকৃতি
৩) সিন্দু জলচুক্তিৰ পুনঃসমীক্ষা আৰু ভাৰতৰ পূৰ্ণ নিয়ন্ত্ৰণ
৪) PoK ভাৰতলৈ হস্তান্তৰ
৫) পাকিস্তানৰ গুলীত পুনৰ এজনো ভাৰতীয় নাগৰিক বা সৈনিকৰ মৃত্যু নহ’ব বুলি নিশ্চয়তা।
এলানি চুক্তি নোহোৱাকৈ ঘোষণা কৰা যুদ্ধবিৰতি এক ধৰণে অঘোষিত আত্মসমৰ্পণৰ সমতুল্য।যুদ্ধবিৰতি চৰকাৰৰ বাবে ৰাজনৈতিক সুবিধা হ’ব পাৰে, কিন্তু ৰাইজৰ আশা-আকাংক্ষাৰ ওপৰত এয়া এক বিশ্বাসঘাটকতা।
এইয়া আছিল পাকিস্তানক দুৰ্বল কৰাৰ এক সোনালী সুযোগ। কিন্তু আমাৰ হাতৰ পৰাই গুচি গল সেই সুযোগ। চূড়ান্ত ফল লাভ কৰিব নোখোজাকৈ চৰকাৰে চুক্তি কৰি বাচি ললে নিজৰ ৰাজনৈতিক সুবিধা। সকলো সুবিধা থকা স্বত্তেও আমাৰ হাতৰ পৰা হেৰাই গল নিজৰ দেশক জয়ী কৰাৰ সুযোগ।
আমি সকলোৱে ভাবিবলৈ বাধ্য হৈছোঁ যে সেন্দুৰৰ মূল্য মাথোঁ ইমানেই আছিল নেকি ?