এই প্ৰজন্মৰ হয়তো কিছু সংখ্যক লোকেহে জ্ঞাত যে ভাৰতে এবাৰ কিমান ওচৰলৈ যাবলৈ সক্ষম হৈছিল পাকিস্তানৰ নিউক্লিয়াৰ শক্তি হোৱাত বাধা দিয়াৰ। কিন্তু সংঘ পৰিয়ালৰ প্ৰথম খন চৰকাৰৰ অদুৰদক্ষতা আৰু এটা মাৰাত্মক ভুলৰ বাবে পাকিস্তান নিউক্লিয়াৰ শক্তি হোৱাত ভাৰতে বাধা দিব নোৱাৰিলে।
১৯৭০–৮০ৰ দশকত ভাৰত–পাকিস্তান সম্পর্ক, গুপ্তচৰবৃত্তি, আৰু নিউক্লিয়াৰ ৰাজনীতিৰ মাজত এক ভয়ংকৰ গোপন অধ্যায় গঢ় লৈছিল—“অপাৰেচন কাহুটা”। ৭০ৰ দশকত, যেতিয়া ভাৰত বহুমুখী ভূ-ৰাজনৈতিক সংকটৰ সন্মুখীন হৈছিল, তেতিয়া প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে এটা অভূতপূৰ্ব সংস্থা গঠন কৰিছিল, নাম আছিল RAW (Research and Analysis Wing) এইয়া CIA আৰু KGB প্ৰতি ভাৰতৰ প্ৰত্যুত্তৰ আছিল। এই সংস্থাৰ নেতৃত্বত আছিল ৰমেশ্বৰ নাথ কাও যিয়ে বাংলাদেশ সৃষ্টিত গুপ্তচৰ কৌশলেৰে মুখ্য ভূমিকা লৈছিল আৰু RAWক দক্ষিণ এছিয়াৰ শ্ৰেষ্ঠ গুপ্তচৰ সংস্থাবোৰৰ এটা হিচাপে গঢ়ি তুলিছিল।
যুদ্ধৰ পাছত RAWৰ সন্মুখত নতুন প্ৰত্যাহ্বান আহিল। Dr. A.Q. খানৰ নেতৃত্বত কাহুটা নামৰ এখন নগৰত পাকিস্তানৰ এক গুপ্ত নিউক্লিয়াৰ প্ৰকল্প আছিল, এই ঠাই ইমান অচিনাকি আছিল যে মানচিত্ৰতো নাছিল। কাহুটা হৈছে জম্মু-কাশ্মীৰৰ পুঞ্চৰ কাষত অৱস্থিত এখন সৰু চহৰ , যি ভাৰত-পাকিস্তান সীমাৰ পৰা কেৱল ৩০ কিলোমিটাৰ আঁতৰত। কিন্তু RAW য়ে সম্পূৰ্ণ নজৰ ৰাখি আছিল। আমাৰ গুপ্তচৰসকলে বিভিন্ন ঠাইত গৈ সন্দেহজনক কাৰ্যকলাপ অনুসৰণ কৰিবলৈ আৰম্ভ কৰিলে। বছৰৰ পিছত বছৰ ধৰি তেওঁলোকে মাটি-বেচা ব্যৱসায়ী, টেক্সি চালক আদিৰ ছদ্মবেশ লৈ সৰু-সৰু চহৰলৈ গৈ গতিবিধিৰ ওপৰত চোকা নজৰ ৰাখিব ধৰিলে।
RAW ৰ গুপ্তচৰসকলে পদ্ধতিগতভাৱে সেই অঞ্চলৰ নাপিতৰ দোকানৰ পৰা চুলিৰ নমুনা সংগ্ৰহ কৰি বিকিৰণ পৰীক্ষাৰ বাবে ভাৰতলৈ পঠাবলৈ ধৰিলে। পৰীক্ষাৰ ফলত ধৰা পৰিল ইউৰেনিয়ামৰ সংস্পৰ্শত অহা চুলিৰ উপস্থিতি, যি নিউক্লিয়াৰ প্ৰকল্পৰ এটা স্পষ্ট সংকেত আছিল। গুপ্তচৰ প্ৰতিবেদন একেৰাহে আহি আছিল আৰু RAWয়ে সেই স্থানৰ মানচিত্ৰ বনাইছিল, বিজ্ঞানীসকলৰ গতিবিধি অনুসৰণ কৰিছিল আৰু ধ্বংসৰ আঁচনি প্রস্তুত কৰিছিল আৰু তেওঁলোকে বিমান আক্ৰমণৰ কথা ভাবিছিল। সেই সময়ত ইজৰাইলো সেই প্লাণ্টটোত আক্ৰমণ কৰিবলৈ আগ্ৰহী আছিল। MOSSAD-এ RAWৰ সৈতে মিলি পাকিস্তানৰ নিউক্লিয়াৰ প্ৰকল্পৰ প্ৰতিটো খুঁটিনাটি জানিবলৈ চেষ্টা কৰিছিল।
কিন্তু ১৯৭৭ চনত ৰাজনৈতিক পটভূমি সলনি হ’ল। কংগ্ৰেছ নিৰ্বাচনত পৰাস্ত হ’ল আৰু এখন জোঁট চৰকাৰ গঠন হ’ল, যাক সঠিক অৰ্থত প্ৰথম সংঘ পৰিয়াল চৰকাৰ বুলি ক’ব পাৰি আৰু মোৰাৰজী দেশাই প্ৰধানমন্ত্ৰী হ’ল। অটল বিহাৰী বাজপেয়ী বৈদেশিক মন্ত্ৰী, এল.কে. আদৱানী তথ্য-সম্প্ৰচাৰ মন্ত্ৰী হ’ল আৰু RSS আৰু জন সংঘৰ নেতাসকল বিভিন্ন বিভাগত আছিল। প্ৰধান মন্ত্ৰী মোৰাৰজী দেশাই এই গোপন অভিযানক সন্দেহৰ দৃষ্টিৰে চাইছিল। তেওঁ ৰাজনৈতিক বিৰোধীতাৰ দিনৰে পৰা RAWৰ গঠনবিৰোধী আছিল। প্ৰধানমন্ত্ৰী হিচাপে তেওঁ RAWৰ বাজেট দুই-তৃতীয়াংশে কমাই দিলে, ৰমেশ্বৰ নাথ কাওক পদৰ পৰা আঁতৰাই দিলে আৰু অৱশেষত তেখেতক গোপনে পদত্যাগ কৰিবলৈ বাধ্য কৰিলে।
প্ৰধান মন্ত্ৰী মোৰাৰজী দেশাই পাকিস্তানী সামৰিক নেতা জিয়াউল হকৰ সৈতে বন্ধুত্বপূৰ্ণ সম্পৰ্ক ৰাখিছিল, যিয়ে ফোন কৰি আলোচনা কৰিছিল মূত্র পান লাভৰ দৰে উদ্ভট বিষয়। কাহুতাত নিউক্লিয়াৰ কাৰ্যকলাপ নিশ্চিত হোৱাৰ পাছত, RAW য়ে আক্ৰমণৰ বাবে অনুমতি বিচাৰিলে। কিন্তু মোৰাৰজী দেশাই ক্ৰুদ্ধ হৈ স্পষ্টভাৱে অনুমতি অস্বীকাৰ কৰিলে।
তাৰ পাছত সেইয়া ঘটিল যি কাম আজিও ভাৰতীয় গুপ্তচৰ জগতত বিতৰ্কৰ বিষয় । দেশাইয়ে নিজেই জেনেৰেল জিয়াক ফোন কৰি জনালে যে কাহুতাত থকা নিউক্লিয়াৰ কাৰখানাৰ বিষয়ে ভাৰত জ্ঞাত। এই একেটা ফোন কলে ‘অপাৰেচন কাহুটা’ ৰ পথত বাধাৰ প্ৰাচীৰ হৈ থিয় দিলে আৰু সমাপ্ত হৈ পৰিল ‘অপাৰেচন কাহুটা’।
এই গোপন তথ্যৰ সম্ভেদ পোৱাৰ পাছত পাকিস্তান আচৰিত হ’ল আৰু সুৰক্ষা কঠোৰ কৰি দিলে আৰু সম্পূর্ণ কাৰখানা মাটিৰ তললৈ স্থানান্তৰ কৰিলে আৰু গুপ্তচৰৰ সন্ধানত অভিযান চলালে। ঘটনাটোৰ পিছত বহু RAW গুপ্তচৰ ধৰা পৰিল, হত্যা কৰা হ’ল অথবা নিৰুদ্দেশ হৈ গ’ল।
বছৰজুৰি গুপ্তভাৱে চলোৱা অভিযান মাত্ৰ এটা ফোন কলৰ বাবে শেষ হৈ গৈছিল। অৱশেষত ১৯৯৮ চনৰ ভিতৰতে পাকিস্তানে প্ৰথমবাৰ নিউক্লিয়াৰ বোমা পৰীক্ষা কৰি দেখুৱালে। আমাৰ কাণ্ডজ্ঞানহীনতাই তেওঁলোকক পাৰমানৱিকভাৱে শক্তিশালী কৰি তুলিলে।
ভাৰতৰ এই সুযোগ গুপ্তচৰৰ অভাৱত হেৰুৱাই নাছিল, হেৰুৱাইছিল এটা মূৰ্খ নেতৃত্ব আৰু তেওঁৰ বিশ্বাসপাত্র সংঘবাদী মন্ত্রীসকলৰ বাবে l। যিসকল লোকৰ ৰাষ্ট্ৰীয় সুৰক্ষা বা গুপ্তচৰ ক্ষেত্ৰত কোনো জ্ঞান বা অভিজ্ঞতা নাছিল।
এইয়াই হৈছে প্ৰথম সংঘ পৰিয়াল চৰকাৰৰ অখ্যাত ইতিহাস ! শেহতীয়া ভাৱে বৈদেশিক মন্ত্ৰী এস. জয়শংকৰেও যি কৰিলে সেইয়া মোৰাৰজী যি কৰিছিল তাৰেই পুনৰাবৃত্তি: ভাৰতৰ বায়ু সেনাই আক্ৰমণ কৰা আগতেই নিজে পাকিস্তানক ফোন কৰি আগতীয়াকৈ জনাই দিলে আক্ৰমণৰ কথা !
“অপাৰেচন কাহুটা” মাত্ৰ এটা অপাৰেচন নহয়। ই হ’ল ইতিহাসৰ এক প্ৰমাণ, যেতিয়া দেশৰ নেতৃত্ব বিশ্বাসঘাতক আৰু অপাৰদৰ্শী হয়, তেতিয়া দেশে কি ভোগ কৰিব লগা হয়।