হৃদয় বিদাৰক হিংসা, ঘৃণা বিয়পাই দিয়াৰ এক ৰাজনৈতিক ষড়যন্ত্ৰ – লিঞ্চিঙ। আধুনিক ভাৰতত লিঞ্চিংৰ ঘটনা নতুন নহয়। কিন্তু যি ধৰণে লিঞ্চিং সাম্প্ৰতিক সময়ত এক ৰাজনৈতিক ষড়যন্ত্ৰ হিচাপে ঠাই ল’বলৈ ধৰিছে, সেইটো সংকটজনক। দুৰ্বল শ্ৰেণী , সংখ্যালঘুক কৰা ৰাজনীতিৰ প্ৰমাণ এইয়া। লিঞ্চিংৰ নিৰ্বাচিত টাৰ্গেট সংখ্যালঘু, দৰিদ্ৰ বা পিছপৰা গোষ্ঠীসমূহ। ই হৈছে সংবিধানৰ মৌলিক অধিকাৰক প্ৰশ্নৰ সন্মুখীন কৰা আৰু জনতাৰ হৃদয়ত ভয়, ঘৃণা আৰু সন্দেহৰ বীজ ৰোপণ কৰা এক প্ৰক্ৰিয়া।
২৪ মে’ৰ পুৱা উত্তৰ প্ৰদেশৰ আলিগড়ত সংঘটিত হোৱা এক হৃদয়বিদাৰক ঘটনাই পুনৰবাৰ প্ৰমাণ কৰি তুলিলে যে ভাৰতত ঘৃণাৰ ৰাজনীতি কিমান গভীৰভাৱে শিপাইছে। দেশৰ নেতৃত্ব দিয়াসকলে বিয়পাই দিয়া ঘৃণাৰ পৰা অনুপ্ৰাণিত হৈ তেওঁলোকৰ নিষ্ঠুৰতাৰ কাহিনী এয়া। ই হৈছে ঘৃণাৰ ৰাজনীতিৰ সুচিন্তিত বিকাশ। য’ত হিংসা হৈছে এক অস্ত্ৰ আৰু নীৰৱতা হৈছে এক অনুমতি।
আলিগড়ৰ পৰা প্ৰায় ৪০ কিলোমিটাৰ দূৰত্বত, বৈধ ম’হৰ মাংস বহন কৰি অহা চাৰিজন মুছলমান যুৱক আকিল, আৰবাজ, আকিল আৰু নাদীমে এক নিষ্ঠুৰ লাঞ্ছনাৰ সন্মুখীন হয়। মাংস পৰিবহণকাৰীসকলে তেওঁলোকৰ সকলো কাগজ-পত্ৰ যুৱককেইজনক দেখুৱাইছিল আৰু সেই বধ কৰা মাংস গৰুৰ নহয় বুলি যুক্তি দিছিল , সকলো আইন অনুসৰি কৰা হৈছে বুলি যুক্তি দিছিল। কিন্তু তেওঁলোকৰ কোনো কথা শুনা নাছিল কেৱল নিৰ্মমভাৱে প্ৰহাৰ কৰি গৈছিল। আটাইকেইজনৰ বয়স ৩০ আৰু ৪০ বছৰৰ ভিতৰত। তেওঁলোকৰ ওপৰত লোহাৰ ৰড, ইটা আৰু কাঠৰ দণ্ডেৰে প্ৰহাৰ কৰিছিল, তেওঁলোকৰ কাগজপত্ৰ ফালি পেলাইছিল আৰু পিক-আপ ভ্যানত জুই দি মাংসৰ লগতে জীৱনো জ্বলাই নিঃশেষ কৰিব খুজিছিল। কিন্তু নিমাত আছিল প্ৰশাসন। ভুক্তভোগীক সহায় কৰিবলৈ জনসমাগমৰ কোনো লোক আগবাঢ়ি নাহিল। এই কাহিনী নতুন নহয়। কাৰাভান-ই-মহব্বতৰ যাত্ৰাবোৰত শ শ এনেকুৱা কাহিনী আগতে শুনা গৈছে যিবোৰৰ ভিতৰত আধাৰশূন্য অভিযোগ, গৌ-ৰক্ষাৰ নামেৰে উন্মত্ত হিংসা, আৰক্ষীৰ নীৰৱতা আৰু জনতাৰ নিৰ্লিপ্ততা আদি। আলিগড়ৰ ঘটনাটোও তাৰেই পুনৰাবৃত্তি। উল্লেখ্য যে বিজেপি ক্ষমতালৈ আহিয়ে মানুহৰ ইচ্ছা অনিচ্ছাৰ ওপৰত নিজৰ সিদ্ধান্ত জাপি দিয়াৰ আৰম্ভ কৰিলে। যাৰ ফলশ্ৰুতিত আদিত্যনাথ নেতৃত্বাধীন বিজেপি চৰকাৰে ম’হৰ মাংস নিষিদ্ধ কৰে আৰু অসমত হিমন্ত বিশ্ব শৰ্মা চৰকাৰে গো মাংস নিষিদ্ধ কৰে।
আলিগড়ৰ ঘটনাটোৰ ভুক্তভোগী যুৱক কেইজন আছিল কুৰেশ্বি সম্প্ৰদায়ৰ, ভাৰতীয় মুছলমানৰ এটা জাতি যাৰ পৰম্পৰাগত বৃত্তিত যুগ যুগ ধৰি মাংসৰ বাবে জীৱ-জন্তু বধ কৰি আহিছে। উল্লেখ্য যে অৱশ্যে গৰু বধ আইন অনুসৰি নিষিদ্ধ। উত্তৰ প্ৰদেশত ম’হৰ মাংস অবৈধ কিন্তু বিজপি ক্ষমতালৈ অহাৰ পূৰ্বে কচাইখানাত ম’হ বধৰ অনুজ্ঞাপত্ৰ দিয়া হৈছিল। এইয়া আছিল এক ৰিস্ক নথকা সৎ ব্যৱসায় আছিল যাৰ জৰিয়তে এই কাম কৰি কেইবাটাও পৰিয়ালে নিজৰ পৰিয়ালক পোহ পাল দিছিল। কিন্তু উত্তৰ প্ৰদেশত আদিত্যনাথ চৰকাৰে হঠাৎ বন্ধ কৰি দিলে এই ব্যৱসায়। প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি বৈধভাৱে জীৱ-জন্তু বধ কৰা লোকক অনুজ্ঞাপত্ৰ দিবলৈ অস্বীকাৰ কৰিলে। এই সিদ্ধান্তই মাংস ব্যৱসায়ৰ লগত জড়িত হাজাৰ হাজাৰ পৰিয়ালৰ জীৱন ধ্বংস কৰি পেলালে। বহু ক্ষুদ্ৰ মাংস ব্যৱসায়ীৰ জীৱন একে মুহূৰ্ততে অনিশ্চয়তালৈ ঠেলি দিয়া হয়। আকিল আৰু তেওঁৰ সৈতে থকা লোকবোৰ তেনে এক পৰিয়ালৰ অংশ, যাৰ বাবে মাংস ব্যৱসায় আছিল পৰম্পৰাগত জীৱিকা। তেওঁলোকে বৈধভাৱে অনুজ্ঞাপত্ৰসহ ম’হৰ মাংস ক্ৰয় কৰি লৈ আহি আছিল। তথাপিও , বজৰং দলৰ নামত চলা হিংস্ৰ গোট এটাই তেওঁলোকক লক্ষ্য বনালে। মাংস ভৰ্তি এখন পিক আপ ভ্যানত জুই লগাই দিছিল। জীৱিতসকলে তেওঁলোকৰ আৰ্থিক লোকচানৰ মূল্যায়ন কৰ , তেতিয়া দেখা গ’ল যে পিক আপ ভ্যানখনৰ মূল্য ১৩ লাখ আৰু মাংসৰ মূল্য ২ লাখ টকা।
এই চৰকাৰে প্ৰায়বোৰ ডাঙৰ ডাঙৰ গো-মাংস কাৰখানাকে ম’হ বধৰ অনুজ্ঞাপত্ৰ দিছে। বিড়ম্বনাৰ কথাটো হ’ল যে গৰু বধ নিষিদ্ধ কৰা আইন কঠোৰ হোৱাৰ লগতে গো ভিজিলেণ্টৰ উত্থানৰ পিছতো মোডীৰ দিনতেই ১১ বছৰৰ ভিতৰত ভাৰতৰ পৰা গো-মাংসৰ ৰপ্তানি ক্ৰমাগতভাৱে বৃদ্ধি পাইছে। ভাৰতৰ বহু বৃহৎ গো-মাংস ৰপ্তানি কোম্পানী হিন্দুৰ মালিক, কিছুমান আনকি জৈনৰো। এই ব্যৱসায়ক লৈ ঘৃণনীয় বিতৰ্ক চলি থকাৰ পিছতো ই কোনো কাৰণতে মুছলমানৰ একচেটিয়া অধিকাৰ নহয়। ডাঙৰ ফেক্টৰীৰ মালিকৰ ম’হ বধ কৰাৰ অধিকাৰ আছে, কিন্তু সাধাৰণ ৰাইজৰ সেই অধিকাৰ নাই। তাতোকৈ বিড়ম্বনাৰ কথাটো হ’ল যেতিয়া নিৰ্বাচনী বণ্ডৰ জৰিয়তে বিজেপিক দান দিয়া সকলৰ নাম পোহৰলৈ আহিল, তেতিয়াও বহু গো-মাংস ৰপ্তানিকাৰক কোম্পানীও এই তালিকাত আছিল। নেতাসকলৰ ৰাজহুৱা বক্তব্যই শাসকীয় দলৰ ৰাজনীতি উদঙাই দিছিল। যেনে , সমাজবাদী পাৰ্টীৰ ৰাজ্যসভাৰ সাংসদ ৰামজী লাল সুমনে ঘোষণা কৰিছিল যে এই লোকসকলৰ (আক্ৰমণকাৰী) গো কল্যাণৰ লগত কোনো সম্পৰ্ক নাই। বহু গো-মাংস কোম্পানীয়ে নিৰ্বাচনী বণ্ড আঁচনিৰ অধীনত বিজেপিক বিপুল পৰিমাণৰ অনুদান আগবঢ়াইছিল। বহুতো গো-মাংস কাৰখানাৰ মালিক হিন্দু। এই সকলোবোৰ ধৰ্মীয় ৰেখাৰে সমাজখনক বিভাজিত কৰি সংখ্যালঘুসকলক লক্ষ্য কৰি লোৱা হৈছে। উগ্ৰপন্থী সংগঠনে প্ৰায়ে মাংস পৰিবহণকাৰীৰ পৰা ধন আদায় কৰে। উগ্ৰপন্থী সংগঠনে হত্যাৰ চেষ্টা কৰিব খোজা সকল কয় যে কেইমাহমানৰ আগতে, বজৰংগ দলৰ লোকে তেওঁলোকক ঘেৰি ধৰিছিল আৰু তেওঁলোকৰ পৰা ধন দাবীৰ ধন দাবী কৰিছিল। যেতিয়া তেওঁলোকে নাকচ কৰিলে তেতিয়া বজৰং দলৰ সদস্যই তেওঁলোকক থানালৈ লৈ গ’ল। তাত আৰক্ষীয়ে ২.৯ লাখ টকাৰ চুক্তি কৰি তাৰ এটা অংশ নিজৰ বাবে ৰাখিছিল বুলি অভিযোগ উঠিছিল। এই দাবীৰ সত্যাসত্য নিশ্চিত নহল। উল্লেখ্য যে হিংসাত্মক ‘ গোঁ ৰক্ষক ’ গোটৰ প্ৰসাৰৰ বাবে কাম কৰা বজৰংগ দলৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক আছে আৰক্ষী, স্থানীয় প্ৰশাসন আৰু শাসকীয় বিজেপিৰ।
যদি কোনোবাই কিবা ভুল কৰে তেন্তে চৰকাৰ, সংবিধান , আইনে ব্যৱস্থা লব লাগে। কিন্তু এতিয়া দেশত এক ন্যায়ৰ এক ওলোটা ছবি এখন হে প্ৰতিফলিত হৈছে। যদি সংবিধান আৰু আইনে গৰু হত্যা কৰাটো ভুল বুলি কয় , তেন্তে সেয়া ভুল। অন্যায়কাৰীক শাস্তি দিব লাগিব সেইয়া আদালতে সিদ্ধান্ত লব। কিন্তু ভ্যানখনত যদি গৰুৰ মাংস থাকিলেও বজৰং দলৰ গুণ্ডাই নিৰীহ যুৱকক মাৰপিট কৰাৰ কোনো অধিকাৰ নাছিল। তেওঁলোকে কেৱল আৰক্ষীৰ হাতত গতাই দিব লাগিছিল যাতে অন্যায়কাৰীক শাস্তি দিব পাৰে। এই বজৰংগ দলৰ লোকসকলে আইনক নিজৰ হাতত লোৱাৰ কি অধিকাৰ ? যদি তেওঁলোকে এনেদৰে কাম কৰে, তেন্তে তেওঁলোকে সংবিধান উলংঘা কৰা নাই নেকি ? উল্লেখযোগ্য যে আলিগড়ৰ ঘটনাত আক্ৰমণকাৰীৰ চিনাক্তি স্পষ্ট, ভিডিঅ’ উপলব্ধ, চিকিৎসা প্ৰতিবেদন স্পষ্ট। তথাপিও আইন শৃখলাই অৱলম্বন কৰিছে নীৰৱ ভূমিকা। আইন শৃখলাই যি সময়ত কঠোৰ হব লাগিছিল সেইসময়ত তেওঁলোকৰ নীৰৱতা অগ্ৰহণযোগ্য আৰু অযুক্তিপূৰ্ণ যিয়ে প্ৰশাসনৰ দুৰ্বলতা আৰু ৰাজনৈতিক দলৰ সৈতে মিলা মিছাক প্ৰতিনিধিত্ব কৰে। আক্ৰমণকাৰীৰ প্ৰতি আৰক্ষী ইমান নম্ৰ কিয় ? সেইবাবে দেশত এনে ঘটনাৰ প্ৰকোপ বৃদ্ধি পাইছে।
আলিগড় লিঞ্চিং হৈছে এনেকুৱা এটা ঘটনা যি কেৱল চাৰিজন লোকৰ ওপৰত হোৱা হিংসাত্মক প্ৰহাৰৰ কাহিনী নহয়, ই হৈছে এজন নিস্পাপ লোকক অমানৱীয় প্ৰহাৰ, আইন-শৃংখলাৰ লজ্জাজনক মৌনতা আৰু নিৰ্বাচন কেন্দ্ৰিক ষড়যন্ত্ৰ । ধৰ্মীয় বিদ্বেষৰ কাহিনীৰ লগতে জঢ়িত আছে আছে শাসক দলৰ সহানুভূতিৰ ছাঁ। তদন্ত আৰু গ্ৰেপ্তাৰত প্ৰশাসনৰ শিথিলতা, গো-ভিজিলাণ্ট সকলৰ প্ৰতিবাদহীন উৎপাত আৰু বিজেপিৰে লগ থকা একাধিক গো-মাংস কোম্পানীৰ নিৰ্বাচনী অনুদান এই সকলোবোৰে লিঞ্চিঙৰ ঘটনা এটাক এটা ৰাজনৈতিক অংশ হিচাপে চাবলৈ বাধ্য কৰে।
লিঞ্চিং হৈছে এক সামাজিক ব্যাধি। কিন্তু এই ব্যাধিৰ প্ৰকোপ প্ৰায়েই ৰাজনৈতিকভাৱে শোষিত হোৱা দেখিবলৈ পোৱা যায়। ভাৰতৰ সংবিধান, সংহতি, আৰু সম্প্ৰীতিৰ ওপৰত এনেবোৰ ঘটনা লজ্জাজনক বিষয়। ভৱিষ্যতে সুস্থিৰ গণতান্ত্ৰিক ভাৰত গঢ়ি তুলিবলৈ সংবাদ মাধ্যমৰ ভূমিকাও অপৰিহাৰ্য। সময়ত সত্যৰ হৈ মাত মতা আৰু তথ্য নিৰ্ভৰ বিশ্লেষণ আগবঢ়োৱা সংবাদ মাধ্যমৰ দায়িত্ব। হিংসাৰ নামত যদি ‘দ্বিধা’ সৃষ্টি কৰা হয়, বা ‘দুয়ো পৃষ্ঠৰ কাহিনী’ নামত সত্যক বিকৃত কৰা হয় তেনেহলে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ অস্তিত্ব সংকটত।
ৰাজনৈতিক নেতা দল সংগঠনবোৰলৈ অনুৰোধ যে ভাতৃত্ববোধ আৰু প্ৰেমৰ এই ভাৰতবৰ্ষত ধৰ্মীয় বিদ্বেষ আৰু ঘৃণাৰ ৰাজনীতি নকৰিব।