Skip to content

বাঘজানে যি নিশিকালে !

Dr Netraranjan
July 5, 202511 second read
Baghjaan Tragedy

বাঘজানৰ পিছত এইবাৰ শিৱসাগৰত পুনৰাবৃত্তি তৈল বিস্ফোৰণৰ ঘটনা। শিৱসাগৰৰ ভটিয়াপাৰত গেছ নির্গমনৰ ঘটনাই পুনৰ উন্মোচিত কৰিলে ভাৰতৰ খনিজ তেল খণ্ডৰ  প্ৰযুক্তিগত প্ৰশাসনিক আৰু নৈতিক ব্যৰ্থতা।

২০২০ চনৰ বাঘজান গেছ ব্ল’আউটৰ ভয়ংকৰ অগ্নিকাণ্ড এতিয়াও অসমবাসীৰ জল জল পট পট কৈ স্পষ্ট। বিস্ফোৰণ, অগ্নিকাণ্ড, পৰিৱেশ ধ্বংস, আৰু স্থানীয় বাসিন্দাৰ হাৰাশাস্তি ভয় আশংকা এইবোৰে চৌপাশ আৱৰি ধৰিছিল। বাঘজানৰ সেই ঘটনাই যেন প্ৰশ্ন কৰিছে “ভাৰতৰ খনিজ তেল খণ্ডই পুনৰ এক বিনাশজনক পুনৰাবৃত্তিৰ বাবে অপেক্ষা কৰি আছে? ” এই প্ৰশ্নৰ উত্তৰ যেন আজি শিৱসাগৰৰ ভটিয়াপাৰত পুনৰ বাজিছে। অসমৰ শিৱসাগৰ জিলাৰ ভটিয়াপাৰত RDS 147A কূপত হোৱা নতুনকৈ গেছ নিঃসৰণ (blowout) ঘটনাটোৱে পুনৰবাৰ ভাৰতৰ খনিজ তেল আৰু গেছ অনুসন্ধান ব্যৱস্থাৰ প্ৰযুক্তিগত, ৰাজনৈতিক নৈতিক ব্যৰ্থতাক উন্মোচন কৰিছে। জুন ১২ তাৰিখে ONGC-ৰ RDS-147A নামৰ গেছ কুঁৱাৰ এটা ৰেগুলাৰ কৰ্মসূচিত ক্ৰিয়াকলাপৰ সময়তে গেছ নিঃসৰণ আৰম্ভ হয়। এটা সপ্তাহ পাৰ হোৱাৰ পাছতো এই নিঃসৰণৰ নিয়ন্ত্ৰণৰ বাবে ভাৰতীয় পক্ষৰ সক্ষমতা যথেষ্ট নহ’বলৈ ধৰা পৰে, যাৰ ফলত উপায়ন্তৰ হৈ শেষত আমেৰিকাৰ Cudd well Presure Control Comapany ৰ বিশেষজ্ঞ দলক আহ্বান কৰিবলগা হয়।

অসমত অৱস্থিত খনিজ তেল আৰু গেছ কুঁৱাবোৰ বহু বছৰ ধৰি ৰাষ্ট্ৰীয় সম্পদ হিচাপে বিবেচিত হৈ আহিছে। কিন্তু পূৰ্বৰ বাঘজান কাণ্ড আৰু শেহতীয়াকৈ সংঘটিত হোৱা ভটিয়াপাৰৰ ঘটনাই এই সম্পদ খননৰ ক্ষেত্ৰত নিৰাপত্তা প্ৰট’কল, বিপদ ব্যৱস্থাপনা আৰু স্থানীয় সম্প্ৰদায়ৰ সুৰক্ষাৰ ক্ষেত্ৰত কোম্পানীসমূহৰ খামখেয়ালিৰ এক উদ্বেগজনক সত্য উন্মোচন কৰিছে। বাঘজান কাণ্ডৰ পিছত পুনৰ সংঘটিত হোৱা ৰুদ্ৰসাগৰৰ ঘটনাই দেখুৱাইছে যে ২০২০ চনৰ বিপৰ্যয়ৰ পাছতো সঁচাকৈয়ে একো শিক্ষা লাভ নকৰিলে। এনে ঘটনাৰ পুনৰাবৃত্তিয়ে প্ৰমাণ কৰিলে ভাৰত চৰকাৰ তথা তেল সংস্থাসমূহৰ সুৰুপা আৰু চৰম দায়িত্বহীনতা। ই সামাজিক, পৰিৱেশগত , ৰাজনৈতিক আৰু নৈতিক দায়িত্বৰ এক চৰম ব্যৰ্থতা। ভাৰতে  দশকৰ পাছত দশক এই খনিজ তেল খণ্ডত কাম কৰি আছে আৰু যাৰ ওচৰত এখন ৰাষ্ট্ৰায়ত্ত বৃহৎ প্ৰতিষ্ঠান (ONGC) আছে কিয় এতিয়াও এনে দুৰ্ঘটনাৰ সময়ত নিজৰ দেশৰ ভিতৰতে প্ৰশিক্ষিত, দক্ষ, আৰু সম্প্ৰসাৰিত সহায় ব্যৱস্থা গঢ়ি তুলিব পৰা নাই ?

ONGC-ৰ দ্বাৰা প্ৰয়োগ কৰা উচ্চ-চাপত পানী পাম্পিং (৩,০০০-৩,৫০০ PSI), “জাংক শ্বট” আৰু আন প্রচেষ্টাসকল ব্যৰ্থ প্ৰমাণিত হৈছে। প্ৰতিদিনে হাজাৰ হাজাৰ বেৰেল পানী পাম্পিংৰ পিছতো কোম্পানীয়ে স্বীকাৰ কৰিছে যে নিজৰ সম্পদেৰে ই সংকটৰ সমাধান কৰিবলৈ সক্ষম নহয়। ২০ জুনত বিদেশী দলৰ আগমনে প্ৰযুক্তিগত সহায়ৰ আশ্বাস দিছিল যদিও মূল প্ৰশ্নটো হল দশকৰ অভিজ্ঞতা আৰু বৃহৎ ৰাষ্ট্ৰায়ত্ত প্ৰতিষ্ঠান থকা স্বত্বেও কিয় ভাৰত এতিয়াও তেলক্ষেত্ৰ দুৰ্ঘটনাৰ সময়ত আত্মনির্ভৰশীল প্ৰতিক্ৰিয়া বিকাশ কৰিব পৰা নাই ? ক’ত আছে ভাৰতীয় well-control বিশেষজ্ঞ ? কিয় অভাৱ এখন জাতীয় দুৰ্যোগ প্ৰতিক্ৰিয়া টাস্কফোর্ছৰ ? কিয় বাঘজান blowout-ৰ পিছত গঢ়ি তোলা সুৰক্ষা আৰু পৰিবেশ পৰ্যবেক্ষণ নীতি বাস্তৱায়িত নহ’ল? ২০২০ চনৰ বাঘজান blowout-ৰ সময়তো কেপাডিয়ান বিশেষজ্ঞৰ সহায় ল’ব লগা হৈছিল। বিদেশী সহায়ৰ ওপৰত নিৰ্ভৰ কৰিব লগা হোৱা মানে এইয়াই বুজাই যে খনিজ তেল প্ৰযুক্তি ক্ষেত্ৰত ভাৰতৰ আত্মনিৰ্ভৰশীলতা কেতিয়াবাই ধ্বংস হৈ গৈছে। পুৰণা অভিজ্ঞতা, বহু কোটি টকাৰ খৰচ, আৰু বিশেষজ্ঞ কমিটিৰ পৰামৰ্শ — এই সকলোৰ পিছতো কেনেকৈ শিৱসাগৰৰ ঘটনাটো পুনৰাবৃত্ত হ’ল?

এই ঘটনা এটা প্ৰযুক্তিগত ব্যৰ্থতাৰ উপৰিও এক প্ৰশাসনিক আৰু নীতিগত ব্যৰ্থতা। ভাৰত বিশ্বৰ তৃতীয় সৰ্ববৃহৎ খনিজ তেল উৎপাদনকাৰী দেশ। দেশজ উৎপাদন বঢ়াই বিদেশী নিৰ্ভৰতাৰ ওপৰত আঘাত হানিবলৈ চৰকাৰে সদায় Hydrocarbon Exploration and Licensing Policy (HELP)-ৰ কথা কৈ আহিছে। কিন্তু যদি প্ৰতি দুৰ্ঘটনাত বিদেশী সহায় বিচাৰিবই লাগে, তেন্তে “energy self-reliance” নামৰ চৰকাৰী শ্লোগানটো কিমান বিশ্বাসযোগ্য ?

এনে ধৰণৰ ঘটনাই স্থানীয় জনসাধাৰণৰ নিৰাপত্তা আৰু প্ৰাকৃতিক পৰিৱেশৰ বেয়া প্ৰভাৱ পেলাইছে। গেছ নিঃসৰণৰ ফলত অঞ্চলটোত সৃষ্টি হোৱা বিষাক্ত বায়ুমণ্ডল স্থানীয় জনসাধাৰণৰ জীৱন-জীৱিকা আৰু স্বাস্থ্যক ক্ষতিগ্ৰস্ত কৰি তুলিছে। বিষাক্ত গেছৰ প্ৰভাৱত শ্বাস-প্ৰশ্বাসজনিত সমস্যা, পক্ষীৰ মৃত্যু আৰু কৃষিৰ যথেষ্ট ক্ষতি হৈছে। সৰ্বাধিক ক্ষতিগ্রস্ত হৈছে স্থানীয় জনতা, যিসকলে এই দুৰ্ঘটনাৰ বাবে দায়ী নহয় কিন্তু সকলোতকৈ বেছি জীয়াতু ভুগিব লগা হৈছে। শিৱসাগৰৰ বৰিচুক গাঁৱত প্ৰায় ৭০টা পৰিয়ালক তৎকালীনভাৱে আশ্ৰয় শিবিৰলৈ স্থানান্তৰ কৰা হৈছে য’ত তেওঁলোকে স্বাস্থ্য, জীৱন আৰু অৰ্থনীতিৰ অনিশ্চয়তাৰ মাজত দিন কটাইছে।

ONGC আৰু এনে সংস্থাসমূহৰ বাবে এই ঘটনাবোৰ এক ৰেড এলাৰ্ট। কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে একগোট হৈ এখন নৱ পৰিকল্পনা গঢ়ি তোলাটো অতি প্ৰয়োজন। ভাৰতে যদি শক্তিৰ ক্ষেত্ৰত আত্মনিৰ্ভৰ হ’ব বিচাৰে তেন্তে নিৰাপত্তা আৰু দুৰ্যোগ প্ৰতিক্ৰিয়াৰ ক্ষেত্ৰত বিদেশৰ ওপৰত নিৰ্ভৰশীলতা শেষ কৰিব লাগিব। বৰ্তমান চৰকাৰৰ বাবে ই এটা সুযোগ। এই সুযোগ কেৱল মাত্ৰ crisis management নহয়, গঠনমূলক policy reform-ৰ বাবে হোৱা উচিত।  অসমে খনিজ তেল উৎপাদনৰ ঐতিহ্য গৰিমা কঢ়িয়াই আনিছে। এই গৰিমাৰ লগত আধুনিক আৰু নিৰাপদ ব্যৱস্থাপনাও যুক্ত হোৱাটো এতিয়া সময়ৰ দাবী।

Dr Netraranjan

Dr. Netraranjan, the Editor-in- Chief of Janagana Barta is an alumni of JNU and over two decades experience in MNCs at Senior Leadership position. A doctorate in management, his key area of interest is Strategic Political Affairs, Consultancy and Research & Analysis.

Related Articles

Facebook Posts
This message is only visible to admins.
Problem displaying Facebook posts. Backup cache in use.
Click to show error
Error: Error validating access token: The session has been invalidated because the user changed their password or Facebook has changed the session for security reasons. Type: OAuthException
Most Discussed
Back To Top