কল্পনা কৰক যে এজন চলচ্চিত্ৰ নিৰ্মাতাই বছৰ বছৰ ধৰি এখন চিনেমা নিৰ্মাণ, অভিনেতা নিয়োগ, সঁজুলি ভাড়া, আৰু ছবিখনৰ প্ৰচাৰ আদি কাম কৰে। এই খৰচসমূহ আদায় কৰি লাভৰ একমাত্ৰ উপায় হ’ল ছবিগৃহত টিকট বিক্ৰী বা ষ্ট্ৰীমিং প্লেটফৰ্মত চাবস্ক্ৰিপচন। এতিয়া ধৰি লওক কোনোবাই লুকাই চুৰকৈ থিয়েটাৰ এখনত সোমাই নিজৰ ফোনত চিনেমাখন ৰেকৰ্ড কৰি ৱেবচাইট এটাত আপলোড কৰে য’ত যিকোনো ব্যক্তিয়ে বিনামূলীয়াকৈ চাব পাৰে। টিকট কিনা বা আইনীভাৱে চাবস্ক্ৰাইব কৰাৰ পৰিৱৰ্তে মানুহে এই পাইৰেটেড সংস্কৰণটো চাবলৈ আৰম্ভ কৰে। ফলত চিনেমা নিৰ্মাতা আৰু চিনেমা নিৰ্মাণৰ লগত জড়িত সকলোৱে ধন হেৰুৱাইছে, যাৰ প্ৰভাৱ ভৱিষ্যতৰ প্ৰডাকচনত পৰে। আন এটা উদাহৰণ হ’ল যেতিয়া কোনোবাই এটা ষ্ট্ৰীমিং চাবস্ক্ৰিপচন কিনে আৰু তেওঁলোকৰ লগইন একাধিক লোকৰ সৈতে শ্বেয়াৰ কৰে, বা যেতিয়া ৱেবছাইটসমূহে ধন দিবলগীয়া চিনেমাৰ বিনামূলীয়া ডাউনলোড আগবঢ়ায়। এই কাৰ্য্যবোৰ সৰু যেন লাগিব পাৰে কিন্তু, বৃহৎ পৰিসৰত কৰিলে চলচ্চিত্ৰ উদ্যোগৰ বাবে বৃহৎ আৰ্থিক লোকচান হয়।
চলচ্চিত্ৰ পাইৰেচি বিশ্ব মনোৰঞ্জন উদ্যোগৰ বাবে এক স্থায়ী ভাবুকি হৈ পৰিছে। চলচ্চিত্ৰ পাইৰেচি এতিয়া কেৱল চলচ্চিত্ৰ উদ্যোগৰ বাবেই নহয় সমগ্ৰ সৃষ্টিশীল অৰ্থনীতিৰ বাবে এক গভীৰ সংকট ৰূপে আত্মপ্ৰকাশ কৰিছে। চলচ্চিত্ৰ উদ্যোগে নানা উত্থান পতনৰ মাজেৰে বিকাশ লাভ কৰিছে। ডিজিটেল প্লেটফৰ্মৰ তথা অকৰ্তৃত্বশীল শ্বেয়াৰিং নেটৱৰ্কসমূহৰ উত্থানে এনে এক পৰিস্থিতিৰ জন্ম দিছে য’ত এটি চিনেমা মুক্তিৰ কেইঘণ্টামানৰ ভিতৰতে তাৰ পাইৰেটেড সংস্কৰণ অনলাইনত উপলব্ধ হৈ পৰে। অতীজৰে পৰা দুষ্ট চক্ৰই এক বেআইনী প্ৰক্ৰিয়া কৰি আহিছে । এই চিনেমা পাইৰেছচি চলচ্চিত্ৰ উদ্যোগৰ বাবে এক ডাঙৰ ভাবুকি।
এসময়ত জাহাজ লুণ্ঠনৰ সৈতে জড়িত পাইৰেচিৰ পৰম্পৰাগত ধাৰণাটো আধুনিক যুগৰ ডিজিটেল বিষয়লৈ বিকশিত হৈছে অনলাইন বিষয়বস্তুৰ অকৰ্তৃত্বশীল কপি আৰু বিতৰণলৈ। ডিজিটেল পাইৰেচিয়ে চিনেমা, সংগীত, ভিডিঅ’ গেম, ই-বুককে ধৰি বিভিন্ন মাধ্যমক সামৰি লৈছে। IP Crime Group ৰ মতে পাইৰেচিয়ে কপিৰাইটযুক্ত সামগ্ৰী যেনে ছবি, ক্ৰীড়া অনুষ্ঠান, সাহিত্যিক ৰচনা, চফ্টৱেৰৰ অবৈধ বিতৰণক সামৰি লয়। অকৰ্তৃত্বশীল ষ্ট্ৰীমিং ৱেবছাইটৰ পৰা আৰম্ভ কৰি Peer to peer ফাইল-শ্বেয়াৰিং নেটৱৰ্ক আৰু ছ’চিয়েল মিডিয়া পাইৰেচিলৈকে অবৈধ চিনেমা বিতৰণ অধিক অত্যাধুনিক হৈ পৰিছে। এই কাৰ্য্যৰ বৃদ্ধি পোৱাৰ ফলত চলচ্চিত্ৰ নিৰ্মাতা, প্ৰডাকচন হাউচ, আৰু ষ্ট্ৰীমিং প্লেটফৰ্মৰ বাবে নিজৰ বৌদ্ধিক সম্পত্তি সুৰক্ষিত কৰাটো কঠিন হৈ পৰিছে। বিনামূলীয়া বিষয়বস্তু বিচৰা গ্ৰাহকৰ বাবে পাইৰেচি প্ৰায়ে এক নিৰাপদ কাৰ্য্য যেন লাগিলেও ইয়াৰ প্ৰভাৱ সুদূৰপ্ৰসাৰী। চিনেমাৰ পাইৰেচিয়ে কেৱল ডাঙৰ ডাঙৰ ষ্টুডিঅ’কে নহয়, স্বতন্ত্ৰ চলচ্চিত্ৰ নিৰ্মাতা, অভিনেতা, কাৰিকৰী, আৰু বহল চলচ্চিত্ৰ পৰিৱেশ তন্ত্ৰকো প্ৰভাৱিত কৰিছে । অৰ্থনৈতিক ক্ষতিৰ বাহিৰেও পাইৰেচিয়ে চাইবাৰ অপৰাধক ইন্ধন যোগায়, ব্যৱহাৰকাৰী সকলক মেলৱেৰ আৰু ডাটা চুৰিৰ সন্মুখীন কৰায়, আৰু মূল বিষয়বস্তু সৃষ্টিত বিনিয়োগক নিৰুৎসাহিত কৰে।
চিনেমাৰ পাইৰেচি বুলিলে এক অনৈতিক কাৰ্য্যক বুজোৱা হয়, য’ত অনুমতি অবিহনে ইণ্টাৰনেটৰ জৰিয়তে কপিৰাইটযুক্ত চিনেমাৰ অবৈধ কপি আৰু বিতৰণ কৰা হয় বা অননুমোদিতভাৱে ডাউনলোড কৰা হয়। অৰ্থাৎ পাইৰেচি হৈছে চলচ্চিত্ৰ, গান, বা অন্য মিডিয়াৰ অনুমোদিত কপি সৃষ্টি কৰি ইণ্টাৰনেট বা অন্যান্য মাধ্যমত বিতৰণ কৰা। চলচ্চিত্ৰ পাইৰেচিক ডিজিটেল বা অনলাইন পাইৰেচি বুলিও কোৱা হয়। ইয়াৰ বাবে অনুমতি অবিহনে চিনেমা ডাউনলোড বা ষ্ট্ৰীমিং কৰা হয় আৰু ই সম্ভাৱ্য ৰাজহ হ্ৰাস কৰি চলচ্চিত্ৰ উদ্যোগত নেতিবাচক প্ৰভাৱ পেলায়। পাইৰেচিৰ ফলত চলচ্চিত্ৰ নিৰ্মাতাসকলৰ যথেষ্ট আৰ্থিক ক্ষতি হয়। শিল্পীসকলৰ মনোবল আৰু সৃষ্টি প্ৰচেষ্টাত বাধা দিয়ে। চিনেমাৰ গুণমানত বিনিয়োগ কৰাৰ আগ্ৰহ হ্ৰাস পায়।বিশ্লেষকসকলৰ মতে, ভাৰতত প্ৰতি বছৰে চলচ্চিত্ৰ পাইৰেচিৰ ফলত প্ৰায় ১৮,০০০ কোটি টকাৰ ক্ষতি হয়। এই অবৈধ প্ৰৱণতাই সৰু চলচ্চিত্ৰ নিৰ্মাতাসকলৰ ওপৰত অধিক ধ্বংসাত্মক প্ৰভাৱ পেলাইছে, যাৰ বাবে ব্ৰেক-ইভেন পোৱাটো কঠিন হৈ পৰিছে।
পাইৰেচি এক অপৰাধ। এই কার্য্য ভাৰতীয় কপিৰাইট আইন (Copyright Act, 1957) অনুসৰি এক দণ্ডনীয় অপৰাধ। পাইৰেচিৰ সৈতে জড়িত লোকসকলক জেল বা জৰিমনা বিহা হয়। কিন্তু এনে আইন থকাৰ পিছতো আইনলৈ ভয় নকৰা একাংশই এনে দুস্কাৰ্য্য কৰি আছে। আইনী দিশৰ পৰা চালে, ভাৰতীয় কপিৰাইট আইন, ১৯৫৭ অনুসৰি কপিৰাইট উলংঘা কৰা দোষৰ বাবে ৩ বছৰতকৈ অধিক জেল আৰু ২ লাখ টকাৰ অধিক জৰিমনা হোৱাৰ বিধান আছে। তথাপি, আইনৰ বলবৎকৰণৰ অভাৱ, আই এছ পি-ৰ ওপৰত নিয়ন্ত্ৰণৰ অস্পষ্টতা, আৰু গ্ৰাহকসকলৰ সচেতনতাৰ অভাৱই এই সংকটক অধিক গভীৰ কৰি তুলিছে। আকৌ ছ’চিয়েল মিডিয়াত ছবিৰ কিছু অংশ শ্বেয়াৰ কৰা ঘটনাই নবীন চলচ্চিত্ৰ নিৰ্মাতাসকলৰ সন্মুখত এক প্ৰত্যাহ্বান ৰূপে থিয় দিছে।
পাইৰেচিৰ অন্যতম সাধাৰণ আৰু ক্ষতিকাৰক পদ্ধতি হ’ল ছবিগৃহৰ ভিতৰত কেমকৰ্ডাৰ ৰেকৰ্ডিং কৰা, যাক প্ৰায়ে “কেম ৰিপ” বুলি কোৱা হয়। য’ত ব্যক্তিসকলে হেণ্ডহেল্ড কেমেৰা, স্মাৰ্টফোন বা আনকি লুকাই থকা ৰেকৰ্ডিং ডিভাইচ ব্যৱহাৰ কৰি পৰ্দাৰ পৰা পোনপটীয়াকৈ চিনেমা এখন ধৰি ৰাখে। প্ৰায়ে দুৰ্বল অডিঅ’, বিকৃত ভিজুৱেল আৰু দৰ্শকৰ শব্দৰ বৈশিষ্ট্য থকা এই নিম্নমানৰ ৰেকৰ্ডিংসমূহে ছবি এখন মুক্তি পোৱাৰ ঘণ্টা বা দিনৰ ভিতৰতে পাইৰেচি ৱেবছাইট আৰু অবৈধ ষ্ট্ৰীমিং প্লেটফৰ্মলৈ দ্ৰুতভাৱে ধাৱমান হয়।
ডিজিটেল পাইৰেচিৰ উত্থানৰ পিছতো বিশেষকৈ সীমিত ইণ্টাৰনেটৰ ব্যৱহাৰ থকা অঞ্চলসমূহত শাৰীৰিক পাইৰেচিৰ প্ৰচলন হৈয়েই আছে। এই পদ্ধতিত অকৰ্তৃত্বশীলভাৱে ছবিৰ ডুপ্লিকেচন আৰু বিক্ৰী কৰা হয়। ডিভিডি, চিডি আৰু ব্লু-ৰে, প্ৰায়ে গণ পৰিমাণত প্ৰস্তুত কৰা হয় আৰু মূল মূল্যৰ এক অংশত বিক্ৰী কৰা হয়। ৰাজহুৱা বজাৰত এই পাইৰেটেড কপি বিতৰণ কৰা ৰাজপথৰ বিক্ৰেতা আৰু ক’লা বজাৰৰ ব্যৱসায়ী। শাৰীৰিক পাইৰেচিয়ে হয়তো আগৰ দৰে প্ৰভাৱশালী নহ’বও পাৰে, তথাপিও উন্নয়নশীল দেশসমূহত ইয়াৰ বিকাশ অব্যাহত আছে য’ত গ্ৰাহকে দামী চিনেমাৰ টিকট বা ষ্ট্ৰীমিং চাবস্ক্ৰিপচনৰ সলনি সস্তীয়া, স্পষ্ট বিকল্প পছন্দ কৰে।
পাইৰেচিৰ আন এক পদ্ধতি হৈছে অনলাইন পাইৰেচি (Online Piracy)। আজি চলচ্চিত্ৰ উদ্যোগৰ সন্মুখত থকা আটাইতকৈ উল্লেখযোগ্য প্ৰত্যাহ্বানটো হৈছে ডিজিটেল ক’লা বজাৰ অনলাইন পাইৰেচি। ইয়াত টৰেণ্ট চাইটসমূহ (যেনে, দ্য পাইৰেট বে, 1337x, YTS) যি হাই-ডেফিনিশ্যনত চলচ্চিত্ৰসমূহৰ পিয়ৰ-টু-পিয়ৰ (P2P) ফাইল অংশীদাৰী কৰাৰ অনুমতি দিয়ে। নেটফ্লিক্স বা এমাজন প্ৰাইমৰ দৰে বৈধ সেৱাৰ অনুকৰণ কৰা অকৰ্তৃত্বশীল ষ্ট্ৰীমিং প্লেটফৰ্মসমূহে কপিৰাইটযুক্ত বিষয়বস্তুৰ বিনামূলীয়া প্ৰৱেশ প্ৰদান কৰে । অবৈধ টেলিগ্ৰাম গ্ৰুপ, ছ’চিয়েল মিডিয়া পেজ, আৰু ডাৰ্ক ৱেব চাইট, য’ত ব্যৱহাৰকাৰীয়ে নতুনকৈ মুক্তি পোৱা ছবিসমূহ থিয়েটাৰ বা অ’টিটি প্ৰিমিয়াৰৰ ঘণ্টাৰ ভিতৰতে ডাউনলোড বা ষ্ট্ৰীম কৰিব পাৰে।
চলচ্চিত্ৰ কেৱল বিনোদন নহয়, ই এক শিল্প, যাৰ ভিতৰত হাজাৰ হাজাৰ লোকৰ জীৱিকা জড়িত। এই পৰিপ্ৰেক্ষিতত, পাইৰেচিৰ বিৰুদ্ধে সচেতনতা আৰু আইনী বলবৎকৰণ আজিৰ সময়ৰ অন্যতম প্ৰয়োজন। পাইৰেচি ৰোধ কৰিবলৈ জনসচেতনতা অতিশয় জৰুৰী। সমাজে যদি পাইৰেচি বিৰোধী মনোভাৱ গঢ়ি তোলে, তেনেহ’লে ইয়াৰ প্ৰতি সামাজিক প্ৰতিক্ৰিয়া শক্তিশালী হব। পাইৰেচিৰ প্ৰতিবিধান হিচাপে বৈধ প্লেটফৰ্ম (যেনে Amazon Prime, Netflix, JioCinema, Theatres ইত্যাদি) ব্যৱহাৰ কৰি চিনেমা চাব লাগে। পাইৰেচিয়ে মাথোঁ চলচ্চিত্ৰ উদ্যোগৰ আৰ্থিক ক্ষতি নকৰে , ই এখন দেশৰ সৃষ্টিশীল সংস্কৃতিকো বিপদত পেলায়। সেয়ে, বৈধভাৱে চিনেমা উপভোগ কৰি, আমি নিজেও শিল্পীসকলৰ পৰিশ্ৰমক সন্মান জনাব পাৰোঁ আৰু পাইৰেচি ৰোধত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰোঁ।