Home বিশ্লেষণ“অপাৰেচন সিন্দুৰ”ৰ এক বছৰ: পাকিস্তানলৈ ক্ষেপণাস্ত্ৰৰ ওপৰত লিখা কূটনৈতিক বার্তা

“অপাৰেচন সিন্দুৰ”ৰ এক বছৰ: পাকিস্তানলৈ ক্ষেপণাস্ত্ৰৰ ওপৰত লিখা কূটনৈতিক বার্তা

by Dr Netraranjan
One Year of Operation Sindoor

২০২৫ চনৰ ২২ এপ্ৰিল। কাশ্মীৰৰ পাহালগামৰ নিস্তব্ধ উপত্যকাত হঠাৎ গুলীৰ শব্দে ভাঙি দিছিল পৰ্যটনৰ স্বাভাৱিকতা। কেইমুহূৰ্তৰ ভিতৰতে মাটিত লুটাই পৰিছিল ২৬ জন নিৰীহ নাগৰিক। ভাৰত পুনৰ এবাৰ সন্মুখীন হৈছিল পাকিস্তান-প্ৰেৰিত জেহাদি সন্ত্রাসবাদৰ নগ্ন বাস্তৱৰ। কিন্তু পাহালগাম হত্যাকাণ্ড কেৱল এক সন্ত্রাসবাদী আক্ৰমণ নাছিল; ই আছিল ভাৰতৰ অভ্যন্তৰীণ সুৰক্ষা ব্যৱস্থাৰ গভীৰ দুর্বলতাৰ এক ভয়ংকৰ উদাহৰণ।

বহু বছৰ ধৰি কাশ্মীৰত “স্বাভাৱিকতা” ঘূৰি অহাৰ চৰকাৰী প্রচাৰৰ মাজতে এই হত্যাকাণ্ডে স্পষ্ট কৰি দিলে যে সীমান্তপাৰ সন্ত্রাসবাদৰ নেটৱৰ্ক আজিও সক্ৰিয়, সংগঠিত আৰু বিপজ্জনক। তদন্তত ওলাই আহিল যে সংশ্লিষ্ট অঞ্চলটো পৰ্যটকৰ বাবে মুকলি কৰা হৈছিল যদিও স্থানীয় সুৰক্ষা সংস্থাৰ সৈতে যথেষ্ট সমন্বয় নাছিল। অভ্যন্তৰীণ সুৰক্ষা তথ্যৰ বিশ্লেষণ, মাটিৰ পৰ্যায়ত নজৰদাৰী আৰু স্থানীয় প্রশাসনিক সজাগতাত স্পষ্ট ব্যৰ্থতা আছিল।

কিন্তু এইবাৰ ভাৰতৰ প্ৰতিক্ৰিয়া আছিল সম্পূৰ্ণ ভিন্ন। ৭ মে’ৰ নিশা আৰম্ভ হৈছিল “অপাৰেচন সিন্দুৰ”— পাকিস্তান আৰু পাক অধিকৃত কাশ্মীৰত থকা সন্ত্রাসবাদী ঘাঁটিসমূহৰ ওপৰত ভাৰতৰ সমন্বিত সামৰিক আঘাত। এই অভিযান আছিল কেৱল এক সামৰিক উত্তৰ নহয়; ই আছিল এক কৌশলগত ঘোষণা— নতুন ভাৰত আৰু কূটনৈতিক নিন্দা বা ফাইলভর্তি প্রতিবাদপত্ৰত সীমাবদ্ধ থাকিব নোখোজে।

উৰি, বালাকোট আৰু তাৰ পিছত সিন্দুৰ— এই ধাৰাবাহিকতাই দেখুৱাই দিলে যে ভাৰতৰ সুৰক্ষা-নীতিত এক মৌলিক পৰিবর্তন ঘটিছে। এতিয়া সীমান্তৰ সিপাৰৰ সন্ত্রাসবাদী অবকাঠামোক “অস্পৃশ্য” বুলি ধৰা নহয়। প্ৰয়োজন হ’লে ভাৰত সীমান্ত অতিক্ৰম কৰি প্রত্যাঘাত কৰিব— আৰু এই বার্তাই পাকিস্তানৰ সামৰিক-গোয়েন্দা প্ৰতিষ্ঠানক স্পষ্টভাৱে অস্বস্তিত পেলাইছে।

অপাৰেচনত ব্যৱহৃত উন্নত অস্ত্ৰশস্ত্ৰ, ড্ৰোন, প্ৰেচিছন মিছাইল আৰু বায়ু প্ৰতিৰক্ষা ব্যৱস্থাই বিশ্বকো এটা স্পষ্ট সংকেত দিছে— ভাৰত এতিয়া কেৱল বৃহৎ জনসংখ্যাৰ দেশ নহয়; ই এখন প্রযুক্তিনির্ভৰ, দ্রুত সিদ্ধান্ত গ্ৰহণক্ষম সামৰিক শক্তি।

তথাপিও, এই অভিযানক লৈ উল্লাসৰ মাজতে এটা কঠিন সত্য মনত ৰখা প্রয়োজন— কোনো সামৰিক সফলতাই পাহালগামৰ গোয়েন্দা ব্যৰ্থতাক ঢাকি ৰাখিব নোৱাৰে। যদি ৰাষ্ট্ৰ নিজৰ ভুলৰ আত্মসমালোচনা নকৰে, তেন্তে “অপাৰেচন সিন্দুৰ”ও কেবল এক প্রতীকমাত্র হৈ ৰ’ব। কাৰণ সন্ত্রাসবাদৰ বিৰুদ্ধে যুদ্ধ কেৱল সীমান্তত নহয়; ই লড়া হয় তথ্যৰ জগতত, গোয়েন্দা সমন্বয়ত, স্থানীয় জনবিশ্বাসত আৰু ৰাজনৈতিক সততাৰ ভিতৰত। পাকিস্তানক শক্ত বার্তা দিয়াটো প্রয়োজনীয়, কিন্তু তাতকৈও অধিক প্রয়োজনীয় ভাৰতৰ ভিতৰৰ সুৰক্ষা ব্যবস্থাক দুর্ভেদ্য কৰা।

অপাৰেচন সিন্দুৰৰ পিছত ভাৰত-পাকিস্তান সম্পর্ক নতুন এক উত্তেজনাপূর্ণ পর্যায়ত প্ৰৱেশ কৰিছে। সীমান্তত ড্ৰোন অনুপ্ৰৱেশ, সংঘর্ষবিৰতি লংঘন, চাইবাৰ প্ৰচাৰযুদ্ধ— এই সকলোয়ে দেখুৱাইছে যে পাকিস্তানৰ “প্ৰক্সি ৱাৰ” নীতি এতিয়াও শেষ হোৱা নাই। আৰু বাস্তৱতা হ’ল— পাকিস্তানৰ সামৰিক-ধর্মীয় ক্ষমতা কাঠামো যেতিয়ালৈকে সন্ত্রাসবাদক কৌশলগত সম্পদ হিচাপে ব্যৱহাৰ কৰি থাকিব, তেতিয়ালৈকে দক্ষিণ এশিয়াত স্থায়ী শান্তি অসম্ভৱ হৈ থাকিব।

কিন্তু ভাৰতৰ বাবে ইয়াতেই আটাইতকৈ ডাঙৰ পৰীক্ষা। এখন শক্তিশালী ৰাষ্ট্ৰ কেৱল যুদ্ধ জিকি মহান নহয়; এখন ৰাষ্ট্ৰ মহান হয় যেতিয়া সি নিজৰ ভুলৰ মুখোমুখি হ’বলৈ সাহস কৰে। পাহালগামৰ ৰক্ত কেৱল প্রতিশোধ দাবী নকৰে; ই দাবী কৰে অধিক দায়িত্বশীলতা, অধিক সতর্কতা আৰু অধিক জবাবদিহিতা।

“অপাৰেচন সিন্দুৰ” ইতিহাসত হয়তো এক সফল সামৰিক অভিযান হিচাপে স্মৰণীয় হৈ থাকিব। কিন্তু ভাৰতৰ ভৱিষ্যৎ নিৰ্ধাৰণ কৰিব এই প্রশ্নই— আমি কেৱল ক্ষেপণাস্ত্ৰৰ শক্তিত বিশ্বাস কৰিম নে ৰাষ্ট্ৰীয় আত্মসমালোচনাৰ শক্তিতো? পাহালগামৰ ২৬টা নিথৰ দেহ আজিও যেন ভাৰতক নীৰৱে সুধি আছে— “প্ৰতিশোধ ল’লাই যথেষ্ট নে, নে এনে হত্যাকাণ্ড পুনৰ নঘটাৰ নিশ্চয়তাই প্রকৃত বিজয়?”

যদি এই প্রশ্নৰ সৎ উত্তৰ ভাৰত বিচাৰি পায়, তেন্তে “অপাৰেচন সিন্দুৰ” কেৱল এক সামৰিক অভিযান হৈ নাথাকিব; ই নতুন ভাৰতৰ সুৰক্ষা-দৰ্শনৰ এক ঐতিহাসিক মোড় হিচাপে পৰিগণিত হ’ব।

You may also like