গীতিকাৰ, গায়ক তথা অভিনেতা আৰু মূলত গুৱাহাটীৰ বাসিন্দা দোস্ত হবিবুৰ ৰহমানে পেৰ’ডী কৰি গোৱা গুহেটীক আৰু কেথানো নাযাওঁ, গুহেটীক নমস্কাৰ (গুৱাহাটী আৰু কেতিয়াও নাযাওঁ, গুৱাহাটীক নমস্কাৰ) শীৰ্ষক গীতটো সকলোৱে শুনিছে। সৌ তাহানিতে গোৱা গীতটো যিসকলে শুনিছে তেওঁলোকে বুজি পাব যে তেতিয়াৰ গুৱাহাটী আৰু এতিয়াৰ গুৱাহাটীৰ মাজত বিশেষ পাৰ্থক্য নাই। সুউচ্চ অট্টালিকা, বিদেশী ব্ৰেণ্ডৰ দোকান-প্ৰতিষ্ঠান, উৰণীয়া সেঁতু, বিদেশী বিলাসী গাড়ী, শ্ৰমিক আইন মানি নচলা কাঠফুলাৰ দৰে গঢ়ি উঠা একাধিক প্ৰতিষ্ঠান আৰু তাত কৰ্মৰত গ্ৰামাঞ্চলৰ যুৱক-যুৱতী (মহানগৰৰ বৰ্ধিত জনসংখ্যা) তথা একাংশ গুৱাহাটীয়ানৰ মাৰ্বল লগোৱা চমকিত ঘৰবোৰক বাদ দি এতিয়াও দোস্ত হবিবুৰে গোৱা গীতৰ কথাৰ দৰে গুৱাহাটীত এজাক বৰষুণতে পানী হয়, পানী শুকালে ধুলি হয় আৰু ওখোৰা-মোখোৰা বাট-ঘাট, উন্মক্ত নলা-ফুটপাথ আদিবোৰৰ সৈতে সৌ তাহানিৰ গীতৰ গুহেটী আৰু আজিৰ গুৱাহাটীৰ মাজত অৱশ্যে বেছি তফাৎ নাই। এই কথাখিনিত কাৰোবাৰ অমত থাকিব বুলি মনে নধৰে।
গুৱাহাটী মহানগৰখনক স্মাৰ্ট মহানগৰ কৰাৰ ক্ষেত্ৰত চৰকাৰে বিশেষ পদক্ষেপ গ্ৰহণ কৰি আহিছে। মহানগৰত থাকিবলগীয়া সকলো ব্যৱস্থা দিয়াৰ বাবে চৰকাৰ-প্ৰশাসনে অহোৰাত্ৰি পদক্ষেপ গ্ৰহণ কৰি আহিছে। এই স্মাৰ্ট মহানগৰত এতিয়া বিশ্বপৰ্যায়ৰ বিলাসী ব্ৰেণ্ডৰ সামগ্ৰী, গাড়ী, ব্যৱসায়িক প্ৰতিষ্ঠান, মল আদি থকাৰ সমান্তৰালকৈ ঘৰতে সেৱা আগবঢ়োৱা বিভিন্ন সেৱা প্ৰতিষ্ঠানৰ সুবিধাবোৰ আছে। অৱশ্যে এইবোৰৰ সমান্তৰালকৈ গুৱাহাটীৰ ফুটপাথবোৰত অবৈধভাৱে গঢ় লৈ উঠা শাক-পাঁচলি, আলু-পিয়াজ-লাও-কোমোৰা-পটলৰ অস্থায়ী দোকান, আপেল-কলৰ দোকান, ঘৰুৱা সামগ্ৰীৰ দোকান, পাকঘৰৰ সামগ্ৰীৰ দোকানো উভৈনদী। প্ৰতিটো তৃতীয় সপ্তাহতে আপুনি আপোনাৰ এলেকাত এখন নতুন দোকান ফুটপাথত প্ৰত্যক্ষ কৰিব। এইবোৰৰ লগতে আবাসিক এলেকাত স্কুল-কলেজ-কচিং প্ৰতিষ্ঠান, খেলপথাৰ নথকা স্কুলবোৰ মহানগৰখনৰ তেনেই এক সুলভ দৃশ্য। এইবোৰ বিহীন মহানগৰ আমাৰ সপোনতো কল্পনা কৰিব নোৱাৰো। তথাপি গুৱাহাটী এখন স্মাৰ্ট মহানগৰ।
গুৱাহাটী মহানগৰক পৰিস্কাৰ তথা বিশ্ব মানৰ কৰি ৰাখিবলৈ নীৰিক্ষণ সংস্থা হিচাপে গুৱাহাটী পৌৰ নিগম আছে সঁচা কিন্তু ওপৰত উল্লেখ কৰি অহা সমস্যাবোৰৰ ক্ষেত্ৰত তেওঁলোক নিশ্চুপ। ফুটপাথৰ দোকানবোৰক সঠিক কৰি এক ভেণ্ডিং জোনত (বজাৰ এলেকা) অনাৰ ঘোষণাৰ কথা আমি ঠিক শুনি আহিছোঁ কিন্তু কাৰ্যক্ষেত্ৰত দেখিবলৈ নাপাওঁ। আবাসিক এলেকাত তথা খেলপথাৰ (ডাঙৰ চোতাল) নথকা বিদ্যালয় স্থাপনৰ বিৰুদ্ধে পৌৰ নিগমে ব্যৱস্থা গ্ৰহণ কৰিব বুলি আমি ভাবি থাকো সঁচা কিন্তু বাস্তৱত তেনে এখন ছবি চাবলৈ পোৱাটো সৌভাগ্যৰ বাহিৰে আৰু অন্য একো নহয়।
গুৱাহাটী মহানগৰত কৃত্ৰিম বান অন্য এক সমস্যা। আজিকোপতি এই সমস্যাৰ কোনো সমাধান সূত্ৰ ওলোৱা নাই। প্ৰশাসন কিম্বা শাসকীয়া ৰাজনীতিকে গুৱাহাটীৰ ভৌগলিক অৱস্থানকে দোষাৰোপ কৰি আহিছে। ৰাধাগোবিন্দ বৰুৱা পথ, মণিৰাম দেৱান পথ, নবীন নগৰ, ৰাজগড় আদিবোৰ আছিলেই, এতিয়া বেলতলা,পাঞ্জাবাৰী, ৰুক্মিনীগাঁও আদিকে ধকি একাধিক ন ন অঞ্চল বানপানীৰ কৱলত পৰিছে। পাহাৰৰে আগুৰি থকা গুৱাহাটী মহানগৰত প্ৰতিখন পাহাৰতে আকৌ অবৈধ বাসিন্দাৰ দপদপনি। খৰালি কাটি থোৱা ৰঙা মাটিবোৰ যেতিয়া বাৰিষাত নামনিলৈ পানীৰ ঢলত বৈ আহে তেতিয়া সেইবোৰে কৃত্ৰিম বানক এক অনন্য ৰূপ দিয়াৰ লগতে মহানগৰবাসীৰ কোনো এক দুৰ্ভগীয়াৰ প্ৰাণ লৈহে শান্ত হয়। প্ৰতিটো বাৰিষাতে এই গুৱাহাটী মহানগৰত এগৰাকী সাধাৰণ নিৰীহ ব্যক্তিৰ প্ৰাণ যোৱাৰ বাতৰিটো সংবাদ মাধ্যমত প্ৰকাশ আৰু সময়ৰ গৰাহত বিলীন হৈ পৰে। এইবাৰৰ বাৰিষাত প্ৰাণ যোৱা ৮ বছৰীয়া শিশুটি শেহতীয়া নিদৰ্শন।
গুৱাহাটীক চাবলৈ পৌৰ নিগম, গুৱাহাটী উন্নয়ন বিভাগকে ধৰি একাধিক বাঘা বাঘা বিভাগ আছে কিন্তু সেই বিভাগবোৰ মাথো ধন ঘটাৰ মাধ্যম বুলিহে সংবাদ মাধ্যমত অভিযোগ উত্থাপিত হৈ আহিছে। গুৱাহাটী পৌৰ নিগমৰ বোকা কেলেংকাৰী আৰু একাধিক বিষয়াক এই বিষয়ত তদন্তকাৰী সংস্থাৰ দ্বাৰা অভিযুক্তকৰণ প্ৰক্ৰিয়াই নীৰিক্ষণ সংস্থাবোৰৰ ওপৰত সন্দেহ অধিক ঘণীভূত কৰে। ইয়াৰ লগতে গুৱাহাটী মহানগৰৰ ৰাজহুৱা শৌচাগাৰ-শৌচালয়, বিশুদ্ধ খোৱাপানীৰ ৰাজহুৱা বিতৰণ আদি বিষয়বোৰ আছেই!!! কিন্তু সকলো কেৱল শব্দৰ মাজতেই চৰ্চিত। কাৰ্যক্ষেত্ৰত এইবোৰ কেৱল প্ৰহেলিকা।
গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মজিয়া পোৱা গুৱাহাটী পানী যোগান আঁচনিৰ কথা কৈ থাকিলে শেষ নহয়। তথাপি এতিয়া বিশুদ্ধ খোৱাপানীৰ বাবে মহানগৰবাসীয়ে হাহাকাৰ কৰি থাকিবলগীয়া হৈয়ে আছে। ৰাজপথত পাইপ ফুটি বা লীক লৈ লাখ লাখ লিটাৰ পানী নিতৌ গৈ আছে কিন্তু সকলো নাগৰিকৰ ঘৰবোৰলৈ যাবলৈ এই পানীৰ এতিয়াও এইবা কোটি কিল’মিটাৰ বাট বাকী। কথাবোৰ লিখি থাকিলে শেষ নহয়, সেয়েহে গুহেটীক ইমানতে নমস্কাৰ।