প্ৰতিবেদক, জনগণ বাৰ্তাঃ ২০২৬ৰ বিধানসভা নিৰ্বাচন সন্মুখত। সাজু হৈছে শাসক-বিৰোধী। কিদৰে নিৰ্বাচনী বৈতৰণী পাৰ কৰিব পাৰি তাৰ সমীকৰণ ভঙা-পতাত ব্যস্ত ৰাজনৈতিক দল। শাসকীয় দল বিজেপিয়েও কেনেকৈ প্ৰতিষ্ঠান বিৰোধী ঢৌ আঁতৰাই জনসাধাৰণক আশ্বস্ত কৰিব পাৰি তাৰ ৰূপৰেখা প্ৰস্তুতকৰণত ব্যস্ত হৈ পৰিছে। এনে ৰাজনৈতিক প্ৰেক্ষাপটত অসম চৰকাৰৰ এটা সিদ্ধান্ত অতিকৈ চৰ্চিত হৈ পৰিছে। ৪ ছেপ্তেম্বৰত লখিমপুৰত অনুষ্ঠিত অসম চৰকাৰৰ কেবিনেট বৈঠকত সিদ্ধান্ত গ্ৰহণ কৰা হয় যে অসম চুক্তিৰ ৬ নং দফা সন্দৰ্ভত গঠিত অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা আয়োগৰ প্ৰতিবেদনত উল্লেখ কৰা ৬৭ টা পৰামৰ্শৰ ৫৭টা পৰামৰ্শ কাৰ্যকৰী কৰিব ৰাজ্য চৰকাৰে। আছুকে ধৰি বিভিন্নজনে কেবিনেটৰ এই সিদ্ধান্তক আদৰণি জনাইছে। কিন্তু সমান্তৰালকৈ চৰ্চা চলিছে যে এয়া প্ৰাক্ নিৰ্বাচনী টোপহে। ২৬ৰ নিৰ্বাচনী বৈতৰণী পাৰ কৰিবলৈ খিলঞ্জীয়াক প্ৰদান কৰা এটা অবাস্তৱ প্ৰতিশ্ৰুতি।
বিপ্লৱ কুমাৰ শৰ্মা আয়োগে প্ৰদান কৰা প্ৰতিবেদন এতিয়াও কেন্দ্ৰ চৰকাৰে গ্ৰহণ কৰা নাই। কেন্দ্ৰ চৰকাৰে গঠন কৰি দিয়া এই কমিটীৰ প্ৰতিবেদন গ্ৰহণ কৰিব লাগিব কেন্দ্ৰ চৰকাৰেই। তেতিয়াহে এই প্ৰতিবেদনে লাভ কৰিব প্ৰয়োজনীয় সাংবিধানিক মৰ্যাদা। কিন্তু কেন্দ্ৰই গ্ৰহণ কৰাৰ পূৰ্বেই এই প্ৰতিবেদন ৰাজ্য চৰকাৰে কাৰ্যকৰী কৰিবলৈ ওলোৱাত স্বাভাৱিকতেই ৰাজ্য চৰকাৰৰ সিদ্ধান্তক লৈ সৃষ্টি হ’ব প্ৰশ্নবোধকৰ। কিয়নো অসম চুক্তিৰ ১৩নং দফাত স্পষ্টভাৱে কোৱা হৈছে যে, অসম চুক্তি ৰূপায়নৰ নডেল এজেন্সি হৈছে কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়৷ যাৰ বাবে গৃহ মন্ত্ৰ্যালয়েই অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ নেতৃত্বত কমিটীখন গঠন কৰি দিছিল৷ গতিকে গৃহ মন্ত্ৰ্যালয়ে কমিটীৰ প্ৰতিবেদন গ্ৰহণ কৰি চহী কৰাৰ পিছতহে প্ৰতিবেদনখনে সাংবিধানিক মৰ্যাদা লাভ কৰিব৷ যিহেতু কেন্দ্ৰীয় চৰকাৰে প্ৰতিবেদনখন গ্ৰহণ কৰাই নাই, এনে অৱস্থাত কমিটীৰ প্ৰতিবেদনখনৰ কোনে ন্যায্যতাই৷ সেয়ে আনুষ্ঠানিক ন্যায্যতা নোপোৱা প্ৰতিবেদনখন ৰূপায়ন কৰিম বুলি ৰাজ্য চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্তৰো কোনো মূল্য নাই৷
আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে, ন্যায়াধীশ বিপ্লৱ শৰ্মা কমিটীৰ প্ৰতিবেদনত অসমীয়াৰ সংজ্ঞা নিৰূপণ কৰি তাৰ আধাৰত দিয়া হৈছে পৰামৰ্শ। প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে, অসমৰ মূল অধিবাসীসকল, জনজাতিসকল তথা ১৯৫১ চনৰ NRCত যিসকলৰ নাম আছে, সেইসকলৰ উত্তৰাধিকাৰীসকল অসমীয়া৷ যদি ৰাজ্য চৰকাৰে এই প্ৰতিবেদন কাৰ্যকৰী কৰিবলৈ যায় তেনেহ’লে পোনতে অসমীয়াৰ এই সংজ্ঞা মানি ল’ব লাগিব। কিন্তু অসমীয়াৰ এই সংজ্ঞা চৰকাৰে মানি লৈছেনে নাই, সেই কথাও তেওঁলোকে স্পষ্ট কৰা নাই।
আনফালে যদি বিজেপিয়ে বিপ্লৱ কুমাৰ শৰ্মা আয়োগৰ পৰামৰ্শ কাৰ্যকৰী কৰিবলৈ যায়, তেতিয়া বাতিল কৰিব লাগিব নাগৰিকত্ব সংশোধনী আইন। কিয়নো আয়োগে অসমৰ ভিত্তিবৰ্ষ ১৯৭১ হ’ব লাগে বুলি পৰামৰ্শ প্ৰদান কৰিছে। যদি এই পৰামৰ্শ মানিবলগীয়া হয়, তেতিয়া কা-ৰ বিদেশী চিনাক্তকৰণৰ ভিত্তি বৰ্ষ ২০১৪ চন বাতিল হ’ব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে অসম চুক্তিৰ ৬ নং দফা সন্দৰ্ভত প্ৰদান কৰা প্ৰতিবেদনৰ দাড়ি-কমা এটাও হীন-দেৰি নোহোৱাকৈ ৰূপায়ণ কৰিম কুলি কৈছিল। কিন্তু এতিয়া ৰাজ্য চৰকাৰে ১০টা পৰামৰ্শ বাদ দিছে। তেনেহ’লে বিপ্লৱ শৰ্মা আয়োগৰ প্ৰতিবেদনক লৈও বিজেপিয়ে যে হেতালি খেলিছে, সেয়া তেওঁলোকৰ কৰ্ম-কাণ্ডতেই স্পষ্ট হৈ পৰিছে। মুঠৰ ওপৰত হিমন্ত বিশ্ব শৰ্মা কেবিনেটে গ্ৰহণ কৰা এই সিদ্ধান্ত এতিয়া যে ৰাজনৈতিক এক পাশাখেলৰ কৌশল, সেয়া স্পষ্ট হৈ উঠিছে।
’২৬ৰ নিৰ্বাচনী টোপ বিপ্লৱ শৰ্মাৰ প্ৰতিবেদন
September 8, 2024•2 second read

Janagana Desk
Janagana Barta News Desk, Guwahati.
Related Articles
Most Discussed






