জাতিৰ পিতা মহাত্মা গান্ধীয়ে স্বাধীন ভাৰতবৰ্ষত যি ৰাম ৰাজ্য স্থাপন কৰিবলৈ কল্পনা কৰিছিল, সেই অৰ্থনীতিৰ কেন্দ্ৰ বিন্দু আছিল গ্ৰাম্য অৰ্থনীতি।
তেখেতে গ্ৰাম্য উদ্যোগক ভাৰতৰ অৰ্থনৈতিক ভৱিষ্যতৰ মেৰুদণ্ড বুলি গণ্য কৰিছিল। ভাৰতৰ গাঁৱ বিলাকৰ সৰ্বাঙ্গীন উন্নয়ন সাধন কৰি স্বাৱলম্বনৰ জৰিয়তে দৰিদ্ৰতা হ্ৰাস, অৰ্থনৈতিক শক্তিৰ বিকেন্দ্ৰীকৰণ তথা সমগ্ৰ ভাৰতত বহনক্ষম উন্নয়নত উদগনি দিয়াৰ বৃহৎ স্বাৰ্থ আগত ৰাখি গ্ৰাম্য অৰ্থনীতি বিকাশত অগ্ৰাধিকাৰ দি প্ৰকৃত স্বৰাজ স্থাপন কৰিবলৈ সপোন দেখিছিল।
আজি গ্ৰাম্য অৰ্থনীতি ভাগি পৰাৰ ফলত গাঁওত তীব্ৰ নিবনুৱা সমস্যা হৈছে, উপায়ন্তৰ হৈ ৰাইজ চহৰ মুৱা হৈছে। তাৰ ফলত চহৰৰো বহন শক্তি চেৰাই গৈছে আৰু এক বিশৃংখল পৰিবেশৰ সৃষ্টি হৈছে। গান্ধীজীৰ কল্পনাৰ অৰ্থনৈতিক স্বৰাজ যেন কল্পনা মাথোঁ হৈ ৰল।
কেন্দ্ৰত বিজেপি চৰকাৰ অহা পিছত যদিও “আত্মনিৰ্ভৰশীল ভাৰত” আঁচনি হাতত লৈছিল, তথাপিও যেন আশানুৰূপ ফল নহল। গান্ধীজীয়ে তেতিয়াই বিদেশী সামগ্ৰীৰ ওপৰত নিৰ্ভৰশীল নহৈ গ্ৰাম্য উদ্যোগ যেনে থলুৱা কুটীৰ শিল্প, বয়ন শিল্পৰ বিকাশ কৰি স্থানীয় নিযুক্তি সৃষ্টিৰ লগতে অৰ্থনৈতিক বৈষম্য হ্ৰাস কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। পিছে আমি জানো আত্মনিৰ্ভৰশীল হলো ? চীনৰ দৰে দেশৰ পৰা কম মূল্য ,বৃহৎ পৰিমাণে উৎপাদিত সামগ্ৰীৰ আমদানি বৃদ্ধিয়ে হস্তশিল্প, বস্ত্ৰ আৰু অন্যান্য গাওঁ-আধাৰিত উদ্যোগবোৰৰ ওপৰত বিৰূপ প্ৰভাৱ পেলাইছে।
চৰকাৰ ব্যস্ত উদ্যোগীকৰন, নগৰীকৰনৰ জৰিয়তে পুঁজিপতিৰ হকে কাম কৰা। গান্ধীজীৰ সপোনৰ গ্ৰাম্য অৰ্থনীতিৰ কঁকাল ভঙা চৰকাৰৰ অগ্ৰাধিকাৰ বৃহৎ পৰিমাণৰ ঔদ্যোগিক প্ৰকল্প আৰু বিদেশী বিনিয়োগতহে । শাসনাধিষ্ট চৰকাৰে ক্ষুদ্ৰ ব্যৱসায়ৰ স্বাৰ্থত কাৰ্যসূচী ৰূপায়ণ কৰিছে ঠিকেই কিন্তু বৃহৎ পৰিমাণৰ ঔদ্যোগিকৰণৰ ওপৰত গুৰুত্ব দিয়াৰ লগতে বিমুদ্ৰাকৰণ, GST আৰু সস্তীয়া আমদানিৰ নেতিবাচক প্ৰভাৱে পৰম্পৰাগত গাওঁ উদ্যোগৰ হ্ৰাসত অৰিহণা যোগাইছে।বিমুদ্ৰাকৰণৰ ফলত বিধ্বস্ত হোৱা ভাৰতৰ অৰ্থনীতি গান্ধীজীৰ সপোনৰ অগোচৰ আছিল , যত হাজাৰ হাজাৰ ক্ষুদ্ৰ উদ্যোগ বন্ধ হৈ গৈছিল। আন নালাগে গান্ধীজীৰ নামেৰে আৰম্ভ কৰা MGNREGA আঁচনিৰ পয়ালগা অৱস্থা চাওক, গতিকে গ্ৰাম্য অঞ্চলত নিবনুৱা সমস্যাই ভয়াবহ ৰূপ লোৱা স্বাভাৱিক।
গ্ৰাম্য উদ্যোগৰ পৰিৱৰ্তে নগৰীকৰণ আৰু প্ৰব্ৰজনৰ প্ৰবল হেঁচাত কৰ্মশক্তি হ্ৰাস পাই উদ্যোগবোৰৰ পৰা বিছিন্ন হৈ পৰিছে যাৰ ফলত গ্ৰাম্য উদ্যোগ ক্ৰমে নিম্নগামী হৈ পৰিছে । পৰম্পৰাগত গ্ৰাম্য আধাৰিত উদ্যোগসমূহৰ লগতে বৃহৎ পৰিমাণৰ ঔদ্যোগিক বিকাশৰ ভাৰসাম্য বজাই ৰখাটো চৰকাৰৰ বাবে প্ৰত্যাহ্বান হৈ পৰিছে।
পৰিতাপৰ কথা যে আজি গান্ধীজীৰ সেই সপোনৰ গ্ৰাম্য অৰ্থনীতিৰ দ্বাৰা স্বাৱলম্বী হোৱা গ্ৰাম্য ৰাইজ হৈ পৰিছে একো একোজন হিতাধিকাৰি অথবা চহৰৰ কোনো উদ্যোগৰ একো একোজন বনুৱা ! গান্ধীজীৰ আদৰ্শৰ সপোন ধ্বংস কৰি যেন পুনৰ তেখেতক হত্যা কৰা হৈছে !