Skip to content

স্তন কৰ্কট ৰোগৰ ভয়াবহতা..

Janagana Desk
November 5, 20247 second read
Breast Cancer Awareness

সমগ্ৰ বিশ্বতে মহিলাৰ ক্ষেত্ৰত যোৱা কেইবছৰমানৰ পৰা স্তন কেন্সাৰৰ সংখ্যা ক্ৰমাগতভাৱে বৃদ্ধি পাইছে ৷ সেয়ে স্তন কেন্সাৰক মহিলাৰ ক্ষেত্ৰত প্ৰচলিত কৰ্কট ৰোগৰ ভিতৰত অন্যতম বুলি গণ্য কৰা হয় ৷প্ৰতি বছৰে সময়মতে ৰোগ নিৰ্ণয় আৰু চিকিৎসাৰ অভাৱত স্তন কেন্সাৰত আক্ৰান্ত বৃহৎ সংখ্যক মহিলাই হয় গুৰুতৰ স্বাস্থ্যজনিত সমস্যাৰ সন্মুখীন হয় নহয় কেতিয়াবা প্ৰাণকো হেৰুৱাই পেলায় ৷উল্লেখযোগ্য যে সমগ্ৰ বিশ্বতে অক্টোবৰ মাহত স্তন কেন্সাৰ সজাগতা মাহ হিচাপে পালন কৰা হয় ।


স্তনৰ কৰ্কট ৰোগৰ ক্ৰমাগত বৃদ্ধিৰ বাবে ৰাজহুৱা স্বাস্থ্যৰ ক্ষেত্ৰত ইয়াক অধিক অগ্ৰাধিকাৰ দিয়া হয়।বংশগত কৰ্কট ৰোগ চিনাক্তকৰণ, প্ৰতিৰোধ আৰু চিকিৎসা কৰাটো জনস্বাস্থ্যৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ।ভাৰতত স্তন কেন্সাৰৰ সংখ্যা দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে। সকলোপ্ৰকাৰৰ কেন্সাৰ ৰোগীৰ ভিতৰত স্তন কেন্সাৰ ২৭% । BRCA pathogenic varients য়ে দেশত প্ৰায় ২৬% স্তন কেন্সাৰ আৰু ২১-২৫% ডিম্বাশয়ৰ কেন্সাৰৰো সৃষ্টি কৰে। কৰ্কট ৰোগী থকা পৰিয়ালত ডিম্বাশয়ৰ কৰ্কট ৰোগীৰ ৫৫% আৰু বংশগত স্তন কেন্সাৰ ৰোগীৰ ৪৫-৬৫% ৰোগীৰ ক্ষেত্ৰত BRCA মিউটেচন পোৱা যায়।পৰম্পৰাগতভাৱে ব্যক্তিৰ পাৰিবাৰিক কৰ্কট ৰোগৰ ইতিহাসৰ ওপৰত ভিত্তি কৰি BRCA পৰীক্ষাৰ ব্যৱস্থা কৰা হৈছে। এইদৰে BRCA পৰীক্ষা কৰ্কট ৰোগৰ বাবে সৰ্বাধিক উন্নত চিকিৎসা, যিয়ে বৰ্তমান সময়ত  কেন্সাৰ প্ৰতিৰোধত সহায় কৰে। বংশগত কৰ্কট ৰোগ বংশানুক্ৰমিক ভাৱে অৰ্থাৎ পৰিয়ালৰ যদি কোনো ব্যক্তি কৰ্কট ৰোগত আক্ৰান্ত হৈছিল তেওঁলোকৰ পৰা জিনৰ জৰিয়তে আহিব পৰে।ব্যক্তি এজনে বহুতো কেন্সাৰ সৃষ্টিকাৰী জিনৰ ভিতৰত এটা জিনৰ মিউটেচন উত্তৰাধিকাৰী সূত্ৰে লাভ কৰে। উত্তৰাধিকাৰী সূত্ৰে পোৱা মিউটেচনে ব্যক্তিক কেন্সাৰৰ এখোজ ওচৰ চাপিবলৈ বাধ্য কৰে।

আগতীয়াকৈ ৰোগৰ চিনাক্তকৰণে ৰোগীক অনাগত বিপদাশংকাত লগতে প্ৰতিৰোধমূলক ব্যৱস্থা গ্ৰহণ কৰি নিৰাময়ত সহায় কৰে ।বিপদাশংকা আহি পৰা ব্যক্তিসকলৰ ওচৰত বিকল্প হিচাপে নিয়মীয়া মেমোগ্ৰাম, কেমোপ্ৰতিৰোধ, জীৱনশৈলীৰ পৰিৱৰ্তন, গৰ্ভনিৰোধক আৰু প্ৰজনন বিকল্প আছে , যত প্ৰসৱপূৰ্ব বা প্ৰি-ইমপ্লাণ্টেচন আনুবংশিক ৰোগ নিৰ্ণয় অন্তৰ্ভুক্ত আছে।
৩০০ৰো অধিক বিভিন্নধৰণৰ উত্তৰাধিকাৰী সূত্ৰে পোৱা কেন্সাৰ চিনড্ৰমৰ ভিতৰত HBOC ক অধিক  অধ্যয়ন কৰা হৈছে।গড় অনুসৰি ৬০ বছৰ বয়সৰ ৯০% ৰোগীৰ বাবে HBOC কেন্সাৰ তুলনামূলকভাৱে বিৰল।এই ক্ষেত্ৰত ৯ জন ভাৰতীয়ৰ ভিতৰত এজনৰ জীৱনকালত কৰ্কট ৰোগ হোৱাৰ আশংকা ।


BRCA মিউটেচন থকা মহিলাসকলৰ  ৮০ বছৰ বয়সলৈকে স্তন কেন্সাৰৰ আশংকা ৬৯-৭২% আৰু ডিম্বাশয়ৰ কৰ্কট ৰোগৰ আশংকা ১৭-৪৪% হোৱাৰ বিপৰীতে সাধাৰণ জনসংখ্যাৰ জীৱনকালত স্তন কেন্সাৰৰ বাবে ১২% আৰু ডিম্বাশয়ৰ বাবে ১% আশংকা থাকে কৰ্কট।প্ৰতিৰোধমূলক ঔষধ যেনে প্ৰফিলেক্টিক মেষ্টেক্টমীৰ দ্বাৰা স্তন কেন্সাৰৰ প্ৰাদুৰ্ভাৱ ৯০-১০০% আৰু স্তন কেন্সাৰৰ ফলত হোৱা মৃত্যু ৮১-১০০% হ্ৰাস পাব পাৰে। একেদৰে প্ৰফিলেক্টিক কুফ’ৰেক্টমীয়ে ডিম্বাশয়ৰ কৰ্কট ৰোগৰ সম্ভাৱনা ৬৯-১০০% হ্ৰাস কৰে।গুৰুত্বপূৰ্ণ যে গৱেষকসকলে জাৰ্মলাইন BRCA মিউটেচনক সাত প্ৰকাৰৰ কেন্সাৰৰ আশংকাৰ সৈতে উল্লেখ কৰিছে সেইয়া হৈছে স্তন, ডিম্বাশয়, প্ৰষ্টেট, পেনক্ৰিয়াটিক, পিত্তনলী, খাদ্যনলী আৰু গেষ্ট্ৰিক কেন্সাৰ।


ভাৰতবৰ্ষৰ দৰে দেশত স্তন কেন্সাৰ প্ৰতিৰোধ, BRCA পৰীক্ষাৰ গ্ৰহণ বৃদ্ধি, আৰু পৰম্পৰাগত পৰীক্ষা আৰ্হিৰ সীমাবদ্ধতাসমূহ সমাধানৰ ক্ষেত্ৰত এক জটিল কিন্তু এক প্ৰগতিশীল পদক্ষেপ হ’ব পাৰে।বংশগত কৰ্কট ৰোগৰ আশংকাৰ BRCA পৰীক্ষা আৰু সুবিধাৰ খৰছ যথেষ্ট ব্যয় বহুল। ভাৰতত ইয়াৰ মূল্য ১৫,০০০ৰ পৰা ২,৩০,০০০ৰ ভিতৰত। অৰ্থনৈতিক ভাৱে সৱল দেশত  জনসংখ্যাভিত্তিক BRCA পৰীক্ষাই স্তন আৰু ডিম্বাশয়ৰ কৰ্কট ৰোগৰ ৰোগ হ্ৰাস কৰাত উপযোগী বুলি প্ৰমাণিত হৈছে। কিন্তু ভাৰতত DNA ছিকুৱেন্সিঙৰ খৰচ হ্ৰাস পোৱাৰ পিছতো BRCA পৰীক্ষাৰ ক্ষেত্ৰত টকাৰ মূল্যই বাধা হিচাপে ঠিয় দি আছে , যিয়ে স্তন কেন্সাৰৰ যত্নত স্বাস্থ্যৰ ক্ষেত্ৰত বৈষম্য সৃষ্টি কৰাৰ লগতে আৰু অধিক ভয়াৱহ কৰি তুলিব।

BRCA পৰীক্ষা ব্যৱহাৰযোগ্য হবলৈ হলে খৰচ বহনক্ষম আৰু সুলভ দুয়োটা হ’ব লাগিব।গতিকে কৰ্কট ৰোগৰ ক্ৰমাগত বৃদ্ধি ৰোধ কৰাৰ লগতে বংশগত কৰ্কট ৰোগ চিনাক্ত, প্ৰতিৰোধ আৰু চিকিৎসা জনস্বাস্থ্যৰ বাবে অতি গুৰুত্বপূৰ্ণ।

Janagana Desk

Janagana Barta News Desk, Guwahati.

Related Articles

Facebook Posts
This message is only visible to admins.
Problem displaying Facebook posts. Backup cache in use.
Click to show error
Error: Error validating access token: The session has been invalidated because the user changed their password or Facebook has changed the session for security reasons. Type: OAuthException
Most Discussed
Back To Top