কেতিয়ালৈকে সেউজভূমি হৈ থাকিব অসম ? বন ধ্বংসৰ যজ্ঞ চলিছে অসমত। আন্তঃৰাষ্ট্রীয় সমীক্ষা মতে, উন্নয়নৰ নামত বন্যভূমিৰ ধ্বংসত আমাৰ দেশ পৃথিৱীৰ ভিতৰত দ্বিতীয় স্থানত অন্তর্ভুক্ত হৈছে। অসমত বনভূমি ৰক্ষা কৰা আৰু অসমতে বৃক্ষ ৰোপণৰ ক্ষেত্ৰত বিশ্ব ৰেকৰ্ড গঢ়াৰ চেষ্টা কৰা হয়, সেইখন অসমতে আকৌ দেশৰ ভিতৰত সৰ্বাধিক বন ধ্বংস যজ্ঞ চলোৱা হয় ।বিশ্ব বন নিৰীক্ষণ প্ৰকল্পৰ শেহতীয়া তথ্য অনুসৰি ২০০১ চনৰ পৰা ২০২৩ চনলৈকে ভাৰতে ২.৩৩ নিযুত হেক্টৰ বনভূমি ধ্বংস হৈছে । অৰ্থাৎ ৩২৪ কিলোমিটাৰ হেক্টৰ বনভূমি ধ্বংস হৈছে অসমত।
অসমৰ জলবায়ু বিভিন্ন ধৰণৰ গছ-গছনিৰ বাবে অনুকুল। সেই বাবে চিৰসেউজ উদ্ভিদৰ পৰা তৃণজাতীয় উদ্ভিদলৈ বিভিন্ন গছ অসমত প্ৰচুৰ পৰিমাণে পোৱা যায়।অসমৰ বনাঞ্চলসমূহ চহকী জৈব-বৈচিত্র্যৰ বাবেও বিখ্যাত। এসময়ত জংঘলী দেশ বুলি কোৱা অসমৰ সেউজ পৰিবেশ ক্ৰমাৎ হ্রাস পাবলৈ ধৰিছে আৰু অনুৎপাদনশীল ভূমিত পৰিণত হৈছে।কার্বন-ডাই- অক্সাইড আৰু কার্বন-মনক্সাইডৰ বৰ্দ্ধিত বিষাক্ত গেছ দিনে দিনে বায়ুমণ্ডলত বৃদ্ধি পোৱাত বায়ুমণ্ডলৰ উষ্ণতা বৃদ্ধি পাইছে। ঠাণ্ডা বতৰত অধিক ঠাণ্ডা আৰু গৰম দিনত অত্যধিক গৰম হ’বলৈ ধৰিছে। সমীক্ষাটোত কোৱা হৈছে যে ভাৰতত যোৱা ২৪টা বছৰত ২৩ লাখ ৩০ হেজাৰ হেক্টৰ বনভূমি ধ্বংস কৰা হৈছে। উত্তৰ- পূৰ্বাঞ্চলৰ পাঁচখন ৰাজ্য অসম, অৰুণাচল প্রদেশ, মিজোৰাম, নগালেণ্ড আৰু মণিপুৰতে ১৩ লাখ ৮০ হেজাৰ হেক্টৰ বনভূমি অর্থাৎ মুঠ ধ্বংস বনভূমিৰ পৰিমাণ ৬০ শতাংশ উন্নয়নয়েই হওক বা আন কোনো কাৰণতেই হওক ধ্বংস কৰা হৈছে। আনহাতে, অসমৰ সংৰক্ষিত ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক বনাঞ্চলবোৰৰ ভিতৰত অবৈধভাবে চৰকাৰী আৰু বেচৰকাৰী অনুষ্ঠান-প্রতিষ্ঠান নির্মাণ কৰি থকা হৈছে। উদাহৰণস্বৰূপে, শিৱসাগৰ জিলাৰ নাজিৰা মহকুমাৰ অন্তৰ্গত গেলেকী বনাঞ্চলৰ কথা উল্লেখ কৰিব পাৰি। সংৰক্ষিত বনাঞ্চলখনত কেন্দ্রীয় চৰকাৰৰ অনুমতি অবিহনে বন সুৰক্ষা আইন উলঙ্ঘন কৰি অবৈধভাৱে ৰাজ্য চৰকাৰে কমান্ডো বেটেলিয়নৰ শিবিৰ নিৰ্মাণ কৰিছে। এটি সূত্র মতে, ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণ অর্থাৎ এন জি টিৰ কলকাতাৰ বিচাৰপীঠত কেন্দ্রীয় বন, পৰিবেশ আৰু জলবায় পৰিৱর্তন মন্ত্রণালয়ে এই কথা স্বীকাৰ কৰিছে। শেহতীয়াকৈ কৃত্তিম উপগ্রহৰ পৰা পোৱা তথ্যৰ ওপৰত নির্ভৰ কবি ‘গ্লৱেল ফৰেষ্ট ৱাটচ(Global Forest Watch)’ এ অসমকে ধৰি পাঁচখন উত্তৰ-পূবৰ ৰাজ্যৰ বনাঞ্চল ভয়ংকৰ ভাবে হ্রাস পোৱা বুলি দেখুৱাইছে। প্রকাশিত তথ্যমতে ২০০১ চনৰ পৰা ২০২৩ ৰ ভিতৰত অসম তথা উত্তৰ-পূবৰ ৬০ শতাংশ গছ-বন তথা বনাঞ্চল হ্রাস পাইছে। উচ্চতম ন্যায়ালয়ে ১৯৯১ তে উত্তৰ পূৱৰ গছ কটাত নিষেধাজ্ঞা আৰোপ কৰিছিল যদিও সেইয়া ফলপ্ৰসু হোৱা নাই।
এসময়ত গছ বনেৰে আবৃত অসমত সম্প্রতি ২১ শতাংশ বনভূমিহে আছে বুলি চৰকাৰী তথ্যত প্ৰকাশ পাইছে । বর্তমান বনাঞ্চলৰ দ্রুত হ্রাসে অসমৰ জৈৱ- বৈচিত্র্যলৈ ভাৱুকি কঢ়িয়াই আনিছে। কেন্দ্রীয় চৰকাৰৰ বন মন্ত্রালয়ৰ তথ্যমতে ২০১৪-১৫ বর্ষৰ পৰা ২০১৯-২০ বর্ষৰ ভিতৰত ৰাজ্যত ১,০৯,৭৫,৮৪৪ জোপা গছ কটা হৈছে। কেৱল ৰাষ্ট্ৰীয় ঘাইপথ, ৰেলপথ, ৰাজ্যিক পথ আৰু উপ-পথৰ উন্নতিকৰণৰ নামত লাখ লাখ গছ-গছনি কাটি পেলোৱা হৈছে ।গছবোৰৰ বয়স বিশ বছৰৰপৰা ডেৰশ-দুশ বছৰ পুৰণি বুলি অনুমান কৰিব পাৰি। ইয়াৰ ভিতৰত বিভিন্ন ফল- মূল, সৌন্দর্যবর্ধক আৰু অন্যান্য ঔষধি গুণেৰে ভৰপূৰ গছ-গছনিও আছে। শুকান বতৰত কোটি কোটি টকা খৰচ কৰি চৰকাৰীভাবে ৰোপণ কৰা গছপুলিবোৰৰ ভিতৰত ৬০ শতাংশ গছেই এতিয়া পাবলৈ নাই। আনহাতে, চৰকাৰী নীতি-নির্দেশনা মতে, পথৰ দাঁতিত যিমান সংখ্যক গছ-গছনি ঠিকাদাৰী কোম্পানীবোৰে ৰোপণ কৰিব লাগিছিল, সিমান ৰোপণ কৰা নাই। পথৰ ওপৰেদি চলাচল কৰা গাড়ী-মটৰৰ ধোঁৱা কিঞ্চিৎ পৰিমাণে হ’লেও পথৰ দাঁতিত থকা গছ-গছনিয়ে গ্রহণ কৰিব পাৰিলেহেঁতেন। গছ-গছনি উপযুক্তভাবে নথকাটো প্রকৃতিৰ বাবেই শুভ লক্ষণ নহয়। চাৰিলেনযুক্ত পথৰ নামত গছ-বনভূমি ধ্বংসই এক ভয়ংকৰ ভৱিষ্যতৰ দিশে অসমলৈ যাব। পথৰ দাঁতিত ছাঁ পাবৰ কাৰণে এজোপা গছ নাইকীয়া পৰিস্থিতি পৰ্যন্ত দেখিবলৈ পোৱা গৈছে। ধুবুৰীৰপৰা গুৱাহাটীলৈ ২৬৯ কিলোমিটাৰ পথ, গুৱাহাটীৰপৰা তিনিচুকীয়ালৈ ৫২০ কিলোমিটাৰ পথ আৰু উত্তৰ অসমৰ বাইহাটা চাৰিআলিৰপৰা জোনাইলৈ ৫৬৬ কিলোমিটাৰ পথৰ দাঁতিত থকা লাখ লাখজোপা গছ চাৰিলেনযুক্ত আৰু দুইলেনযুক্ত পথ নির্মাণ আৰু উন্নয়নৰ নামত কাটি পেলোৱা হৈছে।গুৱাহাটীৰপৰা গোৱালপাৰালৈ সচেতন ৰাইজৰ প্রতিবাদকো কোনো গুৰুত্ব নিদি চাৰিলেনযুক্ত পথৰ বাবে ১৫০ কিলোমিটাৰ দীঘলীয়া পথছোৱাৰ কাষত থকা সেউজীয়া গছবোৰ কাটি পেলোৱা হ’ল। ধোদৰ আলিও বহলাই থকা হৈছে। ইয়াতো বহু পুৰণি গছ কাটি থকা হৈছে। অসম-অৰুণাচল প্রদেশৰ সীমাৰ সোঁমাজেদি যোৱা ৫৫১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োফালে থকা গছবোৰ নাকাটি কেৱল অসমৰ ভূমিৰ প্রায় আঢ়ৈশ ফুট ভিতৰলৈ আৰু তিনি কিলোমিটাৰ দৈর্ঘ্যৰ কেইবাশজোপা মূল্যবান গছ কাটিছে বুলি ইতিমধ্যে বাতৰি কাকতত প্রকাশ পাইছে। উন্নয়নৰ নামত গছ কাটি অসমখন ধ্বংস কৰিবলৈ উঠি পৰি নামিছে চৰকাৰে।
আনহাতে বাবা ৰামদেৱ, আদানি, বেদান্ত আদি কোম্পানীবোৰক কোনো এটা শব্দ নকৰাকৈ চৰকাৰী ভূমিত বৃহৎ উদ্যোগ গঢ়ি তুলিবলৈ অধিকাৰ প্ৰদান কৰি থকা হৈছে। অতি শেহতীয়াকৈ নৰকাসুৰ পাহাৰত জলাধাৰ নিৰ্মাণৰ নামত কাহিলীপাৰাত কেইবাজোপাও মূল্যবান গছ কাটি পেলোৱা হৈছে। নগাঁও জিলাৰ উৰিয়াগাঁৱৰ বাইপাছ চ’কত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ এটা ঠিকাদাৰী প্রতিষ্ঠানে ৩০ জোপা গছ কাটি পেলায়। ‘পাস্থতৰু ‘নামৰ প্রকৃতিপ্রেমী সংগঠন এটাই সেই স্থানত ৰোৱা নিমগছ, কৰে আৰু কৃষ্ণচূড়া আদিকে ধৰি ১২০ জোপা গছ ৰোপণ কৰিছিল। প্রকৃতিপ্রেমী, ‘অৰণ্য মানৱ’ খ্যাত যাদৱ পায়েঙৰ নামেৰে উদ্যানখন নামকৰণ কৰিছিল বুলি সুত্রত প্রকাশ পাইছিল। পথ নির্মাণ কোম্পানীয়ে পথৰ পথ বিভাজকৰ মাজত থকা ৩০ জোপা গছ কিয় কাটিলে, তাৰ কোনো উত্তৰ নাই। ডিব্ৰুগড় জিলাৰ মৰাণ-নাহৰকটীয়া দুইলেনযুক্ত ৰাজ্যিক পথটোত বাজ্য চৰকাৰৰ লোকনির্মাণ বিভাগে নির্মাণৰ নামত পুনৰ গছ কটা আৰম্ভ কৰিছে। যোৱা আঠ নৱেম্বৰৰপৰা অসমমালা আঁচনিৰ অধীনত নির্মাণ কৰিবলৈ লোৱা পথটোৰ কাষত থকা বহু মূল্যবান গছ কাটি পেলাইছে বুলি বাতৰি কাকতত প্রকাশ পাইছে। সৰোজিনী চাহ বাগিচাৰ মধ্যমস্থানৰপৰা পথৰ দাঁতিত থকা মহামূল্যবান গছবোৰো কাটি আছে। নাহৰকটীয়াৰপৰা মৰাণহাটলৈকে পথৰ কাষত থকা মূল্যৱান গছেৰে ভৰপুৰ অঞ্চলৰ গছ কাটি ইতিমধ্যে তহিলং কৰা হ’ল ।দল-সংগঠনৰ প্রতিবাদ আওকাণ কৰি গছ কটা বন্ধ হৈছিল যদিও পুনৰ কাটিবলৈ আৰম্ভ কৰিছে।
ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণত দাখিল কৰা শপতনামাত কয় যে কেন্দ্রীয় অনুমতি অবিহনে গেলেকী সংৰক্ষিত বনাঞ্চলৰ ২৮ হেক্টৰ বনভূমিত ৰাজ্য চৰকাৰে কমান্ডো বেটেলিয়ন শিবিৰ অবৈধভাবে নির্মাণ কৰিছে। আনহাতে, চৰাইদেউ জিলাৰ অসম- নগালেণ্ডৰ সীমাত অৱস্থিত অভয়পুৰ সংৰক্ষিত বনাঞ্চলৰ মাটিকালিৰ বহু হেক্টৰ নগাৰ অগ্রাসনৰ ফলত দ্রুতগতিত সংকুচিত হৈছে বুলি তথ্যত প্রকাশ পাইছে।
ভৰপুৰ সংৰক্ষিত বনাঞ্চলখন প্রায় বিশ কিলোমিটাৰ দৈর্ঘ্যৰ সীমা কাষৰীয়া নগালেণ্ড ৰাজ্যৰ মন জিলাৰ সৈতে সংলগ্ন হৈ আছে। দুয়োখন ৰাজ্যৰ বনদস্যু লগ হৈ ব্যাপক হাৰত বনধ্বংস চলাই আছে বুলি এটা সূত্রত প্রকাশ। এসময়ত অভয়াৰণ্যখনত বিভিন্ন প্রজাতিৰ নানা মূল্যবান গছ-গছনি যেনে-তিতাচপা, চেগুন, বনচোম নাহৰ, হোলোং, আজাৰ, শিমলু, গহৰা, উৰিয়াম আদিৰে ভৰপূৰ আছিল যদিও আজি গছবোৰ পাবলৈ নাই। একেদৰে উন্নয়নৰ নামত ধেমাজি জিলাৰ জোনাইৰ অন্তৰ্গত পৰা সংৰক্ষিত বর্ষাৰণ্যত বনধ্বংস কার্য তীব্র হৈ উঠিছে বুলি বাতৰি কাকতত প্রকাশ পাইছে। যোৱা বিধানসভা অধিবেশনত পৰিবেশ আৰু বনমন্ত্রীয়ে বিধানসভাৰ শূন্যকালৰ আলোচনাৰ এটা প্রশ্নৰ উত্তৰত কৈছিল যে পৰা সংৰক্ষিত বনাঞ্চল, কবু চাপৰি প্রস্তাবিত সংৰক্ষিত বনাঞ্চল আৰু নদী অঞ্চলৰ ২৫৭.২৯ বর্গ কিলোমিটাৰ অঞ্চলক সামৰি লোৱা পৰা সংৰক্ষিত বনাঞ্চলক বন্যপ্রাণী অভয়াৰণ্য হিচাপে গঢ়ি তোলা হ’ব।
উল্লেখযোগ্য যে পৰা সংৰক্ষিত বনাঞ্চল অসমৰ উত্তৰ- পূব অঞ্চলত অবস্থিত বন্যপ্রাণীৰে সমৃদ্ধিশালী জীব- বৈচিত্র্যৰে পৰিপূৰ্ণ বর্ষাৰণ্য। এই বর্ষা অৰণ্যখনত বিভিন্ন মহা মূল্যবান গছ চোৰাংকৈ কাটি আছে বুলি স্থানীয় বাসিন্দাসকলে অভিযোগ কৰি থাকে। ২০২৩ চনত অসম-মিজোৰাম সীমাত ৪৪ হেক্টৰ মাটিত অসম পুলিচৰ কমান্ডো বেটেলিয়ন স্থাপন কৰিবলৈ অনুমতি প্রদান কৰা হয়। এই অবৈধ অনুমতি প্রদান কৰা অসমৰ এজন প্রাক্তন বন সংৰক্ষক নেচনেল গ্রীন ট্রিবুনেলৰ ৰোষত পৰাৰ কথা সকলোৱে জানে। একে সময়তে উন্নয়নৰ নামত ধেমাজি জিলাৰ কোলাজান অঞ্চলৰ পৰা জোনাইলৈ যোৱা ৰাষ্ট্ৰীয় ঘাইপথৰ কাষে কাষে থকা বহু পুৰণি প্রকাণ্ড প্রকাণ্ড গছবোৰ পথ উন্নয়নৰ নামত কাটি পেলোৱাটো কিমান যুক্তিসঙ্গত হৈছে?
উল্লেখ্য যে অসমত নানা কাৰণত কোটি কোটি টকা মূল্যৰ গছ কাটি তহিলং কৰা হৈছে। সেইয়া চৰকাৰৰ উন্নয়নমূলক কামৰ বাবেই হওঁক নাইবা ব্যক্তিগত স্বাৰ্থতে হওঁক।অসমৰ বনাঞ্চল ধ্বংসকার্যত উচ্চ ন্যায়ালয়ৰ বাৰম্বাৰ কঠোৰ নির্দেশ দি থকা পিছতো কেন্দ্রীয় পৰিৱেশ মন্ত্রণালয়ৰ তথ্যত প্রকাশ পোৱা মতে অসমত ৩,১০০ বর্গকিলোমিটাৰ বনাঞ্চল বর্তমান ধ্বংস হৈছে। অসমৰ মাটিৰ মুঠ মাটি কালিৰ ৭৮,৪৩৮ বর্গকিলোমিটাৰৰ ভিতৰত ১৯৮৭ লৈকে আছিল ৩০,৭০৮ বর্গ কিলোমিটাৰ বনাঞ্চল আছিল।কিন্তু বিগত সময়ছোৱাত অতি ব্যাপকভাবে বনাঞ্চল ধ্বংস আৰু বেদখল হৈ বর্তমান আছেগৈ ২৬,৮৩২ বর্গকিলোমিটাৰ। অসমৰ মুঠ বনভূমিৰ ২২ শতাংশই বর্তমান বেদখল কৰা হৈছে। প্রকাশিত তথ্য অনুসৰি অসমৰ মুঠ ১৭ লাখ ৩৯,৩০১ হেক্টৰ বনভূমিৰ তিনি লাখ ৮৭,৮৮৫ হেক্টৰ বেদখল কৰা হৈছে।
অসমত দ্রুত গতিত বনাঞ্চল হ্রাস বা ধ্বংসৰ কাৰণ অবৈধভাবে গছ কটা, চোৰাংচোৱা, বন- মাটি মাফিয়া, অবৈধ শিলৰ কুৱেৰি ,অবৈধ কাঠফলা মিল, একাংশ দুর্নীতিগ্রস্ত বিষয়া-কর্মচাৰীৰ অবৈধ কাৰ্য্যকলাপ,জধে- মধে হোটেল, ৰিজর্ট, পুঁজিবাদৰ আগ্রাসন, চাৰিলেনযুক্ত পথ নির্মাণ, জনসংখ্যা বৃদ্ধি আৰু ক্ষুদ্র চাহবাগান , ৰবৰ খেতি আদিৰ বাবে ব্যাপকভাৱে বনাঞ্চল ধ্বংস কৰা হৈছে। বৰ্দ্ধিত জনসংখ্যাই বনাঞ্চল হ্রাসৰ অন্য এক কাৰক। চাহখেতি, প্লাইউড উদ্যোগ, কয়লা ক্ষন, বিভিন্ন বিকাশমূলক কাম- কাজৰ ফলত অসমৰ বৰ্ষাৰণ্য ঠাইবোৰলৈ বিপদ নামি আহিছে। তদুপৰি অসমৰ ৮৩২.৬৭ বর্গ কিলোমিটাৰ ভূমি চুবুৰীয়া ৰাজ্যই বেদখল কৰি আছে।
প্রকৃতিগতভাবে সৃষ্টি হোৱা এখন বনাঞ্চলত প্রকৃতিয়ে যি জৈৱ-বৈচিত্র্যৰ পৰিকাঠামোৰ সৃষ্টি কৰে তাক মানুহৰ দ্বাৰা কেতিয়াও সম্ভৱ নহয়। বন ধ্বংসৰ সৈতে মোকাবিলা আৰু লাঘৱ কৰাৰ প্ৰচেষ্টাসমূহ যেনে বহনক্ষম বন ব্যৱস্থাপনা, পুনৰ বনানীকৰণ আৰু বনানীকৰণ প্ৰকল্প, সংৰক্ষণৰ পদক্ষেপ, আৰু দায়িত্বশীল ভূমি ব্যৱহাৰৰ পদ্ধতিসমূহক প্ৰসাৰ কৰাৰ লগতে ব্যৱহাৰ কৰি অসমৰ বনাঞ্চল সংৰক্ষনত গুৰুত্ব দিব লাগিব। চৰকাৰৰ লগতে স্থানীয় ৰাইজ সচেতন হোৱাৰ সময় এইয়া। নহলে অসমে খুলি পেলাব লাগিব চিৰসেউজ আভৰণ।






