আমি নিজকে যিমানেই সভ্য বুলি নকওঁ কিয় মানৱ জাতিতকৈ স্বাৰ্থপৰ জীৱ পৃথিৱীত আন একো নাই৷ আমিবোৰে নিজৰ মাজতে টনা-আজোৰা কৰি পৰিৱেশৰ আন জীৱকুলৰ বাবে এক অসহ্যকৰ পৰিৱেশ ইতিমধ্যে গঢ়ি তুলিছো৷ নিজৰ ক্ষুদ্ৰ স্বাৰ্থৰ মোহগ্ৰস্ত হৈ দিনক-দিনে পাহৰি গৈ আছো যে এই পৃথিৱীত আমাৰ জীয়াই থকাৰ অধিকাৰ যিমান আছে সিমানেই আন জীৱৰো আছে৷ প্ৰাকৃতিক সম্পদৰাজিৰ ধ্বংসযজ্ঞ এইধৰণে চলি থাকিব লাগিলে সমগ্ৰ জীৱজগতৰ লগতে মানৱ সমাজৰ নিজৰো অস্তিত্ববিহীন হ’বলৈ বেছি বছৰ নালাগে৷ কিয়নো আন সামান্য প্ৰাণীৰ দৰেই মানৱ জীৱন প্ৰাকৃতিকভাৱে পৰিৱেশৰ ওপৰত নিৰ্ভৰশীল৷
অসমৰ সংৰক্ষিত বনাঞ্চল, ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্যৰ ব্যাপক অংশ বেদখলকাৰীৰ কৱলত পৰিছে। অসম চৰকাৰৰ পৰিৱেশ আৰু বন বিভাগৰ তথ্য অনুসৰিয়েই ৰাজ্যখনৰ ১২.৯২ লাখ হেক্টৰ সংৰক্ষিত বনাঞ্চলৰ ভূমিৰ তিনি লাখ হেক্টৰতকৈ অধিক বনভূমিত অব্যাহত আছে বেদখল। তথ্য মতে, ৰাজ্যৰ সংৰক্ষিত বনাঞ্চলসমূহৰ ৩,৭৩,৮৭৬.৯৫ হেক্টৰ ভূমি বেদখলকাৰীৰ কৱলত পৰিছে। আনহাতে সংৰক্ষিত বনাঞ্চলৰ উপৰি ৰাষ্ট্ৰীয় উদ্যানসমূহৰ ৩৯.৭ বর্গকিলোমিটাৰ আৰু বন্যপ্রাণী অভয়াৰণ্যসমূহৰ ১০১ বর্গ-কিলোমিটাৰ ভূখণ্ড বেদখলকাৰীৰ কৱলত পৰিছে। সংৰক্ষিত বনাঞ্চল, ৰাষ্ট্রীয় উদ্যান আৰু অভয়াৰণ্যৰ বেদখলকাৰীৰ অধীনলৈ যোৱা ভূখণ্ডৰ পৰিমাণ চাৰি লাখ হেক্টৰ ভূমিতকৈ অধিক হ’ব। পৰিৱেশ আৰু বন বিভাগৰ তথ্য অনুসৰি ৰাজ্যৰ সংৰক্ষিত বনাঞ্চলসমূহত থকা বেদখলকাৰী পৰিয়ালৰ সংখ্যা হৈছে ১,৯৪,০৬০টা। আনহাতে ৰাষ্ট্রীয় উদ্যান আৰু অভয়াৰণ্যত থকা বেদখলকাৰী পৰিয়ালৰ সংখ্যা ৪,৯৩৮টা। অর্থাৎ ৰাজ্যৰ বনভূমি হিচাপে চিহ্নিত এলেকাত থকা পৰিয়ালৰ সংখ্যা ১,৯৮,৯৯৮টা। এই লক্ষাধিক পৰিয়ালৰ বাসভূমিলৈ পৰিবর্তিত হোৱাৰ ফলত একালৰ বনাবৃত অঞ্চলসমূহ সম্প্রতি জনাঞ্চললৈ পৰিণত হৈছে।
আনকি যিবোৰ অঞ্চল বন্যপ্রাণীৰ বাবে অতিকে সুৰক্ষিত স্থান হ’ব লাগিছিল সেই স্থানবোৰত সম্প্রতি বাঢ়ি আহিছে বাসগৃহ, বজাৰ, ধর্মীয় অনুষ্ঠান আদি। ইফালে বনাঞ্চলসমূহ বেদখলমুক্ত কৰাটো ৰাজ্যৰ পৰিৱেশতন্ত্র তথা জৈৱ-বৈচিত্র্য সংলক্ষণৰ স্বার্থত অতিকে প্রয়োজনীয় বুলি মন্তব্য কবি বিগত দিনত উচ্চতম ন্যায়ালয়েই ৰাজ্য চৰকাৰসমূহক এই ক্ষেত্রত কঠোৰ হ’বলৈ নির্দেশনা জাৰি কৰিছে। কেৱল এয়াই নহয়, আমচাং অভয়াৰণ্যৰ দৰে অঞ্চলতো চৰকাৰক উচ্ছেদ চলাবলৈ নির্দেশনা দিছিল উচ্চ ন্যায়ালয়ে। এই নির্দেশনাৰ পাছত বর্তমান বিজেপি নেতৃত্বাধীন মিত্রজোট চৰকাৰে বনাঞ্চলত উচ্ছেদ অভিযান মাজে-সময়ে চলাই আহিছে। চৰকাৰী নথিত বনাঞ্চলসমূহত লক্ষাধিক পৰিয়ালে বেদখল কৰা আৰু তিনি লক্ষাধিক হেক্টৰ বনভূমিত বেদখল অব্যাহত থকাৰ কথা উল্লেখ আছে। বেদখলমুক্ত কৰিবলৈ বন বিভাগে কার্যব্যৱস্থা হাতত ল’বলৈ গৈ সমান্তৰালকৈ বেদখলকাৰীক বনাঞ্চলৰ ভূখণ্ড ত্যাগ কৰিবলৈ বন বিভাগৰ তৰফৰ পবা বিগত সময়ত কঠোৰভাবে জাননী জাৰি কৰি আহিছে। ইতিমধ্যে পশ্চিম কামৰূপ, উত্তৰ কামৰূপ, পূব কামৰূপ, গোৱালপাৰা, দক্ষিণ নগাঁও, ডিগবৈ, ডুমডুমা, নগী ও বন্যপ্রাণী সংমণ্ডল, গুৱাহাটী বন্যপ্রাণী সংমণ্ডল, ওৰাং আৰু মানস ব্যাঘ্র প্রকল্প, কাজিৰঙা আদি বন সংমণ্ডল আৰু অঞ্চলত চৰকাৰে উচ্ছেদ অভিযান চলাইছে। বিজেপি নেতৃত্বাধীন চৰকাৰ হোৱাৰ পৰা ৰাণী, গড়ভঙা, শিংৰা, তিলভূমি, পাথেৰিয়া, দুহালিয়া, চিলা, ৰাক্ষসিনী, অজগৰ, লামডিং, নামফাই, নলনি, ছান্দবডিঙা, ইনাৰলাইন, আমচাং, লাওখোৱা, বুঢ়াচাপৰি, মানস, ওৰাং ৰাষ্ট্রীয় উদ্যান, চক্রশিলা অভয়াৰণ্য আদিত ভিন্ন সময়ত উচ্ছেদ অভিযান চলাইছিল চৰকাৰে, যদিও সম্পূর্ণৰূপে বেদখলমুক্ত কৰিবলৈ সক্ষম হোৱা নাই। ৰাজ্য চৰকাৰৰ তথ্য অনুসৰি, মানস ৰাষ্ট্রীয় উদ্যান আৰু ব্যাঘ্র সংৰক্ষিত বনাঞ্চলৰ ৩,৭৪০ হেক্টৰ মাটি, ডিক্র ছৈখোৱা ৰাষ্ট্রীয় উদ্যানৰ ৬৮২.৯৪ হেক্টৰ মাটি, নামেৰী ৰাষ্ট্রীয় উদ্যানত ৫০০ হেক্টৰ মাটি, বৰনদী বন্যপ্রাণী অভয়াৰণ্যত ৪০০ হেক্টৰ মাটি , বৰাইল বন্যপ্রাণী সংকট অভয়াৰণ্য ৯৬৪ হেক্টৰ মাটি, বৰাইল অভয়াৰণ্যৰ ১,৫০০ হেক্টৰ মাটি, সোণাই ৰূপাই বন্যপ্রাণী অভয়াৰণ্যৰ ৮,৫০০ হেক্টৰ মাটি, ভেৰজান-বৰাজন-পাডুমণি অভয়াৰণ্যৰ ১২১.৭৩ হেক্টৰ মাটি, আমচাং অভয়াৰণ্যৰ ২৭০ হেক্টৰ ভূমি, চক্রচিলা অভয়াৰণ্যৰ ১০.৫ হেক্টৰ মাটি, লাওখোৱা অভয়াৰণ্যৰ ১৩৪.৭৬ হেক্টৰ মাটি, বুঢ়াচাপৰি অভয়াৰণ্যৰ ১২১ হেক্টৰ মাটি বেদখল হৈ আছে।
আনহাতে, ৰাষ্ট্রীয় সেউজ ন্যায়াধীকৰনে অসমৰ বনাঞ্চল বেদখল সম্পর্কীয় এক শুনানিত উল্লেখ কৰিছে যে কেৱল অসমতে ৩,৪০৭.৪৮ বর্গকিলোমিটাৰ (ৰাজ্যৰ ভৌগোলিক এলেকাৰ ১২.৬৯ শতাংশ) বনাঞ্চলৰ ভূমি বেদখল হৈছে। ভাৰতৰ মুঠ বেদখল হৈ থকা বনাঞ্চলৰ ভূমিৰ এয়া ৪৫ শতাংশ।
উল্লেখ্য যে ভাৰতৰ মুঠ ৭,৭৫,২৮৮ বর্গকিলোমিটাৰ বনাঞ্চলৰ ভিতৰত ৭,৫০,৬৩৩ হেক্টৰ অর্থাৎ ৭,৫০৬.৩৩ কাকিলোমিটাৰ বনাঞ্চল বেদখল হৈ আছে আৰু ইয়াৰে ৩,৪০৭.৪৮ বর্গকিলোমিটাৰ অসমৰ। ৰাজ্যৰ সংৰক্ষিত বনাঞ্চলসমূহত থকা বেদখলকাৰী পৰিয়ালৰ সংখ্যা দিনক দিনে বৃদ্ধি পাই আহিছে, জৈৱ বৈচিত্ৰ্যৰ প্ৰতি অশনি সংকেত কঢ়িয়াই আনিছে।
চিন্তনীয় কথা এয়াই যে বনভূমি বেদখলেৰে কেবল যে মানুহে বাসস্থান গঢ়ি তুলিছে এনে নহয়, বনাঞ্চলৰ মাটিত, একালৰ বন্যপ্রাণীৰ বাসভূমিত একপ্রকাৰ সন্ত্রাস চলাই মানুহে গঢ়িছে। চাহ বাগিচা, হোটেল, হাট-বজাৰ, কাৰখানা, ৰেষ্টুৰেন্ট, ৰিজৰ্টকে ধৰি মানুহৰ অত্যাধুনিক মনোৰঞ্জনৰ খোৰাক দিয়া বিলাসী আস্থান। আনকি বনাঞ্চলৰ মাটিৰ পৰা বন্যপ্রাণীক খেদি অবৈধভাৱে সংগ্রহ কৰিছে। আনকি বনাঞ্চলৰ প্ৰাণীক খেদি তেল, কয়লা, মূল্যবান কাঠ আদিৰ বেহা আৰম্ভ কৰিছে। এনে কার্যই পৰিৱেশতন্ত্র-জৈৱ-বৈচিত্র্যক ধ্বংসৰ দিশে ঠেলি দিছে নির্বিবাদে। বন্যপ্রাণীৰ বিচৰণ ভূমি সংকুচিত কৰিছে। উন্নয়নৰ নামৰ যি ধৰণে অৰণ্যৰ ধ্বংস যজ্ঞ চলি আছে সেয়াও আমাৰ জীৱ বৈচিত্ৰৰ ওপৰত বিৰূপ প্ৰভাৱ পেলাইছে। উদাহৰণ স্বৰূপে অলপতে হলৌ গিবন বসবাস কৰা অৰণ্য Vedanta গ্ৰুপ দিয়াৰ ফলত হলৌ গিবনৰ অস্তিত্বৰ ওপৰত প্ৰশ্ন আহি পৰিছে।
কোৱা বাহুল্য যে ৰাজ্যৰ বিভিন্ন প্রান্তৰ বানপানী, গৰাখহনীয়াত ঘৰ-বাৰী হেৰুওৱা একাংশ লোকে বিভিন্ন বনাঞ্চল বা পাহাৰ এলেকাত আশ্রয় লৈ আছে। আনহাতে একাংশ জনজাতীয় লোক ৰাজ্যৰ বিভিন্ন সংৰক্ষিত বনাঞ্চলৰ ভিতৰত আছে। আনহাতে এচাম লোকক বনাঞ্চলৰ ভূমিত থাকিবলৈ উদগনি দি আহিছে একাংশ ৰাজনৈতিক নেতাই। ‘ভোট বেংক’ ৰ স্বার্থত একাংশ ৰাজনৈতিক নেতাই বনাঞ্চলৰ মাটিত বেদখলকাৰীক পাবে আৰু বেদখলকাৰীৰ ওচৰত পৃষ্ঠপোষকতা কৰা বা বিভিন্ন উপায়েৰে চৰকাৰী সা-সুবিধা প্রদান কৰাৰ বাবেও সম্প্রতি ৰাজ্যৰ বনাঞ্চলৰ দ্রুত হ্রাস হৈ আহিছে।
ৰাজ্যৰ পৰিৱেশতন্ত্র আৰু জৈৱ- বৈচিত্র্য সংৰক্ষণৰ স্বার্থত বনাঞ্চলসমূহত বেদখল কার্যত চৰকাৰে পূর্বৰে পৰা বাধা নিদি পৰোক্ষভাৱে বেদখলক উদগনি দি আহিছে। ফলত বন্যপ্রাণীৰ সমান্তৰালকৈ সংকটৰ দিশে গতি কৰিছে ৰাজ্যৰ পৰিৱেশ তন্ত্র-জৈৱ-বৈচিত্র্যই। মানুহৰ লগতে বন্যপ্ৰাণী, জলচৰ প্ৰাণী আৰু উদ্ভিদকো সুৰক্ষা দিব পাৰিলেহে সুৰক্ষিত হ’ব জীৱ-বৈচিত্ৰ্য৷ বন্যপ্ৰাণী, বনাঞ্চল অবিহনে মানুহৰ অস্তিত্বৰ কথাও ভাবিব নোৱাৰি৷ পৰিৱেশৰ ভাৰসাম্য বজাই ৰাখিব পাৰিলেহে মানুহৰ লগতে আন জীৱকুল বৰ্তি থকাটো সম্ভৱ হ’ব৷ পৰিৱেশৰ ভাৰসাম্যতা বজাই ৰাখিব পাৰিলেহে প্ৰকৃতি জীয়াই থাকিব।






