Skip to content

প্ৰহসনত পৰিণত ৰাজ্যৰ বিদ্যুৎ বিতৰণ খণ্ড উন্নীতকৰণৰ কেন্দ্ৰীয় আঁচনিৰ

Dr Netraranjan
December 21, 20241 second read
Electricity Distribution in Assam

স্মার্ট মিটাৰৰে সাধাৰণ গ্রাহকক কেঁকোৰা চেপা আৰু মাহেকৰ মুৰে মুৰে বিদ্যুতৰ মাচুলৰ বৰ্দ্ধিত বোজা জাপি দিয়া ৰাজ্য চৰকাৰখনে ৰাজ্যৰ বিদ্যুৎ খণ্ডৰ সংস্কাৰৰ ঢাক- ঢোল বজোৱাৰ সময়তে বিদ্যুৎ বিতৰণ খণ্ডৰ উন্নয়ন আৰু পুনর্গঠনৰ বাবে থকা এখন কেন্দ্রীয় অভিলাষী আঁচনি অসমত ৰূপায়ণৰ পয়া লগা ৰূপ পোহৰলৈ আহিছে। পুনর্গঠিত বিতৰণ খণ্ড আঁচনি (আৰ ডি এছ এছ) নামেৰে ২০২১ চনৰ জুলাইত দেশজুৰি ৰূপায়ণ আৰম্ভ কৰা পাঁচ বছৰীয়া কেন্দ্রীয় আঁচনিখনৰ ম্যাদ ২০২৬ৰ মাৰ্চত অন্ত পৰিব। আঁচনিখনৰ ৰূপায়ণ আৰম্ভ হোৱাৰ প্ৰায় চাৰে তিনি বছৰৰ পাছতো অসমত এই আঁচনিৰ অগ্রগতি অতি শামুকীয়া পর্যায়তে আছে। বিদ্যুৎ সংযোগ নথকা গ্রামাঞ্চলৰ পৰিয়ালৰ গৃহত বিদ্যুৎ সংযোগ দিয়াৰ অর্থে ইতিমধ্যে ৰূপায়ণ কৰা প্রধানমন্ত্রী সহজ বিজুলী হৰ ঘৰ যোজনা, চমুকৈ সৌভাগ্য আৰু দীনদয়াল উপাধ্যায় গ্রাম্য জ্যোতি যোজনা (ভি ডি ইউ জি জে বাই) ৰপৰাও বাদ পৰি যোৱা পৰিয়ালৰ ঘৰত গ্ৰাম্য বিদ্যুৎ বিতৰণ ব্যৱস্থাৰ উন্নীতকৰণৰ জৰিয়তে বিদ্যুৎ সংযোগ দিয়াৰ উদ্দেশ্যে আৰম্ভ কৰা এই আঁচনিৰ অধীনত অসমত যোৱা চাৰে তিনি বছৰে এঘৰতো বিদ্যুৎ সংযোগ লাভ কৰা নাই। অসমত ১ লাখ ২৭ হেজাৰ ১১১ ঘৰ লোকক এই আঁচনিৰে সামৰাৰ লক্ষ্য নিৰ্দ্ধাৰণ কৰা হৈছিল। ইয়াৰ বাবে ৭০৬.৯৯ কোটি টকাৰ মুঠ বাজেটত অনুমোদন জনোৱা হৈছিল। এই আঁচনিৰ অধীনত যোৱা ২১ নৱেম্বৰ পর্যন্ত অসমত এটা পৰিয়ালৰ ঘৰতো বিদ্যুৎ সংযোগ দিয়া হোৱা নাই। কেন্দ্রীয় শক্তি বিভাগে লোকসভাত অলপতে দাখিল কৰা উত্তৰত এই কথা প্রকাশ পাইছে। মন্ত্রণালয়ৰ তথ্য অনুসৰি অসমত ‘সৌভাগ্য’ আৰু ‘দীনদয়াল উপাধ্যায় গ্রাম্য জ্যোতি যোজনা’ৰ অধীনত সৰ্বমুঠ ২৩ লাখ ২৬ হেজাৰ ৬৫৬ ঘৰ লোকক বিদ্যুৎ সংযোগ দিয়া হৈছে।চাৰে তিনি বছৰত ১.২৭ লক্ষাধিক পৰিয়ালৰ এঘৰতো নজ্বলিল লাইট। এইয়া শক্তি বিভাগৰ চৰম ব্যৰ্থতা নহয়নে?

বিদ্যুৎ সংযোগ নথকা অঞ্চলত আৰু গ্রাম্য পৰিয়ালক বিদ্যুৎ সংযোগ দিয়াৰ উদ্দেশ্যে ৰাজ্যৰ শক্তি বিভাগ তথা বিদ্যুৎ বিতৰণ কোম্পানীসমূহৰ বিত্তীয় স্থিৰতা নিশ্চিত কৰা আৰু বিতৰণ আন্তঃগাঁথনিৰ পুনৰুজ্জীৱিতকৰণৰ মূল উদ্দেশ্য আগত ৰাখি আৰ ডি এছ এছ আঁচনিখন আৰম্ভ কৰা হৈছে। স্মার্ট মিটাৰ সংযোগ, বিদ্যুৎ উৎপাদনকাৰী কোম্পানীসমূহক সময় মতে ধন আদায়, ইন্ধন আৰু শক্তি ক্ৰয়ৰ ব্যয় জোৰা মৰা (এফ পি পি চি এ) ব্যৱস্থাৰ প্ৰৱৰ্তন, প্রি-পেইড মিটাৰৰ বিপৰীতে আর্থিক সাহায্য (বিতৰণ কোম্পানীক) প্রদান আদি এই আঁচনিখনৰ অন্য কেইটামান উপাদান। উল্লেখ্য যে ইন্ধন আৰু শক্তি ক্ৰয়ৰ ব্যয়ৰ জোৰা মৰা নীতিৰ সুবিধা লৈয়েই অসম বিদ্যুৎ বিতৰণ নিগম লিমিটেডে সময়ে সময়ে ৰাজ্যত বিদ্যুতৰ মাচুল বৃদ্ধি কৰে। আৰ ডি এছ এছ মতে, এই ব্যৱস্থা আৰু স্মার্ট মিটাৰৰ সুবিধা শক্তি বিভাগে গ্রহণ কৰিছে, কিন্তু বিগত চাৰে তিনি বছৰে ৰাজ্যৰ নিৰ্দ্ধাৰিত বিতৰণ আন্তঃগাঁথনিৰ উন্নয়ন হোৱা নাই। ২০২৬ চনৰ মাৰ্চত অন্ত পৰিব লগা এই আঁচনিখনৰ অধীনত কৰিবলগা অন্যান্য কামসমূহৰ ৩০ৰপৰা ৭০ শতাংশহে সম্পূর্ণ হৈছে। এ পি ডি চি এলৰ নাম প্রকাশত অনিচ্ছুক সূত্ৰৰপৰা জানিব পৰা মতে, আৰ ডি এছ এছৰ অধীনত প্রথম পর্যায়ত ১১টা ৩৩/১১ কিলোভল্ট বিদ্যুৎ উপকেন্দ্ৰৰ নিৰ্মাণ সম্পূর্ণ হৈছে। দ্বিতীয় পৰ্যায়ৰ প্রায় ৫৫টাৰ কামৰ ৭০ শতাংশ অগ্রগতি আৰু তৃতীয় পৰ্যায়ৰ ২৮টাৰ কামৰ প্রায় ৬০ শতাংশ অগ্রগতি লাভ কৰা হৈছে। দ্বিতীয় পৰ্যায়ৰ উপকেন্দ্ৰকেইটাৰ নিৰ্মাণ ২০২৫ৰ জানুৱাৰীত আৰু তৃতীয় পর্যায়কেইটাৰ কাম জুলাইত সম্পূর্ণ হোৱাৰ লক্ষ্য স্থিৰ কৰা হৈছিল। একেদৰে আৰ ডি এছ এছৰ অধীনত স্মার্ট মিটাৰ স্থাপনৰ কাম প্রায় ৪৫ শতাংশ আৰু বিতৰণ ট্রেন্সফৰ্মাৰ মিটাৰ স্থাপনৰ কাম প্রায় ৪০ শতাংশহে সম্পূৰ্ণ হৈছে। সূত্ৰটোৰ মতে, এই অগ্ৰগতিৰ প্ৰতি লক্ষ্য ৰাখি অসমত আঁচনিখনৰ ৰূপায়ণ নিৰ্দ্ধাৰিত সময়ত সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা কম।

Dr Netraranjan

Dr. Netraranjan, the Editor-in- Chief of Janagana Barta is an alumni of JNU and over two decades experience in MNCs at Senior Leadership position. A doctorate in management, his key area of interest is Strategic Political Affairs, Consultancy and Research & Analysis.

Related Articles

Facebook Posts
This message is only visible to admins.
Problem displaying Facebook posts. Backup cache in use.
Click to show error
Error: Error validating access token: The session has been invalidated because the user changed their password or Facebook has changed the session for security reasons. Type: OAuthException
Most Discussed
Back To Top