Skip to content

ৰাজ্যৰ উদ্যোগ খণ্ডৰ মৃত্যুঘণ্টা

Dr Netraranjan
December 28, 20241 second read
Decline of Industry Sector

দেশত বৃদ্ধি পাইছে অৰ্থনৈতিক অস্থিৰতা। দেশৰ ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগৰ অৱস্থা দিনক দিনে অৱদমিত হৈ আহিছে। প্রতিদিনেই দেউলীয়া কোম্পানীৰ সংখ্যা বৃদ্ধি পাইছে। কেন্দ্রীয় চৰকাৰে প্রকাশ কৰা তথ্য অনুসৰি দেশৰ বিগত ৬ বছৰত ৪০ হাজাৰটা কোম্পানী দেউলীয়া। অর্থাৎ, প্রতিদিনে দেশত দেউলীয়া হৈছে গঢ়ে ১৭ টাকে কোম্পানী। আনহাতে বিজেপি চৰকাৰৰ চাৰিটা বছৰত ৰাজ্যৰ বন্ধ হৈছে ১০৯ টাকে ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ। সংসদৰ অধিৱেশনত শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে প্ৰকাশ কৰা মতে ২০১৮ চনৰ এপ্ৰিল মাহৰ ২০২৪ চনৰ ছেপ্তেম্বৰ মাহলৈকে দেশৰ ৪০,৯৪৩ টা কোম্পানীয়ে দেউলীয়া ঘোষণা কৰিছে। কৰ্প’ৰেট মন্ত্ৰণালয়ৰ তথ্য অনুসৰি ২০১৮ চনৰ মার্চলৈকে ৯২৪৩ টা কোম্পানী দেউলীয়া হৈছিল। ২০১৯ চনৰ এপ্ৰিলৰ পৰা ২০২০ চনৰ মাৰ্চলৈ এই সংখ্যা বৃদ্ধি পাই হয়গৈ ১২,৩৭৩টা। ইফালে, কৰ’না মহামাৰীৰ সময়ত ২০২০ চনৰ এপ্রিলৰ পৰা ২০২১ চনৰ মার্চ মাহলৈ ভিতৰত ৩,৩৯২টা কোম্পানী দেউলীয়া হোৱাৰ বিপৰীতে ২০২১ চনৰ এপ্রিলৰ পৰা ২০২২ চনৰ মাৰ্চলৈকে ৪৮৫৫টা, ২০২২ চনত এপ্রিলৰ পৰা ২০২৩ চনৰ মার্চলৈকে ৪,৭৩০টা আৰু ২০২৩ চনৰ এপ্রিলৰ পৰা ২০২৪  চনৰ মাৰ্চলৈকে ৪০১৪টা কোম্পানী দেউলীয়া হৈছে। ২০১৯ চনৰ পৰা ২০২৪ চনৰ মাৰ্চ মাহলৈকে অৰ্থাৎ নৰেন্দ্ৰ মোদীৰ দ্বিতীয়টো শাসন কালত ২৯,৩৬৪ টা কোম্পানী দেউলীয়া হৈছে। এই সময়ছোৱাতে দেউলীয়া হোৱা ৩৩৯৬ টা কোম্পানীৰ পৰা ৩ লাখ ৭৪ হাজাৰ কোটিতকৈও অধিক ধন আদায় কৰা হৈছে। এই গোটেই সময়ছোৱাত অসমৰ উদ্যোগ খণ্ড এক ভয়াৱহ স্থিতিত আছে। এটাৰ পাহত এটাকে প্রতিষ্ঠান বন্ধ হব ধৰিছে। হাজাৰ হাজাৰ লোকৰ সংস্থাপনৰ বাট মুকলি কৰা ৰাজ্যৰ অন্যতম গুৰু উদ্যোগ, নগাঁও আৰু কাছাৰ কাগজকল, যোগীঘোপাৰ অশোক কাগজ কল, বৰুৱা বামুণগাৱৰ চেনি কল বন্ধ হোৱাৰ পাছত ২০২০ চনৰ জুলাই মাহৰ পৰা বিগত নৱেম্বৰ পৰ্যন্ত অসমত চিৰদিনলৈ তলা হে উলমি ৰ’ল ১০৯ টা সৰু আৰু মজলীয়া উদ্যোগৰ। এনে পৰিস্থিতিত ৰাজ্যৰ হাজাৰ হাজাৰ যুৱক-যুৱতী কৰ্মসংস্থাপনহীন হৈ পৰিছে।

অসমত বন্ধ হোৱা এই উদ্যোগসমূহ কেন্দ্ৰীয় চৰকাৰৰ উদ্যম আঁচনিৰ অৰ্থ সাহাৰ্য্যৰে স্থাপন কৰা হৈছিল। সর্বাধিক ৫ কোটি টকা ঋন প্ৰদান কৰা হৈছিল উদ্যোগীসকলক। মোদী চৰকাৰৰ আত্মনিৰ্ভৰ ভাৰত অভিযানৰ অধীনত স্থাপন কৰা উদ্যোগসমূহলৈ ক’ ৰণা মহামাৰীৰ পাছতেই কাল অমানিশা নামি আহিছিল। কিন্তু এই উদ্যোগসমূহৰ জীৱন ৰক্ষাৰ ক্ষেত্রত ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে কোনো পদক্ষেপ গ্রহন নকৰিলে। যাৰ বাবে আজি এনে শোচনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে। চৰকাৰৰ প্ৰয়োজনীয় সহায় সহযোগিতাৰ অভাৱতে অকাল মৃত্যু হ’ল অসমৰ সম্ভাৱনাপূৰ্ণ এম এছ এম ই উদ্যোগকেইটা৷ যিসময়ত ৩৩ লাখ পঞ্জীয়নভুক্ত নিবনুৱাই চাকৰি বিচাৰি হাহাকাৰ কৰিবলগীয়া হোৱাত এনে উদ্যোগ কাৰখানাসমূহে নিয়োগৰ বাট মুকলি কৰিছে, ঠিক তেনে সময়তে ঋণ তথা চৰকাৰী ৰাজ সাহায্যৰে নিৰ্মাণ হোৱা এটাৰ পাছত এটা উদ্যোগৰ মৃত্যু ঘণ্টা বাজিছে৷ নিয়োগ সৃষ্টিত অৰিহণা যোগোৱা তথা নিবনুৱা সমস্যা ৰোধ কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা শতাধিক এম এছ এম ই উদ্যোগ বন্ধ হৈ পৰাত বৃহৎ সংখ্যক নিবনুৱাৰ জীৱন জীৱিকালৈ সংশয় নামি আছিল৷ কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ দপ্তৰৰ মন্ত্ৰী পীয়ূষ গোৱেলে লোকসভাৰ প্ৰশ্নত এটা উত্তৰত দিয়া তথ্য অনুসৰি কেন্দ্ৰীয় চৰকাৰৰ উদ্যম আঁচনিৰ অৰ্থ সাহায্যৰে স্থাপন কৰা হৈছিল এই সমূহ উদ্যোগ৷ সৰ্বাধিক ৫ কোটি টকা ঋণ প্ৰদান কৰা হৈছিল উদ্যোগীসকলক৷ কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰণালয়ে প্ৰকাশ কৰা মতে বিগত ৪ বছৰত দেশত ৬১,৪৬৯ টা এম এছ এম ই উদ্যোগ বন্ধ হৈ পৰিছে৷

মন কৰিবলগীয়া কথা যে অসমত চানি বছবত ১০৯ টা সৰু আৰু মজলীয়া উদ্যোগ বন্ধ হৈছে যদিও এই সময়চোৱাত চুবুৰীয়া মেঘালয়ত মাত্র ৩টা উদ্যোগ, মিজোৰামত ২৬টা উদ্যোগ আৰু নগালেণ্ডত ২৫টা উদ্যোগহে বন্ধ হৈছে। যুবক-যুবতীসকলে উৎপাদন কৰা সামগ্ৰীৰ বাবে উচিত বজাৰৰ কোনো ব্যবস্থা গ্রহণ কৰা নাই। যাৰ ফলত আন উদ্যোগৰ দৰেই অসমত ভবিষ্যতে বহু উদ্যোগ লাউলোৱা হোৱাৰ সম্ভাৱনা প্রকট হৈ পৰিছে। উন্নয়নশীল দেশত ই এক চিন্তনীয় বিষয়।

Dr Netraranjan

Dr. Netraranjan, the Editor-in- Chief of Janagana Barta is an alumni of JNU and over two decades experience in MNCs at Senior Leadership position. A doctorate in management, his key area of interest is Strategic Political Affairs, Consultancy and Research & Analysis.

Related Articles

Facebook Posts
This message is only visible to admins.
Problem displaying Facebook posts. Backup cache in use.
Click to show error
Error: Error validating access token: The session has been invalidated because the user changed their password or Facebook has changed the session for security reasons. Type: OAuthException
Most Discussed
Back To Top