কেলেণ্ডাৰৰ ইতিহাস বহু পুৰণি। তাহানিৰে পৰা চলি আহিছে কেলেণ্ডাৰ। কেলেণ্ডাৰ হৈছে সময়চক্ৰৰ হিচাব ৰখাৰ বাবে ব্যৱহৃত এক পদ্ধতি। এনে পদ্ধতিত সময়ক সাধাৰণতে দিন, সপ্তাহ , মাহ আৰু বছৰত ভাগ কৰা হয়। প্ৰতিতো দিনক দিয়া নামক তাৰিখ বুলি জনা যায়। সাধাৰণতে সূৰ্য বা চন্দ্ৰৰ পৰিভ্ৰমণ কালৰ লগত সংগতি ৰাখি কেলেণ্ডাৰত সময়ৰ হিচাপ কৰা হয় (মাহ, বছৰ আদি), অৱশ্যে সেইটো চব কেলেণ্ডাৰতে মানি চলা নহ’বও পাৰে। বিভিন্ন সভ্যতা আৰু সমাজে নিজাকৈ সাজি লোৱা কেলেণ্ডাৰ ব্যৱহাৰ কৰে। প্ৰত্নতত্ত্ববিদসকলে সময় নিৰ্ধাৰণৰ পদ্ধতিসমূহ পুনৰ নিৰ্মাণ কৰিছে যিবোৰ প্ৰাগঐতিহাসিক যুগৰ পৰাই অন্ততঃ নৱপ্ৰস্তৰ যুগৰ দৰেই পুৰণি। বেছিভাগ ঐতিহাসিক সমাজে ব্যৱহাৰ কৰা সময় নিৰ্ধাৰণৰ বাবে প্ৰাকৃতিক এককসমূহ হ’ল দিন, সৌৰ বছৰ আৰু চন্দ্ৰকাল। কেলেণ্ডাৰ হৈছে সময় নিৰ্ধাৰণৰ বাবে ব্যৱহাৰ কৰা স্পষ্ট আঁচনি। ২০০০ খ্ৰীষ্টাব্দত অষ্ট্ৰেলিয়াৰ ভিক্টোৰিয়াত ৱুৰ্ডি ইউয়াঙৰ শিলৰ ব্যৱস্থা ১১,০০০ বছৰতকৈও অধিক পুৰণি হ’ব পাৰে। ২০১৩ চনত পুৰাতত্ত্ববিদসকলে এবাৰডিনশ্বাৰৰ ৱাৰেন ফিল্ডত ১০,০০০ বছৰ পুৰণি কেলেণ্ডাৰ ব্যৱস্থাৰ প্ৰাচীন প্ৰমাণ উদ্ধাৰ কৰে। এই কেলেণ্ডাৰটোৱেই হৈছে পৰৱৰ্তী আটাইতকৈ প্ৰাচীন, বা “প্ৰথম স্কটিছ কেলেণ্ডাৰ”। ইয়াৰ পিছত চুমেৰিয়ান কেলেণ্ডাৰ আছিল আৰু তাৰ পিছত মিচৰীয়, অচূৰ আৰু ইলামাইট কেলেণ্ডাৰ আছিল। কেলেণ্ডাৰৰ ইতিহাস প্ৰাগঐতিহাসিক যুগৰ পৰাই অনুসন্ধান কৰিব পাৰি, প্ৰথম লিপিবদ্ধ কেলেণ্ডাৰ ব্ৰঞ্জ যুগৰ। চন্দ্ৰৰ পৰ্যায় আৰু ঋতুৰ দৰে প্ৰাকৃতিক পৰিঘটনা ব্যৱহাৰ কৰি সময়ৰ হিচাপ ৰাখিবলৈ কেলেণ্ডাৰ প্ৰস্তুত কৰা হৈছিল।
প্ৰাচীন কালৰ কেলেণ্ডাৰসমূহ সাধাৰণতে লুনিছ’লাৰ আছিল, সৌৰ আৰু চন্দ্ৰ বছৰসমূহক একাকাৰ কৰিবলৈ আন্তঃকেলেৰী মাহৰ প্ৰৱৰ্তনৰ ওপৰত নিৰ্ভৰশীল। এইটো বেছিভাগেই পৰ্যবেক্ষণৰ ওপৰত ভিত্তি কৰি কৰা হৈছিল, কিন্তু ইন্টাৰকেলেচনৰ আৰ্হিটোক এলগৰিদমিকভাৱে আৰ্হিত ৰূপ দিয়াৰ প্ৰাৰম্ভিক প্ৰচেষ্টা কৰা হ’ব পাৰে, যিটো দ্বিতীয় শতিকাৰ খণ্ডিত কলিগনি কেলেণ্ডাৰত প্ৰমাণিত হৈছে। তথাপিও ৰোমান কেলেণ্ডাৰত ইট্ৰুস্কানৰ পূৰ্বৰ ১০ মাহৰ সৌৰ বছৰৰ অতি প্ৰাচীন অৱশিষ্ট আছিল।
ভাৰতবৰ্ষত যজুর্বেদ ৰচনা কালৰে পৰাই আৰম্ভ হৈছিল সময়ৰ গণনা। সেই সময়ৰ ‘বেদাংগ জ্যোতি’ নামৰ গ্ৰন্থ এখনত উল্লেখ আছিল যে মাহ গণনা কৰা হৈছিল পূর্ণিমাৰ হিচাপত আৰু বছৰ গণনা কৰা হৈছিল সূৰ্য্যৰ উত্তৰায়ণ- দক্ষিণায়ণৰ ওপৰত ভিত্তি কৰি। পাছলৈ ভাৰতবৰ্ষত বৰাহ-মিহিৰ, আৰ্য্যভট্ট আদি জ্যোতির্বিদে বাৰ, দিন, মাহ, বছৰ আদি ধাৰণাৰ প্ৰচলন কৰিছিল। অন্যান্য দেশত পূৰণিকালত কেলেণ্ডাৰ প্ৰস্তুতকৰ্তাসকলে ভৌগোলিক অৱস্থিতি অনুসৰিহে কেলেণ্ডাৰ প্ৰস্তুত কৰা দেখা গৈছিল। ঋতু পৰিৱৰ্তনৰ সৈতে ৰজিতা খুৱাই কৰা হৈছিল বছৰৰ ধাৰণা। গ্রীষ্মপ্রধান দেশবোৰত যিহেতু ঋতুৰ পৰিৱৰ্তনৰ সৈতে মিলাই বছৰৰ ধাৰণা লোৱাটো নিতান্তই কঠিন আছিল, সেয়ে তেনে দেশত সময় গণনাৰ নিৰ্দিষ্ট উপায় আছিল চন্দ্ৰটো। আৰু চান্দ্ৰমাহৰ ওপৰত নিৰ্ভৰ কৰিহে সময়ৰ হিচাপ ৰখা হৈছিল। এখন প্রাচীন ইহুদি গ্রন্থত উল্লেখ আছে- “দিনবোৰৰ গণনা কৰাৰ বাবেই চন্দ্ৰটোৰ সৃষ্টি হৈছিল।”
প্রাচীন ইজিপ্টিয়ানসকলে সমগ্র বছৰটোতে মুঠ ৩৬০ দিনেৰে এখন কেলেণ্ডাৰ প্ৰস্তুত কৰি উলিয়াইছিল, য’ত প্রতিমাহতে ৩০ দিনকৈ মুঠ ১২ টা মাহ আছিল। খ্রীষ্টপূর্ব ৪০০০ শতিকাত তেওঁলোকে ৩৬০ দিনীয়া বছৰটোত আৰু ৫ দিন সংযোগ কৰিছিল। ইয়াৰ উপৰিও চান্দ্ৰমাহৰ ওপৰত ভিত্তি কৰি ইজিপ্টিয়ানসকলে এখন ধর্মীয় কেলেণ্ডাৰো মানি চলিছিল। পাছলৈ, এই কেলেণ্ডাৰখনক ভিত্তি কৰিয়েই চীনা, বেবিলনীয়, ইহুদি আৰু গ্ৰীকসকলে কেলেণ্ডাৰ প্ৰস্তুত কৰিছিল। ইউৰোপৰ উত্তৰাংশত বসবাস কৰা অইন এটা জাতিয়েও এখন কেলেণ্ডাৰ প্ৰস্তুত কৰিছিল। সেই কেলেণ্ডাৰখনত দহ মাহেৰে মুঠ ৩০৪ দিনত এবছৰ ধৰা হৈছিল। ৬৭৩ খ্রীষ্টাব্দত ৰোমান সম্রাট নোমা প’মপিলিয়াছে এই কেলেণ্ডাৰখনতেই আৰু দুটা মাহ যোগ দি কেলেণ্ডাৰখন কিছু পৰিমাণে শুদ্ধ কৰি তোলে। মিছৰীয়সকলেও এখন কেলেণ্ডাৰ প্ৰস্তুত কৰিছিল, য’ত প্রতিমাহতে ৩৩০ দিনকৈ ধৰি বাৰ মাহত মুঠ ৩৬০ দিন হৈছিল। কিন্তু মিছৰীয়সকলে যিহেতু এবছৰত মুঠ ৩৬৫ দিন ধৰি লৈছিল- ৰৈ যোৱা এই ৫দিন তেওঁলোকে আৰাধ্য দেৱী ‘আইছিচ’ৰ নামত উৎসৰ্গা কৰিছিল আৰু ধুম-ধামেৰে উদ্যাপন কৰিছিল। সাম্রাজ্য বিস্তাৰৰ লক্ষ্যৰে ৰোমৰ প্ৰখ্যাত সম্রাট ‘জুলিয়াছ ছিজাৰ’ যেতিয়া মিছৰত প্ৰৱেশ কৰিছিল, মিছৰীয় কেলেণ্ডাৰখনে তেওঁক আকৰ্ষিত কৰিছিল। এই আকর্ষণৰ ফলস্বৰূপে মিছৰৰ বাৰমহীয়া কেলেণ্ডাৰখন ৰোমতো প্রচলন লাভ কৰিছিল। আকৌ, ৰোমান জ্যোতির্বিদ ৰোমুলাচৰ পঞ্জিকাত দহটা মাহৰ বিষয়ে উল্লেখ আছিল, আনহাতে, বছৰৰ আৰম্ভণি হৈছিল মাৰ্চৰ পৰা। কেলেণ্ডাৰ প্ৰস্তুতি কাৰ্য্যত আৰবিয়ানসকলেও হাত উজান দিছিল। তেওঁলোকে এটা চান্দ্রবর্ষ থকা, য’ত বছৰটোত ১৩ মাহ থাকে, তেনে কেলেণ্ডাৰ প্ৰস্তুত কৰিছিল।
বিশ্বৰ ভিতৰতেই অন্যতম শক্তিশালী তথা প্রতিপত্তিশালী জাতি হিচাবে পৰিচিত ৰোমানসকল আছিল ভীষণ, অন্ধবিশ্বাসী। অন্যান্য বস্তু সহিতে কিছুমান সংখ্যাকো তেওঁলোকে দুর্ভাগ্যজনক জ্ঞান কৰিছিল। সেয়েহে কেলেণ্ডাৰ এখন প্ৰস্তুত কৰিবলৈ গৈ তেওঁলোকে নানা আহুকালৰ সম্মুখীন হৈছিল। অন্ধবিশ্বাসৰ বাবেই তেওঁলোকৰ মাহসমূহ ২৯ দিনীয়া বা ৩১ দিনীয়া ‘আছিল, মাথোঁ ফেব্রুৱাৰি আছিল ২৮ দিনীয়া। এইদৰে মুঠ ৩৫৫ দিন হৈছিলগৈ বাবে অতিৰিক্ত দিনসমূহ মিলাবৰ বাবে প্ৰতি দ্বিতীয় বছৰত ‘মার্চিডনিয়াছ’ নামৰ ২২ বা ২৩ দিনীয়া মাহ এটি ধৰি লৈছিল। কিন্তু জুলিয়াছ ছিজাৰৰ শাসনকালৰ পৰা কেলেণ্ডাৰৰ উপযুক্ত ভিত্তি হিচাবে এক সৌৰবৰ্ষ অর্থাৎ ৩৬৫ দিনক ধৰা হ’ল। মাহসমূহ ২৯ৰ পৰা ৩০ দিনীয়া কৰা হ’ল। ৩৬৫ দিন এইদৰে মিলি গ’ল, কিন্তু দিন, অর্থাৎ ৬ ঘণ্টা মিলাবলৈ ৪ বছৰৰ মূৰে মূৰে এটাকৈ দিন বঢ়াই দিয়া হ’ল। জুলিয়ান কেলেণ্ডাৰ হিচাবে নামাংকৃত হোৱা এইখন কেলেণ্ডাৰৰ সময়ৰে পৰাই জানুৱাৰিক, বছৰৰ আৰম্ভণিৰ মাহ হিচাবে ধৰা হ’ল।
১৫৭২ চনত গ্রেগ্ৰীয়ে যেতিয়া পোপ হিচাবে নিযুক্তি লাভ কৰিছিল, তেওঁ জুলিয়ান কেলেণ্ডাৰখনত কিছুমান আসোঁৱাহ দেখিছিল। এই আসোঁৱাহসমূহ মুক্ত কৰিবলৈ তেওঁ বোমান জ্যোতির্বিজ্ঞানীসকলৰ সৈতে আলোচনাত মিলিত হৈছিল আৰু আৱিষ্কাৰ কৰিছিল যে ৩৬৫ দিনত এবছৰ সম্পূৰ্ণ নহয়, এবছৰ সম্পূৰ্ণ হ’বলৈ আৰু কিছু সময়ৰ প্রয়োজন। তেওঁলোকে ১৫৪৫ খ্ৰীষ্টাব্দৰ মাজতেই দহ দিন কমকৈ পালে। এই সকলোবোৰ আসোঁৱাহৰ বাবে তেওঁলোকে এখন নতুন কেলেণ্ডাৰ প্ৰস্তুতিৰ বিষয়ে চিন্তা কৰিলে। নতুন কেলেণ্ডাৰখনত তেওঁলোকে জুলাই আৰু আগষ্টৰ উপৰিও জানুৱাৰি, মার্চ, মে’, অক্টোবৰ আৰু ডিচেম্বৰ মাহকেইটা ৩১ দিনীয়া কৰি ৰৈ যোৱা দিনবোৰ মিলাবলৈ চেষ্টা কৰিছিল। গ্রেগ্ৰীয়ান কেলেণ্ডাৰখনত ‘শূন্য বর্ষ’ বোলা কোনো বর্ষ নাছিল। ইয়াত ১ খ্ৰীষ্টাব্দৰ পৰাহে খ্ৰীষ্টাব্দৰ বৰ্ষ গণনা কৰা হৈছিল। এই পদ্ধতিত প্রতি চাৰি বছৰৰ মূৰে মূৰে এটা বছৰ ‘লিপ ইয়েৰ’ হিচাবে ধৰা হৈছিল। আনহাতে, শতিকা পূর্তি হোৱা বছৰৰ ক্ষেত্ৰত, যদিহে বছৰটো ৪০০ৰে বিভাজ্য হয়, তেন্তে সেই বছৰটোও ‘লিপ ইয়েৰ’ হিচাবে গ্ৰহণৰ সিদ্ধান্ত লোৱা হৈছিল। ১৫৮২ খ্রীষ্টাব্দৰ পৰা কেথালিক ৰাষ্ট্ৰসমূহৰ অধিকাংশই এই কেলেণ্ডাৰখন ব্যৱহাৰ কৰিছিল। এই কেলেণ্ডাৰখনৰ আসোঁৱাহ এয়াই যে ইয়াক সমভাবে বা এক চতুর্থাংশকৈ ভাগ কৰিব পৰা নাযায়।
গ্রেগ্ৰীয়ান কেলেণ্ডাৰখনত বিচাৰি পোৱা ত্রুটিসমূহ দূৰ কৰি নির্ভুলভাৱে সময় গণনা কৰিবলৈ এখন কেলেণ্ডাৰ প্ৰস্তুতকৰণৰ দায়িত্ব ইটালিৰ বিখ্যাত জ্যোতির্বিদ আৰমেলিনিৰ ওপৰত অৰ্পণ কৰিছিল। আৰমেলিনিয়ে প্রস্তুত কৰা কেলেণ্ডাৰখনত প্রতি ছমাহত ১৮২ দিনকৈ এবছৰত মুঠ ৩৬৪ দিন ধৰা হৈছিল।
এইসমূহৰ উপৰিও বিভিন্ন ৰাষ্ট্ৰত বিভিন্ন ধৰ্মত বিভিন্ন ধৰণে কেলেণ্ডাৰৰ ব্যৱহাৰ চলি আহিছে। ৭৮ খ্রীষ্টাব্দত সম্রাট কনিষ্কই শকাব্দৰ প্রচলন কৰিছিল। ১৮৭৮-৭৯ শকাব্দত ভাৰতীয় জ্যোতির্বিদসকলে এখন বিজ্ঞানসম্মত কেলেণ্ডাৰ প্ৰস্তুত কৰি উলিয়াইছিল। ১৪৪৯ খ্রীষ্টাব্দত জন্মগ্রহণ কৰা শ্ৰীমন্ত শংকৰদেৱৰ পবিত্র স্মৃতিত শংকৰাব্দ বৰ্ষ গণনা কৰা হয়। ১৪৮৬ খ্রীষ্টাব্দত জন্মগ্রহণ কৰা মহাপুৰুষ শ্রীচৈতন্যদেৱৰ পবিত্ৰ স্মৃতিত ‘চৈতন্যক’ গণনা কৰা হয়। বুদ্ধদেৱৰ জন্মৰ পৰা বুদ্ধক, মহাবীৰৰ পবিত্ৰ স্মৃতিত মহাবীৰক আদি গণনা কৰা হয়। টাই জনগোষ্ঠীয় লোকসকলে ‘লাকি’ পদ্ধতিৰে বছৰ গণনা কৰে। ইয়াৰ উপৰিও ফছলীচন, ফজলীচন, হিজৰীচন, বিক্রমাক আদি নানা পদ্ধতিৰে বছৰ গণনা কৰা হয়।