জনগণ বাৰ্তা - Phone:: 940-123-9090. Email: editor@janaganabarta.com
Sunday, September 6, 2026

সাৱিত্ৰী বাই ফুলে : মহিলা সৱলীকৰণ আৰু শিক্ষাৰ বাবে কণ্ঠস্বৰ

by Janagana Desk
3 minutes read
Sabitri Bai Phule

ভাৰতৰ ইতিহাসত এগৰাকী মহীয়সী নাৰী, সাবিত্ৰীবাই ফুলে দেশৰ ভিতৰতে ভাৰতৰ প্ৰথম মহিলা শিক্ষয়িত্ৰী হিচাপে পৰিচিত। সমাজ ৰূপান্তৰৰ স্বপ্নৰে তেওঁ জগত জিনিছিল। তেওঁৰ প্ৰচাৰিত সমাজৰ লক্ষ্য আছিল সমতা, ন্যায় আৰু শিক্ষা প্ৰদান কৰা। ভাৰতৰ নাৰীবাদী আন্দোলনৰ পথ প্ৰদৰ্শক হিচাপে তেওঁক গণ্য কৰা হয়। জাতি আৰু লিংগৰ ওপৰত ভিত্তি কৰি মানুহৰ লগত হোৱা বৈষম্য আৰু অন্যায় ব্যৱহাৰ বিলুপ্ত কৰিবলৈ তাই চেষ্টা কৰিছিল। ১৯ শতিকাত পুনে (মহাৰাষ্ট্ৰ)ৰ সমাজত প্ৰচলিত অত্যাচাৰী সমাজ ব্যৱস্থাৰ বিৰুদ্ধে মাত মাতিছিল। যুক্তিবাদ, সত্য, সমতা আৰু মানৱতাৰ বাবে তেওঁ মাত মাতি গৈছিল আৰু সমাজৰ বাবে এগৰাকী স্বনামধন্য আদৰ্শৱান মহিলা ৰূপে পৰিগণিত হৈছিল। তেওঁৰ উদ্দেশ্য আছিল বিধৱা বিবাহ কৰা, অস্পৃশ্যতা নিৰ্মূল কৰা, নাৰীৰ মুক্তি, আৰু দলিত নাৰীক শিক্ষিত কৰা। ‘মাৰাঠীৰ আদিকাবিত্ৰী’ নামেৰেও তেওঁ পৰিচিত আছিল। তেওঁ আৰু তেওঁৰ স্বামী ভাৰতৰ নাৰী শিক্ষাৰ পথ প্ৰদৰ্শক আছিল।

১৮৩১ চনৰ ৩ জানুৱাৰীত মহাৰাষ্ট্ৰ ত জন্মগ্ৰহণ কৰা তেখেতৰ পিতৃ-মাতৃৰ ঘৰ আজি অন্যান্য পিছপৰা শ্ৰেণী (OBC) শ্ৰেণীৰ অন্তৰ্গত মালি সম্প্ৰদায়ৰ অন্তৰ্গত। ৯ বছৰ বয়সত জ্যোতিৰাও ফুলেৰ সৈতে বিবাহপাশত আবদ্ধ হোৱাৰ পিছত স্বামীৰ দ্বাৰাই শিক্ষা লাভ কৰে আৰু পিছলৈ সেই শিক্ষাৰ সহায়ত মহাৰাষ্ট্ৰ বিশেষকৈ পুনেত প্ৰচলিত  সামাজিক অন্যায় বৈষম্য , পিতৃতন্ত্ৰ আৰু সামাজিক অত্যাচাৰৰ বিৰুদ্ধে যুঁজ দিয়ে। পুনেত সেই সময়ত প্ৰচলিত পিতৃতন্ত্ৰ আৰু জাতি ব্যৱস্থাই সমাজ গ্ৰাস কৰিছিল। তথাকথিত নিম্ন জাতিক শিক্ষিত কৰি তেওঁলোকৰ প্ৰান্তীয়কৰণ উপলব্ধি কৰাত সহায় কৰিবলৈ জ্যোতিৰাও ফুলেৰ বিপ্লৱী চিন্তাই সাবিত্ৰীবাই ফুলেতো এক দৃঢ়তাৰ ভাৱ জগাই তুলিছিল। ছোৱালী-কিশোৰীৰ বাবে ১৮ খন বিদ্যালয় স্থাপন তথা গোটেই জীৱন মহিলাৰ অধিকাৰৰ বাবে যুঁজ দিয়া বীৰাংগনা গৰাকী ভাৰতৰ প্ৰথম ছোৱালী বিদ্যালয়ৰ প্ৰথম অধ্যক্ষ আৰু প্ৰথম কৃষক বিদ্যালয়ৰ প্ৰতিষ্ঠাপক আছিল।  ১৮৪৮ চনত ফুলে আৰু তেওঁৰ স্বামীয়ে পুণেৰ ভিড়া ৱাডাত ভাৰতৰ প্ৰথম মহিলা বিদ্যালয় স্থাপন কৰে। মানুহৰ জাতি আৰু লিংগৰ ভিত্তিত কৰা অন্যায় আৰু আৰু বৰ্ণ বৈষম্য আঁতৰ কৰিবলৈ তেওঁ কঠোৰ পৰিশ্ৰম কৰিছিল। সেইবাবে তেওঁক মহাৰাষ্ট্ৰৰ এগৰাকী গুৰুত্বপূৰ্ণ সমাজ সংস্কাৰক বুলি গণ্য কৰা হয়।

শিক্ষকৰ প্ৰশিক্ষণৰ বাবে পুনেৰ এখন বিদ্যালয়ত সাবিত্ৰীবায়ে নাম ভৰ্তি কৰে আৰু পাছত তেওঁৰ স্বামীৰ সৈতে মিলি ছোৱালীৰ বাবে প্ৰথম খন বিদ্যালয় স্থাপন কৰিবলৈ ভিদেৱাড়ালৈ যাত্ৰা কৰে৷ ১৮৪৮ চনত সাবিত্ৰীবাই ইয়াৰ প্ৰধান শিক্ষয়িত্ৰী হিচাপে সেৱা আগবঢ়ায়। বহু সংখ্যক লোকেই কয় যে যেতিয়া তেওঁ স্কুললৈ খোজ কাঢ়ি গৈছিল, উচ্চ বৰ্ণৰ পুৰুষসকলে তেওঁক শিলগুটি দলিয়াছিল আৰু তেওঁৰ ফালে গোৱৰ দলিয়াইছিল৷ কিন্তু তেওঁ কেতিয়াও তেওঁৰ অন্তৰাত্মাক আহত হ’বলৈ দিয়া নাছিল। প্ৰতিবন্ধক গৃহ স্থাপক আছিল তেঁও, যাক “শিশু হত্যা প্ৰতিৰোধৰ গৃহ” বুলিও জনা যায়৷ যৌন নিৰ্যাতিত শিশু, গৰ্ভৱতী বিধৱা আৰু ধৰ্ষণৰ ভুক্তভোগীসকলৰ বাবে সুবিধা হিচাপে এই গৃহতে আশ্ৰয় প্ৰদান কৰা হয়।মহিলাৰ অধিকাৰৰ বাবে ওকালতি কৰিবলৈ তেওঁ ১৮৫২ চনত মহিলা সেৱা মণ্ডল প্ৰতিষ্ঠা কৰিছিল। ব্ৰাহ্মণ বিধৱা সকলৰ মুণ্ডনৰ প্ৰথাৰ বিৰুদ্ধে থিয় দিবলৈ আৰম্ভ কৰিছিল ধৰ্মঘট। এনে বহু সমাজ সংশোধন কাৰ্য্যৰ স্বীকৃতি স্বৰূপে অৱশেষত ব্ৰিটিছ চৰকাৰে তেওঁক ১৮৫২ চনত ৰাজ্যখনৰ শীৰ্ষ শিক্ষাবিদ হিচাপে স্বীকৃতি দিছিল। ১৮৫৪ চনত “কাব্য” শীৰ্ষক তেওঁৰ প্ৰথম কবিতা গ্ৰন্থ মুকলি কৰা হয়। ১৮৯২ চনত তেওঁ বাৱন কাশী সুবোধ ৰত্নাকৰ মুকলি কৰে, যাক “বিশুদ্ধ ৰত্নৰ মহাসাগৰ” বুলিও জনা যায় ।

প্লেগ মহামাৰীত তেওঁ ৰোগী সমূহক সেৱা শুশ্ৰূষা কৰিছিল। প্লেগ এক প্ৰকাৰৰ সংক্ৰামক ৰোগ; ৰোগীৰ সংস্পৰ্শত থকাৰ বাবে তেওঁৰো প্লেগ বেমাৰ হৈ পৰে আৰু মৃত্যু হয়। ১৮৯৭ চনৰ ১০ মাৰ্চ তাৰিখে প্লেগ ৰোগত সাৱিত্ৰীবাইৰ মৃত্যু হয়।

২০১৭ চনৰ ৩ জানুৱাৰী তাৰিখে চাৰ্ছ ইঞ্জিন গুগলে তেওঁৰ ১৮৬তম জন্মদিন গুগল ডুদুলেৰে তেওঁক সন্মানিত কৰে।

Was this article helpful?
Yes0No0

You may also like