Skip to content

প্ৰাচীন ভাৰতৰ ধৰ্মীয় আৰু সাংস্কৃতিক পৰম্পৰা : বিশ্বৰ সৰ্ববৃহৎ ধৰ্মীয় মেলা, মহাকুম্ভ মেলা

Janagana Desk
January 21, 20252 second read
Kumbha Mela

ভাৰতবৰ্ষক আধ্যাত্মিক দেশ বুলি কোৱা হয় কাৰণ ইয়াত আধ্যাত্মিকতা আৰু ধৰ্মীয় চিন্তাধাৰাৰ গভীৰ প্ৰভাৱ আছে। মহাকুম্ভ মেলা কেৱল ভাৰতৰ ক্ষেত্ৰতে সীমাবদ্ধ নহয়, ই সমগ্ৰ বিশ্বৰ আধ্যাত্মিক আৰু ধৰ্মীয় জীৱনত গভীৰ প্ৰভাৱ পেলাইছে। মহাকুম্ভ মেলা হৈছে ভাৰতৰ প্ৰাচীনতম আৰু সৰ্বাধিক জনসমাগম ঘটা ধৰ্মীয় অনুষ্ঠান। এই মেলা ১২ বছৰৰ মূৰে মূৰে একোটা নিৰ্দিষ্ট পবিত্ৰ ঠাইত উদযাপন কৰা হয়। মেলাখনৰ মূল আকর্ষণ হৈছে স্নান (শাহী স্নান), যাক ধৰ্মীয় বিশ্বাস অনুসৰি পাপৰ পৰা মুক্তি আৰু মোক্ষলাভৰ উপায় বুলি গণ্য কৰা হয়। সূৰ্য, চন্দ্ৰ আৰু বৃহস্পতিৰ বিশেষ গ্ৰহণ অৱস্থাৰ ওপৰত নিৰ্ভৰ কৰি ১২ বছৰৰ মূৰে মূৰে একোটা নিৰ্দিষ্ট পবিত্ৰ ঠাইত উদযাপন কৰা হয়। বিশ্বাস অনুসৰি, সমুদ্ৰ মন্থনৰ সময়ত দেৱতা-অসুৰৰ মাজত হোৱা যুদ্ধত অমৃতভাণ্ডৰ কিছু অমৃত প্ৰয়াগৰাজ, হৰিদ্বাৰ ,উজ্জয়িনী , নাশিক এই চাৰিটা স্থানত পৰিছিল। সেই স্থানত স্নান কৰাৰ দ্বাৰা পুণ্যলাভ হয় বুলি ধৰা হয়। বিশ্বাস হৈছে যে ইন্দ্ৰৰ পুত্ৰ জয়ন্তই অমৃত কলহ স্বৰ্গলৈ নিওঁতে বাৰ দিন সময় লাগিছিল। দেৱতাৰ এক দিন পৃথিৱীৰ এক বছৰৰ সমান বাবে মহা কুম্ভমেলা বাৰ বছৰৰ মূৰত পালন কৰা হয়। এই ধার্মিক আয়োজনত ভক্তই উপস্থিত থাকি পৱিত্ৰ নদীত গা-ধুই পাপ প্রক্ষালন কৰে আৰু জীৱনৰ সফলতা প্রাপ্ত হয় বুলি এক বিশ্বাস আছে। স্বাধীনোত্তৰ কালত ১৯৫৪ চনৰ ১৪ জানুৱাৰীৰ পৰা ৩ মাৰ্চলৈকে চলা কুম্ভমেলাত আনুমানিক ৪০ লাখ ভক্ত উপস্থিত আছিল। ১৯৪৮ চনত অর্ধ কুম্ভমেলা অনুষ্ঠিত হৈছিল যদিও ৩০ জানুৱাৰীত মহাত্মা গান্ধীৰ হত্যাকাণ্ডৰ বাবে মেলাৰ মাধুর্য ম্লান পৰাৰ বিষয়ে জনা যায়। হেজাৰ বছৰৰ পৰা চলি অহা এক ধার্মিক অনুষ্ঠান । মহা কুম্ভমেলাৰ সংগমস্থলীত স্নান কৰিলে ভক্তৰ সমস্ত পাপ বিনাশ হয় আৰু ভক্তৰ মোক্ষপ্রাপ্তি হোৱাৰ বিশ্বাস জড়িত হৈ আছে। এয়াই হৈছে সাধু- সন্তসকলৰ বাবে মহা কুম্ভমেলাৰ প্ৰধান বিশেষত্ব। যুগে যুগে এই স্থানৰ মহত্ত্ব এনে কাৰণতে গুৰুত্ব লাভ কৰি আহিছে। জীৱনৰ সকলো দুখ-কষ্ট-জটিলতা আদি ভগৱন্তৰ ওচৰত সমর্পণ কৰাই হৈছে এই মেলাৰ প্ৰধান গুৰুত্ব। এই মেলাৰ লগত জড়িত হৈছে ধর্মীয় প্রাথমিকতা আৰু ভাৰতীয় সাংস্কৃতিক পৰম্পৰা আৰু আস্থাৰ চানেকি।

মহাকুম্ভ মেলা কেৱল ধৰ্মীয় উৎসৱেই নহয়, ই ভাৰতীয় সংস্কৃতিৰ সম্প্ৰদায়িকতা, ঐক্য আৰু আধ্যাত্মিকতাৰ এক প্রতীক। লক্ষাধিক সাধু, যোগী আৰু সন্ন্যাসীয়ে এই মেলাত অংশগ্ৰহণ কৰে। পুণ্যস্নানৰ সময়ত কোটি কোটি ভক্তৰ সমাগম দেখা যায়। ভাৰতৰ প্ৰাচীন আধ্যাত্মিক পৰম্পৰাৰ মাজত শিপাই থকা কুম্ভ মেলাই প্ৰতি ১২ বছৰৰ মূৰে মূৰে লাখ লাখ সাধক, তীৰ্থযাত্ৰী, বিশ্বাসীক আকৰ্ষণ কৰে।

পৌৰাণিক গ্ৰন্থৰ মতে প্রয়াগৰাজ সকলো তীর্থস্থানৰ ভিতৰত প্ৰমুখ্য বুলি মান্যতাপ্রাপ্ত। ২০২৫ ৰ ১৩ জানুৱাৰীৰ পৰা আৰম্ভ হোৱা কুম্ভমেলা অনুষ্ঠিত হৈছে ভাৰতৰ উত্তৰপ্ৰদেশৰ প্ৰয়াগৰাজ চহৰৰ ত্ৰিবেণী সংগমত । ২৫ ফেব্ৰুৱাৰলৈ অনুষ্ঠিত হোৱা মহা কুম্ভমেলাত সমাগম ঘটিছে কোটি কোটি দেশী বিদেশী ভক্ত। সকলো শ্ৰেণীৰ ভক্তৰ বাবে চৰকাৰে সুগম ব্যৱস্থা কৰিছে। দৈনিক চাৰি কোটি ভক্তৰ থকা- মেলা, অহা-যোৱাৰ ব্যৱস্থা পৰিকল্পিত ৰূপত লৈকে সজাই তোলা হৈছে। উত্তৰ প্ৰদেশ চৰকাৰে মহা কুম্ভ মেলাৰ বাবে আন্তঃগাঁথনি আৰু অনাময় প্ৰকল্পৰ বাবে ₹৭০০০ কোটিকৈও অধিক টকা অধিক ব্যয় কৰিছে।

মহাকুম্ভ মেলা হিন্দু ধৰ্মৰ এক গুৰুত্বপূর্ণ আধ্যাত্মিক পৰিক্ৰমা, য’ত ভক্তসকলে ধৰ্মীয় বিশ্বাস আৰু আধ্যাত্মিকতা একেলগে উদযাপন কৰে। মহাকুম্ভ মেলা হিন্দু ধৰ্মৰ আধ্যাত্মিক পৰিক্ৰমাৰ প্রতীক, য’ত লাখ লাখ ভক্তে একে সময়ত আধ্যাত্মিক শক্তি অনুভৱ কৰে আৰু ধৰ্মীয় পৰম্পৰাক আগবঢ়ায়।

Janagana Desk

Janagana Barta News Desk, Guwahati.

Related Articles

Facebook Posts
[custom-facebook-feed feed=1]
Most Discussed
Back To Top