গণতন্ত্ৰৰ মূল শক্তি হৈছে জনতাৰ বিশ্বাস। এই বিশ্বাসৰ ওপৰতে নিৰ্ভৰ কৰি প্ৰতিটো নিৰ্বাচন অনুষ্ঠিত হয়, প্ৰতিটো চৰকাৰ গঠন হয়। কিন্তু বিগত কিছু বছৰত নিৰ্বাচনী ৰাজনীতিত এক উদ্বেগজনক প্ৰৱণতা স্পষ্ট হৈছে—মিথ্যা প্ৰতিশ্ৰুতিৰ বেহা। এই প্ৰৱণতাই কেৱল ৰাজনৈতিক সংস্কৃতিকেই নহয়, গণতন্ত্ৰৰ মৌলিক ভেটিকেই ক্ৰমে ক্ষয়িষ্ণু কৰি তুলিছে।
নির্বাচনৰ পূৰ্বে ৰাজনৈতিক দলসমূহে দিয়া আকৰ্ষণীয় প্ৰতিশ্ৰুতিসমূহে সাধাৰণ ভোটাৰৰ আশা জগাই তোলে। বিনামূলীয়া সেৱা, চাকৰিৰ প্ৰতিশ্ৰুতি, উন্নয়নৰ ডাঙৰ ডাঙৰ পৰিকল্পনা—এইবোৰ শুনিবলৈ মনোমোহা। কিন্তু নিৰ্বাচনৰ পিছত এইবোৰৰ বহুতো কেৱল কাগজতে সীমাবদ্ধ থাকে। ফলত, ৰাজনীতিক আৰু জনতাৰ মাজৰ আস্থাৰ সেতু ক্ৰমে ভাঙি পৰে।
এই সমস্যাটো কেৱল এটা দল বা অঞ্চলত সীমাবদ্ধ নহয়; ই সমগ্ৰ ভাৰতীয় ৰাজনৈতিক ব্যৱস্থাৰ এক গভীৰ ৰোগৰ লক্ষণ। “জুমলা” বা অতিশয়োক্ত প্ৰতিশ্ৰুতিৰ ৰাজনীতি এতিয়া যেন এক স্বাভাৱিক প্ৰক্ৰিয়া হৈ পৰিছে। এইটো গণতন্ত্ৰৰ বাবে এক অশনি সংকেত। কাৰণ, যেতিয়া ভোটাৰসকলে বাস্তৱ তথ্যৰ পৰিৱৰ্তে মিছা আশা আৰু প্ৰচাৰৰ ওপৰত ভিত্তি কৰি সিদ্ধান্ত লয়, তেতিয়া নিৰ্বাচনৰ মূল উদ্দেশ্য—সচেতন পছন্দ—ব্যাহত হয়।
ইয়াৰ লগতে “ফ্ৰিবি ৰাজনীতি”ৰ প্ৰৱণতাও বৃদ্ধি পাইছে। অযৌক্তিক সুবিধা প্ৰদানৰ প্ৰতিশ্ৰুতিৰে ভোটাৰক আকৰ্ষণ কৰাৰ এই প্ৰচেষ্টা বহু সময়ত অৰ্থনৈতিকভাৱে টেকসই নহয়। ইয়াৰ ফলত ৰাষ্ট্ৰীয় সম্পদৰ অপব্যৱহাৰ হয় আৰু দীৰ্ঘম্যাদী উন্নয়ন বাধাগ্ৰস্ত হয়।
এই পৰিস্থিতিত আটাইতকৈ ডাঙৰ প্ৰশ্নটো হ’ল—এই সমস্যাৰ সমাধান কি? প্ৰথমতে, নিৰ্বাচনী ইস্তাহাৰক কেৱল ৰাজনৈতিক দলৰ ইচ্ছাধীন নোহোৱাকৈ আইনী কাঠামোৰ ভিতৰত আনিব লাগিব। যিসমূহ প্ৰতিশ্ৰুতি পূৰণযোগ্য নহয়, সেইবোৰ দাঙি ধৰাৰ আগতেই নিৰীক্ষণ কৰাৰ ব্যৱস্থা প্ৰয়োজন। দ্বিতীয়তে, নিৰ্বাচনী আয়োগৰ ভূমিকা অধিক শক্তিশালী কৰিব লাগিব, যাতে মিছা তথ্য আৰু বিভ্ৰান্তিকৰ প্ৰচাৰৰ ওপৰত তৎক্ষণাৎ ব্যৱস্থা ল’ব পাৰে।
কিন্তু সকলোতকৈ গুৰুত্বপূৰ্ণ ভূমিকা জনতাৰ। সচেতন, তথ্যসমৃদ্ধ আৰু সমালোচনামূলক মনোভাৱ থকা ভোটাৰেই গণতন্ত্ৰক সুৰক্ষিত ৰাখিব পাৰে। মাত্ৰ প্ৰতিশ্ৰুতি শুনি আকৰ্ষিত নহৈ, সেইবোৰৰ বাস্তৱতা আৰু পূৰ্বৱৰ্তী ইতিহাস বিচাৰ কৰাটো এতিয়া সময়ৰ দাবী।






