Skip to content

অসমৰ অৰ্থনীতি টনকিয়াল কৰাৰ উপায়

Tapan Kumar Sharma
July 8, 20240 second read
asam economy

অসমৰ মানুহৰ প্ৰধান খাদ্য-শস্য হৈছে ধান অৰ্থাৎ চাউল৷ অৰ্থাৎ এই ধান আকৌ বহিঃৰাজ্যৰ পৰা অসমলৈ আমদানি কৰিব লগা হয়৷ অসমে এইদৰে ধান আমদানি কৰাৰ নামত বছৰি বহু কোটি টকা বহিঃৰাজ্যলৈ ওলাই যায়৷ কিন্তু এই অৱস্থাৰ পৰিৱৰ্তন কৰিব পাৰি৷ অসমৰ কৃষকক যদি বছৰৰ দুটা ছিজনত ধান উৎপাদনৰ কামত সম্পূৰ্ণ বাণিজ্যিক মানসিকতাৰে পথাৰত আৱদ্ধ কৰিব পৰা যায়, কৃষকৰ মাজত যাতে বিজ্ঞান মানসিকতাৰ লগতে উদ্যমশীল আৰু সুস্থ প্ৰতিযোগিতাৰ দৰে এক মানসিকতাৰ জন্ম দিব পৰা যায় তেতিয়া আন্ততঃ ধান উৎপাদনত অসমে অভিলেখ কৰিব পাৰে৷ অসমে ধান উৎপাদনত স্বাৱলম্বী হ’ব পাৰে৷

কৃষি হৈছে অসমৰ সম্ভাব্য বুনিয়াদী ক্ষেত্ৰ৷ কৃষিক অসমৰ প্ৰধান সম্পদৰ শাৰীলৈ লৈ যাব পৰাৰ অপাৰ সম্ভাৱনা লুকাই আছে৷ বৰ্তমান অসমত ৪০.০৬ লাখ জন কৃষক আছে৷ ২০০১ চনত ৰাজ্যত মুঠ জনসংখ্যাৰ ৩৯.০১ শতাংশ আছিল কৃষক৷ বৰ্তমান এই সংখ্যা ৪.২ শতাংশ হ্ৰাস পাইছে আৰু ৩৩.৯ শতাংশ হৈছে৷

অসমৰ গ্ৰাম্য অঞ্চলৰ মূল ভেটি হৈছে কৃষি৷ কৃষি আমাৰ জীৱন আৰু প্ৰাণ৷ পিছে অসম চৰকাৰৰ দ্বাৰা আটাইতকৈ অৱহেলিত হৈ আহিছে কৃষি বিভাগ৷ কৃষি বিভাগৰ বৰমূৰীয়াসকলে কাহানিও পথাৰলৈ যোৱাৰ অনুভৱ নকৰে৷ কৃষকসকলক লৈ কৃষি বিভাগে দিশপুৰত কেৱল কমিছনৰ ৰাজনীতি কৰি আহিছে৷ কৃষিৰ কথা ওলালেই পঞ্জাৱ, হাৰিয়ানাৰ কথা কোৱা হয়৷ কিন্তু সেই দুখন ৰাজ্যৰ দৰে পৰ্যাপ্ত সা-সুবিধা অসমৰ কৃষকে পাইছে নে? অসমৰ কৃষিভূমিত জলসিঞ্চনৰ নাম-গোন্ধেই নাই৷

আনহাতে, জলসিঞ্চন কৃষি ঋণ, উপযুক্ত, বজাৰ, উপযুক্ত প্ৰশিক্ষণ, বৈজ্ঞানিক পদ্ধতিৰ প্ৰচলনত সজাগতা, কৃষকসকলক সংগঠিত কৰা, উন্নত বীজৰ যোগান আদি ব্যৱস্থাসমূহ অসমৰ কৃষকসকলৰ মাজত আজিও সম্ভৱ হৈ উঠা নাই৷ তেনেস্থলত অসমৰ কৃষিৰ বিকাশ কেনেকৈ সম্ভৱ হ’ব পাৰে?

অসমৰ মাটিত বছৰেকত দুটাকৈ খেতি কৰিব পৰাৰ ব্যৱস্থা হাতত ল’ব পাৰিলে অসমৰ চেহেৰাই সলনি হৈ গ’লহেঁতেন৷ অসমৰ বৰ্ধিত নিবনুৱা সমস্যাও ভালেখিনি সমাধান কৰিব পৰা গ’লহেঁতেন৷ কিন্তু সেই কাম প্ৰথমতে কৰিবলৈ অসম চৰকাৰখন আগবাঢ়ি আহিব লাগিব৷ অসম চৰকাৰৰ বাবে কৃষি সম্পৰ্কত এক দীৰ্ঘম্যাদী পৰিকল্পনাৰ আজিও অভাৱ দেখা যায়৷ আমাৰ বোধেৰে মাত্ৰ কেইটামান পদক্ষেপ গ্ৰহণ কৰিব পৰা হ’লেই অসমৰ কৃষি আৰু কৃষক সমাজে ভালেখিনি অগ্ৰগতি লাভ কৰিব পাৰে৷

(১) কৃষিক পেচা হিচাপে ল’বলৈ অসমৰ কৃষকক বাধ্য কৰাব পাৰিব লাগিব৷ কৃষিকাৰ্য কৰি কৃষকে পৰ্যাপ্ত নিৰাপত্তা অনুভৱ কৰিব পাৰিব লাগিব৷

(২) কৃষি কৃষকৰ ভৱিষ্যত হ’ব লাগিব

(৩) কৃষকসকলৰ মাজত প্ৰশিক্ষণ আৰু সজাগতাৰ অভাৱৰ বাবে ৰাজ্যখনত কৃষিৰ যথেষ্ট সম্ভাৱনা থকা স্বত্বেও তাৰ সুযোগ কৃষকে ল’ব পৰা নাই৷

(৪) কৃষি ঋণ সুলভ কৰি চুলিব লাগে৷ কৃষকক উন্নত বীজ আৰু সাৰৰ যোগান বিনামূলীয়াকৈ যোগান ধৰক৷

(৫) পৰ্যাপ্ত জলসিঞ্চন ব্যৱস্থা হাতত লওক৷ কৃষি বিভাগটো পথাৰলৈ ঢাপলি মেলক৷

(৬) কৃষকক সপোন দেখুৱাব পাৰিব লাগিব৷ কৃষি ভূমিৰ নিৰাপত্তা নিশ্চয়তা প্ৰদান কৰিব লাগিব৷ কৃষিভূমি উদ্যোগিক ক্ষেত্ৰলৈ হস্তান্তৰ ৰোধ কৰক৷

Tapan Kumar Sharma

Activist, Columnist

Related Articles

Facebook Posts
This message is only visible to admins.
Problem displaying Facebook posts. Backup cache in use.
Click to show error
Error: Error validating access token: The session has been invalidated because the user changed their password or Facebook has changed the session for security reasons. Type: OAuthException
Most Discussed
Back To Top