Skip to content

ডাঙৰ শত্ৰু কোন? বানপানী, নে খহনীয়া?

Janagana Desk
July 23, 20246 second read


▪️ দ্বিপেন কাকতি

অসমৰ বানপানী কোনো নতুন ঘটনা নহয়; অতীজৰে পৰা চলি অহা এক চিৰাচৰিত ঘটনা৷ কিন্তু দিন যোৱাৰ লগে লগে ই ৰাজ্যখনৰ জনজীৱনলৈ অধিক প্ৰত্যাহ্বান লৈ আহিছে৷ কিন্তু ইয়াতকৈও ডাঙৰ প্ৰত্যাহ্বান হৈ দেখা দিছে খহনীয়াৰ সমস্যাটো৷ বানপানীয়ে শস্য পথাৰৰ লগতে ঘৰ-দুৱাৰৰো ক্ষতিসাধন কৰে ঠিকেই, কিন্তু খহনীয়া লাখ লাখ মানুহক সবৰ্স্বান্ত কৰি পেলাইছে৷ খহনীয়াই প্ৰতি বছৰে অলেখ-অজস্ৰ ধন-জন, সা-সম্পত্তি, কৃষিভূমি, পশুধন সকলো উটুৱাই নি আছে৷ বানপানীৰ লগত মানুহে কিবা ধৰণে সহাৱস্থান কৰিব পাৰিলেও খহনীয়াই অসমৰ অৰ্থনীতিৰ ওপৰতে উপৰ্যুপৰি আঘাত হানি আহিছে৷

অসমৰ ৩৩ খন জিলাৰ বাইছৰ পৰা আঠাইশখনেই বানৰ কবলত পৰে৷ বিছৰ পৰা ত্ৰিছ লাখৰ অধিক লোক ক্ষতিগ্ৰস্ত হয়৷ মৃতকৰ সংখ্যাই শতকৰ ঘৰ গৰকে৷ পশুধনৰ লগতে অন্যান্য হানিৰ প্ৰকৃত হিচাপ কেতিয়াও নোলায়৷ কাজিৰঙা জাতীয় উদ্যানত গঁড়কে ধৰি শতাধিক জীৱ-জন্তুৰ মৃত্যু হয়৷ চৰকাৰী হিচাপ মতেই বছৰি গড়ে ২৬ লাখকৈ লোক বানত আক্ৰান্ত হয়৷ কৃষিভূমিৰ প্ৰায় ৩০ শতাংশ অৰ্থাৎ আঠ লাখ হেক্টৰ ভূমি বছৰি বানে গৰকে৷ এটা মোটামুটি হিচাপ মতে, বছৰি তিনিটালৈকে অহা বানত প্ৰায় ৭০০-১০০০ কোটি টকাৰো অধিক সা-সম্পদ বিনাশ হয়৷ খহনীয়াৰ প্ৰকোপত ১৯৫৪ চনৰ পৰা ২০২৩ চনলৈকে ৰাজ্যখনৰ আনুমানিক সবৰ্মুঠ ৪ লাখ ২৭ হাজাৰ হেক্টৰৰো অধিক ভূমি নৈত জাহ গৈছে৷ ব্ৰহ্মপুত্ৰকে ধৰি উপনৈসমূহৰ মুঠ প্ৰায় ৪,৪৭৫ কিলোমিটাৰ দৈৰ্ঘৰ মথাউৰি ১৯৫৪-৭০ চনৰ ভিতৰত নিৰ্মিত৷ ঠায়ে ঠায়ে জৰাজীৰ্ণ হৈ পৰা এই মথাউৰিবোৰৰ বান ভেটিব পৰা ক্ষমতা শেষ হৈ গৈছে৷ প্ৰায় ৭০ শতাংশ অৰ্থাৎ প্ৰায় ৩,১৩২ কিলোমিটাৰ মথাউৰিৰ ম্যাদ উকলি গ’ল৷ সাম্প্ৰতিক বানত অসমৰ ৪০টাৰো অধিক মথাউৰি বাঢ়নি পানীয়ে ভাঙি নিছে আৰু প্ৰায় ৬৮ টা মথাউৰিৰ যথেষ্ট ক্ষতিসাধন কৰিছে৷ পূবৰ্ৰ মথাউৰিবোৰৰ মেৰামতিৰ ধনৰ বুজন অংশ ঠিকাদাৰ-আমোলা আৰু শাসকীয় দলৰ ৰাজনীতিকে আত্মসাৎ কৰাটো মুক্ত ৰহস্য৷ অসমৰ বানপানীৰ মূল উৎস তিব্বতীয় মালভূমি, একাধিক চুবুৰীয়া ৰাজ্য আৰু ৰাষ্ট্ৰ [ভূটান] হোৱা হেতুকে অসমৰ বানপানী সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে স্বীকৃতি দিবলৈ অসমৰ ৰাইজে দীৰ্ঘ দিন ধৰি উত্থাপন কৰি অহা দাবীক প্ৰতিখন চৰকাৰেই অগ্ৰাহ্য কৰি আহিছে৷ কেৱল সেয়াই নহয়৷ মোডীৰ আমোলত অসমৰ বান নিয়ন্ত্ৰণৰ বাবে আবণ্টিত ধনৰো পৰিমাণ কমাই অনা হৈছে৷ “দ্য ক্ৰছকাৰেণ্ট” নামৰ নিউজ প’ৰ্টেলে প্ৰকাশ কৰা অনুযায়ী, যোৱা পাঁচ বছৰত অসম চৰকাৰে বানৰ ক্ষতিপূৰণ হিচাপে কেন্দ্ৰৰ পৰা মুঠ ১০,৭৮৫.৩৮ কোটি টকা বিচাৰিছিল; কেন্দ্ৰীয় চৰকাৰৰ উচ্ছ স্তৰীয় সমিতিয়ে অনুমোদন দিছিল মুঠ ১,২৪৩.৬৯ কোটি টকা আৰু অসমে লাভ কৰিছিল মাত্ৰ ২৫০.৩১ কোটি টকা৷ [সংক্ষিপ্ততাৰ খাতিৰত আমি বাৰ্ষিক পৰিসংখ্যাবোৰ দাঙি নধৰিলো৷] কেন্দ্ৰৰ অসমৰ প্ৰতি থকা অনীহা আৰু অৱহেলাৰ কথা বুজিবলৈ ইয়াতকৈও ভাল উদাহৰণৰ আৱশ্যক আছেনে? উত্তৰ পূৰ্বাঞ্চলৰ নিৰ্বাচনী সভাবোৰত নৰেন্দ্ৰ মোদীয়ে ডিঙিত অসমীয়াৰ গামোচাখন লৈ স্বভাৱসুলভ বাগ্মিতাৰে যেতিয়া অষ্টলক্ষ্মীৰ কথা কয়, আমি গবৰ্ত উফন্দি পৰো আৰু আমাৰ বহুমূলীয়া ভোটটো সোৎসাহে পদুম ফুলত দি থৈ আহো৷ চৰকাৰে জাপি দিয়া আমাৰ দৈনন্দিন জীৱনৰ দুখ-যাতনাবোৰ ভোট দিয়াৰ সময়ত পাহৰি যাওঁ।

দ্বাদশ পঞ্চবাৰ্ষিকী পৰিকল্পনাত [২০১২-১৭] বান নিয়ন্ত্ৰণৰ বাবে অনুমোদিত হৈছিল ২,৩৮৩ কোটি টকা; কিন্তু পাইছিল মাত্ৰ ৮১৩ কোটি টকা৷ বৰ্তমানৰ অসম চৰকাৰে মথাউৰি মেৰামতি কিম্বা পুনৰ্নিমাণৰ বাবে ৪,৪৫৪ কোটি টকা আৰু ৩১ খন জিলাৰ খহনীয়া প্ৰতিৰোধী প্ৰকল্পৰ বাবে ৯,৪৮৩ কোটি টকাৰ দুটা ভিন্ন প্ৰস্তাৱ পঠাইছিল৷ মোডী চৰকাৰে সেইকেইটাত অনুমোদন দিছে বুলি এতিয়াও গম পোৱা নাই৷

আৰম্ভণিতে উল্লেখ কৰা হৈছে যে পবৰ্ত-পাহাৰে আগুৰি থকা অসম এখন বন্যা-প্ৰৱণ ৰাজ্য৷ মৌচুমী বায়ুজনিত প্ৰবল বৃষ্টিপাত, পাহাৰীয়া অঞ্চলত হোৱা ডাৱৰ বিস্ফোৰণ, হিমবাহৰ গলন, ভূমিকম্প-প্ৰৱণতা, সহজ ভূমিস্খলন, পাহাৰীয়া শিলাময় গাঁথনিৰ সহজ-স্খলনতা, থিয় পাহাৰীয়া গৰা আদিক অসমৰ বানপানীৰ বাবে ঘাইকৈ জগৰীয়া কৰা হয়৷ সাম্প্ৰতিক কালত এই পৰিঘটনাবোৰ সঘনে সংঘটিত হোৱাৰ কাৰণ হিচাপে বিজ্ঞানীসকলৰ মত হ’ল–জলবায়ু পৰিৱৰ্তন আৰু বৰ্ধিত বিশ্ব উষ্ণায়ন হিমবাহ গলন প্ৰক্ৰিয়া বঢ়াই তোলাৰ বাবেই বানৰ প্ৰকোপ বৃদ্ধি পাইছে৷ ইয়াৰ ফলত হিমবাহ হ্ৰদৰ আশে-পাশে নতুন নতুন হিমবাহ হ্ৰদৰো সৃষ্টি হৈছে৷ “নে’চাৰ” আলোচনীত প্ৰকাশ যে ১৯৭০-২০০৯ৰ ভিতৰত দক্ষিণ-পূব তিব্বতত অতিৰিক্ত ২৭ টা নতুন হিমবাহ হ্ৰদৰ সৃষ্টি হৈ ১২৩ টালৈ বৃদ্ধি পাইছে৷ বৰফৰ গলন বৃদ্ধিৰ কাৰণে, ১৯৮৯ চনৰ আকাৰতকৈ ছিকিমৰ উত্তৰ লোনাক হ্ৰদৰ আয়তন ডেৰ গুণ আৰু দক্ষিণ লোনাক হ্ৰদৰ আঢ়ৈ গুণ বৃদ্ধি পোৱা বুলি মাৰ্কিন ভূতত্ত্ব জৰীপৰ উপগ্ৰহীয় তথ্যই বছৰদিয়েক আগতেই সকীয়াই দিছিল৷ “নাছা”ৰ তথ্যত প্ৰকাশ যে ২০০০ চনৰ পৰা ২০১৯ চনৰ ভিতৰত বিশ্বৰ হিমবাহবিলাকৰ প্ৰায় ২৬,৭০০ কোটি টন বৰফ গলি গৈছে৷ ইয়াৰ ফলত সমুদ্ৰ আৰু নদীপৃষ্ঠৰ উচ্ছতা বাঢ়ি গৈ বানপানী আৰু খহনীয়াৰ প্ৰকোপ বৃদ্ধি কৰিছে৷ বংগোপসাগৰৰ জলপৃষ্ঠও ক্ৰমাৎ বৃদ্ধি পাই আহিছে বুলি বিভিন্ন অধ্যয়নত প্ৰকাশ৷ এই বৃদ্ধিৰ হাৰ বিশ্বৰ গড় হাৰতকৈ ৩০ শতাংশ বেছি বুলি কোৱা হৈছে৷ অসমৰ ক্ৰমবৰ্ধমান বানপানীৰ ইও এটি কাৰণ হ’ব পাৰে৷ ভূমিস্খলন আৰু খহনীয়াৰ কুপ্ৰভাৱ পাহাৰতো যে বৃদ্ধি পাইছে– ছিকিম, উত্তৰাখণ্ড আৰু হিমাচল প্ৰদেশেই তাৰ প্ৰমাণ৷ ২০০০ চনত তিব্বতৰ মালভূমিত “জি এল অ’ এফ” [গ্লেচিয়াৰ লে’ক আউটবাষ্টৰ্ ফ্লাড]ৰ ফলত হোৱা আকস্মিক বৃহৎ বানে ১০,০০০ বাসগৃহ আৰু ৯৮খন দলং ছাৰখাৰ কৰি পেলাইছিল৷ ভূটান-নেপালৰ হিমবাহবিলাকক লৈও অধ্যয়ন চলি আছে৷ ভূটান আৰু অৰুণাচল প্ৰদেশৰ উচ্ছতাত থকা হিমবাহবিলাকে অসমতো প্ৰলয় সৃষ্টি কৰাৰ আশংকা ক্ৰমাৎ বৃদ্ধি পাই আহিছে৷ ছিকিম হিমালয়ৰ এটা আৰু এভাৰেষ্ট অঞ্চলৰ এটা হিমবাহ হ্ৰদৰ ‘জি এল অ’ এফ’ৰ আশংকা যথেষ্ট বেছি বুলি উপগ্ৰহীয় তথ্যৰ পৰা থাৱৰ কৰা হৈছে৷ উপগ্ৰহীয় চিত্ৰৰ পৰা ছিকিমৰ দহটা হিমবাহ হ্ৰদ বিপজ্জনক বুলি জনা গৈছে৷ প্ৰদূষণ আৰু বিশ্বৰ উষ্ণতা কমাব নোৱাৰিলে, সমস্যা বাঢ়িয়েই থাকিব৷ ছিকিম চৰকাৰে নিৰ্মাণ কৰা চুংথাং বৃহৎ জলবিদু্যৎ প্ৰকল্প আৰু বন্যাপ্ৰৱণ এলেকা কিছুমানত জলস্তৰ নিয়ন্ত্ৰণৰ বাবে যিবোৰ অত্যাধুনিক ব্যৱস্থা গঢ়ি তুলিছিল, যোৱা বছৰৰ ৩ অক্টোবৰৰ প্লাৱনে সেই সকলোবোৰ নিমিষতে উটুৱাই লৈ গৈছিল৷ এই ঘটনাই আমাৰ গেৰুকামুখৰ বৃহৎ জলবিদ্যুৎ প্ৰকল্পই সংঘটিত কৰিব পৰা সম্ভাৱ্য বিপৰ্যয়ৰ কথাও সোঁৱৰাই দিয়ে৷ কেৱল সেয়ে নহয়, নৰেন্দ্ৰ মোদীৰ কেন্দ্ৰীয় চৰকাৰে অৰুণাচলত আৰু ভালেকেইটা সৰু-ডাঙৰ নদী-বান্ধ নিৰ্মাণ কৰাৰ আয়োজন চলাইছে৷ সেইবিলাকৰ দুষ্প্ৰভাৱ অসমত নপৰিবনে?

শেষত, আমাৰ অভিমত এয়ে যে, অসমৰ বানপানীৰ সমস্যা সমাধানৰ উৰ্ধত৷ ৫০ টা পুখুৰী খান্দি অসমক বানমুক্ত কৰাৰ কথা কেৱল মূৰ্খইহে ভাবিব পাৰে৷ আমি বানপানীৰ সৈতে সহবাস কৰাৰ কৌশল উদ্ভাৱন কৰা দৰকাৰ৷ তাৰবাবে চৰকাৰী সাহায্য আমাক লাগিবই৷ কিন্তু অসমবাসীৰ বাবে আটাইতকৈ প্ৰয়োজনীয় কথাটো হ’ল–খহনীয়া ৰোধ কৰা৷ তাৰবাবে বিশেষজ্ঞৰ পৰামৰ্শ আৰু অত্যাধুনিক প্ৰযুক্তিৰ নিশ্চয় সহায় ল’ব লাগিব৷ বানপানীতকৈও ডাঙৰ শত্ৰু খহনীয়াহে৷ হিমন্ত বিশ্ব শৰ্মাহঁতৰ দৰে ৰাজনীতিকে নিজক আৰু কেন্দ্ৰীয় চৰকাৰক সুৰক্ষা দিবলৈ মানুহক আঁভুৱা ভৰা কথাবোৰ কৈ থাকি, সমস্যা লাঘৱ কৰিব নোৱাৰে৷ তেওঁ যে কয়–বানপানী ৰাষ্ট্ৰীয় সমস্যা হিচাপে স্বীকৃত হোৱাৰ দৰকাৰ নাই, ৰাষ্ট্ৰীয় সমাধানহে লাগে৷ এই কথাষাৰৰ কিবা মাথা-মুণ্ড বুজি পালেনে?

Janagana Desk

Janagana Barta News Desk, Guwahati.

Related Articles

Follow Us

Follow us via social media to get the latest news when it happens.

Our Team
Dr Netraranjan
Most Discussed
Back To Top