জনগণ বাৰ্তা - Phone:: 940-123-9090. Email: editor@janaganabarta.com
Monday, August 31, 2026

নেলী নৰসংহাৰৰ চাৰি দশকৰ পিছত তিৱাৰী কমিছনৰ গোপন ৰিপোৰ্ট ৰাজহুৱা কৰা নিৰ্ণয়: অসমৰ হিতে নে বিভাজনৰ ৰাজনীতি ?

by Dr Netraranjan
2 minutes read

২৩ অক্টোবৰৰ ২০২৫ তাৰিখে, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ঘোষণা কৰিছে যে তেওঁলোকৰ চৰকাৰে ১৯৮৩ চনৰ নেলী নৰসংহাৰৰ ওপৰত ১৯৮৫ চনৰ তিৱাৰী আয়োগৰ প্ৰতিবেদন অহা শীতকালীন অধিবেশনত ৰাজ্য সভাত উপস্থাপন কৰিব। প্ৰায় চল্লিশ বছৰ পাৰ হোৱাৰ পিছত নেলী নৰসংহাৰৰ ৰিপোৰ্ট প্ৰথমবাৰ প্ৰকাশ পোৱাৰ সম্ভাৱনা হৈছে।

১৯৮৩ চনৰ ১৮ ফেব্ৰুৱাৰী তাৰিখে অসম আন্দোলন চলি থকা সময়ত মধ্য অসমৰ নেলি অঞ্চল আৰু ইয়াৰ আশে-পাশে নেলী নৰসংহাৰ সংঘটিত হৈছিল। বঙালী মুছলমানৰ দখলত থকা ১৪ খন গাঁৱত ওচৰৰ অঞ্চলৰ শ শ খিলঞ্জীয়া লোকে আক্ৰমণ কৰাত ২,০০০ৰ পৰা ৩,০০০ লোকৰ প্ৰাণ হেৰুৱাইছিল। দা, যাঠি আৰু লাঠিৰে সজ্জিত হৈ স্থানীয় সম্প্ৰদায়ৰ লোকেৰে গঠিত জনতাই ঘৰ জ্বলাই দিছিল আৰু ৰাস্তা অৱৰোধ কৰিছিল আৰু পলাবলৈ চেষ্টা কৰা যিকোনো লোকক হত্যা কৰিছিল। হতাহত সকলৰ অধিকাংশই মহিলা আৰু শিশু আছিল। যদিও চৰকাৰী পৰিসংখ্যাই ১,৩২৭ গৰাকী মহিলা আৰু ২৫৩ জন শিশুকে ধৰি মৃত্যুৰ সংখ্যা ১,৮১৯ বুলি উল্লেখ কৰিছে যদিও প্ৰকৃত সংখ্যা বহুত বেছি।

নেলি নৰসংহাৰৰ পাছত ৰাজ্যৰ হিতেশ্বৰ শইকীয়া কংগ্ৰেছ চৰকাৰে IAS বিষয়া ত্রিভুভন প্ৰকাশ তিৱাৰী নেতৃত্বত তিৱাৰী কমিশন স্থাপন কৰিছিল, যাতে হিংসাত্মক ঘটনাৰ কাৰণসমূহ অনুসন্ধান কৰা, দোষীসকল চিনাক্ত কৰা আৰু ব্যৱস্থা গ্ৰহণৰ পৰামৰ্শ দিয়া যায়। এই কমিশনে ১৯৮৪ চনত ৬০০ পৃষ্ঠাৰ এবিধ প্ৰতিবেদন তেতিয়াৰ মুখ্যমন্ত্রী হিতেশ্বৰ শইকীয়াক দিছিল। কিন্তু প্ৰতিবেদনখন কেতিয়াও বিধানসভাত দাখিল কৰা হোৱা নাছিল বা ৰাজহুৱা কৰা হোৱা নাছিল।

৬০০ৰো অধিক FIR দাখিল কৰা হৈছিল, প্ৰায় ৩০০ খণ্ড কেছৰ তদন্তৰ পাছত অভিযোগ পত্ৰ দাখিল কৰা হৈছিল, যদিও অধিকাংশ কেছ শেষত বর্জন কৰা হৈছিল। ২০০০ চনৰ আৰম্ভণিতে, নেলী নৰসংহাৰৰ পীড়িতৰ পৰিয়ালৰ বাবে ভাল ক্ষতিপূৰণ বিচাৰিবলৈ গুৱাহাটী হাই কোৰ্টত কেইবাটাও কেছ দাখিল কৰা হৈছিল, যদিও এই কেইটাও কেছ বর্জন কৰা হৈছিল।

যদিও প্ৰতিবেদন অনুসৰি আয়োগই ১৯৮৪ চনত নিজৰ প্ৰতিবেদন দাখিল কৰিছিল, ৰাজ্যত হিতেশ্বৰ শইকীয়া নেতৃত্বাধীন কংগ্ৰেছ চৰকাৰে আইন শৃংখলা জনিত কাৰণত ৰাজহুৱা নকৰাৰ সিদ্ধান্ত লৈছিল। তাৰ পৰাই, এতিয়ালৈকে ইয়াক কেতিয়াও ৰাজহুৱা কৰা হোৱা নাই, কিয়নো পাছৰ চৰকাৰ বোৰেও ইয়াক গোপনে ৰখাৰ একেই নীতি অনুসৰণ কৰিছিল।

উল্লেখ যোগ্য যে এই তিৱাৰী কমিছনত অসমৰ বাবে বহু কেইটা গঠনমূলক উপদেশ দিছিল যেনে অসমক বিশেষ ৰাজ্যৰ স্বীকৃতি দিয়া, চাকৰিত থলুৱা ব্যক্তিক প্ৰাধান্য দিয়া ইত্যাদি। কিন্তু স্বাভাবিকতে প্ৰশ্ন উদয় হয় যে চাৰি দশকৰ পিছত বিধান সভা নিৰ্বাচনলৈ মাত্ৰ ৫ মাহ থাকোঁতে হঠাৎ ৰাজ্য চৰকাৰে তিৱাৰী কমিছনৰ প্ৰতিবেদন ৰাজহুৱা কৰিব বিচৰা উদ্দেশ্য কি ? কেন্দ্ৰক হেঁচা দি নিৰ্বাচনৰ আগতে অসমক বিশেষ ৰাজ্যৰ স্বীকৃতি দিয়া নে পুৰণা ঘাঁ এটুকুৰা খুচৰি এক সাম্প্ৰদায়িক ঘৃণাৰ পৰিবেশ সৃষ্টি কৰি জুবিন গাৰ্গৰ ন্যায়ৰ প্ৰসঙ্গটো তল পেলাই নিৰ্বাচনৰ আগতে এক ৰাজনৈতিক লাভ আদায় কৰা। অৱশ্যে শীঘ্ৰেই সকলো পৰিষ্কাৰ হৈ যাব, আমি লক্ষ্য ৰাখিম আৰু আপোনালোক ৰাইজেও সকলো গতিবিধি সূক্ষ্ম ভাবে পৰ্যবেক্ষণ কৰিব।

Was this article helpful?
Yes0No0

You may also like