Skip to content

ঢাল-তৰোৱাল নাইকিয়া নিধিৰাম চৰ্দাৰত পৰিণত ৰাজ্যৰ স্বাস্থ্য বিভাগ

Janagana Desk
July 23, 20242 second read
ঢাল-তৰোৱাল নাইকিয়া নিধিৰাম চৰ্দাৰত পৰিণত ৰাজ্যৰ স্বাস্থ্য বিভাগ

ভয়াৱহ বান পৰিস্থিতিৰ পাছতেই ৰাজ্যত এতিয়া সংহাৰী ৰূপ ধাৰণ কৰিছে জাপানীজ এনকেফেলাইটিছে। নিতৌ ভিন্ন ঠাইৰ পৰা আহিছে ৰোগী আক্ৰান্ত হোৱা, মৃত্যুমুখত পৰাৰ খবৰ। জাপানীজ এনকেফেলাইটিছ আৰু এই সদৃশ ৰোগত আক্ৰান্ত ৰোগীৰ সংখ্যা দিনে দিনে বৃদ্ধি পোৱাটো অতি উদ্বেগৰ কাৰণ হৈ পৰিছে। এই প্ৰতিবেদন যুগুত কৰা পৰলৈকে মুঠ ৯গৰাকীকৈ লোকৰ প্ৰাণ হানি হৈছে জাপানীজ এনকেফেলাইটিছ আৰু জাপানীজ এনকেফেলাইটিছ সদৃশ ৰোগত।

এই ৰোগৰ সৈতে মোকাবিলা কৰিবলৈ প্ৰশাসনে নিৰ্দিষ্ট এলেকাসমূহত কিছু সাৱধানতামূলক ব্যৱস্থা গ্ৰহণ কৰিছে। এইবোৰৰ ভিতৰত আছে আঁঠুৱাৰ ঔষধিকৰণ কৰা, ধোঁৱা দিয়া, তেজৰ নমুনাৰ পৰীক্ষা কৰা ইত্যাদি। এই ৰোগৰ পৰা কেনেকৈ হাত সাৰিব পাৰি, সেই সন্দৰ্ভতো কিছু ঠাইত সজাগতা সৃষ্টিৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি প্ৰশাসনৰ ফালৰ পৰা জানিবলৈ দিছে। কিন্তু এই ব্যৱস্থাবোৰে জাপানীজ এনকেফেলাইটিছ ৰোধ কৰিব পাৰিবনে?

ধেমাজি জিলা অসামৰিক চিকিত্সালয়ৰ মুখ্য স্বাস্থ্য বিষয়া ডাঃ কিশোৰ কুমাৰ কামানে দেওবাৰে জানিবলৈ দিয়া মতে, জোনাই মহকুমাৰ বিভিন্ন অঞ্চলত যোৱা জানুৱাৰী মাহৰ পৰা বৰ্তমানলৈকে ৬ গৰাকী লোক জাপানীজ এনকেফেলাইটিছ বা জাপানীজ এনকেফেলাইটিছ সদৃশ ৰোগত আক্ৰন্ত হৈছে৷ ইয়াৰে ভিতৰত আছে দুটি শিশু৷ জাপানীজ এনকেফেলাইটিছ বা জাপানীজ এনকেফেলাইটিছ সদৃশ ৰোগত আক্ৰন্ত হৈ ইতিমধ্যে এগৰাকী ৪ বছৰীয়া শিশুৰ মৃত্যু হৈছে৷ ইয়াৰ বিপৰীতে এটি শিশু বর্তমান সুস্থ হৈ ঘৰলৈ উভতিছে৷ জোনাইৰ তেলাম জাংমজিঙত নতুনকৈ আক্ৰান্ত হৈছে আন এজন শিশু।

প্ৰতিৰোধ ব্যৱস্থা হিচাপে ৪,৫৭১ লোকৰ তেজৰ নমুনা সংগ্ৰহ কৰি স্বাস্থ্য পৰীক্ষা আৰম্ভ কৰা, ৮,৯৫৬ খন আঁঠুৱা ঔষধিকৰণ, আশা আৰু স্বাস্থ্যকৰ্মীৰ জৰিয়তে জোনাই মহকুমাটোৰ বিভিন্ন অঞ্চলত জাপানীজ এনকেফেলাইটিছ সদৃশ ৰোগ সম্পৰ্কে সজাগতা সভা অনুষ্ঠিত কৰিছে। জাপানীজ এনকেফেলাইটিছৰ লক্ষণ যেনে অতিপাত জ্বৰ, মূৰৰ বিষ, মানসিক অস্থিৰতা, শৰীৰৰ কঁপনি আদি লক্ষ্যণে দেখা দিলে লগে লগে ওচৰৰ স্বাস্থ্যকৰ্মী বা স্বাস্থ্যকেন্দ্ৰত গৈ চিকিৎসা গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছে প্ৰশাসনে৷ জোনাইৰ দৰে প্ৰায় একেই ব্যৱস্থা ৰাজ্যৰ অন্য প্ৰান্ততো গ্ৰহণ কৰিছে চৰকাৰ-প্ৰশাসনে।

২০১১ চনৰ লোকপিয়লৰ তথ্য অনুসৰি জোনাইৰ মুঠ জনসংখ্যা হৈছে, ১,৬৯,৮৯৮ জন। প্ৰতি বৰ্গ কিলোমিটাৰৰ গড় জনসংখ্যা হৈছে ১৫৬জন। স্বাভাৱিকতেই এই জনসংখ্যা ১৩ বছৰ পাছত যথেষ্ট পৰিমাণে বৃদ্ধি পাইছে। কিন্তু ২০১১ চনৰ পৰিসংখ্যাকেই ভিত্তি হিচাপে ল’লেও দেখা যায় যে, চৰকাৰে গ্ৰহণ কৰা প্ৰতিৰোধ ব্যৱস্থা এপাচি শাকত এটা জালুকৰ দৰে।

সংবাদমেল সম্বোধন কৰি দেওবাৰে ধেমাজি জিলা অসামৰিক চিকিত্সালয়ৰ মুখ্য স্বাস্থ্য বিষয়া ডাঃ কিশোৰ কুমাৰ কামানে উল্লেখ কৰিছিল যে, জোনাই মহকুমাত জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হোৱা ব্যক্তিসকলৰ ঘৰ জোনাইৰ লক্ষী নেপালী বস্তি, জোনকাৰেং, ৩ নং চিমেন চাপৰি, বেকেলী, লাইমেকুৰী বুঢ়ীসূতী আৰু জোনাই বজাৰত। কিন্তু পৰিসংখ্যালৈ লক্ষ্য কৰিলে দেখা যায় যে, লক্ষী নেপালী অঞ্চলতেই জনসংখ্যাৰ হাৰ (২০১১ চনৰ তথ্য অনুসৰি) ৫,৩৪৮জন। আৰু সমগ্ৰ জোনাই মহকুমাৰ মাত্ৰ ৪,৫৭১ গৰাকী লোকৰ তেজৰ নমুনা সংগ্ৰহ কৰা হৈছে, ৮,৯৫৬ খন আঁঠুৱা ঔষধিকৰণ কৰা হৈছে। অৰ্থাত্ জোনাই মহকুমাৰ মুঠ জনসংখ্যাৰ মাত্ৰ ২.৭০ শতাংশ লোকৰহে তেজৰ নমুনা সংগ্ৰহ কৰা হৈছে।

ইয়াৰ সমান্তৰালকৈ এই ৰোগ প্ৰতিৰোধ কৰিবৰ বাবে যিদৰে সজাগতামূলক ব্যৱস্থা অসমৰ গাঁৱে-ভূঞে গ্ৰহণ কৰিব লাগিছিল, সেই অনুপাতে ব্যৱস্থা লোৱা দেখিবলৈ পোৱা নাই। গাঁৱে-ভূঞে, চহৰে-নগৰে, চুকে-কোণে চৰকাৰে ধোঁৱা দি মহ খেদোৱাৰ ব্যৱস্থা কৰিব লাগিছিল। কিন্তু সেয়াও কৰা নাই। কাৰ্যতঃ অসমৰ স্বাস্থ্য বিভাগটোৱে এতিয়া জাপানীজ এনকেফেলাইটিছ ৰোগক বাধা দিব পৰাকৈ কোনো প্ৰভাৱী ব্যৱস্থা গ্ৰহণ কৰিবলৈ সক্ষম নহয়।

জনতাক চমক দিবলৈ চৰকাৰে এখনৰ পাছত এখনকৈ চিকিত্সালয়, চিকিত্সা মহাবিদ্যালয় খুলিছে। কিন্তু এইসমূহত নূন্যতম সা-সুবিধাবোৰেই উপলব্ধ নহয়। চিকিত্সক, পেৰা-মেডিকেল ষ্টাফৰ নাটনিৰ কথা নক’লোৱেইবা! দক্ষ মুখ্যমন্ত্ৰী বুলি গুণগান কৰি ফুৰা সময়ত হিমন্ত বিশ্ব শৰ্মাৰ এনে বিফলতাবোৰ ঢাকি ৰাখিব বিচৰা হৈছে নেকি? অসমৰ ৰাজনীতিত দীৰ্ঘকালৰ বাবে স্বাস্থ্যমন্ত্ৰীৰ দায়িত্বত থকাৰ পাছতো অসমৰ স্বাস্থ্যখণ্ডৰ এনে দুৰৱস্থাই বিজেপি চৰকাৰৰ উন্নয়নৰ চমক এবাৰতেই ধূলিত মিলাই দিলে। তাৰ পাছতো হিমন্ত বিশ্ব শৰ্মাই নৈতিক দায়িত্ব স্বীকাৰ কৰি পদত্যাগ কৰিবনে?

Janagana Desk

Janagana Barta News Desk, Guwahati.

Related Articles

Facebook Posts
This message is only visible to admins.
Problem displaying Facebook posts. Backup cache in use.
Click to show error
Error: Error validating access token: The session has been invalidated because the user changed their password or Facebook has changed the session for security reasons. Type: OAuthException
Most Discussed
Back To Top