Home E-paperভাৰতীয়ই সহিছে ঋণৰ বোজা: GDP বৃদ্ধি কেৱল সংখ্যাত, বাস্তৱ জীৱনত ঋণেই একমাত্ৰ ভৰষা !

ভাৰতীয়ই সহিছে ঋণৰ বোজা: GDP বৃদ্ধি কেৱল সংখ্যাত, বাস্তৱ জীৱনত ঋণেই একমাত্ৰ ভৰষা !

by Dr Netraranjan
GDP Vs Debt situation in India

ভাৰতীয় লোকৰ ওপৰত ঋণৰ বোজা দিনক দিনে বৃদ্ধি পাই এক ভয়ংকৰ ৰূপ লৈছে। ভাৰতীয় ৰিজাৰ্ভ বেংকৰ (RBI) বিত্তীয় সুস্থিৰতা (Financial Stability) প্ৰতিবেদনত এই তথ্য প্ৰকাশ পাইছে:

  • ঋণৰ বৃদ্ধি: যোৱা দুবছৰত মুঠ ঋণৰ বোজা প্ৰায় ২৩% বৃদ্ধি পাইছে।
  • বৰ্তমানৰ বোজা: বৰ্তমান প্ৰতিজন ভাৰতীয় লোকৰ মূৰৰ ওপৰত গড় হিচাপত ৪.৮ লাখ টকাৰ ঋণৰ বোজা। ২০২৩ চনত এই বোজা আছিল ৩.৯ লাখ টকা। অৰ্থাৎ, গড় হিচাপত প্ৰতিজন ভাৰতীয়ৰ ঋণৰ বোজা ৯০ হাজাৰ টকা বৃদ্ধি পাইছে।

ঋণৰ বোজা বৃদ্ধি পোৱাৰ অৰ্থ হ’ল ভাৰতীয় লোকসকলে পূৰ্বতকৈ অধিক হাৰত ঋণ লৈছে। ইয়াৰ ভিতৰত গৃহ ঋণ, ব্যক্তিগত ঋণ, ক্ৰেডিট কাৰ্ডৰ বকেয়া আৰু আন খুচুৰা ঋণো আছে।

উপভোক্তা ঋণৰ আগ্ৰাসন: নন-হাউছিং ঋণৰ আধিপত্য

ৰিজাৰ্ভ বেংকে প্ৰকাশ কৰা মতে, ভাৰতৰ মুঠ ঘৰুৱা উৎপাদনৰ (GDP) ৪২% ঋণ। কিন্তু এই ঋণৰ প্ৰকৃতিয়ে বিশেষ উদ্বেগৰ সৃষ্টি কৰিছে:

  • ননহাউছিং ঋণৰ দ্ৰুত বৃদ্ধি: ব্যক্তিগত ঋণ আৰু ক্ৰেডিট কাৰ্ডৰ জৰিয়তে লোৱা ঋণৰ দৰে নন-হাউছিং খুচুৰা ঋণ দ্ৰুত গতিত বৃদ্ধি পাইছে।
  • সৰ্বাধিক পৰিমাণ: আৰবিআই-ৰ তথ্য অনুসৰি, দেশৰ মুঠ ঘৰুৱা ঋণৰ ৫৪.৯% হ’ল নন-হাউছিং ঋণ। এই ঋণ মূলতঃ উপভোগত ব্যৱহাৰ কৰা হয়।
  • সম্পত্তিৰ দাম আৰু মধ্যবিত্তৰ সংকট: সম্পত্তিৰ দাম আয়তকৈ দুগুণ হাৰত বৃদ্ধি পোৱাৰ ফলত মধ্যবিত্তৰ বাবে ঘৰ ক্ৰয় এক দুঃস্বপ্ন হৈ পৰিছে। এই ঋণৰ বোজা বৃদ্ধিৰ প্ৰৱণতাই মধ্যবিত্ত ভাৰতীয় লোকক অধিক আৰ্থিক উদ্বেগৰ সন্মুখীন কৰি তুলিছে।

উন্নয়ন নে ‘ঋণনয়ন’? চৰকাৰী আঁচনিৰ বাস্তৱতা

চৰকাৰে Mudra Loan, PMAY, PMEGP আদিৰ জৰিয়তে ঋণ সুবিধাক উন্নয়ন বুলি প্ৰচাৰ কৰে। কিন্তু সমালোচকসকলৰ মতে, এয়া চৰকাৰৰ এক বিভ্ৰান্তিহে। চৰকাৰে লোকক ঋণ লোৱাৰ উৎসাহ যোগায়, কিন্তু সেই ঋণ উৎপাদন আৰু লাভত পৰিণত কৰাৰ বাবে কোনো কাঠামোগত সহায় আগবঢ়াবলৈ অপাৰগ। সামান্য আয় থকা ভাৰতীয় লোকক EMI-EMI কৰি জীৱন নিৰ্বাহ কৰিবলৈ বাধ্য কৰোৱা হৈছে। ইয়াৰ ফলত মানুহ বন্ধকী সামগ্ৰিলৈ ৰূপান্তৰিত হৈছে। চৰকাৰে ঋণৰ জৰিয়তে স্বনিৰ্ভৰতাৰ বাস্তৱ পথ দেখুওৱা নাই।

প্ৰৱাসী ভাৰতীয়ৰ বৰঙণি আৰু অৰ্থনৈতিক সুস্থিৰতা

ঋণৰ বোজা বৃদ্ধি পোৱাৰ সময়তো প্ৰৱাসী ভাৰতীয়সকলে দেশৰ অৰ্থনীতিত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আছে:

  • শীৰ্ষ স্থান: ৰিজাৰ্ভ বেংকৰ মতে, ভাৰত একেৰাহে এক দশকতকৈ অধিক সময় প্ৰৱাসী ভাৰতীয়ই প্ৰেৰণ কৰা ধনৰ ক্ষেত্ৰত শীৰ্ষ স্থানত আছে।
  • বাণিজ্য ঘাটিৰ অংশ: যোৱা বিত্তীয় বৰ্ষত ভাৰতৰ বাণিজ্য ঘাটি আছিল ২৮৭০০ কোটি ডলাৰ, যাৰে ৪৭% অংশ পূৰণ কৰিছিল প্ৰৱাসী ভাৰতীয়ই প্ৰেৰণ কৰা ধনেৰে।

সামঞ্জস্যপূর্ণ অৰ্থনীতিৰ প্ৰয়োজনীয়তা

দেশৰ অৰ্থনীতি যিমানেই বৃদ্ধি পাওক, সাধাৰণ নাগৰিকৰ ওপৰত ঋণৰ বোজা সিমানেই বেছি হৈ গৈছে। ভাৰতত অৰ্থনৈতিক বৃদ্ধিৰ সৈতে সংগতি ৰাখি সামঞ্জস্যপূৰ্ণ আৰু অন্তৰ্ভুক্তিমূলক অৰ্থনীতি গঠন কৰা বিশেষ প্ৰয়োজন।

কেৱল GDP বৃদ্ধি বা দৰ্শনীয় সংখ্যাই সফলতা নহয়। সফলতা তেতিয়াহে, যেতিয়া সেই বৃদ্ধিয়ে সাধাৰণ নাগৰিকৰ ওপৰত আৰ্থিক স্বাচ্ছন্দ্য, উন্নয়ন, আৰু সুৰক্ষা আনিব। সাৱধান হওক, উন্নয়নৰ সন্ধানত ঋণৰ কাষ চাপি নাযাব।

You may also like