Skip to content

আলু-পিঁয়াজৰ খেতিত চৰকাৰে গুৰুত্ব দিয়ক

Tapan Kumar Sharma
July 23, 20243 second read
আলু-পিঁয়াজৰ খেতিত চৰকাৰে গুৰুত্ব দিয়ক

অসমীয়া সমাজত খাদ্য হিচাপে ব্যৱহাৰ কৰা গুৰুত্বপূৰ্ণ খাদ্য হৈছে আলু৷ বাতৰি কাকতত পোৱা এক তথ্য মতে, অসমক বছৰি প্ৰায় ৪০ লাখ টন আলুৰ প্ৰয়োজন হয়৷ অৰ্থাৎ অসমক দৈনিক ২ লাখ কিলোগ্ৰাম (১০০ ট্ৰাক) আলুৰ দৰকাৰ৷ অকল গুৱাহাটীকে দৈনিক ৩০০ টন আলু লাগে৷ ৪০ লাখ টন চাহিদা থকা আলুৰ বিপৰীতে অসমে উৎপাদন কৰে মাত্ৰ ১১.৫০ লাখ মেট্ৰিক টন আলু৷ অৰ্থা মুঠ চাহিদাৰ ৩৯ শতাংশ৷ অসমে বছৰি ১৭.৫০ লাখ মেট্ৰিক টন আলু বহিঃৰাজ্যৰ পৰা আমদানি কৰে৷ অসমলৈ আলু আহে প্ৰধানকৈ উত্তৰ প্ৰদেশ, অন্ধ্ৰপ্ৰদেশ, পশ্চিমবংগ আদিৰ পৰা৷ অসমৰ চুবুৰীয়া ৰাজ্য মেঘালয়ৰ পৰাও কিছু পৰিমাণে আলু অসমলৈ আহে৷ এইদৰে বহিঃৰাজ্যৰ পৰা আলু আমদানি কৰাৰ নামত বছৰি অসমৰ পৰা বহিঃৰাজ্যলৈ ওলাই যায় প্ৰায় ৪,৫০০ কোটি টকা৷ এনে হোৱাৰ ফলত অসমৰ অৰ্থনীতিত মাধমাৰ পৰিছে৷

অসমে আলুৰ দৰে এটি সাধাৰণ কৃষিত স্বাৱলম্বী হ’ব পৰা নাই কিয় সেয়া এক চিন্তনীয় বিষয়৷ অৱশ্যে অকল আলু বুলিয়েই নহয়, কণী, মাছ, মাংস, গাখীৰ ইত্যাদি ভালেমান সামগ্ৰী বহিঃৰাজ্যৰ পৰা আমদানি কৰাৰ ফলতো কোটি কোটি টকা ওলাই গৈ আছে৷ কিন্তু অসমীয়া সমাজৰ গুৰুত্বপূৰ্ণ খাদ্য আলুৰ ক্ষেত্ৰত যদি সম্পূৰ্ণ ৰূপে অসমে আত্মনিৰ্ভৰশীল হোৱাৰ সক্ষমতা অৰ্জন কৰিব পাৰে তেনে’লে অসম তথা সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত ২,৬০০ কোটি টকাৰ এখন বৃহৎ বজাৰ আছে৷ এই বজাৰ আমি আমাৰ নিয়ন্ত্ৰণলৈ আনিবই লাগিব৷ আনহাতে অসমত প্ৰায় ১ লাখ হেক্টৰত আলু খেতি কৰা হয়৷ আলুৰ উৎপাদিকা শক্তি প্ৰতি হেক্টৰত মাত্ৰ ১১ মেট্ৰিক টন৷ ৰাষ্ট্ৰীয় গড় প্ৰতি হেক্টৰত ২৩ মেট্ৰিক টন৷

অসমৰ বৰপেটা জিলাত বেছিকৈ আলু খেতি হয়৷ তদুপৰি হোজাই লংকা, দলগাঁও, খাৰুপেটীয়া, মন্দিয়া, ধুবুৰীতো ব্যাপক হাৰত আলু খেতি কৰা হয়৷ এইখিনিতে মন কৰিবলগীয়া যে আলু আৰু পিঁয়াজৰ দৰে অত্যন্ত চাহিদা থকা ব্যৱসায়ক লৈ অসমত পূৰ্বৰে পৰা এখন বজাৰ চলি আছে৷ এনে এখন গুৰুত্বপূৰ্ণ বজাৰ সম্প্ৰতি কেতবোৰ কাৰণত নিয়ন্ত্ৰণহীন হৈ পৰিছে। অৱশ্যে মাজে সময়ে ৰাজ্য চৰকাৰৰ খাদ্য আৰু যোগান বিভাগে কেতবোৰ নীতি-নিয়ম সততে আৰোপ কৰে যদিও সেইবোৰ আজিলৈকে কোনো কামত অহা পৰিলক্ষিত হোৱা নাই৷ খাদ্য আৰু যোগান বিভাগে কেৱল পাইকাৰী বিক্ৰেতাসকলৰ সৈতে কেতবোৰ আলোচনাতেই সীমাবদ্ধ ৰাখে নিয়ন্ত্ৰণ বিভাগে৷ মুঠতে একমাত্ৰ পাইকাৰী বিক্ৰেতাসকলৰ ওপৰতেই নিৰ্ভৰ কৰে অসমৰ আলু-পিঁয়াজৰ বজাৰখন৷

শেহতীয়াভাৱে অসম চৰকাৰৰ কৃষি বিভাগে ৰাজ্যত প্ৰয়োজনীয় খাদ্য সামগ্ৰী উৎপাদন প্ৰক্ৰিয়া ত্বৰান্বিত কৰাৰ বাবে কৃষকসকললৈ কেতবোৰ বিশেষ আঁচনিৰ সুবিধা আগবঢ়াইছে৷ এনে আঁচনিৰ সুবিধা কিছু সংখ্যক কৃষকে লাভ কৰিছেও৷ তৎস্বত্বেও অসমত নিৰ্দিষ্ট সংখ্যক চাহিদা অনুপাতে বৃদ্ধি পোৱা নাই আলুৰ উৎপাদন৷ অসমৰ কেতবোৰ জিলাত শেহতীয়াভাৱে আলুৰ উৎপাদন কিছু বৃদ্ধি পাইছে যদিও শীতলীকৃত ভঁৰালৰ অভাৱত কিছুমান কৃষকে অভাৱনীয় লোকচানৰ সন্মুখীন হৈছে৷ এনে লোকচানৰ ফলত কিছুমান কৃষক বাৰুকৈয়ে দেউলীয়া হৈ পৰিছে৷ অসমত আজিলৈকে পৰ্যাপ্ত পৰিমাণৰ শীতলীকৃত ভঁৰালৰ অভাৱ৷ বাতৰি কাকতত প্ৰকাশ পোৱা তথ্য মতে, অসমত মাথো ৩০টাহে শীতলীকৃত ভঁৰাল আছে৷ তাকো তেনে ভঁৰালত আলু থয় ডাঙৰ কৃষক, ডাঙৰ ব্যৱসায়ীয়ে৷ অসমে যদি আমদানি কৰি থকা সমুদায় আলু অসমত উৎপাদন হয় আৰু তেন্তে আলু বেয়া নোহোৱাকৈ বেছিদিন ৰাখিব লগা হয় তেতিয়া অন্তত কমেও ১০০০টাৰো অধিক শীতলীকৃত ভঁৰালৰ আৱশ্যক হ’ব অসমত৷ কিন্তু বৰ্তমান নগণ্য সংখ্যক শীতলীকৃত ভঁৰালে কিদৰে অসমৰ কৃষকৰ অভাৱ দূৰ কৰিব পাৰিব, সেয়া এক চিন্তনীয় বিষয়৷

আলুৰ পিছত পিঁয়াজ উপাদনতো অসম স্বাৱলম্বী নহয়৷ এইখিনিতে তাৎপৰ্যপূৰ্ণ যে দেশত পিঁয়াজৰ গড় উৎপাদন হেক্টৰে প্ৰতি ১৬.৭৯ মেট্ৰিক টন হোৱাৰ বিপৰীতে অসমত মাত্ৰ ৩.৬২ মেট্ৰিকটন৷ চীনৰ পিছতে বিশ্বৰ দ্বিতীয় বৃহৎ পিঁয়াজ উৎপাদনকাৰী দেশ হ’ল ভাৰত৷ ২০১২ চনত দেশত উৎপাদিত পিঁয়াজৰ পৰিমাণ আছিল ১৬০ লাখ মেট্ৰিক টনৰো অধিক৷ অসমত পিঁয়াজৰ চাহিদা ৪.৫০ লাখ মেট্ৰিক টন চাহিদাৰ বিপৰীতে উৎপাদন হয় মাত্ৰ ৮৫ হাজাৰ মেট্ৰিক টন অৰ্থাৎ মুঠ চাহিদাৰ মাত্ৰ ১৮ শতাংশ৷ অৰ্থাৎ অসমলৈ বছৰি ৩.৫৬ লাখ মেট্ৰিক টন পিঁয়াজ বহিঃৰাজ্যৰ পৰা এতিয়াও আমদানি কৰি থকা হৈছে৷ অকল গুৱাহাটী মহানগৰীত প্ৰতিদিনে বিক্ৰী হয় প্ৰায় ৬০ মেট্ৰিক টন পিঁয়াজ৷ অসমকে ধৰি সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ পিঁয়াজৰ চাহিদা হ’ল প্ৰতি সপ্তাহত ২০০০ মেট্ৰিক টন৷

অসমলৈ সাধাৰণতে পিঁয়াজ আহে মহাৰাষ্ট্ৰৰ নাছিক, ইন্দোৰ, ৰাজস্থান, বাংগালুৰু আৰু পাটনাৰ পৰা৷ পিঁয়াজ খেতিৰ বাবে অসমৰ ভূমি অতি উপযোগী৷ কিন্তু তৎস্বত্বেও পিঁয়াজৰ খেতিৰ ওপৰত আজিও যথোচিত গুৰুত্ব দিয়া হোৱা নাই৷ তাৎপৰ্যপূৰ্ণ যে পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ দিনত ৰাজ্যৰ কৃষি বিভাগে ‘পিঁয়াজ মিছন’ আৰু ‘মুখ্যমন্ত্ৰী পিঁয়াজ উৎপাদন অভিযান’ আঁচনিৰ ৰূপায়ণ কৰাৰ অৰ্থে ২১ খন জিলাক সামৰি অতিৰিক্তভাবে ২০০০ হেক্টৰ কৃষিভূমিত বৰ্তমানৰ ২৫০০০ মেট্ৰিক টৰ বিপৰীতে ১ লাখ মেট্ৰিক টন পিঁয়াজ উৎপাদনৰ লক্ষ্য নিৰ্ধাৰণ কৰিছিল৷ আনহাতে, উক্ত আঁচনি দুখনৰ খেতি কৰিবলৈ ‘national horticulture research and development foundation’ৰ দ্বাৰা উদ্ভাৱন কৰা ‘এগ্ৰিফাউণ্ড নাইটৰেড’ নামৰ এক উন্নত জাতৰ বীজ নিৰ্বাচিত কৃষকৰ মাজত বিনামূলীয়াকৈ বিতৰণ কৰিবলৈ বিশেষ ব্যৱস্থাও লোৱা হৈছিল যদিও পিঁয়াজ উৎপাদনত ৰাজ্যখনৰ ঘৰুৱা চাহিদা পূৰণ কৰিবলৈ সক্ষম নহ’ল৷

অসম চৰকাৰৰ অন্যতম দুৰ্নীতিগ্ৰস্ত আৰু পৰিকল্পনাবিহীন বিভাগ হিচাপে পৰিগণিত হোৱা কৃষি বিভাগে এনেদৰে মাজে সময়ে চমক সৃষ্টিৰ উদ্দেশ্যেৰে বিভিন্ন সময়ত একোখনকৈ অভিলাষী আঁচনি আৰু অভিলেখ উৎপাদন আদিৰ কথা জাহিৰ কৰি থাকে যদিও বাস্তৱত কিন্তু ৰাজ্যখনত কৃষিখণ্ডৰ চমকপ্ৰদ প্ৰদৰ্শন বা সাফল্য পৰিলক্ষিত হোৱা নাই৷ আনহাতে, কৃষি বিভাগৰ দুৰ্নীতি আৰু অকৰ্মণ্যতাৰ বাবেই ৰাজ্যখনৰ বহু কৃষকে ইতিমধ্যে খেতিপথাৰ বাদ দি বহিঃৰাজ্যলৈ শ্ৰমিকৰ ৰূপত যাবলৈ বাধ্য হৈছে৷

পিঁয়াজ উৎপাদনত স্বাৱলম্বী হোৱাৰ সপোন দেখুওৱা চৰকাৰ বাহাদুৰবোৰে আজিও অসমত প্ৰয়োজনসংখ্যক শীতলীকৰণ ভঁৰাল স্থাপন কৰিবলৈ সক্ষম নহ’ল৷ অথচ উপযুক্ত সংৰক্ষণৰ অভাৱত শস্য নষ্ট হোৱাৰ ফলত কৃষকে লোকচান ভৰিবলগা পৰিস্থিতিৰ প্ৰতিবছৰে উদ্ভৱ হৈ আহিছে৷ আমাৰ বোধেৰে আলু আৰু পিঁয়াজৰ উৎপাদন চাহিদা অনুযায়ী বৃদ্ধি কৰিবলৈ হ’বলে কেইটিমান পৰামৰ্শ কৃষি বিভাগ আৰু অসম চৰকাৰে ল’বই লাগিব৷ লগতে আলু আৰু পিঁয়াজক অসম চৰকাৰে জাতীয় কৃষি হিচাপে ঘোষণা কৰিব লাগিব৷

(১) কেৱল আলু-পিঁয়াজ বুলিয়ে নহয়, অসমক ভাৰতৰ পাঁচখন আগশাৰীৰ ৰাজ্য হিচাপে প্ৰতিষ্ঠিত কৰাৰ স্বাৰ্থত কেৱল শ্ল’গানধৰ্মী কথাৰে নহ’ব৷ ইয়াৰ বাবে লাগিব এক কৰ্মোদ্যমী মানসিকতা আৰু উদ্যম৷ অসমৰ কৃষি বিভাগক পথাৰলৈ লৈ যাব লাগিব৷ কৃষি কাৰ্যত প্ৰযুক্তিৰ ব্যৱহাৰ, উন্নত ফচল, উপযুক্ত বজাৰ, কৃষি আৰু খেতিয়কৰ নিৰাপত্তা নিশ্চিত কৰিব লাগিব৷

(২) অসমৰ কৃষকসকলৰ মাজত স্বনিৰ্ভৰশীল বাণিজ্যিক মানসিকতা গঢ়ি তুলিব লাগিব৷ অসমৰ কৃষকসকল অকৰ্মণ্য নহয়, কেৱল তেওঁলোকৰ কৃষি সম্পৰ্কত এক দীৰ্ঘম্যাদী পৰিকল্পনাৰ অংশীদাৰ হ’বলৈ আগবঢ়াই লৈ যাব লাগিব৷ লগতে কৃষিক পেছা হিচাপে ল’বলৈ ঘৰখনৰ অন্যান্য নিৰাপত্তা নিশ্চিত কৰি তুলিব লাগিব৷

(৩) অসমৰ মুঠ জনসংখ্যাৰ প্ৰায় ৫৪.২ লাখ পৰিয়ালেহে উপাৰ্জনৰ বাবে কৃষিকৰ্ম কৰে৷ অসমত মুঠ গাঁৱৰ সংখ্যা ২৬,৩১৫ খনৰ বিপৰীতে খেতিয়কৰ সংখ্যা হ’ল ৩১,৩৮,৫৫৪ জন৷ এতিয়া এনে কৃষকসকলৰ মাজত উন্নত প্ৰশিক্ষণ, সজাগতা সৃষ্টি, জলসিঞ্চন, কৃষি ঋণ, উপযুক্ত বজাৰ, বৈজ্ঞানিক পদ্ধতিৰ প্ৰচলনত সজাগতা, কৃষকসকলক সংগঠিত কৰা, উন্নত বীজ যোগান ধৰা আদি ব্যৱস্থাসমূহ তৎকালে গ্ৰহণ কৰা৷

(৪) কৃষি বিভাগ একমাত্ৰ কৃষকৰ বাবেহে হোৱা উচিত৷ বিভাগৰ মজিয়াত দীৰ্ঘদিন ধৰি মাফিয়াগিৰি আৰু দালালগিৰি কৰি অহা সুবিধাবাদী ঠিকাদাৰ, এচাম দালাল, কমিছনৰাজ চলোৱা আৰু মধ্যভোগীবোৰক সমূলাঞ্চে উৎখাত কৰি কৃষি বিভাগটো কৃষকৰ বন্ধু হোৱা উচিত৷ এক কথাত কৃষি বিভাগত এখন ফলক আঁৰি থোৱা ভাল- ‘আমি কেৱল কৃষি, কৃষি পথাৰ আৰু কৃষকৰ বাবেহে’৷

(৫) অসমৰ কৃষক সমাজক এক নিৰ্দিষ্ট স্বপ্নৰ মাজত বন্দী কৰি ৰাখিব লাগিব৷ কৃষকসকলে প্ৰতিযোগিতাৰ মানসিকতা গঢ়ি তুলিব লাগিব৷ প্ৰত্যেকজন কৃষক ক্ৰেতাৰ পৰিৱৰ্তে বিক্ৰেতালৈ ৰূপান্তৰিত হ’ব লাগিব৷ আৰু তেওঁলোকৰ মাজত ৰপ্তানি মানসিকতা গা কৰি উঠিব লাগিব৷ অসমৰ কৃষকে নিজৰ বাবেই কৃষিকাৰ্য নকৰি, অসমৰ আত্মনিৰ্ভৰশীল অৰ্থনীতি চিৰস্থায়ীভাবে গঢ়ি তুলিবলৈ আৰু অসমক ভাৰতৰ পাঁচখন শ্ৰেষ্ঠ ৰাজ্য হিচাপে গঢ়িবলৈ কৃষি কৰ্ম কৰা উচিত৷

Tapan Kumar Sharma

Activist, Columnist

Related Articles

Facebook Posts
This message is only visible to admins.
Problem displaying Facebook posts. Backup cache in use.
Click to show error
Error: Error validating access token: The session has been invalidated because the user changed their password or Facebook has changed the session for security reasons. Type: OAuthException
Most Discussed
Back To Top