Skip to content

মৎস্য উত্পাদনত স্বাৱলম্বী হওঁ আহক

Tapan Kumar Sharma
September 8, 202411 second read


▪ তপন কুমাৰ শৰ্মা


অসমীয়া মানুহে প্ৰচুৰ পৰিমাণে মাছ খায়। এনে এটা দিন আছিল, ভাতৰ পাতত মাছ নহ’লে অসমীয়াৰ খাদ্য যেন আধৰুৱা হৈ পৰিছিল। আকৌ সেই মাছে আছিল নিজৰ খাল-বিলত পোৱা ৰৌ, বাহু, ভকুৱা, শ’ল, মাগুৰ ইত্যাদি। এটা হিচাপ অনুযায়ী এজন মানুহে যদি বছৰেকত ১১ কেজিকৈ মাছ খায়, তেন্তে অসমত বছৰি ২.৬০ লাখ মেট্ৰিক টন মাছৰ প্ৰয়োজন হয়।
অসম চৰকাৰৰ মীন বিভাগৰ এটা তথ্য মতে ৰাজ্য চৰকাৰৰ মীন বিভাগৰ অধীনতেই অসমত ২,৮৫,৭৫৫টা পুখুৰী, ৪৩০খন পঞ্জীয়নকৃত বিল, ৬৭৭খন অপঞ্জীয়নকৃত বিল, প্রায় ১০ হেজাৰৰো অধিক জলাশয় আৰু ১৭৭টাৰো অধিক ৰিভাৰ ফিছাৰীকে ধৰি ১,৮০,৮৩০ হেক্টৰ অঞ্চলৰ মুঠ ২,৯৭,০৩১টা পুখুৰী, বিল, জলাশয় আছে। তদুপৰি অসমত মীন বিভাগ এটা আছে। মীন উন্নয়ন নিগম নামৰ আন এটা সংস্থাও আছে। কিন্তু তৎসত্ত্বেও অসমৰ তিনি কোটি ১৬ লাখ লোকৰ বাবে প্রয়োজনীয় থলুৱা মাছ উত্পাদনৰ পদক্ষেপেৰে মীন বিভাগে আশা পূৰণ কৰিব পৰা নাই কিয়? নক’লেও হ’ব মীন বিভাগৰ নতুন চিন্তা-ভাবনা, পৰিকল্পনা, নতুন বৈজ্ঞানিক দৃষ্টিভংগী আৰু ৰাজ্যখনক এই ক্ষেত্রত স্বনির্ভৰশীল কৰি গঢ়ি তুলিবলৈ এক নতুন আৰু দৃঢ় সংকল্প নোহোৱাৰ বাবেই আজিও অসমে কোটি কোটি টকা মাছ আমদানিৰ নামত খৰচ কৰিবলগীয়া হৈছে। যাৰ ফলত অসমৰ অর্থনীতিত এক প্ৰচণ্ড মাধমাৰ পৰিছে। এটা কথা আমি ক’বই লাগিব যে এটা শিষ্ট ৰুচিবান, পৰিশ্ৰমী, আত্মবিশ্বাসী আৰু সাহসী, জাতিৰ পৰিচয়েৰে যদি আত্মমর্যাদা প্রতিষ্ঠাৰ সুযোগ অসমীয়াই ল’ব খোজে তেনেহ’লে মীন বিভাগটোক স্ব নিৰ্ভৰশীল কৰি গঢ়ি তোলাৰ লগতে শক্তিশালী জাতীয় অৰ্থনীতিৰ বুনিয়াদ হিচাপেও গঢ়ি তুলিব লাগিব। এইখিনিতে প্ৰাসংগিক যে, অসমক এখন স্বনিৰ্ভৰশীল ৰাজ্য হিচাপে গঢ়ি তোলাৰ স্বাৰ্থত তথা অসমক এখন বিকাশশীল আৰু সমৃদ্ধিশালী ৰাজ্য হিচাপে গঢ়ি তোলাৰ উপৰি এক শক্তিশালী জাতীয় অৰ্থনীতিৰ বুনিয়াদ হিচাপে মীন পালন, কৃষি আৰু পশুপালন এই তিনিটা ৰাজ্যৰ বৃহত্ বিভাগে এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব পাৰে। ন’কলেও হ’ব ৰাজ্যৰ তিনি কোটি ১৬ লাখ জনসংখ্যাৰ চাহিদাৰ বিপৰীতে বহু কমকৈ উত্পাদন হোৱাৰ বাবেই ৰাজ্যবাসীয়ে প্ৰতিটো মুহূৰ্ততে খাদ্য সামগ্ৰীৰ বাবে আন ৰাজ্যৰ ওচৰত নিৰ্ভৰশীল হ’ব লাগে। এই তিনিটা বিভাগৰ অকৰ্মন্যতাই নহয়, দুৰ্নীতিৰ বাবেও ৰাজ্যত আজি খাদ্য সামগ্ৰীৰ ভয়ংকৰ নাটনি হ’বলৈ পাইছে। বিভাগ তিনিটাত অদ্যপি শতাধিক আঁচনি ৰূপায়ণ হৈ আছে যদিও এই আঁচনি সাধাৰণ জনতাৰ ওচৰলৈ যোৱা নাই। ৰাজ্যৰ ২৭ লাখ কৃষক, মত্স পালক, পশুধন পালকে নাম নুশুনাকৈ থকা শতাধিক আঁচনিৰে কাৰ জেপ গধুৰ হৈ আছে সেয়া আৰু নতুনকৈ দোহৰাৰ প্রয়োজন নাই। বাস্তৱ ক্ষেত্ৰত চৰম ব্যর্থতাৰ পৰিচয় দিয়া কৃষি আৰু মীন বর্তমান বগা হাতীত পৰিণত হৈ পৰিছে।
অসমৰ দৰে এখন ৰাজ্য য’ত নেকি চাৰিওফালে নদ-নদী, জান- জুৰি, খাল-বিল, পুখুৰী, পতিত ভূমি তথা বিভিন্ন প্রাকৃতিক সা-সুবিধাৰে উভৈনদী হৈ মীন পালনৰ বাবে এখন সমৃদ্ধিশালী বহল ক্ষেত্র চকুৰ আগত পৰি আছে। তেনেস্থলত মাছ উৎপাদনৰ ক্ষেত্রত লজ্জাজনকভাৱে ব্যর্থ হৈ আহিছে মীন বিভাগ। বিভাগটোৱে মৎস্য উৎপাদনৰ নামত কেন্দ্ৰীয় চৰকাৰকে ধৰি ৰাষ্ট্ৰীয় কৃষি বিভাগ যোজনা, অসম কৃষি সামৰ্থবৰ্ষক প্ৰকল্পৰ অধীনত বছৰি কোটি কোটি টকা লাভ কৰি আহিছে যদিও বিবাগটোৰ বিষয়া কৰ্মীয়ে ৰাইজৰ ধন ভগাই খোৱাৰ অভিযোগ আছে। ৰাজ্যৰ মীন বিভাগটোৱে বছৰি বহু আঁচনি ৰূপায়ণ কৰি আহিছে। কিন্তু তাৰ সুফলো জানো ৰাইজে পাইছে? ৰাজ্যখনত চলি থকা মীন উন্নয়নৰ বিভিন্ন আঁচনিসমূহ এনে ধৰণৰ পতিত জলাশয় উন্নয়ন আঁচনি, মীন সম্প্রসাৰণ আৰু প্রশিক্ষণ আঁচনি, অনুসূচিত জাতিৰ বাবে গৃহ নির্মাণ আঁচনি, সঞ্চয় আৰু সাহায্য আঁচনি, মীন পালক, উন্নয়ন সংস্থা, অসম কৃষি সামর্থবর্ধক আঁচনি, অনুসূচিত জাতিৰ বাবে গৃহ নির্মাণ আঁচনি ‘Water Logged Area’ উন্নয়ন আঁচনি, মীন মহলৰ বাবে ঋণ আঁচনি, মীন পালন আঁচনি, আভ্যন্তৰীণ মীন মহল আঁচনি, প্রায়োগিক পুষ্টি সাধন আঁচনি, হাঁহ পোৱালি আৰু মাছ আঁচনি, মাছৰ বাবে পুখুৰী সংৰক্ষণ আঁচনি, বিল মীন মহল আঁচনি, নদীৰ মীন মহল আঁচনি, মীন খাদ্য পাম আঁচনি, মীন সংগ্ৰহ আৰু বিতৰণ আঁচনি, মাছ পৰিবহণ আৰু বেচা-কিনা আঁচনি, মীন পালকৰ কল্যাণ আঁচনি ইত্যাদি। প্রিয় পাঠক, মীন বিভাগে ৰূপায়ণ কৰি থকা এনেবোৰ আঁচনিৰ কথা আপুনি বাৰু কেতিয়াবা শুনিছেনে? আপুনি নুশুনিলেও বিভাগৰ ফাইলত ঠিকেই ৰূপায়ণ হৈ আছে এনেবোৰ অস্তিত্বহীন আঁচনি।
এইখিনিতে তাৎপর্যপূর্ণ ৰাজ্যৰ বাস্তৱ ক্ষেত্রত চৰম ব্যর্থতাৰ পৰিচয় দিয়া সত্ত্বেও মীন বিভাগে দেশৰ ভিতৰতে শ্রেষ্ঠ মীন বিভাগ হিচাপে ২০০৮ত বঁটা লাভ কৰিছিল ভাৰতীয় মৎস্য সংস্থা আৰু কেন্দ্রীয় মীন শিক্ষা প্রতিষ্ঠানৰ পৰা। এয়া জানো কম আশ্চর্যকৰ কথা! অসম চৰকাৰৰ এক তথ্য মতে ২০১১-১২ত অসমত ২৪৩ হেজাৰ টনহে মাছ উৎপাদন হৈছিল। ইয়াৰ পাছৰ বছৰত অর্থাৎ ২০১২-১৩তো প্ৰায় একেই পৰিমাণৰ মাছ উৎপাদন হয়। ৰাজ্য চৰকাৰৰ ‘মুখ্যমন্ত্রী মৎস্য মিত্র আঁচনিকে’ ধৰি মাছ উৎপাদন বৃদ্ধিৰ কে’বাখনো আঁচনি আছে। কেন্দ্রীয় চৰকাৰেও মাছব উৎপাদন বৃদ্ধিৰ বাবে প্ৰচুৰ যন দিছে। একাদশ পঞ্চবার্ষিক পৰিকল্পনাত বাজ্যৰ মীন বিভাগে ১৯,৫৭৩ লাখ টকা পায়। এই টকাৰ ২০০৭-২০১২ৰ ভিতৰত ১২,৩৪৩ লাখ টকা খৰচো কৰা হয়। তথাপি অসমত ২৪৩ হেজাৰ টনৰ বেছি মাছ উত্পাদন হোৱা নাই। বছৰে অসমত ২.৪৩ হেজাৰ টন মাছ উত্পাদন হয় যদিও দেশৰ অন্যান্য কিছুমান ৰাজ্যত ২০০০ টনৰো বেছি মাছ উত্পাদন হয়। অন্ধ্ৰ প্ৰদেশৰ দৰে ৰাজ্যত বছৰে দ্ৰুত গতিত মাছৰ উত্পাদন বৃদ্ধি হৈ আহিছে। লক্ষ্যণীয় যে ৰাজ্যত ৩.৯ লাখ হেক্টৰ জলাশয়, প্রায় ৫০০টা বৃহৎ বিলৰ লগতে পুখুৰী ফিচাৰী আদি আছে। কিন্তু থাকিলে কি হ’ব এই সমূহৰ উপযুক্ত আৰু বিজ্ঞানসম্মত ব্যৱহাৰ নোহোৱাত উৎপাদন বৃদ্ধি হোৱা নাই।
অসমৰ প্ৰাক্তন মুখ্যমন্ত্রী তৰুণ গগৈয়ে ২০১২ৰ পাঁচ জুনত অসমৰ মাছ উৎপাদন, চাহিদা আদিৰ সম্পৰ্কত কেন্দ্ৰীয় চৰকাৰক বিস্তৃত তথ্য দিছিল। তদানীন্তন মুখ্যমন্ত্রীয়ে কেন্দ্রীয় চৰকাৰক দিয়া তথ্যমতে অতি সম্প্রতি অসমত বছৰে গড়ে আঠ শতাংশ হাৰত মাছৰ চাহিদা বৃদ্ধি হৈছে। তথ্যমতে ২০০৭-০৮ত অসমত মাছৰ উৎপাদন আছিল ১৯০ নিযুত কিলোগ্রাম। সেই বছৰ চাহিদা ২০১০ নিযুত কিলোগ্রাম থকাৰ বাবেই ২০ নিযুত কিলোগ্রাম মাছ মাটি হৈছিল। সেই ঘাটি বাহিৰৰ পৰা আমদানিৰে পূৰণ কৰা হৈছিল বুলি কেন্দ্রীয় চৰকাৰক জনাই দিয়া হৈছিল। কিয়নো সেই বছৰ মাত্র ২০ নিযুত কিলোগ্ৰাম মাছেৰে অন্ধ্ৰপ্ৰদেশ, পশ্চিমবংগ, বিহাৰ আদিৰ পৰা আমদানি হৈছিল। চৰকাৰে কেন্দ্ৰক দিয়া তথ্য মতে ২০০৮-০৯ত অসমত উত্পাদিত ২০৩ নিযুত কিলোগ্ৰাম চাহিদা ২২৪ নিযুত কিলোগ্ৰাম ঘাটি, ১৮ নিযুত কিলোগ্ৰাম, ২০০৯-১০ত উৎপাদন ২১৮ নিযুত কিলোগ্রাম, চাহিদা ২৩৫ নিযুত কিলোগ্রাম, ঘাটি ১৭ নিযুত কিলোগ্রাম, ২০১০-১১ত উৎপাদন ২৩২ নিযুত কিলোগ্রাম, চাহিদা ২৪৮ নিযুত কিলোগ্রাম, ঘাটি ১৬ নিযুত কিলোগ্রাম, ২০১১-১২ত উৎপাদন ২৪৩ নিযুত কিলোগ্রাম, চাহিদা ২৬৩ নিযুত কিলোগ্রাম আৰু ঘাটি আছিল ২০ নিযুত কিলোগ্রাম। ২০১২-১৩ত অসমত মাছ উৎপাদন ২৭০ নিযুত কিলোগ্রাম হয় যদিও। চাহিদা আছিল ২৮৩ নিযুত কিলোগ্রাম। অর্থাৎ মাত্র ১৩ নিযুত কিলোগ্রাম মাছহে ঘাটি আছিল। সেইখিনি মাছ বাহিৰৰ পৰা আমদানি কৰা হয় বুলি কেন্দ্রক জনোৱা হৈছিল। গুৰুত্বপূর্ণ কথা, অসমত মাছ উৎপাদনৰ এনে তথ্য সম্পর্কত সন্দেহৰ সৃষ্টি হৈছে। কেন্দ্ৰীয় চৰকাৰৰ পৰা অধিক পৰিমাণৰ টকা আনিবৰ বাবেই উৎপাদন বেছি বুলি তদানীন্তন মুখ্যমন্ত্ৰীয়ে ২০১২ৰ জুনত কেন্দ্রীয় চৰকাৰক দেখুৱাইছিল নেকি? মাছৰ উৎপাদন, চাহিদাৰ ৰাজ্য চৰকাৰৰ এই তথ্য দেখিলে অসমৰ সচেতন প্রতিজন নাগৰিকৰে চকু কপালত উঠিব। কিয়নো যদি চাহিদাতকৈ অসমত মাছৰ উৎপাদন চৰকাৰে দেখুওৱাৰ দৰে ঘাটি মাত্র ১৩ নিযুত বা ২০ নিযুত কিলোগ্রামৰ ভিতৰতেই ২০০৭-০৮ৰ পৰা ২০১২-১৩লৈ সীমাবদ্ধ আছে, তেতিয়াহ’লে ৰাজ্যৰ যিকোনো বজাৰত স্থানীয়ভাৱে উৎপাদিত মাছ উভৈনদী হ’ব লাগিছিল। তেনে পৰিবেশ অসমৰ ৰাইজে প্রত্যক্ষ কৰিব পাৰিছেনে। প্রতি এটা স্থানীয় মাছৰ বিপৰীতে যিকোনো বজাৰত চাৰি-পাঁচটা আমদানিকৃত মাছহে দেখা যায়। ৰৌ, বৰালি, চিতল, ভকুৱা আদি দূৰৰ কথা, বজাৰত এতিয়া পশ্চিমবংগ, বিহাৰ, অন্ধ্ৰপ্ৰদেশৰ কাৱৈ, কুচিয়া, মাগুৰ, শিঙি মাছ ভৰি পৰিছে।
অন্ধ্ৰপ্রদেশৰ পৰা শশ কুইন্টল মাছ দৈনিক অসমলৈ আহি আছে। চৰকাৰে কেন্দ্রীয় চৰকাৰক দিয়া তথ্যমতে ২০১২-১৩তেই অসমত মাছৰ চাহিদা ২৮৩ নিযুত কিলোগ্রামৰ বিপৰীতে যদি উৎপাদন ২৭০ নিযুত কিলোগ্রাম আছিলেই তেতিয়াহ’লে বাহিৰৰ পৰা ইমান মাছ আহি আছে কিয়? মীন বিভাগে চাহিদা, মাছৰ উৎপাদনৰ তথ্যৰ ক’ৰবাত নিশ্চয় অনিয়ম কৰিছে। নহ’লে এনে ভয়ংকৰ ওলোটা তথ্য ওলাব কিয়?
এই পৰিস্থিতি এতিয়াও অনুৰূপ। অসম এতিয়াও মত্স্য উত্পাদনত স্বাৱলম্বী হোৱাগৈ নাই। এই ক্ষেত্ৰত চৰকাৰৰ যি কৰণীয় তাৰ পৰা বিভাগসমূহে মূৰ পোলোকা দিয়াৰ বাবেই এচাম মধ্যভোগীৰ সোণৰ কণী পৰা হাঁহত পৰিণত হৈছে এই বিভাগ তথা আঁচনিসমূহ।

Tapan Kumar Sharma

Activist, Columnist

Related Articles

Facebook Posts

6 days ago

জনগণ বাৰ্তা
📌হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত সুখ্যাৰ্তীৰে উৰ্তীৰ্ণ হোৱা শিবসাগৰৰ গনকপতিৰ বাসিন্দা শিবসাগৰ নিউলুক একাদমীৰ ছাত্ৰ অঞ্চীত শইকীয়াৰ সৈতে অপৰ্না ভৰালীৰ এক আছুতীয়া সাক্ষাৎকাৰ.... ... See MoreSee Less
View on Facebook

6 days ago

জনগণ বাৰ্তা
📌দক্ষিণ কামৰূপৰ সোণতলী টুপামাৰী সংযোগী পথত ভয়ংকৰ দৃশ্য....📌বৃহত্তৰ অঞ্চলটোৰ একমাত্ৰ গুৰুত্বপূৰ্ণ পথচোৱাত ঠায়ে ঠায়ে হৈ পৰিছে পুখুৰী সদৃশ....শ্বাহানুৰ ইছলাম, সোণতলী। ... See MoreSee Less
View on Facebook
📌বকোৰ বৰুৱা গাও পঞ্চায়তত PMAY-G ঘৰ প্ৰকৃত হিতাধিকাৰীক বঞ্চিত কৰি লাভ কৰিলে অচিনাকী বাসিন্দাই.... ... See MoreSee Less
View on Facebook
📌জনপ্ৰতিনিধিয়ে নাজানে অসমৰ মুখ্যমন্ত্ৰী কোন..... ... See MoreSee Less
View on Facebook
📌বিশ্বনাথৰ বাঘমাৰী চাহ বাগিছাৰ পুৰুব লাইনত সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ প্ৰয়াত সভাপতি তথা আদিবাসী জনগোষ্ঠীৰ জাতীয় নায়ক বজ্ৰ কণ্ঠ আচাৰ বাঘমৰা আঞ্চলিক সমিতিৰ উদ্যোগত প্ৰয়াত প্ৰদীপ নাগলৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান..... ... See MoreSee Less
View on Facebook
Most Discussed
Back To Top