সাম্প্ৰতিক ডিজিটেল যুগত “Virtual Assistant” ৰ ভূমিকাই এক গুৰুত্বপূৰ্ণ আকৰ্ষণ লাভ কৰিছে । বিশেষকৈ ডিজিটেল যুগত ইণ্টাৰনেটৰ মাধ্যমেৰে বিভিন্ন স্থানত বসবাস কৰা কৰ্মচাৰীৰ জৰিয়তে সময় আৰু খৰচ কমোৱা উদ্দেশ্য এই কেৰিয়াৰৰ গুৰুত্ব বাঢ়িছে আৰু লগতে ঘৰতে বহি চাকৰি কৰা সুযোগ যুৱ প্ৰজন্মই পাইছে।
এগৰাকী Virtual Assistant সাধাৰণতে ঘৰৰ পৰাই কাম কৰে আৰু যোগ্যতা ভিত্তিক তেওঁলোকৰ কাম সাধাৰণতে Administrative অথবা Technical কাম হয়। কিছুমান Virtual Assistant মাথোঁ এটা সংস্থাৰ বাবে মাহেকীয়া হিচাবে কাম কৰে আৰু আন কিছুমানে একে সময়তে বিভিন্ন সংস্থাৰ হৈ কাম কৰি উপাৰ্জন কৰে।
Virtual Assistant কৰা কিছুমান কামৰ উদাহৰণ হৈছে Administrative support, Customer service, Social media management, Email management, Data entry, Research, Transcription, Content management, Website management ইত্যাদি।
বিশেষকৈ কোৰোনা মহামাৰীৰ সময়ৰ পৰা বিশ্বত Virtual assistent ৰ চাকৰিৰ চাহিদা বৃদ্ধি পাইছে।
নিম্নতম বিনিয়োগ,আৰু বৰ্ধিত বিশ্বব্যাপী চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি Virtual assistent চাকৰি আজিৰ ডিজিটেল অৰ্থনীতিত এক আকৰ্ষণীয়, বহনক্ষম কেৰিয়াৰ।
পৰিবৰ্তিত সময় আৰু মোবাইল ইণ্টাৰনেটৰ যুগত আমাৰ যুৱ প্ৰজন্মই এনেকুৱা ধৰণৰ নতুন কেৰিয়াৰৰ বিষয়ে চিন্তা কৰিব পাৰে।






