Skip to content

সৎ পথেৰেও জীৱনত ধনী হব পাৰি..

Janagana Desk
October 17, 20242 second read

সচৰাচৰ আমাৰ মাজত এনে এটা ধাৰণা আছে যে কোনো ব্যক্তি ধনী হবলৈ হলে দুৰ্নীতি, প্ৰবঞ্চনা, নিষিদ্ধ ব্যৱসায়, অপৰাধ অথবা জন্ম সূত্ৰে ধনী হব লাগিব। এনে চমু পন্থাৰ প্ৰায় ভাগৰে শেষ পৰিণতি হয় জেল (অৱশ্যে কিছুমানে আকৌ দেশ ত্যাগ কৰি বাহিৰত লুকাই থকা শেহতীয়া ভাবে দেখা গৈছে)। জন্ম সূত্ৰে ধনী হোৱা ব্যক্তিৰ পথ সুগম হয় সঁচা পিছে নিজৰ কুস্বভাৱৰ ফলত আৰু ভুল সিদ্ধান্তৰ ফলত তেনে ব্যক্তিও সৰ্বহাৰা হোৱা বহু উদাহৰণ আছে। কিছুমানে আকৌ ভাগ্যক ধিয়াই জীৱন অতিবাহিত কৰে আৰু লটাৰিৰ ওপৰত আশা পালি ৰৈ থাকে, সেয়েহে ভাগ্যৰ ৰেখাৰ ওপৰত মন্তব্য দিবলৈ নাজাও।

এতিয়া আহো মূল কথা লৈ: এজন সৎ পথেৰে ধনী হোৱা ব্যক্তিৰ সফলতাৰ চাবি কাঠি কি ?

(১) যি ব্যক্তিয়ে সঞ্চয় আৰু বিনিয়োগক অগ্ৰাধিকাৰ দিয়ে তেনে ব্যক্তিয়ে সাধাৰণতে জীৱনত অৰ্থ সংগ্ৰহ কৰিবলৈ সমৰ্থ হয়। তেওঁলোকে বিবেচনামূলক ব্যয়ৰ পূৰ্বে উপাৰ্জনৰ এটা অংশ ধাৰাবাহিকভাৱে বিনিয়োগ কৰি সম্পদ সৃষ্টি কৰে।

(২) ধনী ব্যক্তিয়ে বিলাসীতা আৰু আৱশ্যকীয়তাৰ মাজৰ সূক্ষ্ম পাৰ্থক্য ভালদৰে বুজি পায় আৰু কেতিয়াও অবাবত ধন খৰচ নকৰে, তেনে ব্যক্তিয়ে নিজৰ আয়ৰ এক নিৰ্দিষ্ট শতাংশহে বিলাসীতাত খৰচ কৰে।

(৩) এনে ব্যক্তিয়ে কেতিয়াও অবাবত সময় নষ্ট নকৰে আৰু সদায় গঠন মূলক কামত হে ব্যস্ত থাকে আৰু ইয়াৰ ফলত তেওঁলোকে এটা উপাৰ্জনৰ পথৰ উপৰত নিৰ্ভৰ নকৰি বিত্তীয় স্থিৰতাৰ বাবে একাধিক উপাৰ্জনৰ উপাই গঢ়ি তোলে। চমুকৈ কবলৈ গলে আমাৰ প্ৰতিজনৰে কিবা এটা ভাল লগা কাম আছে যদি আমি সেই কামটোতে মন দি কিবা এটা নতুন চিন্তা কৰোঁ, তেতিয়া উপাৰ্জনৰ এটা নতুন পথ খোল খাই যাব পাৰে। It’s never too late ! হৰলেণ্ড সন্দাৰে জীৱনৰ ৬৫ বছৰত KFC ব্যৱসায় আৰম্ভ কৰিছিল !

(৪) এওঁলোকে সদায় নতুন কলা বা জ্ঞান আহৰণ কৰি নিজকে পৰিবৰ্তিত সময়ৰ লগত মিলাই ৰাখে আৰু নিজৰ কলা/ জ্ঞানৰ মাধ্যমেৰে এওঁলোকে অধিক উপাৰ্জন কৰিবলৈ সমৰ্থ হয় তথা উচিত সিদ্ধান্ত লবলৈ সক্ষম হয়।

(৫) ধনী ব্যক্তিসকলে ভাল আৰু বেয়া ঋণৰ মাজৰ পাৰ্থক্য বুজি পায় । ঋণ পৰিশোধ কৰাৰ পৰিকল্পনা নিশ্চিত কৰি তথা তাৰ পৰা আৰু অধিক উপাৰ্জন সৃষ্টি কৰিব পৰা কাৰ্য্যতহে তেওঁলোকে ঋণ লয়। যি লোকে বিলাসীতা আৰু সমাজত মিছা অহংকাৰ দেখুৱাবলৈ ঋণ লয়, তেওঁলোক ভবিষ্যতৰ বাবে আৰ্থিক পুঁজি তৈয়াৰ কৰিবলৈ সমৰ্থ নহয় কিয়নো তেওঁলোকৰ জীৱন EMI দি থাকোঁতে পাৰ হৈ যায়।

(৬) সৎ পথেৰে ধনী হোৱা ব্যক্তিৰ বিত্তীয় সম্বন্ধে সম্যক জ্ঞান থাকে আৰু তাৰ ফলত তেওঁলোকে কম সময়ত দুগুণ হোৱা ধৰণৰ প্ৰবঞ্চকৰ পৰা হাত সাৰিব পাৰে। এনে ব্যক্তিয়ে ভালদৰে বুজি পায় যে বেংকত পইছা জমা থৈ কোনেও ধনী হব নোৱাৰে বৰং মুদ্ৰা স্ফিতিৰ ফলত জমা ধনৰ মূল্য লাহে লাহে সময়ত কমিহে যায়।

(৭) বৰ্ধিত চিকিৎসা সেৱাৰ ব্যয়ৰ প্ৰতি লক্ষ্য ৰাখি সাধাৰণতে এনে ব্যক্তিৰ পৰ্য্যাপ্ত চিকিৎসা বীমা থাকে। কিয়নো বীমা নাথাকিলে আজিকালি বহু ব্যক্তি চিকিৎসাৰ বাবেও সৰ্বহাৰা হোৱা দেখা যায়। অৱশ্যে বেছি ভাগ বীমা এজেণ্ট নিজৰ মুনাফাৰ বাবে Tax, Investment আৰু Insurance সানমিহলি কৰি এক প্ৰকাৰ গ্ৰাহকক বিপথে পৰিচালিত কৰে।

পৰবৰ্তী লিখনি বোৰত আমি ৰাইজক বিতং ভাবে বুজাম এজন মধ্যবিত্ত শ্ৰেণীৰ ব্যক্তিয়ে বিনিয়োগৰ ক্ষেত্ৰত কি কি উপাই অৱলম্বন কৰিব পাৰে। জীৱন উপভোগ নিশ্চয় কৰক, পিছে ধোঁৱাখুলীয়া হৈ ভৱিষ্যত জীৱনৰ কোনো চিন্তা নকৰাকৈ বিপদত নপৰিব !

Janagana Desk

Janagana Barta News Desk, Guwahati.

Related Articles

Facebook Posts
📌অৱশেষত NRC ৰ বহু বিতৰ্কিত প্ৰাক্তন ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাৰ বিৰুদ্ধে পঞ্জীয়ন কৰা হল গোচৰ...📌309/25 নং গোচৰটো পঞ্জীয়ন কৰিলে দিশপুৰ থানাই হাজেলাৰ বিৰুদ্ধে...দিছপুৰ থানাত হাজেলাৰ বিৰুদ্ধে দুর্নীতি আৰু ধন আত্মসাতৰ অভিযোগ উত্থাপন কৰে গীতিকা ভট্টাচাৰ্য নামৰ এগৰাকী মহিলাই...📌দুৰ্নীতিগ্রস্ত হাজেলা এখন COACHING ACADEMY ৰো স্বত্বাধিকাৰী , মধ্যপ্ৰদেশৰ ভূপালত অৱস্থিত Hajela's IAS UPSC MPPSC COACHING ACADEMY...📌দুৰ্নীতিৰ প্ৰতি শূণ্য সহনশীল চৰকাৰৰ নাকৰ তলেৰে কেনেকৈ নিছিল ১৬ শ কোটি টকা ? ... See MoreSee Less
View on Facebook
📌উন্নত চিকিৎসাৰ অভাৱত জীৱন মৃত্যুৰে যুঁজিছে গীতা নামৰ এজনী ঘৰচীয়া হাতীয়ে....📌আজিৰ পৰা একমাহ পূৰ্বে চামগুৰিৰ ৰঙাগড়াত দুৰ্ঘটনাত পতিত হৈছিল পোহনীয়া হাতিটোৰ...... ... See MoreSee Less
View on Facebook

3 days ago

জনগণ বাৰ্তা
📌wariors ৰ শিৱসাগৰ জিলা নগৰ আঞ্চলিক সমিতিৰ সৌজন্যত দুদিনীয়া বিয়া নাম কৰ্মশালাৰ সম্পন্ন ....📌শিৱসাগৰৰ পৰা অপৰ্না ভৰালী ৰিপৰ্ট ৷ ... See MoreSee Less
View on Facebook
📌গৌৰীপুৰত ইটা ভাটাত উত্ত্তাপ্ত পৰিস্থিতি ,মালিক পক্ষক মাৰপিট কৰি কাৰ্য্যলয় ভাংচুৰ কৰাৰ লগতে নগত ধনলৈ উধাও.... ... See MoreSee Less
View on Facebook
📌 অসমীয়া গহনাই ভৌগোলিক সংকেত অৰ্থাৎ GI টেগ লাভ কৰাৰ পিছতেই আনন্দ মুখৰ হৈ পৰিছে অসমীয়া গহনাৰ ব্যৱসায়ী সকল....📌এই স্বীকৃতিয়ে অসমীয়া গহনাক ৰাষ্ট্ৰীয় তথা আন্তৰ্জাতিক বজাৰত এক বিশেষ স্থান দিব আৰু ইয়াৰ জালিয়াতি ৰোধ কৰিব 📌 ৰঙালী বিহুৰ প্ৰাকক্ষণত এনে সু-খবৰ অসমবাসীৰ বাবে এক আনন্দৰ বাতৰি।📌স্বৰ্ণশিল্পীসকলে GI টেগ লাভৰ আনন্দ প্ৰকাশ কৰি কয়, "এয়া আমাৰ পৰম্পৰাগত কলাকৌশলক ৰক্ষা কৰিবলৈ এটা অন্যতম পদক্ষেপ।" ... See MoreSee Less
View on Facebook
Most Discussed
Back To Top