Skip to content

ভাৰত কানাডা সম্বন্ধৰ অৱনতি…

Janagana Desk
November 7, 20242 second read
Indo Canada relationship

অৱনতিৰ চৰম পর্যায়ত ভাৰত-কানাডাৰ কূটনৈতিক সংঘাত।এজন খালিষ্টানি নেতাৰ হত্যাক দুয়ো খন দেশৰ মাজত কূটনৈতিক সংঘাতৰ আৰম্ভনি। কানাডাত খালিস্তানী নেতাৰ হত্যাত ভাৰত জড়িত থকাৰ অভিযোগে দুয়োখন দেশৰ সম্পৰ্কত ব্যাঘাত জন্মাইছে।কানাডাৰ প্ৰধানমন্ত্রী জাষ্টিন ট্রুডোই ভাৰত খালিস্তানী সন্ত্ৰাসবাদী হৰদীপ সিং নিজ্জ্বৰৰ হত্যাৰ সৈতে জড়িত হোৱাৰ অভিযোগ উত্থাপনৰ পিছৰে পৰা পৰা ভাৰত আৰু কানাডাৰ সম্পৰ্কৰ যথেষ্ট অৱনতি হৈছে । অবশ্যে ভাৰতে সকলো অভিযোগ নস্যাৎ কৰিছে আৰু ট্ৰুডো চৰকাৰৰ অভিযোগ ভোট বেংকৰ ৰাজনীতিৰ সৈতে জড়িত বুলি গৰিহণা দিছে।ভাৰতৰ দীৰ্ঘদিনীয়া অভিযোগ আছিল যে কানাডা খালিস্তানী বিচ্ছিন্নতাবাদী/উগ্ৰবাদীসকলৰ বাবে এক নিৰাপদ আশ্ৰয়স্থল হিচাপে কাম কৰে। ইয়াৰ আটাইতকৈ ডাঙৰ অভিযোগ হৈছে ১৯৮৫ চনৰ এয়াৰ ইণ্ডিয়া বোমা বিস্ফোৰণ (কানাডা-ভিত্তিক খালিস্তানি উগ্ৰপন্থীৰ দ্বাৰা সংঘটিত) প্ৰতিৰোধ কৰাত কানাডাৰ ব্যৰ্থতা আৰু পৰৱৰ্তী অনুসন্ধানত সমৰ্থনৰ অভাৱ।   

ভাৰত আৰু কানাডাৰ মাজত কূটনৈতিক সম্পৰ্ক 1947 চনত স্থাপিত হৈছিল, যি অংশীদাৰী গণতান্ত্ৰিক মূল্যবোধ, বহুত্ববাদ আৰু সাংস্কৃতিক সম্পৰ্কৰ ওপৰত আধাৰিত আছিল।  উল্লেখ্যযোগ্য যে 1982 চনত, তৎকালীন প্ৰধানমন্ত্ৰী পিয়েৰ ট্ৰুডোই খালিস্তানী সন্ত্ৰাসবাদী তথা বব্বৰ খালছাৰ প্ৰধান নেতা তলৱিন্দৰ পাৰমাৰ পিয়েৰ ট্ৰুডোৰ সংৰক্ষণত থাকিয়েই  1985 চনত আয়াৰলেণ্ডৰ উপকূলৰ ওচৰত এয়াৰ ইণ্ডিয়াৰ বিমান কনিষ্কত বোমা বিস্ফোৰণৰ ষড়যন্ত্ৰ কৰিছিল, যাৰ ফলত 329 জন লোকৰ মৃত্যু হৈছিল। 9/11 ৰ আক্ৰমণৰ পূৰ্বে এইটো ঘটনা আছিল আকাশমাৰ্গত সংঘটিত আটাইতকৈ ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণ ।

ভোট বেংক হৈছে কানাডিয়ানসকলৰ বাবে অপৰিচিত এক ভাৰতীয় পৰিভাষা। শিখসকল কানাডাৰ জনসংখ্যাৰ মাত্ৰ 2% কিন্তু ভৌগোলিক ঘনত্বৰ বাবে তেওঁলোকৰ ৰাজনৈতিক প্ৰভাৱ যথেষ্ট অসামঞ্জস্যপূৰ্ণ। এটা সময়ত, ট্ৰুডো কেবিনেটত চাৰিজন শিখ মন্ত্ৰী আছিল। বেছিভাগ শিখ সাংসদ ট্ৰুডোৰ লিবাৰেল পাৰ্টিৰ। যদিও ট্ৰুডো আৰু তেওঁৰ চৰকাৰে ভাৰতৰ আঞ্চলিক অখণ্ডতাক নিশ্চিত কৰিছে, তেওঁলোকে খলিস্তানি উগ্ৰবাদক স্পষ্টভাৱে গৰিহণা দিয়া নাই। কিন্তু এই ‘ভোট বেংক’ ভাৰতে ভৱাৰ দৰে দৰে নহয়। জৰীপত, কানাডাৰ 54% শিখে পৰৱৰ্তী নিৰ্বাচনত কনজাৰ্ভেটিভ পাৰ্টিক আৰু 21% ট্ৰুডোৰ দলক ভোট দিব বিচাৰে।

ট্ৰুডো চৰকাৰক ইতিমধ্যে কানাডাৰ নিৰ্বাচনত চীনা হস্তক্ষেপৰ মোকাবিলা কৰাত ইয়াৰ বিফলতাৰ বিষয়ে প্ৰত্যাহ্বান জনোৱা হৈছে। বিদেশী হস্তক্ষেপৰ বিষয়ে বৰ্তমান কানাডিয়ান চৰকাৰৰ দ্বাৰা ৰাজহুৱা তদন্ত আৰম্ভ কৰা হৈছে।

কানাডিয়ান সংবাদ মাধ্যমসমূহে চৰকাৰক কঠোৰ প্ৰশ্নৰ লগতে খালিস্তানি প্ৰবাসী ৰাজনীতিৰ বিপদসম্পৰ্কে ভাৰতৰ পক্ষ উপস্থাপন কৰিছে ইয়াৰ বিপৰীতে ভাৰতৰ টিভি মিডিয়াই কিছুমান ক্ষেত্ৰত সাংবাদিকতাৰ সলনি উগ্ৰবাদ, পশ্চিমীয়া ভণ্ডামিৰ ওপৰত প্ৰশ্ন উত্থাপন কৰা আৰু চৰকাৰৰ বৰ্ণনাক সমালোচনাহীনভাৱে ঠেলি দিছে বুলি অভিযোগ উঠিছে। ই অপপ্ৰচাৰ বিয়পাইছে যে এয়াৰ ইণ্ডিয়াবোমা বিস্ফোৰণৰ বাবে কাকো দোষী সাব্যস্ত কৰা হোৱা নাছিল।

কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডোৰ অভিযোগৰ পিছত ভাৰত আৰু কানাডা বৰ্তমান এক গুৰুত্বপূৰ্ণ কূটনৈতিক সংকটত আৱদ্ধ হৈ আছে।এই সংঘাতে ভাৰত কানাডাৰ বৈদেশিক সম্পৰ্কতো প্ৰভাৱ পেলাব।

Janagana Desk

Janagana Barta News Desk, Guwahati.

Related Articles

Facebook Posts
This message is only visible to admins.
Problem displaying Facebook posts. Backup cache in use.
Click to show error
Error: Error validating access token: The session has been invalidated because the user changed their password or Facebook has changed the session for security reasons. Type: OAuthException
Most Discussed
Back To Top