Skip to content

ডিজিটেল এৰেষ্ট: সাৱধান হওঁক !

Janagana Desk
November 29, 20249 second read
Digital Arrest: Be Alert !

আজিৰ ডিজিটেল জগতখনত প্ৰযুক্তিয়ে আমাক অভূতপূৰ্ব সংযোগৰ সুবিধা প্ৰদান কৰিছে।  কিন্তু এনে সুবিধাৰ লগে লগে প্ৰৱঞ্চনা, প্ৰতাৰণাৰ আশংকা বৃদ্ধি পাইছে, কিয়নো প্ৰৱঞ্চকসকলে  যি কোনো ব্যক্তিক প্ৰতাৰণা কৰি  সঞ্চিত ধন আত্মসাৎ কৰি সৰ্বশান্তকৰাৰ হেতালি খেলাৰ বাবে অধিক অত্যাধুনিক উপায় উদ্ভাৱন কৰিছে।

ডিজিটেল এৰেষ্ট,চাইবাৰ অপৰাধীৰ ধন হৰকাৰ এক নতুন কৌশল।দেশত অভাৱনীয় হাৰত বৃদ্ধি পাইছে চাইবাৰ অপৰাধ। বিশ্বৰ সৰ্বাধিক জনসংখ্যাৰ দেশ ভাৰতৰ ৯০ কোটি লোকে মোবাইল ফোনত ব্যৱহাৰ কৰে ইণ্টাৰনেট সেৱা। আনকি UPI ব্যৱহাৰকাৰীৰ দিশতো বিশ্বৰ ভিতৰতে আগবাঢ়ি আছে ভাৰত।

এই প্রকাৰৰ অনলাইন প্রবঞ্চনাৰ প্ৰৱঞ্চকে নিজৰ পৰিচয় লুকুৱাই ৰাখি নিজকে চৰকাৰী সংস্থাৰ  বিশেষকৈ অনুসন্ধানকাৰী সংস্থা যেনে চি বি আই, , ইউ.ডি আৰক্ষী বিভাগ, শুল্ক বিভাগ বা বেংকিং খণ্ড (RBI), আয়কৰ বিভাগ, নাৰ্কটিক বিভাগ আদিৰ পৰিৱেশক, উচ্চপদস্থ বিষয়াৰ ভেশধাৰণ কৰি লক্ষ্যস্থিত গ্রাহক লৈ অডিঅ’, ভিডিওৰ জৰিয়তে লক্ষ্যস্থিত গ্রাহকক ভুৱা গ্ৰেপ্তাৰৰ দাবী  কৰি ব্লেকমেইলিং কৰি বুজন পৰিমানৰ ধন দাবী কৰে। আনকি বহুসময়ত অপৰাধৰ সত্যতা প্ৰমাণৰ বাবে ভুৱা ভিদিঅ’ ক্লিপ, এজাহাৰ, অডিঅ’ ক্লিপ, চমন প্ৰেৰণ কৰে।অপৰাধৰ বিষয়বোৰ সাধাৰণতে ধন কিম্বা অবৈধ মাদকদ্রব্য সৰবৰাহজনিত, বিত্তীয় জালিয়াতিজনিত অথবা যৌনগন্ধী ভিডিঅ’, অডিঅ’জনিত হ’ব পাৰে।বিভিন্ন প্ৰক্ৰিয়াৰে ভুক্তভোগীক জালত পেলাই ধন লুট কৰাৰ উদ্দেশ্য অপৰাধী চক্ৰৰ।অগত্যা আইনী মেৰপেচ, মুখলজ্জাৰ ভয়ত ভুক্তভোগীয়ে দাবী কৰা ধন শোধাই দিয়ে অপৰাধীৰ দলক। ফলত ভুক্তভুগী হৈ পৰে ডিজিটেল এৰেষ্টৰ চিকাৰ।

এই চিকাৰ অৰ্থাৎ ‘ডিজিটেল এৰেষ্ট’ৰ পৰা ৰক্ষা পাবৰ বাবে আমি মনত ৰখা উচিত:

১) অচিনাকি বা সন্দেহজনক ফোন ক’ল গ্ৰহণ নকৰিব।

২)ভুলক্রমে তেনে ফ’ন ৰিচিভ কৰিলেও ভয় ভাবুকিত ভয় নাখাই, তৎক্ষণাত পৰিস্থিতি নিয়ন্ত্ৰণ কৰা লগতে প্রয়োজনত স্থানীয় আৰক্ষী চকীত অৱগত কৰিব লাগে।

৪) প্রবঞ্চকৰ লক্ষ্য যিহেতু বিশেষতঃ বিত্তীয় প্রবঞ্চনা, প্রয়োজনত বেংক শাখাৰ সৈতে তাৎক্ষণিক যোগাযোগ কৰি নিজৰ বেংক একাউন্ট আদি সুৰক্ষিত কৰিব লাগে।

৫) প্ৰৱঞ্চকৰ দ্বাৰা প্রেৰিত মেছেজ, ভিডিঅ’ ক্লিপ, কলৰেকর্ডিং, ফটো আদি তথ্যপ্রমাণ (Evidence) হিচাপে ৰাখিব লাগে। অপ্রত্যাশিত ফ’ন নম্বৰৰ সত্যতা নিৰূপণ কৰিব লাগে (Caller identity verification)।

৬) ব্যক্তিগত তথ্যপাতি যেনে বেংকৰ সবিশেষ, অটিপি(OTP), পাছপৰ্ট (passport) আদি কোনো কাৰণতে শ্বেয়াৰ কৰিব নালাগে। ম’বাইল ফোনত উপযুক্ত চাইবাৰ সুৰক্ষা প্রদান কৰা এপ্লিকেশনৰ সহায় লব লাগে।

৭) ইতিমধ্যে প্রবঞ্চকৰ জালত পৰা যেন

লাগিলে নকৰি পলম http://cybercrime.gov.in প’র্টেলৰ যোগেদি আনুষ্ঠানিক অভিযোগ, গোচৰ দাখিল কৰিব লাগে। আইনী বিশেজ্ঞৰ কাষ চাপি সচেতন হোৱা উচিত।

ইতিমধ্যে ভাৰতৰ মাননীয় প্রধানমন্ত্রীয়ে ডিজিটেল এৰেষ্ট সম্পৰ্কে ৰাইজক সচেতন কৰিছে। এতিয়াও ৰাইজক অধিক সচেতন কৰাৰ প্ৰয়োজন লগতে পুলিচ প্রশাসনে চাইবাৰ অপৰাধ শাখাক অধিক কার্যক্ষম কৰি তুলিব লাগিব। প্রশাসনে অনলাইন প্ৰৱঞ্চকক ক্ষিপ্ৰতাৰে বিচাৰি উলিওৱা, গ্ৰেপ্তাৰ আৰু শাস্তি দিয়াৰ উপায়ো চিন্তা কৰিব লাগিব। নহলে ডিজিটেল এৰেষ্টৰ গভীৰ শিপাই বহুতক কষ্ট উপাৰ্জিত ধন অতি সহজে লুট কৰি, সৰ্বশান্ত কৰি নিৰাপদে থাকিব ।

Janagana Desk

Janagana Barta News Desk, Guwahati.

Related Articles

Facebook Posts
This message is only visible to admins.
Problem displaying Facebook posts. Backup cache in use.
Click to show error
Error: Error validating access token: The session has been invalidated because the user changed their password or Facebook has changed the session for security reasons. Type: OAuthException
Most Discussed
Back To Top