Skip to content

মেৰবিল: এক সম্ভাৱনাময় পৰ্যটন ক্ষেত্ৰ

Janagana Desk
November 30, 20242 second read

প্ৰকৃতিৰ অপূৰ্ব সৃষ্টি আৰু নৈসৰ্গিক সৌন্দৰ্যৰে ভৰপুৰ মেৰবিল অসমৰ এখনি বিখ্যাত ইতিহাসেৰে সমৃদ্ধ মনোমোহা বিল। ডিব্ৰুগড় জিলাৰ নাহৰকটীয়াৰ সমীপতে আছে প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ এইখন বিল।ডিব্ৰুগড় জিলা সদৰৰ পৰা দক্ষিণ-পূবলৈ প্ৰায় ৭২ কিলোমিটাৰ, নাহৰকটীয়া নগৰৰ পৰা ১৩ কিলোমিটাৰ দূৰত্বৰ নাহৰকটীয়াৰ ৰাজহচক্ৰৰ অধীনৰ চাচনি মৌজাৰ মধ্যস্থলত অৱস্থিত জৈৱ-বৈচিত্রময় বিল খন৷ প্ৰাকৃতিক সম্পদেৰে ভৰপূৰ আৰু প্ৰায় ১৫৫০ বিঘা মুঠ মাটিকালিৰ মেৰবিলৰ ৯৩৩ বিঘা অৰণ্যযুক্ত ভূ-খণ্ডক পানীয়ে আৱৰি আছে৷ ১৯৩২ চনতে বৃটিছ চৰকাৰে মেৰবিল গ্ৰেজিং নামেৰে ঘোষণা কৰি সংৰক্ষণ কৰি থৈ গৈছিল বিলখন। পৰিৱেশ পর্যটনক বিকাশ তথা প্রতিনিধিত্ব কৰা এটি জৈৱ প্ৰকল্প হৈছে মেৰবিল ইক’ টুৰিজিম প্ৰকল্প।নানা প্ৰজাতিৰ গছ-গছনি আৰু বন্যপ্ৰাণীৰ আশ্ৰয়থল মেৰবিলক চাচনি মেৰবিল হিচাপে জনা যায়। জলচৰ, স্থলচৰ প্ৰাণীৰ লগতে বিভিন্ন গছ গছনি বিৰাজমান এই বিলত শোভা বৰ্ধন কৰে বিভিন্ন পক্ষীকুলৰ কলৰৱে। বিভিন্ন জৈৱ বৈচিত্ৰময় প্ৰাকৃতিক সম্পদৰে ভৰপূৰ এই মেৰবিলতেই ২০১০ চনত চাচনীবাসীৰ ঐকান্তিক প্ৰচেষ্টাত স্থাপন হৈছিল মেৰবিল পৰিৱেশ পৰ্যটন প্ৰকল্প। মুখে মুখে প্ৰচলিত প্ৰবাদ মতে ১৭ শতিকাৰ আৰম্ভণিতে চলিহা বাৰেঘৰ সত্ৰৰ গোহাঁই পৰিয়াল এটা আহিছিল এই স্থানলৈ তেতিয়া অৱশ্যে মেৰবিলৰ উৎপত্তি হোৱা নাছিল। সেই গোহাঁইৰ লগত থকা সত্ৰাধিকাৰে সপোনত দেখিছিল জলকুঁৱৰ আৰু গোহাঁইৰ ৰ মানৱকন্যাৰ লগত বিয়া। কিন্তু মানৱীকন্যাক জলকোঁৱৰলৈ বিয়া দিবলৈ অমান্তি হোৱাত জলকোঁৱৰে খঙতে বিল খনৰ পানীৰে চৌপাশ উপচাই দিয়ে। অসমৰ এখন আকৰ্ষিত পৰ্যটন ক্ষেত্ৰ হিচাপে গঢ়ি তোলাৰ প্ৰয়াস চলি আছে, অনাগত দিনত মেৰবিল পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰ হৈ পৰিব।

এই জৈৱ বৈচিত্ৰ্যময় সম্পদৰ জৰিয়তে পৰ্য্যটনৰ দিশত মেৰবিল পৰ্যটন ক্ষেত্ৰক বিশ্বমুখী কৰিব পাৰি। যাতায়তৰ সা সুবিধা , প্ৰচাৰ প্ৰসাৰ আৰু বেছি আকৰ্ষিত কৰিলে মেৰবিল পৰিৱেশ পৰ্যটন প্রকল্পই ভৱিষ্যতে আৰু নতুন-নতুন আশা-প্রত্যাশাসমূহ আমালৈ কঢ়িয়াই আনিবলৈ সক্ষম হ’ব বুলি আমাৰ দৃঢ়বিশ্বাস।

Janagana Desk

Janagana Barta News Desk, Guwahati.

Related Articles

Facebook Posts
This message is only visible to admins.
Problem displaying Facebook posts. Backup cache in use.
Click to show error
Error: Error validating access token: The session has been invalidated because the user changed their password or Facebook has changed the session for security reasons. Type: OAuthException
Most Discussed
Back To Top