Skip to content

দৰিদ্ৰতাত অভিলেখ অসমৰ: পৰিবৰ্তন ?

Dr Netraranjan
December 13, 20249 second read
Proverty in Assam

অৰ্থনৈতিক উন্নয়নৰ পূৰ্ণ সম্ভাৱনা থকা স্বত্তেও পিছ পৰি ৰৈছে অসম। অর্থনৈতিক বিকাশৰ হাৰ দ্রুত বুলি দাবী কৰা ৰাজ্যখনত দৰিদ্র জনতাৰ হাৰ কিদৰে ইমান গগনচুম্বী হৈছে সেয়া স্বাভাৱিকতে আশ্চর্যকৰ। ৰাজ্যৰ সামগ্ৰিক বিকাশত চৰম ব্যৰ্থ হৈছে  চৰকাৰ। প্ৰশাসনীয় দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰে ব্যাহত কৰিছে অসমৰ উন্নয়ন। অসমৰ অর্থনৈতিক বিকাশৰ হাৰ চৰকাৰী পৰিসংখ্যাই উর্ধ্বমুখী বুলি দাবী কৰাৰ সময়তে নিটি আয়োগে প্রকাশ কৰা প্রতিবেদনে উম্মোচিত কৰিছে ৰাজ্যৰ বৃহৎসংখ্যক লোকৰ আর্থিক দুৰৱস্থাৰ দিশ। কেৱল অৰ্থৰ অভাৱত নহয়, বহু দিশৰ পৰা অসমৰ লোক দৰিদ্ৰ তথা বঞ্চিত৷

2023 বৰ্ষত ৰাজ্যসভাত ৰাজ্যসভাত দাখিল কৰা তথ্য অনুসৰি অসমৰ ৩১.৯৮ শতাংশ লোক দৰিদ্ৰ সীমাৰেখাৰ তলৰ । তথ্য অনুসৰি অসমৰ গ্ৰাম্যাঞ্চলৰ ৩৩.৮৯ শতাংশ লোক অৰ্থাৎ ৯২.০৬ লাখ লোকে দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰে । সেইদৰে চহৰাঞ্চলৰ ২০.৪৯ শতাংশ অৰ্থাৎ ৯.২১ লাখ লোকে দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰে।

নিটি আয়োগে শেহতীয়াকৈ প্ৰকাশ কৰা ‘ৰাষ্ট্ৰীয় বহুমুখী দৰিদ্ৰ সূচকাংক- ২০২৩’ প্রতিবেদনত উন্মোচিত হৈছে সৰ্বভাৰতীয় পৰ্যায়ত অসমৰ দৰিদ্ৰতাৰ দুৰৱস্থা। লক্ষ্যণীয় যে নিটি আয়োগে ৰাষ্ট্রীয় পৰিয়াল স্বাস্থ্য সমীক্ষা-৫ (২০১৯-২১)ৰ আধাৰত কৰা দেশৰ প্ৰতিখন ৰাজ্যকে সামৰি প্ৰকাশ কৰা পৰিসংখ্যাই ৰাষ্ট্ৰীয় পৰ্যায়ত অসমৰ ১৯.৩৫ শতাংশ লোকে বিভিন্ন ক্ষেত্ৰতে দৰিদ্ৰৰূপে চিহ্নিত হৈছে। উল্লেখ্য যে নিটি আয়োগে দেশৰ দৰিদ্ৰ জনতাৰ সংখ্যা বিচাৰি উলিয়াবলৈ স্বাস্থ্য, শিক্ষা আৰু জীৱননির্বাহৰ প্ৰণালী- এই তিনিটা বিষয়ৰ ওপৰত চলোৱা সমীক্ষাৰ আধাৰত চিনাক্ত কৰা হৈছে দেশৰ প্ৰতিখন ৰাজ্যত থকা দৰিদ্ৰ লোকৰ পৰিসংখ্যা। বিশেষকৈ স্বাস্থ্যখণ্ডত পৰিপুষ্টি, শিশু আৰু বয়ঃসন্ধি মৃত্যুৰ হাৰ তথা প্রসূতিৰ স্বাস্থ্য বিষয়ৰ ওপৰত, শিক্ষাখণ্ডত বিদ্যালয়ত কটোৱা বছৰ তথা বিদ্যালয়ত উপস্থিতিৰ হাৰ আৰু জীবননির্বাহ প্রণালীৰ ক্ষেত্ৰত সাতটা বিষয়ক আধাৰ হিচাপে লৈ দেশৰ জনতাৰ আর্থিক অবস্থা  অধ্যয়ন কৰোৱা হৈছিল। এই বিষয়কেইটা হ’ল পৰিয়াল এটাই বন্ধা-বঢ়াৰ বাবে ব্যৱহাৰ কৰা ইন্ধন, বিশুদ্ধিকৰণ, খোৱাপানী, আবাস, বিদ্যুৎ, সম্পত্তি আৰু বেংক একাউন্ট। এই বিষয়কেইটা উপলব্ধ থকা বা নথকা পৰিয়ালসমূহক দৰিদ্ৰতাৰ সূচাংকত অন্তভুক্তিৰ মাপকাঠি হিচাপে গণ্য কৰা হৈছিল। অর্থাৎ পৰিয়াল এটাই বন্ধা-বঢ়াব ক্ষেত্ৰত বন্ধন গেছ নে পৰম্পৰাগতভাবে খবি ব্যৱহাৰ কৰে বা পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ মাপকাঠি বৰূপে চিহ্নিত অনাময় শৌচাগাৰ ইত্যাদি, বিশুদ্ধ খোৱাপানীৰ উৎসৰূপে ব্যৱহাৰ কৰা সা সৰঞ্জাম থকা ঘৰটো পকী নে কেঁচা, ঘৰত বিদ্যুৎ সংযোগ আছে নে নাই, ঘৰখনত স্থাৱৰ-অস্থাৱৰ সা-সম্পত্তি আছে নে নাই বা পৰিয়ালটোৰ বেংক একাউন্ট যদি আছে তাত ধন জমা কৰাৰ ধাৰাবাহিকতা ইত্যাদি বিষয়ৰ ওপৰত পুংখানুপুংখভাবে অধ্যয়ন কৰি নিৰূপণ কৰা হৈছিল দেশৰ প্রতিখন ৰাজ্যত দৰিদ্ৰ লোকৰ সংখ্যা হ্রাস-বৃদ্ধিৰ পৰিসংখ্যা।

প্রতিবেদন মতে, ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য সমীক্ষা ২০১৫-১৬ অনুসৰি সেই সময়ত দেশত দৰিদ্ৰতাৰ হাৰ আছিল ২৪.৮৫ শতাংশ। ইয়াৰ বিপৰীতে ২০১৯-২১ সমীক্ষা মতে, দেশত দৰিদ্ৰতাৰ হাৰ ১৪.৯৬ শতাংশলৈ হ্রাস পাইছে। সৰ্বভাৰতীয় পৰ্যায়ত দৰিদ্ৰতাৰ সংখ্যা পূৰ্বৰ তুলনাত হ্রাস পোৱাৰ এই পৰিসংখ্যাৰ স্পষ্ট প্রতিফলনৰে অসমতো পূৰ্বৰ তুলনাত দৰিদ্ৰ জনতাৰ হাৰ নিম্নগামী হৈছে। ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য সমীক্ষা ২০১৫-১৬ মতে অসমত দৰিদ্ৰ লোকৰ হাৰ আছিল ৩২.৬৫ শতাংশ। ইয়াৰ বিপৰীতে ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য সমীক্ষা-৫ ২০১৯-২১ প্রতিবেদন মতে অসমত দৰিদ্ৰতাৰ সংখ্যা ১৯.৩৫ শতাংশলৈ নিম্নগামী হৈছে। পিছে দুর্ভাগ্যৰ কথা এয়ে যে দৰিদ্র জনতাৰ সংখ্যা পূৰ্বৰ তুলনাত নিম্নগামী হ’লেও বর্তমানে ৰাজ্যখনত থকা ভিন্ন ক্ষেত্ৰৰ দিশেৰে দৰিদ্ৰ লোকৰ সংখ্যাৰে অসমে দেশৰ ৰাজ্যকেইখনৰ ভিতৰত ষষ্ঠ স্থান দখল কৰিছে।

নিটি আয়োগে প্রকাশ কৰা শেহতীয়া প্রতিবেদন মতে দেশৰ ভিতৰতে বিহাৰত সর্বাধিক ৩৩,৭৬ শতাংশ লোক দৰিদ্র। দ্বিতীয় স্থানত ২৮.৮১ শতাংশৰে আছে ঝাৰখণ্ড। আকৌ ২৭.৭৯ শতাংশৰে তৃতীয়খন দৰিদ্র জনতাৰ সংখ্যাধিক্যৰ ৰাজ্য হ’ল চুবুৰীয়া মেঘালয়। একেদৰে বিজেপি শাসিত উত্তৰ প্ৰদেশত দৰিদ্ৰ জনতাৰ হাৰ হ’ল ২২.৯৩ শতাংশ। তালিকাৰ পঞ্চম স্থানত আছে বিজেপি শাসিত আনখন ৰাজ্য মধ্যপ্রদেশ, য’ত দৰিদ্র জনতাৰ হাৰ হ’ল ২০.৬৩ শতাংশ। সমগ্র বিশ্ববাসীৰ আগত ভাৰতবৰ্ষক লজ্জানত কৰা দৰিদ্ৰ জনতাৰ সংখ্যাধিক্যৰ এই তালিকাখনৰ ষষ্ঠ স্থানত আছে অসম। দেশৰ পাঁচখন শীৰ্ষতম ৰাজাৰ তালিকাত অন্তর্ভুক্তিৰ প্রতিশ্রুতি ঘোষণা কৰা অসম ক্ৰমে নিম্নগামী হৈ পৰিছে। শেহতীয়াকৈ নিটি আয়োগে প্রকাশ কৰা দৰিদ্ৰতাৰ বহুমুখী তালিকাখনক কেন্দ্ৰ কৰি বিভিন্ন পক্ষই অসমৰ দৰিদ্ৰতাৰ হাৰ পূৰ্বৰ তুলনাত ব্যাপক হাৰত নিম্নগামী হোৱা বুলি প্ৰচাৰ চলাইছে যদিও তুলনামূলকভাবে বিগত ছটা বছৰত দেশৰ আন ৰাজ্যসমূহত অসমতকৈ কে বাগুণে অধিক হাৰত নিম্নগামী হৈছে দৰিদ্ৰতাৰ হাৰ। অসমত দৰিদ্ৰতাৰ সংখ্যা পূৰ্বৰ তুলনাত হ্রাস পালেও বর্তমানেও যে ৰাজ্যখন দৰিদ্র জনতাৰ ভৰত ককবকাই থাকিব লগা হৈছে সেই কথা উন্মোচিত হৈছে নিটি আয়োগৰ প্ৰতিবেদনত।

লক্ষ্যণীয় যে দৰিদ্ৰতাৰ হাৰ হ্ৰাস কৰিবলৈ দৰিদ্ৰ সীমাৰেখাৰ তলৰ আৰু দৰিদ্ৰ সীমাৰেখাৰ ওপৰৰ নিম্ন আয়ৰ প্রায়সংখ্যক পৰিয়ালকে বিনামুলীয়া চাউলৰ পৰা আৰম্ভ কৰি অৰুণোদয়ৰ দৰে আঁচনিৰ অধীনত মাহিলি নগদ ধন প্রদান, প্রধানমন্ত্রী আৱাস যোজনাৰ অধীনত বিনামূলীয়াকৈ ঘৰ নিৰ্মাণ কৰি দিয়াৰ দৰে ভালেমান অভিলাষী আঁচনি ৰূপায়ণ কৰা হৈছে যদিও তৎসত্ত্বেও ৰাজ্যখনত নিম্নগামী হোৱা নাই দৰিদ্ৰ জনতাৰ সংখ্যা। নিবনুৱা সমস্যাৰে ভাৰাক্ৰান্ত ৰাজ্যখনত চৰকাৰে সংস্থাপনৰ ব্যৱস্থা কৰাৰ বিপৰীতে হিতাধিকাৰী সৃষ্টিতহে অধিক গুৰুত্ব আৰোপ কৰি আহিছে ৷প্রতিশ্রুতিৰে কেন্দ্ৰ আৰু ৰাজ্যত বিজেপি আৰু মিত্ৰজোঁটৰ চৰকাৰ গঠন কৰিলেও ৰাজ্যত বৃহৎ সংখ্যক যুৱক- যুৱতীয়ে অতিবাহিত কৰিছে ” বেকাৰ ” জীৱন। সংস্থাপনহীনতাৰ সংখ্যা ক্ৰমাৎ বৃদ্ধিহে পাব ধৰিছে ৷ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ দ্বাৰা ৰূপায়িত দক্ষতা বিকাশ ৰাজ্য চৰকাৰে নিয়োগ মেলা পাতি সংস্থাপন দিলে মাথোঁ ৪১৪ গৰাকীক। আঁচনিৰ জৰিয়তে ৰাজ্যখনৰ যুৱক-যুৱতীক প্রশিক্ষণ দিলেও কর্মসংস্থাপন দিয়াত চৰম ব্যৰ্থতা দক্ষতা, নিয়োগ আৰু উদ্যমিতা বিভাগৰ। ৰাজ্য চৰকাৰৰ এই বিভাগটোৰ অধীনত দক্ষতা বিকাশৰ বাবে কেন্দ্ৰীয় আৰু ৰাজ্যিক পৰ্যায়ৰ ৭খন আঁচনি গ্ৰহণ কৰিছে যদিওঁ তাৰ ফল তেনেই আশানুৰূপ নহয়।

অসমৰ প্ৰেক্ষাপটত জিডিপি বিকাশৰ হাৰৰ বিপৰীতে দৰিদ্ৰতাৰ হাৰ অধিক। অসমৰ অৰ্থনীতিৰ বিকাশৰ হাৰে দিনে দিনে উর্ধ্বমুখী হ’বলৈ ধৰা বুলি চৰকাৰীভাৱে দাবী কৰাৰ বিপৰীতে দৰিদ্ৰতাৰ অস্বাভাবিক সংখ্যাই বাস্তৱত প্রদর্শন কৰিছে ওলোটা প্রতিচ্ছবি। চলিত বিত্তীয় বৰ্ষৰ বাজেটত ৰাজ্যৰ বিত্তমন্ত্ৰীগৰাকীয়ে প্রকাশ কৰা তথ্য মতে, অসমৰ মুঠ ঘৰুৱা উৎপাদনৰ হাৰ চলিত মূল্যৰ হিচাপত ৫.৬৭ লাখ কোটি টকা বুলি ঠাৱৰ কৰা হৈছিল। ৰাজ্যখনৰ অর্থনীতিত মুঠ ঘৰুৱা উৎপাদনৰ বিকাশ ৯.১ শতাংশ বুলি ঠাৱৰ কৰাৰ লগতে অসমৰ জনমুৰি মুঠ ঘৰুৱা উৎপাদনৰ হাৰ ২০২১-২২ৰ পৰিসংখ্যা মতে ১,২২,৬৫৪ টকা। ৰাজ্যখনৰ অৰ্থনৈতিক উন্নয়নৰ বিকশিত প্রতিচ্ছবিৰ বিপৰীতে নিটি আয়োগে শেহতীয়াকৈ প্রকাশ কৰা দৰিদ্র জনতাৰ সংখ্যাধিকাৰে অসমে ককবকাই থকা পৰিলক্ষিত হৈছে। মুখ্যমন্ত্ৰীয়ে পঞ্জাৱৰ দৰে ৰাজ্যৰ অর্থনীতিক অসমে আৰু কেইটামান বছৰৰ ভিতৰতে চেৰ পেলাব বুলি ঘোষণা কৰিছে যদিও নিটি আয়োগৰ তথ্য মতে পঞ্জাৱৰ দৰিদ্র জনতাৰ হাৰ হ’ল মাত্র ৪.৭৫ শতাংশ। ইয়াৰ বিপৰীতে অসমে ১৯.৩৫ শতাংশ দৰিদ্র জনতাক লৈ ককবকাই থাকিবলগীয়া হৈছে। চলিত বিত্তীয় বৰ্ষৰ এপ্ৰিলৰ পৰা জুনলৈ দেশৰ জি ডি পিৰ হাৰ হৈছে ৬.৭ শতাংশ । যোৱা বিত্তীয় বৰ্ষত প্ৰথম ত্ৰৈমাসিকত জি ডি পিৰ হাৰ আছিল ৮.২ শতাংশ। চলিত বিত্তীয় বৰ্ষৰ প্ৰথম ত্ৰৈমাসিকত জি ডি পিৰ হাৰ এনেদৰে হ্ৰাস পোৱাৰ আঁৰত কৃষিক্ষেত্ৰত আহি পৰা মন্দা অৱস্থা বুলি উল্লেখ কৰা হৈছে। তথ্য মতে কৃষিক্ষেত্ৰত জি ডি পিৰ বৃদ্ধিৰ হাৰ ৩.৭ শতাংশৰ পৰা ২ শতাংশলৈ হ্ৰাস পাইছে।সেইদৰেই বিদ্যুৎ, গেছ, পানী যোগান আৰু অন্যান্য লাভজনক ক্ষেত্ৰত বৃদ্ধিৰ হাৰ ৮.৬ শতাংশ। ইয়াৰ বিপৰীতে হ্ৰাস পাইছে হোটেল, পৰিবহণ, যোগাযোগ আদি ক্ষেত্ৰৰ বৃদ্ধিৰ হাৰ। এই ক্ষেত্ৰসমূহৰ হাৰ ৪ শতাংশলৈ হ্ৰাস পাইছে।

একমাত্র ভোটৰ অংকত চৰকাৰে হিতাধিকাৰী সৃষ্টিৰ ওপৰত গুৰুত্ব দি আহিছে আৰু ইয়াৰ বাবে ঋণৰ ওপৰত ঋণ লৈ অভিলেখ সৃষ্টি কৰিছে। চৰকাৰখনে ঋণৰ ধন উৎপাদনমূলক কামত ব্যয় কৰাৰ বিপৰীতে হিতাধিকাৰীমূলক আঁচনিত ব্যয় কৰি আহিছে। যাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যখনৰ জনমূৰি আয় নিম্নগামী হোৱাৰ লগতে দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰা লোকৰ সংখ্যাও বৃদ্ধি প‍াইছে। জনমুৰি ধাৰৰ বোজাই ৪০ হাজাৰ টকা স্পৰ্শ কৰাৰ সময়ত কেৱল নিৰ্বাচনী বৈতৰণী পাৰ হ’বলৈ হিতাধিকাৰীৰ অভিলেখ ৰচিছে বিজেপি চৰকাৰে। অৰুণোদয় আঁচনিত ২৭ লাখ, বৃদ্ধ-বিধবা পেন্সন আঁচনিত ৪০ লাখ, আয়ুস্মান যোজনাত ২৭ লাখ, আত্মসহায়ক গোটৰ ৩৯ লাখ, বিনামূলীয়া ৰেচনৰ ৪০ লাখকে ধৰি অসমত বৰ্তমান দুই কোটিৰো অধিক হিকাধিকাৰী আছে য’ত ৰাজ্যখনৰ মুঠ ভোটাৰৰ সংখ্যাই হৈছে ২ কোটি ৪২ লাখ। ৰাজ্য চৰকাৰে ৯০০ কোটি টকাৰ ঘাটি বাজেট দাখিল কৰাৰ সময়ত ৪০ শতাংশ ভোটাৰক হিতাধিকাৰী সজাই অর্থনীতি কোঙা কৰাৰ পথ প্ৰশস্ত কৰিছে চৰকাৰে।

Dr Netraranjan

Dr. Netraranjan, the Editor-in- Chief of Janagana Barta is an alumni of JNU and over two decades experience in MNCs at Senior Leadership position. A doctorate in management, his key area of interest is Strategic Political Affairs, Consultancy and Research & Analysis.

Related Articles

Facebook Posts
This message is only visible to admins.
Problem displaying Facebook posts. Backup cache in use.
Click to show error
Error: Error validating access token: The session has been invalidated because the user changed their password or Facebook has changed the session for security reasons. Type: OAuthException
Most Discussed
Back To Top