Skip to content

ব্লগিং: উপাৰ্জনৰ অন্যতম পথ

Janagana Desk
December 18, 202415 second read
Blogging as a career

বৰ্তমান ডিজিটেল যুগত ইণ্টাৰনেটৰ সহায়ত সকলো সম্ভৱ হৈ আহিছে। উপাৰ্জনৰ হাজাৰটা পথ মুকলি হৈছে, যিবোৰ সকলো বয়সৰ লোকৰ বাবে সহজলভ্য হৈ পৰিছে। ব্লগিং হৈছে এক ডিজিটেল প্লেটফৰ্ম। ব্লগিং আপোনাৰ আজৰি সময়ত ভাললগ কামৰ দৰে ব্যৱহাৰ কৰিব পাৰে বা সম্পূৰ্ণ সময় ব্লগিংত দি আগবাঢ়িব পাৰে। লিখা-মেলা কৰা সকলৰ বাবে এই কার্য অতি ভাললগা হয়, যিকোনো বিষয়ৰ ওপৰত জ্ঞান থাকিলে সেই বিষয়ে সুন্দৰকৈ লিখি ইণ্টাৰনেটত প্ৰকাশ কৰিব পাৰে আৰু চাকৰি সমন্ধীয় খবৰ যোগান, ৰন্ধন প্ৰণালীৰ কথা, ভ্ৰমণ কাহিনী, ইতিহাসৰ কথা, যিকোনো সামগ্ৰীৰ বিষয়ে আলোচনা, কবিতা, প্ৰবন্ধ, জানিবলগীয়া তথ্য আদি প্ৰকাশ কৰিব পাৰে। লাখ লাখ মানুহে ব্লগিংৰ জৰিয়তে মানুহৰ সৈতে সংযোগ স্থাপন কৰিব পাৰে।

ব্লগিংৰ মাধ্যম হিচাপে প্ৰাথমিক ভাৱে Google Blogger ব্যৱহাৰ কৰিব পাৰে, Blogger Sub domain name তো ব্যৱহাৰ কৰাৰ ওপৰি Custom Domain ব্যৱহাৰ কৰি আগবাঢ়িব পাৰে। Google Blogger ত Hosting ৰ বাবে কোনো টকাৰ প্ৰয়োজন নহয় কেৱল Custom Domain name ৰ বাবেহে টকাৰ প্ৰয়োজন হয়। এজন অভিজ্ঞ ব্লগাৰ হবলৈ হলে WordPress ত ব্লগিং খুবেই আৱশ্যক, WordPress ত Hosting ৰ প্রয়োজন আছে। WordPress ৰ লিখনি সমূহে সোনকালে Google search engine optimization ত স্থান লাভ কৰে আৰু বহুতো Plugins ৰ ব্যৱস্থা WordPress ত উপলব্ধ।

Google Adsense ৰ যোগেদি ব্লগ/ৱেবচাইটত বিজ্ঞাপন প্ৰচাৰ কৰি টকা উপাৰ্জন কৰিব পাৰিব, Affiliate Marketing কৰি টকা উপাৰ্জন কৰিব পাৰিব, Paid Promotion ৰ জৰিয়তেও ব্লগিংৰ পৰা টকা উপাৰ্জন কৰিব পাৰিব। Affiliate Marketing ৰ বিষয়ে পিছৰ পৰ্য্যায়ত আলোচনা কৰা হব। Google Adsense ৰ বিজ্ঞাপন প্ৰচাৰৰ বাবে আপুনি Google Adsense ত Sign up কৰিব লাগিব আৰু আপোনাৰ ব্লগৰ url দি পঞ্জীয়ন কৰাৰ পিছত Google Adsense যে আপোনাৰ ব্লগ/ৱেবচাইট পৰীক্ষা কৰি আপোনাৰ ব্লগ/ৱেবচাইট Google Adsense বিজ্ঞাপন প্ৰচাৰৰ বাবে উপযুক্ত হয়নে নহয় সেয়া নিৰ্ধাৰণ কৰিব।

ব্লগিং আৰু নিজা ৱেবছাইটৰ পৰা টকা উপাৰ্জন নিৰ্ধাৰণ কৰিব পাৰি পঢ়ুৱৈৰ সংখ্যা অনুসৰি আৰু লিখনিৰ মানদণ্ড গুণাগুণৰ ওপৰত।ব্লগ বা ৱেবছাইটৰ জৰিয়তে এটা বিষয়ৰ ওপৰত আধাৰিত তথ্য বা জ্ঞান অনলাইনৰ মাধ্যমত মানুহৰ মাজত প্ৰচাৰ কৰাকেই ব্লগিং বুলি কোৱা হয়। ব্লগিং ৰ অৰ্থ হৈছে নিজেই এটা ব্লগ বা ৱেবছাইট বনাই, ইয়াত তথ্য লিখা মানুহৰ মাজত প্ৰচাৰ কৰা। যাতে মানুহে এই তথ্য অনলাইনত লাভ কৰিব পাৰে।

ইয়াৰ মাজতেই যদি আপুনি আপোনাৰ ব্লগ ৱেবছাইটত Google AdSense Ads বা আন যিকোনো Ads নেটৱৰ্কৰ বিজ্ঞাপন লগাইছে তেন্তে আপুনিও ইয়াৰ পৰা ভাল পৰিমাণৰ ধন উপাৰ্জন কৰিব পাৰে। কিয়নো Google AdSense হৈছে ব্লগিংৰ পৰা ধন উপাৰ্জন কৰাৰ আটাইতকৈ জনপ্ৰিয় উপায়।

Janagana Desk

Janagana Barta News Desk, Guwahati.

Related Articles

Facebook Posts
This message is only visible to admins.
Problem displaying Facebook posts. Backup cache in use.
Click to show error
Error: Error validating access token: The session has been invalidated because the user changed their password or Facebook has changed the session for security reasons. Type: OAuthException
Most Discussed
Back To Top