Skip to content

অনলাইন গেমিং: সম্ভাৱনা আৰু ভয়াবহকতা

Janagana Desk
December 22, 20244 second read
Online Gaming

পেছাগতভাৱে অনলাইন গেম খেলা ধাৰণাটোকে সাধাৰণতে অনলাইন গেমিং বুলি কোৱা হয়। অনলাইন গেম আৰু গেমিংৰ ইতিহাস অতি পুৰণি নহয়। ১৯৭৪ চনৰ Packet based internet পৰা এই ধাৰণাৰ আৰম্ভণি হয় বুলি জনা যায়।  অৱশ্যে ১৯৮৬ চনৰ পৰা আবস্তু হোৱা SGI Dogfight হে ইন্টাৰনেট প্রট’কল (TCP/IP) মানি চলা প্রথমটো গেম। কিন্তু এই খেলবিধ মাত্র এটা নেটবর্কতে সীমাবদ্ধ আছিল। আমাৰ দেশত ২০০০ চনৰ আৰম্ভণিৰ পৰা অনলাইন গেমৰ প্ৰথা প্রচলন হয় আৰু একে বর্ষৰে মাজভাগত সামাজিকভাবে ইয়াৰ আৰম্ভণি ঘটে। ২০১০ৰ পৰা ২০১৬ বর্ষৰ ভিতৰত কম্পিউটাৰৰ পৰিবর্তে স্মার্ট ফ’ন অনলাইন গেমিঙৰ প্রধান মাধ্যম হৈ পৰে। যি কি নহওক, তেতিয়াৰ পৰা বর্তমান আৰু বহু প্রজন্মা ভেদি যোকা অদূৰ ভবিষ্যতলৈকে অনলাইন গেমসমূহ যে জনপ্রিয়তাৰ শীর্ষত থাকিব তাত কোনো সন্দেহ নাই।

এই মাধ্যমক পেছ্য হিচাপে লৈ আগবাঢ়ি যোৱাৰ সুযোগ বর্তমান সময়ত অতি সুলভ। যুব সমাজৰ বহুতেই অনলাইন গেমিঙ ক জীৱিকা হিচাপে লৈ সফল হৈছে আৰু বিপুল জনপ্রিয়তাও লাভ কৰিবলৈ সক্ষম হৈছে। এয়া নিশ্চিতভাৱে আশাৰ বতৰা। কিন্তু এইক্ষেত্রত উপযুক্ত পৰিকল্পনা তথ্য কৌশলগত পদ্ধতিৰে আগবঢ়াৰ প্রয়োজন। কাৰণ এই বাটত যথেষ্ট প্রত্যাহ্বান আছে। তীব্র প্রতিযোগিতা আৰু আন কিছু ক্ষেত্রত্রত ধন-সর্বস্ব ধাৰণাই এনে প্রত্যাহবানৰ মূল। আমাৰ সমাজত অধিকসংখ্যকে মনোৰঞ্জনৰ বাবেহে এই মাধ্যম ব্যৱহাৰ কৰা দেখা যায়। বর্তমান সময়ৰ পৰিপ্রেক্ষিতত আমাৰ দেশত ব্যাপকভাৱে চর্চা লাভ কৰা অনলাইন গেমসমূহৰ ভিতৰত আছে বি জি এম আই, ফ্রী ফায়াৰ, চি অ’চি, চি অ’ডি, চি এছ জি অ’, লুডু কিং ইত্যাদি। এই খেলসমূহব ব্যবহার ইমানেই প্রবল যে মুঠ জনসংখ্যাৰ ৪০ব পৰা ৪৫ শতাংশ লোকে এই মাধ্যম ব্যৱহাব কবে আৰু ইয়াৰ মাজবে ৫৫-৬০ কোটি ২০ বছৰৰ অনুর্ধ্ব। এই পৰিস্থিতিক যিকোনো কাৰণতে শুভ লক্ষণ বুলিব নোৱাৰি। বিশেষকৈ শিশু আৰু কিশোৰসকলক অনলাইন গেমসমূহে গ্রাস কৰাটো অতিকৈ দুর্ভাগ্যজনক। অধিকাংশ খেলেই কল্পনাৰ বহণযুক্ত ভার্চুবেল পৃথিবীৰ ওপৰত ভিত্তি কবি নির্মাণ কৰা। ইয়াৰ বিভিন্ন চৰিত্ৰবোৰে খেলুরৈজনর মানসিক স্থিতি নির্ণয় কৰিবলৈ ধৰে আৰু ধৰিব নোৱৰাকৈয়ে ই এক এৰাব নোৱৰা নিচাত পৰিণত হয়। ইয়াক নিয়ন্ত্রণ কৰাটো শিশু বা কিশোৰসকলৰ বাবে যথেষ্ট কঠিন। এই প্রক্রিয়াই শাৰীৰিক আৰু মানসিকভারে ক্ষতি কৰাৰ লগতে তেওঁলোকৰ মাজত অপৰাধ প্রবণতাও গঢ়ি তোলে। তদুপৰি প্ৰায় সকলো ধৰণৰ খেলতে ধনৰ প্রত্যক্ষ বা পৰোক্ষ লেনদেনৰ ব্যৱস্থা থাকে। এই ব্যবস্থাই কম বয়সৰ খেলুৱৈসকলক অতাধিক পৰিমাণে আকর্ষিত কৰে ।উল্লেখ্য যে চাইবাৰ অপৰাধীৰো বিচৰণস্থলী এই ক্ষেত্রখন শিশু আৰু কিশোৰৰ বাবে অলপো সুবিধাজনক নহয়। নৱপ্রজন্মৰ আকর্ষণ আৰু মনোৰঞ্জনৰ অনন্য উৎস অন উৎস অনলাইন গেমিং প্রক্রিয়াটোত প্রচুৰ সম্ভাৱনা আৰু ভয়াৱহকতা দুয়োটাই নিহিত হৈ আছে। বর্তমান সময়ত শিশু আৰু কিশোৰসকল অনলাইন গেমিঙৰ প্ৰৱণতা এক ব্যাধিত পৰিণত হৈছে।

Janagana Desk

Janagana Barta News Desk, Guwahati.

Related Articles

Facebook Posts
This message is only visible to admins.
Problem displaying Facebook posts. Backup cache in use.
Click to show error
Error: Error validating access token: The session has been invalidated because the user changed their password or Facebook has changed the session for security reasons. Type: OAuthException
Most Discussed
Back To Top