অসম প্ৰাকৃতিক সম্পদত চহকী। প্ৰচুৰ সম্ভাৱনাপূৰ্ণ ৰাজ্য অসম। অপৰূপ সৌন্দৰ্য্য, প্ৰাকৃতিক সম্পদ, ঐতিহাসিক সম্পদত চহকী পৰ্যটন ক্ষেত্ৰসমূহ পৰ্যটকৰ বাবে আকৰ্ষনীয় পদক্ষেপ গঢ়ি তুলিব লাগিব। প্ৰাকৃতিক সম্পদৰে ভৰপূৰ অসমক সম্পূৰ্ণ ভাৱে আত্মনিৰ্ভৰশীল, সমৃদ্ধিশালী ৰাজ্য হিচাপে গঢ়ি তুলিবলৈ ১০-২০ বছৰীয়া মিছন প্লেনৰ আৱশ্যক।
অসমৰ বিভিন্ন মনোমোহা ঠাই অসমৰ বুকুতে আছে। পৰ্যটনৰ ক্ষেত্ৰত অসম এখন প্ৰচুৰ সম্ভাৱনাময় ঠাই। প্ৰাকৃতিক সৌন্দৰ্য্যৰ ক্ষেত্ৰত অতুলনীয় ৰাজ্য অসম। নগাঁও- গুৱাহাটী ৩৭ নং ঘাইপথৰ আমচৈ গেটৰ পৰা দহ কিলমিটাৰ নিলগত আছে প্ৰকৃতিৰ ৰম্যভূমি এটা জলপ্ৰপাত, আমচৈৰ শিৱকুণ্ড। মাগুৰী মতাপুং বিল বা মাগুৰী বিল অসমৰ তিনিচুকীয়া জিলাত অৱস্থিত এখন বিল তথা আৰ্দ্ৰভূমি। ই ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ নিচেই কাষত অৱস্থিত। এই বিলখন বিভিন্ন প্ৰজাতিৰ বন্যপ্ৰাণীৰ প্ৰাকৃতিক আৱাসস্থলী আৰু স্থানীয় সম্প্ৰদায়সমূহৰ জীৱিকাৰ উৎস । এই বিলখন বিভিন্ন প্ৰজাতিৰ বন্যপ্ৰাণীৰ প্ৰাকৃতিক আৱাসস্থলী আৰু স্থানীয় সম্প্ৰদায়সমূহৰ জীৱিকাৰ উৎস এই মাগুৰী বিললৈ দেশ বিদেশৰ পৰ্যটকে বিভিন্ন প্ৰজাতিৰ চৰাইৰ কেলি আৰু ৰঙীন পাখিৰ পয়োভৰ চাবলৈ আহে। যোৰহাট জিলাৰ মৰিয়নিৰ উত্তৰ পূৱ দিশত অৱস্থিত গাভৰু পৰ্বত অঞ্চল, সম্প্ৰীতিৰ মিলনভূমি ওদালগুৰি জিলাৰ ভৈৰৱকুণ্ড, কামৰূপৰ চান্দডুবি বিল, দীপৰ বিল, চৰাইদেউৰ “চাহাব খানা”, গোৱালপাৰাৰ আকৰ্ষণীয় পৰ্যটন লমিৰ বিল, ভাই ভনী পাহাৰ, সূৰ্য্য মন্দিৰ, মহা মিলনৰ তীৰ্থস্থান হাজো, পোৱামক্কা, কামাখ্যা মন্দিৰ, উমানন্দ মন্দিৰ, ভূটান পাহাৰৰ পাদদেশত ওদালগুৰি আৰু বাক্সা জিলাৰ সংগমস্থলী বৰনদীৰ নৈসৰ্গিকতাৰে ভৰপূৰ বগামাটি, হাফলংৰ বিভিন্ন পৰ্যটনস্থলী যেনে দৈয়াং নদীৰ দৃশ্য, মাহুৰ ৰে’ল আস্থান, বেনডাউ বাগালাই জলপ্ৰপাত, জাতিংগা পাহাৰৰ প্ৰাকৃতিক দৃশ্য, জাতিংগাৰ পক্ষী আত্মহনন পইন্ট, মাইবঙৰ শিলেৰে নিৰ্মিত গৃহ, আন্দাৰমাল ৰিভাৰ ভিউ পইন্ট, হাফলংৰ হ্ৰদ, গীৰ্জা , ভিউ পইন্ট,হাৰাংগাজাওৰ প্ৰাকৃতিক দৃশ্য আদি অসংখ্য পৰ্যটন স্থলী অসমৰ বুকুতে অৱস্থিত।দেশ বিদেশটো উক্ত ঠাইসমুহৰ প্ৰচাৰে বিভিন্ন পৰ্যতকৰ আকৰ্ষন লাভ কৰাৰ লগতে ৰাজহ আহৰণ আৰু নিবনুৱাৰ সংস্থাপনতো সহায়ক হব।
পৰ্যটন উদ্যোগ, তেল আৰু চাহ উদ্যোগ ৰ পিছতে বৃহৎ সম্ভাৱনাময় উদ্যোগ হৈছে অসমৰ মৰাপাট খেতি। ভাৰতবৰ্ষৰ ভিতৰতে মৰাপাট উৎপাদনত দ্বিতীয় স্থানত আছে অসম,কিন্তু এই অসমৰ মৰাপাট উৎপাদনকাৰী কৃষকে উচিত বজাৰ মূল্যৰ পৰা বঞ্চিত হৈয়ে আছে। অসমত ৭০ হেজাৰ হেক্টৰ কৃষিভূমিত বছৰি ৬,৫০,০০০ বেল মৰাপাট (এক বেলত ১৮০ কিলোগ্ৰাম) উৎপন্ন হয় যদিও ভাৰতীয় মৰাপাট নিগমক অসমৰ কৃষকৰ পৰা অধিক মৰাপাট ক্ৰয় কৰাবলৈ সক্ষম হোৱা নাই। অসমৰ মৰাপাটৰে পশ্চিমবংগৰ সৰহসংখ্যক (৭৩ টা) মিল চলি আছে অথচ অসমত মিল আছে মাত্ৰ ৩ টা, যিটো মৰাপাট উৎপাদনৰ দ্বিতীয় স্থানত থকা ৰাজ্যৰ বাবে অত্যন্ত দুখ:জনক বিষয়।প্ৰচুৰ পৰিমাণে মৰাপাট উৎপন্ন হোৱা অসমৰ অন্যান্য জিলা দৰং, নগাঁও, ধুবুৰী, গোৱালপাৰা, বৰপেটা আদিত ক্ৰমান্বয়ে উৎপাদন বৃদ্ধি পায়ে আছে। উপযুক্ত প্ৰচেষ্টাই সফল উদ্যোগ গঢ় উঠাত সহায় কৰিব, যিয়ে জাতীয় অৰ্থনীতি টনকিয়াল কৰিব।২০১০ চনৰ ৩১ ডিচেম্বৰত অসম উদ্যোগিক উন্নয়ন নিগমৰ জুট পাৰ্কৰ প্ৰস্তাৱ নেচনেল জুট বৰ্ডে লাভ কৰিছিল আৰু ইয়াৰ বাবে ১০০ বিঘা মাটি আবণ্টনো লোৱা হৈছিল যদিও কাৰ্যকৰী ৰূপায়ন নহ’ল।
অসমত মৰাপাটৰ পিছতে মীন উদ্যোগ আৰু পালনৰ জৰিয়তেও আত্মনিৰ্ভৰশীল হোৱাৰ পূৰ্ণ সম্ভাৱনা। ২০২০ ৰ ২৪ জুলাইত মীন উন্নয়ন বিষয়ক নিয়োগ পত্ৰ প্ৰদান কৰি প্ৰাক্তন সৰ্বানন্দ সোণোৱালে মৎস্য উৎপাদনত আত্মনিৰ্ভৰশীল বুলি কোৱাৰ লগতে আন ৰাজ্যলৈ মাছৰ ৰপ্তানি যদিও সেইয়া সত্য নাছিল। বিভাগীয় তথ্য মতে, অসমৰ প্ৰতিজন মানুহক বছৰি ১১ কিলোগ্রামকৈ গড়ে মাছৰ প্ৰয়োজন হয়। প্ৰয়োজন অনুসৰি এতিয়াও অসমত মাছৰ উৎপাদন হোৱা নাই। ২০১৬-১৭ চনত ৩.০৭ লাখ মেট্ৰিক টন মাছৰ উৎপাদন হৈছিল,২০১৮-১৯ চনত সেইয়া হয়গৈ ৩.৩৫ লাখ টন।২০১৮-১৯ৰ তথ্য মতে বহিঃৰাজ্যৰ পৰা মাছ আহিছিল ১২,৬৪১.৪৪ টন। অসমৰ পৰা ৰপ্তানি হোৱাৰ বিপৰীতে অনান্য ৰাজ্য অৰুণাচল প্ৰদেশ, বিহাৰ, কাণপুৰ,অন্ধ্ৰপ্ৰদেশ আদিৰ পৰা চালানি মাছ অহাৰ ফলত ১৬,০০০ টকা বছৰি ৰাজ্যৰ পৰা ওলাই যায়। মৎস্যৰ ব্যৱসায়িক দিশত প্ৰত্যক্ষভাৱে জঢ়িত লোকৰ সংখ্যা ২০ লাখৰো অধিক , গতিকে এই মৎস্য উৎপাদনক কেন্দ্ৰ কৰি অৰ্থনৈতিক দিশত স্বাৱলম্বী হোৱাৰ যথেষ্ট সম্ভাৱনা আছে। ৰাজ্যখনত বৰাক, ব্ৰহ্মপুত্ৰ নদীৰ উপৰি৫৩ খন উপনৈ মাছৰ অন্যতম উৎস। অসম চৰকাৰৰ মীন বিভাগৰ অধীনত ২,৮৫,৭৫৫ টা পুখুৰী,৪৩০ খন পঞ্জীয়ন বিল,৬৭৭ খন অপঞ্জীয়নকৃত বিল, প্ৰায় ১০ হেজাৰৰো অধিক জলাশয় ,১৭৭ ৰো অধিক ৰিভাৰ ফিচাৰিকে ধৰি ১,৯৩ ,৮৩০ হেক্টৰ অঞ্চলৰ মুঠ ২,৯৭,০৩৯ টা পুখুৰী, বিল, জলাশয় আছে। ইমানৰ পিছতো বছৰি ১,৬০০ কোটি টকাৰ বহিৰ্গমনৰ বিপৰীতে প্ৰচেষ্টা তথা কাৰ্য্যসূচীৰে নিৰ্ভৰশীল ৰাজ্য হিচাপে গঢ়ি তোলাৰ চেষ্টা কৰিব লাগে।
আনবহুতো নিত্য প্ৰয়োজনীয় বস্তু যেনে কণী, আলু, পিয়াঁজ, মাংস, গাখীৰ আদিৰ ক্ষেত্ৰত অসমে বহিঃৰাজ্যৰ পৰা আমদানি কৰাৰ বাবে শ শ কোটি টকাৰ বহিৰ্গমন হৈ আছে। অসমৰ মাটি আলু খেতিৰ বাবে পলসুৱা হোৱাৰ পিছতো বছৰি ১৭.৫০ লাখ মেট্ৰিক টন আলু বহিঃৰাজ্যৰ পৰা আনে। বৰপেটা জিলাত সৰ্বাধিক আলু খেতি কৰাৰ লগতে হোজাই, লংকা, দৰং, মন্দিয়া, ধুবুৰীতো ব্যাপক হাৰত কৰা হয়। অসমে উৎপাদন কৰে মাত্ৰ ১১.৫০ লাখ মেট্ৰিক টন আলু অৰ্থাত মুঠ চাহিদাৰ ৩৯ শতাংশ। অসমক দৈনিক দুই লাখ কিলোগ্ৰাম (১০০ ট্ৰাক) আলুৰ দৰকাৰ। ৰাজ্যৰ ভিতৰতে গুৱাহাটীতে দৈনিক ৩০০ টন আলু আহে। আলু খেতিৰ জৰিয়তে অসম তথা উত্তৰ পূৰ্বাঞ্চলত ১৬০০ কোটি টকাৰ বৃহৎ উপাৰ্জনৰ সম্ভাৱনা লুকাই আছে। পিয়াঁজো আমদানি কৰে অসমে। গুৱাহাটীত দৈনিক পিয়াজৰ চাহিদা ৬০০ কুইণ্টল।দেশত পিয়াঁজৰ গড় উৎপাদন হেক্টৰে প্ৰতি ১৬.৭৯ মেট্ৰিক টন হোৱাৰ বিপৰীতে অসমত মাত্ৰ ৩.৩২ মেট্ৰিক টন। আনহাতে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত পিয়াঁজৰ চাহিদা হৈছে ২২৮০ কুইণ্টল। বহিঃৰাজ্যৰ পৰা আমদানিকৃত কণীৰে অসমৰ এশ শতাংশ ফাৰ্মৰ কণীৰ চাহিদা পূৰণ কৰা হয়। প্রতি সপ্তাহত ৰাজ্যখনলৈ আমদানি হয় ১৬-২০ লাখ কণী। আনহাতে, গুৱাহাটা আৰু ইয়াৰ পাৰ্শ্বৱৰ্তী অঞ্চলত দৈনিক প্রয়োজন হয় ৭০ টন ব্ৰইলাৰ কুকুৰা। অসমকে ধৰি সমগ্র উত্তৰ পূর্বাঞ্চলত ব্ৰইলাৰ কুকুৰাৰ দৈনিক চাহিদা হৈছে প্রায় ২০০ টন। গাখীৰৰ ক্ষেত্ৰতো স্বাৱলম্বী নহয় অসম। ইয়াৰোপৰি আটা, ময়দা, চুজি, বিভিন্ন জাতৰ দালি, নিমখ, বিভিন্ন মছল জাতীয় খাদ্য, কলগেট, টুথব্রাছ, জাম, জেলি, আলু চিপছ, মিঠাতেল, শিশু খাদ্য আদি এশ এবুৰি লাগতিয়াল সামগ্ৰীৰ বহিঃৰাজ্যৰ পৰা আমদানি কৰাত কোটি কোটি টকা বাহিৰলৈ ওলাই গৈছে যাৰ ফলত দুর্বল হৈ পৰিছে অসমৰ অর্থনীতি।
অসমৰ মুঠ জনসংখ্যা অৰ্থাৎ প্রায় ৩.২৭ কোটিৰ ভিতৰত প্রায় ২২ লাখতকৈও অধিক নিবনুৱা যুৱক-যুৱতী। সংস্থাপনৰ অভাৱত উচ্চ শিক্ষা লাভ কৰা বহু শিক্ষাৰ্থীয়ে চতুৰ্থ বৰ্গৰ চাকৰিৰ পৰীক্ষাত অৱতীৰ্ণ হৈছে। ২২ লাখ যুৱক যুৱতীক একেলগে কৰ্মসংস্থাপন দিয়াটো অসম্ভৱ যিহেতু অন্যান্য দিশত আত্মনির্ভৰশীল হোৱাৰ অৰ্থে গুৰুত্ব দিয়া উচিত।অসমৰ অর্থনৈতিক বিকাশৰ হাৰ, জনমূৰি আয় আদিয়ে অসমৰ হতাশামূলক ছবিখনক বুজাই ৰাজ্যৰ বিকাশৰ হাৰ ৫.৭ শতাংশ, জনমুৰি আয় প্রায় ৩৭ হেজাৰ। এইবিলাকৰ হ্রাস-বৃদ্ধিয়ে অর্থনীতিলৈ পৰিৱর্তন আনিব পাৰে। এখন ৰাজ্যৰ উন্নয়নৰ মূল উৎস হৈছে কৃষি আৰু উদ্যোগ।প্রাকৃতিক সম্পদত উভৈনদী আমাৰ ৰাজ্যত প্ৰাকৃতিক সম্পদৰ সদব্যৱহাৰ কৰি আত্মনিৰ্ভৰশীল হব পৰাৰ সম্ভাৱনা আছে। সম্পদ আৰু সম্ভাৱনাই হৈছে উন্নয়নৰ মূলমন্ত্র। অসমত প্রচুৰ সম্ভাৱনাৰ ক্ষেত্ৰ আছে। মুখ্যমন্ত্রীৰ আত্মনির্ভৰ আঁচনিৰ জৰিয়তে ৰাজ্যৰ যুৱক-যুৱতীসকলক স্বনির্ভৰশীল কৰি তোলাৰ প্ৰচেষ্টাৰে এই “আত্মনিৰ্ভৰ অসম” খন হাতত লোৱা হৈছে। ২৫ হেজাৰ যুৱক যুৱতীক এই আঁচনিৰ দ্বাৰা সামৰি লোৱা হৈছে। সাধাৰণ অর্হতাৰ এগৰাকী নির্বাচিত যুৱক-যুৱতীয়ে চৰকাৰৰ পৰা লাভ কৰা মুঠ ২ লাখ টকাৰ ১ লাখ টকা ৰাজসাহায্য আৰু ১ লাখ টকা ঋণ হিচাপে পাব। উচ্চ ডিগ্রীধাৰী বৃত্তিমূলক অর্থভাসম্পন্ন বিশেষ নির্বাচিত উদ্যোগীয়ে লাভ কৰা ৫ লাখ টকাৰ ২.৫ লাখ টকা ৰাজসাহায্য আৰু বাকীখিনি ঋণ। যুৱক যুৱতী নিজ ইচ্ছামতে উদ্যান শস্য ফেব্ৰিকেচন অথবা হার্ডবেৰ ব্যৱসায়, মীন পালন, বাঁহ-ৰবৰ আদিৰ গছ ৰোপণ, হাঁহ-কুকুৰাকে ধৰি অন্যান্য পশুপালন, বৃত্তিমূলক শিক্ষাৰে স্বনিয়োজন, কাঠভিত্তিক আচবাব উদ্যোগ স্থাপনেৰে স্বনিয়োজনৰ ক্ষেত্ৰত সহায়ক হোৱাকৈ অর্থ সাহায্য আগবঢ়োবা হৈছে। ৰাজহুৱা খণ্ডত নিযুক্তি আৰু ৰাজ্যত উদ্যোগীকৰণৰ বাতাবৰণ সৃষ্টিৰ মাধ্যমেৰে আত্মনির্ভৰশীল অসম গঢ়ি তোলাৰ সংকল্প লোৱা হৈছে। এই আঁচনি খনে উদ্যমিতাৰ দিশটো বিশেষ প্ৰভাৱ পেলাব বুলি আশা কৰা হৈছে। এই আঁচনিৰ যোগেদি সঁচা অৰ্থত এগৰাকী ভাল উদ্যোগী গঢ়ি তোলাৰ প্রয়াস কৰা হৈছে। এইবিলাকে ৰাজ্যখনত উদ্যমিতাৰ দিশতো বিশেষ প্ৰভাৱ পেলাব। বর্তমান চৰকাৰে ডিজিটেল ইণ্ডিয়া আৰু টেলিকম মিছনৰ যোগেদি প্রযুক্তিবিদ্যাকো নাগৰিকৰ বাবে সহজলভ্য কৰি দিছে,চিপৰ উৎপাদনত গুৰুত্ব দিয়া হৈছে। ইয়াৰ বাবে ছেমিকণ্ডাক্টৰ পাৱাৰ হার্ডটো স্থাপন কৰা হৈছে। যাৰ জৰিয়তে ৰাজ্যৰ নিবনুৱা যুৱক যুৱতীৰ বাবে বিভিন্ন নিয়োগত সুবিধা হব।চৰকাৰে টাটাৰ সহযোগত ২৭ হেজাৰ কোটি টকা ব্যয়সাপেক্ষে জাগীৰোডত আৰম্ভ কৰা এছেম্বলি এন্ড টেষ্ট প্রাইভেট লিমিটেডৰ এটা বৃহৎ প্রকল্পত ১৫ হেজাৰ প্রত্যক্ষভাৱে আৰু প্রায় ১২ হেজাৰে পৰোক্ষভাৱে চাকৰি পাব। এইটো ৰাজ্যৰ অর্থনীতিৰ বাবে ইতিবাচক দিশ হ’ব। আনহাতে আত্মসহায়ক গোট গঠন, ক্ষুদ্র, লঘু আৰু মজলীয়া উদ্যোগ স্থাপনৰ চিন্তাও থাকিব লাগিব। লগতে নিবনুৱা যুৱক-যুৱতীসকলে চৰকাৰে দিয়া এই আঁচনিৰ জৰিয়তে উদ্যান বা কৃষিজাত সামগ্রী উৎপাদন কৰা, হাঁহ-কুকুৰা, গাহৰি আদিৰ ফার্ম খুলি নিজকে নিয়োজিত কৰিও উপার্জনৰ পথ মুকলি কৰিব পাৰিব। অসমত কৃষিজাত সামগ্রীৰ উৎপাদনৰ লগতে ক্ষুদ্র, চাহ খেতি, বনৌষধ আদিৰো অধিক সম্ভাৱনা আছে। অসমত বহুতো যুৱকে ক্ষুদ্র চাহ খেতি কৰিও আত্মনির্ভৰ হৈ আছে। সেইদৰে বনৌষধ উদ্যানৰ যোগেদিও স্বাৱলম্বী হোৱাৰ সুবিধা আছে। এনেদৰেই স্বাৱলম্বী অসম গঢ়িব পৰা যায়।
অসমত ব্যৱসায়িক তথা অৰ্থনৈতিক ক্ষেত্ৰত অৱদান আগবঢ়াব পৰা আন এক দিশ হৈছে ৰ’পৱে। ব্ৰহ্মপুত্ৰৰ পাৰত অৱস্থিত বিভিন্ন ঠাই যেনে তেজপুৰ, ডিব্ৰুগড়, ধুবুৰী, গোৱালপাৰা, শুৱালকুছি আদিত ৰ’পৱেৰ ব্যৱস্থা কৰিব পাৰিলে যাতায়তৰ সুবিধা হোৱাৰ লগতে পৰ্যটন তথা ৰাজহ সংগ্ৰহ আৰু নিবনুৱাৰ কৰ্মসংস্থাপনতো সহায়ক হব। আনহাতে ব্ৰহ্মপুত্র নদীক ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্রীয় জলপথ হিচাপে ঘোষণা কৰিও অসমৰ মূল্যবান সম্পদ সম্ভাৱনা বোৰক উচিতভাবে চিনাক্ত কৰি বাণিজ্যিক দিশত সফলতা লাভ কৰাত ব্যাপকভাৱে সহায় কৰিব। প্রাকৃতিক সৌন্দর্য আৰু ঐতিহাসিক সম্পদত চহকী অসমৰ পর্যটন ক্ষেত্রসমূহ পর্যটকৰ বাবে আকর্ষণীয়কৈ তোলাৰ ক্ষেত্রত বিশেষ পদক্ষেপ গঢ়ি তুলিব লাগে।
অসমৰ অর্থনৈতিক উন্নয়নলৈ লক্ষ্যৰে ৰাজ্য চৰকাৰে হাতত লোৱা “আত্মনিৰ্ভৰ অসম” আঁচনিৰ জৰিয়তে নিবনুৱাৰ ক্ৰেতা হোৱাৰ বিপৰীতে আমি বিক্ৰেতা হোৱাটো প্ৰয়োজনীয়। প্ৰাকৃতিক দিশত শক্তিশালী প্ৰকৃতিক সৌন্দৰ্য্যৰে ভৰপূৰ অসম বিভিন্ন উদ্যোগ,উৎপাদনৰে জাতীয় অৰ্থনীতি গঢ় উঠাৰ প্ৰচুৰ সম্ভাৱনাময় ঠাই। সু ব্যৱস্থা, কাৰ্যূসুচী, উন্নয়নমূলক পদক্ষেপৰ জৰিয়তে অসমখন আত্মনিৰ্ভৰ কৰি তোলাৰ যৎপৰোনাস্তি চেষ্টা কৰা উচিত। শস্য শ্যামলা অসম,আমাৰ সোণৰ অসম স্বনিৰ্ভৰশীল হৈ দেশৰ লগতে বিশ্বৰ ভিতৰতে উজলি উঠিব।