Skip to content

সূতৰ হেঁচাত ককবকাইছে ৰাজ্যৰ অৰ্থনীতি

Dr Netraranjan
January 6, 20253 second read
Debt of Assam Govt.

ঋণ নোলোৱাকৈ ৰাজ্য চলাব নোৱাৰা হৈছে চৰকাৰে। সপ্তাহে প্ৰতি ঋণ লৈছে অসম চৰকাৰে৷ উদং হৈ পৰিছে নেকি ৰাজ্যৰ ৰাজকোষ ? ধনৰ প্ৰয়োজন হৈয়ে আছে অসম চৰকাৰক, কিন্তু কিয় তাক লৈ প্ৰশ্ন উত্থাপন হৈছে। ছেপ্টেম্বৰত মাহৰ ১৭ তাৰিখে ১০০ কোটি টকা আকৌ ২৪ ছেপ্টেম্বৰত ২৫০ কোটি টকা ঋণ লোৱাৰ পাছত একেই প্ৰক্ৰিয়াৰে ১ অক্টোবৰত ৭৫০ কোটি টকা ঋণ লোৱাৰ বাবে ব্যৱস্থা কৰিছিল হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰে যাৰ মুঠ পৰিমাণ হ’বগৈ ১.৫ লাখ কোটিৰো অধিক। উন্নয়নৰ ঢাক-ঢোল বজাই ৰাজহ সংগ্ৰহৰ অৰ্থে বৃদ্ধি কৰি গৈছে বিভিন্ন সামগ্ৰীৰ মূল্য। চৰকাৰে যধে-মধে হিতাধিকাৰী সৃষ্টি কৰি কেৱল মানুহৰ মাজত আলোড়ন সৃষ্টি কৰি কেৱল ভোট বেংক সৃষ্টি কৰাৰ চলিছে প্ৰৱণতা। শেহতীয়াকৈ হিমন্ত বিশ্ব শৰ্মাৰ  চৰকাৰৰ অসমত যিটো হাৰত ঋণৰ বোজা বাঢ়িছে সেয়া হৈ পৰিছে ভয়াৱহ। হিতাধিকাৰী ৰাজনীতিক কেন্দ্ৰ কৰি ঋণগ্ৰস্ততাৰ বোজা বহন কৰি আহিছে।মাহে মাহে ঋণ লোৱা এই ধন কিমান ৰাইজৰ স্বাৰ্থত ব্যৱহাৰ কৰা হৈছে নে কোনো উৎপাদনশীল কামৰ বিপৰীতে ভোটৰ অংকত ব্যয় কৰিছে এই টকা, সেইয়া এক চিন্তনীয় বিষয় হৈ পৰিছে। ৰাইজক ঋণৰ টকাৰে পইছা দি ৰাইজৰ পৰাই দুগুণ ধন লাভ কৰাৰ উদেশ্য নেকি চৰকাৰৰ।

ৰিজাৰ্ভ বেংকৰ বাৰ্ষিক প্ৰতিবেদনত অসমৰ বিত্তীয় অৱস্থা সংকটজনক। চৰকাৰে ঋণলৈ ৰাজ্যবাসীক ‘অমৃত’ৰ সোৱাদ দিছে। এক কথাত আজিৰ তাৰিখত টেটুলৈকে ঋণত পোত গৈ কক্‌কাবলগীয়া হৈছে অসম চৰকাৰ। অসমৰ ৰাজকোষৰ শোচনীয় অৱস্থাৰ প্রকৃত ছবিখন উন্মোচন হৈছে ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াৰ বাৰ্ষিক প্রতিবেদনত। ৰিজাৰ্ভ বেংকে ৰাজহুৱা কৰা ‘ভাৰতৰ ৰাজ্যসমূহৰ পৰিসংখ্যাগত হাতপুথি 2023-24’ শীৰ্ষক প্ৰতিবেদনৰ পৃষ্ঠাই পৃষ্ঠাই অসমৰ বিত্তীয় অৱস্থাৰ বাস্তৱ অৱস্থাৰ প্ৰতিফলন ঘটিছে। ৰিজাৰ্ভ বেংকৰ প্রতিবেদনখনত প্ৰকাশ পোৱা অনুসৰি 2023-24 বিত্তীয় বৰ্ষৰ অন্তত অর্থাৎ চলিত বৰ্ষৰ বিগত ৩১ মার্চ পর্যন্ত অসমৰ মুঠ ঋণৰ পৰিমাণ হৈছে ১,৫০,৯০০ কোটি টকা। অর্থাৎ অসমৰ ধাৰৰ বোজাই এতিয়া ডেৰ লাভ কোটি টকা অতিক্ৰম কৰিলে। ৰিজাৰ্ভ বেংকৰ তথ্য অনুসৰি ২০১৬ চনত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ চৰকাৰৰ কাৰ্যকালত অসমৰ মুঠ ঋণৰ পৰিমাণ আছিল ৪১,৯৬৪ কোটি টকা। আনহাতে ২০২১ চনত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ বিজেপি চৰকাৰৰ কাৰ্যকালত অসমৰ ঋণৰ পৰিমাণ বৃদ্ধি পাই হয়গৈ ৮৯,৭০৯ কোটি টকা। অর্থাৎ প্রাক্তন মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল চৰকাৰে পাঁচ বছৰত বিভিন্ন উৎসৰ পৰা ঋণ লয় ৪৮,৮০১ কোটি টকা। ইয়াৰ বিপৰীতে 2021 চনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰে দায়িত্ব লোৱাৰ পাছৰে পৰা চলিত বৰ্ষৰ ৩১ মার্চ পর্যন্ত অসমৰ সৰ্বমুঠ ঋণৰ পৰিমাণে স্পৰ্শ কৰে ১,৫০,৯০০ কোটি টকা। নক’লেও হ’ব যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে তিনিবছৰে ঋণ লয় ৬১,১৯১ কোটি টকা। চলিত বৰ্ষৰ প্ৰতিটো মাহতে ৰাজ্য চৰকাৰে অতিৰিক্তভাৱে গড়ে প্রায় ১,০০০- ১,৫০০ কোটি টকাকৈ ঋণ লোৱা পৰিলক্ষিত হৈছে। প্ৰতিবেদনখনত প্রকাশ পোৱা মতে অসম চৰকাৰৰ আৰ বি আইৰ জৰিয়তে ষ্টক নিলাম কৰি ৰাজ্যিক উন্নয়ন ঋণ শিতানতে সর্বাধিক ৯৭,৮৬৯ কোটি টকা ধাৰ লৈছে। তদুপৰি নাবাৰ্ডৰ পৰাও ৮,৯৮৬ কোটি টকা ঋণ গ্রহণ কৰিছে। ইয়াৰোপৰি কেন্দ্ৰীয় চৰকাৰৰ পৰা ১২,৪৯৯ কোটি টকা, ভৱিষ্যনিধিৰ পৰা ১৪,৬৯৮ কোটি টকা আৰু অন্যান্য বেংকৰ পৰাও ৮,৯৯৭ কোটি টকা ঋণ লৈছে। লক্ষণীয় বিষয়টো হৈছে এই বৃহৎ অংকৰ ঋণৰ বাবদ মাত্ৰ এবছৰতে অসম চৰকাৰে ৰাজকোষৰ পৰা সুদ পৰিশোধ কৰিবলগীয়া হ’ল ৮,৮১৫ কোটি টকা। ৰাজ্যত এতিয়া প্ৰতিবছৰে ঋণৰ বিপৰীতে সুদৰ পৰিমাণ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। বিজেপি-মিত্ৰজোঁটৰ চৰকাৰৰ বিগত ৮ বছৰীয়া কাৰ্যকালত ধাৰ-ঋণৰ বাবদ ৰাজকোষৰ পৰা সুদ পৰিশোধ কৰিলে ৪২,০৬১ কোটি টকা। ইয়াৰ ভিতৰত সৰ্বানন্দ সোণোৱাল চৰকাৰৰ কাৰ্যকালত ১৯,৬৫১ কোটি টকা সুদ ভৰিবলগীয়া হোৱাৰ বিপৰীতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত বাকী ২২,৪১০ কোটি টকা সুদ পৰিশোধ কৰিবলগীয়া হয়।

Dr Netraranjan

Dr. Netraranjan, the Editor-in- Chief of Janagana Barta is an alumni of JNU and ex Civil Servant with over two decades experience in MNCs at Senior Leadership position. A doctorate in management, his key area of interest is Strategic Political Affairs, Consultancy and Research & Analysis.

Related Articles

Facebook Posts
📌অৱশেষত NRC ৰ বহু বিতৰ্কিত প্ৰাক্তন ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাৰ বিৰুদ্ধে পঞ্জীয়ন কৰা হল গোচৰ...📌309/25 নং গোচৰটো পঞ্জীয়ন কৰিলে দিশপুৰ থানাই হাজেলাৰ বিৰুদ্ধে...দিছপুৰ থানাত হাজেলাৰ বিৰুদ্ধে দুর্নীতি আৰু ধন আত্মসাতৰ অভিযোগ উত্থাপন কৰে গীতিকা ভট্টাচাৰ্য নামৰ এগৰাকী মহিলাই...📌দুৰ্নীতিগ্রস্ত হাজেলা এখন COACHING ACADEMY ৰো স্বত্বাধিকাৰী , মধ্যপ্ৰদেশৰ ভূপালত অৱস্থিত Hajela's IAS UPSC MPPSC COACHING ACADEMY...📌দুৰ্নীতিৰ প্ৰতি শূণ্য সহনশীল চৰকাৰৰ নাকৰ তলেৰে কেনেকৈ নিছিল ১৬ শ কোটি টকা ? ... See MoreSee Less
View on Facebook
📌উন্নত চিকিৎসাৰ অভাৱত জীৱন মৃত্যুৰে যুঁজিছে গীতা নামৰ এজনী ঘৰচীয়া হাতীয়ে....📌আজিৰ পৰা একমাহ পূৰ্বে চামগুৰিৰ ৰঙাগড়াত দুৰ্ঘটনাত পতিত হৈছিল পোহনীয়া হাতিটোৰ...... ... See MoreSee Less
View on Facebook

3 days ago

জনগণ বাৰ্তা
📌wariors ৰ শিৱসাগৰ জিলা নগৰ আঞ্চলিক সমিতিৰ সৌজন্যত দুদিনীয়া বিয়া নাম কৰ্মশালাৰ সম্পন্ন ....📌শিৱসাগৰৰ পৰা অপৰ্না ভৰালী ৰিপৰ্ট ৷ ... See MoreSee Less
View on Facebook
📌গৌৰীপুৰত ইটা ভাটাত উত্ত্তাপ্ত পৰিস্থিতি ,মালিক পক্ষক মাৰপিট কৰি কাৰ্য্যলয় ভাংচুৰ কৰাৰ লগতে নগত ধনলৈ উধাও.... ... See MoreSee Less
View on Facebook
📌 অসমীয়া গহনাই ভৌগোলিক সংকেত অৰ্থাৎ GI টেগ লাভ কৰাৰ পিছতেই আনন্দ মুখৰ হৈ পৰিছে অসমীয়া গহনাৰ ব্যৱসায়ী সকল....📌এই স্বীকৃতিয়ে অসমীয়া গহনাক ৰাষ্ট্ৰীয় তথা আন্তৰ্জাতিক বজাৰত এক বিশেষ স্থান দিব আৰু ইয়াৰ জালিয়াতি ৰোধ কৰিব 📌 ৰঙালী বিহুৰ প্ৰাকক্ষণত এনে সু-খবৰ অসমবাসীৰ বাবে এক আনন্দৰ বাতৰি।📌স্বৰ্ণশিল্পীসকলে GI টেগ লাভৰ আনন্দ প্ৰকাশ কৰি কয়, "এয়া আমাৰ পৰম্পৰাগত কলাকৌশলক ৰক্ষা কৰিবলৈ এটা অন্যতম পদক্ষেপ।" ... See MoreSee Less
View on Facebook
Most Discussed
Back To Top