Skip to content

পদ্মশ্ৰী বঁটা প্ৰাপ্ত সৰ্বেশ্বৰ বসুমতাৰী: অসমৰ এক সাহসী কৃষকৰ কাহিনী

Janagana Desk
January 7, 20252 second read
Sarbeshwar Basumatary

অসমৰ মাটিত সপোন ৰচিছে এজন অসমীয়াই। অসমৰ বাবে এজন আদৰ্শৱান ব্যক্তি তেওঁ যিয়ে অসমত এক নতুন, উদ্ভাৱনী খেতি পদ্ধতিৰে লাভ কৰিছে সফলতা। তেওঁৰ নাম সৰ্বেশ্বৰ বসুমতাৰী। তেওঁৰ সাহসী আৰু চিন্তাশীল দৃষ্টিভংগী, নতুন পদ্ধতি গ্ৰহণ আৰু কঠোৰ পৰিশ্ৰমে তেওঁক পদ্মশ্ৰী সম্মানত ভূষিত কৰিছে। অসমৰ চিৰাং জিলাৰ দুৰ্গম অঞ্চলত ডাঙৰ-দীঘল হোৱা যুৱক সৰ্বেশ্বৰ বসুমতাৰীয়ে কৃষিৰ বিপ্লৱী কামৰ বাবে পদ্মশ্ৰী বঁটা লাভ কৰিছে।

সৰ্বেশ্বৰ বসুমতাৰী অসমৰ চিৰাং জিলাৰ এগৰাকী জনজাতীয় কৃষক। বৰ্তমান তেওঁ চিৰাং জিলাৰ মীন বিভাগৰ উপদেষ্টা মণ্ডলীৰ এগৰাকী সদস্য হিচাপে কৰ্মৰত। ইয়াৰ লগতে তেওঁ চিৰাং জিলাৰ কৃষি বিজ্ঞান কেন্দ্ৰ আৰু ৰেচম পালনৰ সদস্য। তেওঁ ২০১৭ৰ পৰা বৰদৈচিলা কৃষক উৎপাদক কোম্পানী লিমিটেডৰ এগৰাকী প্ৰম’টাৰ হিচাপে কাম কৰি আহিছে। বসুমতাৰী ‘চিৰাং কে কৃষি চিৰাগ’ অৰ্থাৎ ‘চিৰাঙৰ কৃষিৰ চাকি’ হিচাপে বিখ্যাত। পূৰ্বতে দৈনিক মজুৰি কৰা শ্ৰমিক হিচাপে কাম কৰিছিল। সন্মিলিত কৃষি পদ্ধতিৰে কৃষিকৰ্ম কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হোৱা সৰ্বেশ্বৰ বসুমতাৰীয়ে একেডৰা ভূমিতে কল, তামোল, কমলা, জলকীয়া, লিচু, নেমু আদি সন্মিলিতভাৱে ৰোপণ কৰি কৃষিকাৰ্যৰ ব্যয় সংকোচন কৰাৰ লগতে অধিক লাভ অৰ্জন কৰিবলৈ সক্ষম হৈছে ৷ তেওঁ তামোল, কমলা, ধান, লিচু, কুঁহিয়াৰ আদি বিভিন্ন ধৰণৰ শস্যৰ খেতিত কৃষি দক্ষতাৰ বাবে পৰিচিত। ২০২৩ চনত অসম চৰকাৰে কৃষি ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ স্বীকৃৰ্তি স্বৰূপে তেওঁক ২০২২ বৰ্ষৰ বাবে অসমৰ তৃতীয় সৰ্বোচ্চ অসামৰিক সন্মান অসম গৌৰৱ প্ৰদান কৰে । ২০২৪ তেওঁ ভাৰত চৰকাৰৰ পৰা দেশৰ তৃতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী লাভ কৰে। ১৯৬২ চনৰ ৮ এপ্ৰিল সৰ্বেশ্বৰ বসুমতাৰীৰ জন্ম হৈছিল। তেওঁ বগিদ্বাৰা প্ৰাথমিক বিদ্যালয়ত পঞ্চম শ্ৰেণীলৈকে আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰে। তেওঁ ১৩ বছৰ বয়সত গোলাঘাট জিলাৰ বোকাখাতৰ ধনশিৰিমুখলৈ গৈ হাল-বোৱাৰ কাম কৰিবলৈ লয়। ১৯৮৪ত তেওঁ পুনৰ চিপনচিলালৈ আহি কৃষিকৰ্ম আৰম্ভ কৰে। পৰৱৰ্তী সময়ত তেওঁ ভূটিয়াপাৰালৈ আহে আৰু তাত ভূ-স্বামীসকলৰ মাটিত খেতি কৰিবলৈ আৰম্ভ কৰে।

সৰ্বেশ্বৰ বসুমতাৰীয়ে ১৯৯৫-৯৬ বৰ্ষত প্ৰথম বাৰৰ বাবে নিজা মাটি কিনিছিল। ১৯৯৬ চনত তেওঁ বিজনী মহকুমা কৃষি কাৰ্য্যালয়ত কৃষি-বিষয়ক প্ৰশিক্ষণ গ্ৰহণ কৰে। ইয়াত লাভ কৰা পৰামৰ্শ আৰু নিৰ্দেশনাৰে পাণবাৰী কল খেতিয়ক সমাজৰ সভাপতি হিচাপে বসুমতাৰীয়ে বহু আঁচনি ৰূপায়ণেৰে সন্তোষজনক উৎপাদনসহ কল, কমলা আৰু আনাৰসৰ খেতি কৰে। ২০০৭ চনত তেওঁ মীন পালন সম্পৰ্কীয় প্ৰশিক্ষণ গ্ৰহণ কৰে। তেওঁ কৃষি সম্পৰ্কীয় জ্ঞান লাভৰ উদ্দেশ্যে অন্ধ্ৰ প্ৰদেশ, ওড়িশা আৰু পশ্চিম বংগ তথা বিদেশ ভ্ৰমণ কৰিছে। তেওঁ কলকাতাৰ কল্যাণী বিশ্ববিদ্যালয়ৰপৰা উদ্যান শস্যৰো প্ৰশিক্ষণ গ্ৰহণ কৰিছে। বৰ্তমান সময়ত কৃষি বিভাগৰ পৰামৰ্শ অনুসৰি ড্ৰীপ ইৰিগেশ্যন, স্প্ৰীলাৰ ইৰিগেশ্যন আদিৰ দৰে নতুন নতুন কৃষি প্ৰযুক্তি ব্যাৱহাৰ কৰি ১০০ বিঘাৰো অধিক ভূমিত ধানৰ লগতে তামোল, কল, মাকৈ, জলকীয়া, হালধি, নেমু আৰু বিভিন্ন প্ৰকাৰৰ পাচলিৰ খেতি কৰি আহিছে।

তেওঁৰ খেতিপথাৰৰ কৃষিজাত সামগ্ৰী স্থানীয়ভাৱে বিক্ৰী হয় আৰু লগতে অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মেঘালয়, মণিপুৰ আৰু উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন দুৰ্গম অঞ্চলৰ বজাৰতো বিক্ৰী হয়। বছৰটোৰ অধিকাংশ সময় তেওঁ এই কৃষিক্ষেত্ৰৰ পৰাই উপাৰ্জনৰ বাট মুকলি কৰিছে৷ প্ৰগতিশীল কৃষক সৰ্বেশ্বৰ বসুমতাৰীয়ে বৰ্তমান সময়ত কৃষি বিভাগৰ পৰামৰ্শ অনুসৰি ডীপ ইৰিগেশ্যন, স্প্ৰীলাৰ ইৰিগেশ্যন আদিৰ দৰে নতুন নতুন কৃষি প্ৰযুক্তি ব্যাৱহাৰ কৰি 100 বিঘাৰো অধিক ভূমিত ধানৰ লগতে তামোল, কল, মাকৈ, জলকীয়া, হালধি, নেমু আৰু বিভিন্ন প্ৰকাৰৰ পাচলিৰ খেতি কৰিছে৷ উল্লেখযোগ্য যে সৰ্বেশ্বৰ বসুমতাৰীয়ে কৃষিকৰ্মৰ জৰিয়তে স্বাৱলম্বিতা অৰ্জন কৰাৰ লগতে বহু লোকক সংস্থাপন দিবলৈ সক্ষম হৈছে৷ নতুন নতুন উদ্ভাৱনী কৃষি পদ্ধতিৰে সফলতা লাভ কৰা কৃষকগৰাকীয়ে দেশৰ বিভিন্ন ৰাজ্যৰ লগতে বিদেশৰ পৰাও সন্মান লাভ কৰিছে৷

Janagana Desk

Janagana Barta News Desk, Guwahati.

Related Articles

Facebook Posts
This message is only visible to admins.
Problem displaying Facebook posts. Backup cache in use.
Click to show error
Error: Error validating access token: The session has been invalidated because the user changed their password or Facebook has changed the session for security reasons. Type: OAuthException
Most Discussed
Back To Top