অসম প্ৰদেশত সামাজিক ধাৰাবোৰ সঘনাই সলনি হৈ থাকে। তুঁহগুৰি হঠাৎ জ্বলি উঠাৰ দৰে অসমতো বিষয়বোৰৰ স্থায়িত্ব কম। সেয়েহে অসমীয়া আবেগিক জাতি বুলি এক অভিযোগ আছে। সেয়েহে অসমীয়া জাতিটোক সঘনাই একাংশ চতুৰে নাকত ধৰি চাকত ঘূৰাই থাকে।
অলপতে তিনিচুকীয়া ফিল’বাৰী নিবাসী ৰাজীৱ শদিয়াৰ মৃত্যুৰ খবৰটো আপোনালোকে নিশ্চয় পাইছে। নোপোৱাৰ কোনো কাৰণ নাই কিয়নো মানুহজন বা গায়কজনৰ মৃত্যুৰ খবৰটো আৰু কেইশাৰীমান বাক্য সামাজিক মাধ্যমৰ সৈতে জড়িত সচেতন মানুহে লিখিছে। সংবাদ মাধ্যমতো খবৰটোৱে চৰ্চা লাভ কৰিছে, লগতে চৰ্চা পাইছে তেওঁৰ ব্যক্তিগত সংগ্ৰামী জীৱনৰ কথা। ইমানবোৰ চৰ্চা লাভ কৰিছে যেতিয়া কম-বেছি পৰিমাণে আপোনালোকৰ সম্যক জ্ঞান হৈছে যে ৰাজীৱ শদিয়া এগৰাকী ভাল গায়ক আছিল আৰু চমুকৈ ক’বলৈ গ’লে এগৰাকী প্ৰকৃত শিল্পী আছিল।
ৰাজীৱ শদিয়াই যিবোৰ গীত পৰিৱেশন কৰিছিল সেই গীতবোৰৰ কথা প্ৰেমৰ নাছিল। সেই গীতবোৰত অসমৰ আৰ্থ-সামাজিক কথাবোৰে চৰ্চা লাভ কৰিছিল। লগতে তেওঁ বিভিন্ন সংগ্ৰমাৰ সৈতেও মোকাবিলা কৰিবলগীয়া হৈছিল। এয়া অৱধাৰিত যে, প্ৰচলিত ধাৰাত লীন নগৈ ব্যতিক্ৰমী চিন্তা আৰু সচেতনতামূলক গীত পৰিৱেশন কৰা শিল্পীৰ জীৱন সংগ্ৰাম অনেক। অৱশ্যে জীৱিত কালত অতি কম জনসমূহে চিনি পোৱা এই শিল্পীগৰাকী হঠাৎ স্বাস্থ্যজনিত কাৰণত মৃত্যুক সাৱটিব ল’বলগীয়া হোৱাৰ পাছত এতিয়া অধিক চৰ্চিত হৈ পৰিছে।
অসমৰ ক্ষেত্ৰত দুৰ্ভাগ্যজনক কথাটো হৈছে বিষয়বোৰৰ চৰ্চা। আমাৰ এই প্ৰদেশখনত কি বিষয়ে চৰ্চা পাব লাগে সেয়া চৰ্চা লাভ নকৰে কিন্তু যি বিষয়ে চৰ্চা পোৱা অনুচিত সেই বিষয়টোৱে চৰ্চা লাভ কৰে। আমাৰ একাংশ চিন্তাবিদে প্ৰায়েই আলোচনা কৰা দেখা যায় যে আমাৰ ইয়াত বংগৰ দৰে সমাজ সচেতক শিল্পী কিয় নাই? নচিকেতা আমাৰো নাই নেকি? ইত্যাদি-আদি। কিন্তু কথাটো ভুল। আমাৰ ইয়াতো অনেক তেনে শিল্পী আছে যি তথাকথিত আবেদনময়ী শিল্পীতকৈ ভাল, সচেতনতামূলক শব্দক সুৰ দি সমাজ সচেতনতাৰ কাম কৰি আছে। সেয়েহে কওঁ যে অসমতো বংগৰ দৰে শিল্পী আছ! কিন্তু কথাটো হ’ল, চৰ্চা বা প্ৰভাৱ কিয় নাই?
ইয়াৰ কাৰণ এটাই, শ্ৰমিক শ্ৰেণী বা তৰল অৰ্থত ক’বলৈ হ’লে নিজক মাৰ্ক্সবাদী বুলি কৈ সংবাদ মাধ্যমৰ নয়নৰ মণি হৈ গোটেই সাংস্কৃতিক লবীটোক পৰিচালনা কৰিব পৰা ধন বা প্ৰভাৱ এক দুইৰ থাকে, কিন্তু সকলোৰে নাথাকে। আনহাতে, আমাৰ সংবাদ মাধ্যমে নিজাকৈ ধাৰা সৃষ্টি কৰাৰ সলনি কেৱল প্ৰচলিত এটা সস্তীয়া ধাৰাত বিলীন হৈ Screen Time (দৃশ্য সময়) নষ্ট কৰি আছে। কোনোবাই সলনি কৰিবলৈ বিচাৰিলেও সংখ্যাগৰিষ্ঠ লবীটোৱে তেওঁক নাপাত্তা কৰি দিয়ে।
বৰ্তমান অসমৰ কেতবোৰ শিল্পী যেনে মহেন্দ্ৰ হাজৰিকাৰ গানবোৰ, লোহিত গগৈৰ গানবোৰত তেনেকুৱা সচেতনতামূলক কণ্ঠ পোৱা যায়। ৰাজীৱ শদিয়াৰ দৰে সচেতন শিল্পীক লৈ এতিয়া যিদৰে অধিকাংশ সৰৱ হৈছে আপোনালোকেও তেনে কোনো কণ্ঠশিল্পীৰ নাম জানিলে এই প্ৰবন্ধৰ কমেন্টত উল্লেখ কৰক।
অসমীয়া মানুহে ফেচবুকত দীঘল আপডেট নপঢ়ে, বাতৰি কাকত-পৰ্টেলত প্ৰবন্ধ-আলোচনা নপঢ়ে বুলি অপবাদ আছে বাবেই বেছি লেখি থাকিবলৈও মন নাই কিন্তু কওঁ যে অসমীয়াই আবেগত আংশিক দায়িত্ব পালন কৰে ঠিকেই কিন্তু এটা নতুন সামাজিক ধাৰাক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত প্ৰদৰ্শন কৰিবলগীয়া মানসিকতাক এৰাই চলে।
ৰঙালী বিহু আহি আছে, সাংস্কৃতিক সন্ধিয়াত লক্ষাধিক টকাৰ বাজেট কৰে, সুৰাত বা আবেগত নাঁচি উঠিবলৈ সকলোকে আবেদনময়ী শিল্পীকে লাগিব, কিন্তু ৰাজীৱ শদিয়া বা তেনে ধৰণৰ সমাজ সচেতক শিল্পীক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত ল’বলগীয়া সংকল্প নকৰে কিয়?
শেষত কওঁ, আমাৰ ইয়াত প্ৰকৃত শিল্পীক মৃত্যুৱেহে চৰ্চা দিয়ে।