কেন্দ্ৰীয় চৰকাৰে ৰাজ্যৰ ওপৰত বিভিন্ন ক্ষেত্ৰত প্ৰভাৱ বিস্তাৰ কৰে। ইয়াৰ ফলত কোনো ক্ষেত্ৰত ৰাজ্যৰ উন্নয়ন হয়, আৰু কোনো ক্ষেত্ৰত ৰাজ্যৰ স্বতন্ত্ৰতা আৰু স্বাধিকাৰ হ্ৰাস পায়। ডাবল ইঞ্জিন চৰকাৰ কেৱল নামতহে । ৰাজ্যৰ বিকাশৰ দিশত পিঠি দিয়ে কেন্দ্ৰীয় চৰকাৰে। ৰাজ্যৰ সমস্যাবোৰ হয়তো কেন্দ্ৰীয় চৰকাৰৰ সমস্যাৰ তালিকাত অন্তৰ্ভূক্ত হোৱাই নাই। তৃতীয়বাৰৰ বাবে মোদী চৰকাৰ গঠন হোৱাৰ পাছত দেশত সকলো প্ৰকাৰৰ খাদ্য-সামগ্ৰীৰ লগতে দৈনন্দিন ব্যৱহৃত মৌলিক প্রয়োজনীয় সামগ্রীৰ অভাৱনীয় দাম বৃদ্ধি হ’বলৈ ধৰিছে। বিশেষকৈ নিৰ্বাচনৰ আগৰ মূল্য আৰু নিৰ্বাচনত জয়লাভ কৰি বিজেপিয়ে ক্ষমতা দখল কৰাৰ পাছত দাম বৃদ্ধিৰ গতি তীব্র হৈ পৰিছে। এনেদৰে নিয়ন্ত্রণহীন গতিত দাম বৃদ্ধিয়ে পৰিয়াল চলোৱাৰ ক্ষেত্ৰত গভীৰ সমস্যা আনি দিছে। নির্বাচনৰ পূৰ্বে বৃহৎ ব্যৱসায়িক গোষ্ঠীৰ পৰা নিৰ্বাচনী বৈতৰণী পাৰ হ’বৰ বাবে শাসকীয় ৰাজনৈতিক দলে পুঁজি সংগ্ৰহৰ পৰিণতিতেই এতিয়া খাদ্য সামগ্রীৰ ইচ্ছাকৃত দাম বৃদ্ধিৰে সৰ্বসাধাৰণৰ মূৰত বোজা দিবলৈও কুণ্ঠাবোধ কৰা নাই বুলি সকলোৱে ভাবিবলৈ বাধ্য হৈছে। এতিয়া দেশত মুদ্রাস্ফীতিৰ হাৰ ৮.৬৯ শতাংশৰ পৰা ৯.৫৫ শতাংশলৈ বৃদ্ধি হৈছে। তদুপৰি বিশেষ কিছুমান সামগ্রী যেনে আলু-পিঁয়াজ, শাক-পাচলি আদিৰ দাম বৃদ্ধিৰ হাব ৩৯.৩২ শতাংশ পর্যন্ত হৈছেগৈ। উল্লেখ্য যে খাদ্য সামগ্ৰীৰ খুচুৰা দাম বৃদ্ধিৰ হাৰ নগৰ অঞ্চলতকৈ গাঁও অঞ্চলত অধিক হোৱাত গাঁও অঞ্চলৰ দৰিদ্ৰ পৰিয়ালসমূহৰ অৱস্থা অতিশয় শোচনীয় হৈ পৰিছে। আগন্তুক দিনত খুচুৰা বজাৰৰ দাম বৃদ্ধি অব্যাহত থাকিলে পিছপৰা ৰাজ্যসমূহৰ জনসাধাৰণে পৰিয়াল চলোৱা কষ্ট হ’ব। এই দাম বৃদ্ধিৰ আন এটা কাৰণো আছে। হৈ যোৱা নির্বাচনত ৰাজনৈতিক দলবোৰে হোৰা হোৰে ধন ব্যয় কৰিলে। সেইবিলাক আহিল ক’ৰ পৰা? নিশ্চয় দেশৰ পুঁজিপতি ব্যক্তি, বণিয়া শ্রেণীটোৰ পৰাই। তথ্য মতে, নির্বাচনত জয়ী হ’বৰ বাবে বিভিন্ন বাজনৈতিক দলৰ প্ৰাৰ্থীসকলে যি পৰিমাণৰ ধন খৰচ কৰিলে, সেয়া দেশত এক নতুন অভিলেখৰ সৃষ্টি হ’ল। বিগত নির্বাচনত সর্বমুঠ খৰচ হ’ল ১.৩৫ লাখ কোটি টকা। এই ব্যয় ভাৰতবৰ্ষৰ দৰে দুখীয়া দেশ এখনৰ বাবে চিন্তাৰ কাৰণ। সেই হিচাপত এইবাৰৰ নির্বাচনত গড় হিচাপত প্রতিজন ভোটাৰৰ বিপৰীতে ব্যয় হৈছে ১৪০০ টকা, এনেদৰেই দেশত মুদ্রাস্ফীতিৰ হাৰ ৭ শতাংশ পর্যন্ত বৃদ্ধি পাইছে। বজাৰত সোমোৱাৰ আগতে হাজাৰবাৰ ভাবিবলগীয়া হৈছে গ্রাহকে। ঋণৰ ধনেৰে উন্নয়নৰ ঢাক ঢোল বজোৱা চৰকাৰে গ্ৰহণ কৰা নির্বিকাৰ ভূমিকাই পৰিস্থিতি অধিক জটিল কৰি তুলিছে। ৰাজ্যৰ বজাৰত অস্তিত্বহীন বিয়াগোম যোগান বিভাগ। বিদ্যুতৰ স্মার্ট মিটাৰৰ দপদপনি, অত্যাৱশ্যকীয় সামগ্রীৰ দাম বৃদ্ধিয়ে বিপদ সীমা অতিক্রম কৰিছে। তদুপৰি মধ্যভোগীৰ উৎপাতত নিজৰ উৎপাদিত সামগ্রীৰ উচিত মূল্য লাভ নকৰাৰ বাবে বহু কৃষকে খেতিৰ প্রতি অনীহা প্রকাশ কৰিছে। যাৰ বাবে আন ৰাজ্যৰ ওপৰত নির্ভৰ কৰিব লগা হোৱাত চৰকাৰে ৰাজহ হেৰুৱাইছে।
কেন্দ্ৰীয় চৰকাৰৰ কাণসাৰ নাই অসমৰ ছয় জনগোষ্ঠীক জনজাতিকৰণৰ প্ৰতি , প্ৰতিশ্ৰুতি প্রতিশ্রুতিয়েই হৈ থাকিল । লোক সভাৰ নিৰ্বাচনৰ আগে আগে এই কাম কৰা হ’ব বুলি চৰকাৰে ঘোষণা কৰিছিল। নির্বাচন হৈ গ’ল, কামটোহে কিন্তু নহ’ল। ইতিমধ্যে জম্মু-কাশ্মীৰ, ছট্টিশগড় আৰু হিমাচল প্রদেশৰ বহুতো জনগোষ্ঠীক জনজাতিকৰণৰ মর্যাদা প্রদান কৰা হৈছে। কিন্তু অসমৰ ক্ষেত্রতহে একো কৰা হোৱা নাই। ২০২০ চনতে জনজাতিকৰণৰ বাবে এখন কমিটী গঠন কৰা হ’ল। কিন্তু ইয়াৰ প্রতিবেদনহে আজি পর্যন্ত নোলাল। ২০২২, চনতে দেশৰ ১২টা জনগোষ্ঠীক জনজাতিকৰণ কৰা হৈ গ’ল। বাদ পৰিল কেৱল অসমৰ ছয় জনগোষ্ঠী। তেতিয়াৰ পৰাই অসমৰ ছয় জনগোষ্ঠীৰ প্ৰতিবাদ চলি আহিছে আৰু সেয়া এতিয়াও অব্যাহত আছে।
কেন্দ্রত পুনৰ বিজেপি চৰকাৰ গঠন হোৱাত আমাৰ ৰাজ্যখনতো উন্নয়নৰ টো উঠিল বুলি ভবা হৈছিল যদিও প্রকৃতার্থত সেইটো দেখা নাই। একমাত্র ভোটৰ স্বার্থত চৰকাৰখনে বিভিন্ন বিত্তীয় প্রতিষ্ঠানৰ পৰা মাহিলি হাজাৰ হাজাৰ কোটি টকাৰ ঋণ লৈছে। কেৱল হিতাধিকাৰী আঁচনি ৰূপায়ণত বাস্ত থকাৰ বাবে ৰাজ্যৰ উন্নয়নৰ দিশটো পিছপৰি গৈছে। আনকি চৰকাৰে বাজেটৰ মূলধন শিতানত ধার্য কৰা পুঁজিও ব্যয় কৰাত চূড়ান্তভাবে ব্যর্থ হৈছে। উল্লেখ্য যে, ২০২৩-২০২৪ বিত্তীয় বর্ষটোত মূলধনী শিতানত ধার্য কৰা হৈছিল ১,৫০,০৫০,২০ কোটি টকা। কিন্তু ইয়াৰ ভিতৰত ব্যয় কৰে মাত্র ১,১১,৬০৪,০৯ কোটি টকা (৭৮.৩৮ শতাংশ)। অসম চৰকাৰে চলিত বর্ষত ১,১৪,০৮৪,৭০ কোটি টকা ৰাজহ সংগ্ৰহৰ লক্ষ্য নির্ধাৰণ কৰি লৈছিল। কিন্তু সংগ্রহ হ’ল মাত্র ৯২,২১১,৮১ কোটি টকা। ইয়াৰ ভিতৰত কৰ ৰাজহ সংগ্রহ হৈছিল ৬৩,৫০৮,৬০ কোটি টকা। কেন্দ্ৰীয় চৰকাৰৰ পৰা অনুদান সহায়ক হিচাপে পাইছে মাত্র ২২,১৩৫ কোটি টকা। যদি ৰাজ্যখনৰ উন্নয়নৰ কথাই ভবা হয় তেন্তে কেন্দ্রীয় চৰকাৰে আন ৰাজ্যৰ সমানে অসমকো দিব লাগে । নিৰ্বাচনৰ পূৰ্বে কেন্দ্রীয় চৰকাৰৰ নেতা পালিনেতাসকল ঘনাই অসমলৈ আহে আৰু উন্নয়নৰ প্রতিশ্রুতি দিয়ে। কেন্দ্রই ৰাজ্যৰ সমস্যাৰ বিষয়ে জানে যদিও সহানুভূতি নাই।
কেন্দ্ৰত থাকি ৰাজ্যৰ উন্নতিৰ কথা নাভাৱিলে সামগ্ৰিক উন্নয়ন সাধন নহয়। ৰাজ্যৰ কেতবোৰ সমস্যা সমাধানৰ বাবে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰাৰ লগতে কাৰ্য্যসূচী ৰূপায়নৰ ক্ষেত্ৰত সমানে গুৰুত্ব দিব লগে। কেন্দ্ৰৰ সহায় অবিহনে উন্নয়ন অসম্ভৱ।