নেতাজী সুভাষ বসুৰ ১২৮ সংখ্যক জয়ন্তী আজি দেশবাসীয়ে পালন কৰিছে। মোদী চৰকাৰৰ নেতৃত্বত ২৩ জানুৱাৰীৰ দিনটো পৰাক্ৰম দিৱস হিচাপে পালন কৰাৰ সিদ্ধান্ত লোৱাৰ পাছৰ পৰাই নেতাজীৰ দিনটো পৰাক্ৰম দিৱস হিচাপে পালিত হৈ অহা হৈছে।
১৮৯৭ চনত কটকত জন্ম হোৱা সুভাষ বসু ১৯২০ চনত কেম্ব্ৰিজ বিশ্ববিদ্যালয়ত থকাৰ সময়তে ইণ্ডিয়ান চিভিল ছাৰ্ভিছেচ পৰীক্ষা দি চতুৰ্থস্থান লাভ কৰি সফলতাৰে উত্তীৰ্ণ হয়। কিন্তু জালিয়ানাবাগৰ নৰহত্যাৰ ঘটনাই সুভাষৰ মনত গভীৰ চাপ পেলায়। সেয়েহে তেওঁ ভাৰতীয় অসামৰিক সেৱাৰ চাকৰি পৰিত্যাগ কৰে।
তাৰ পাছত দেশৰ স্বাৰ্থত মহাত্মা গান্ধীৰ নেতৃত্বত স্বাধীনতা আন্দোলনত অংশ লয়। ১৯২১ চনত তেতিয়াৰ বম্বেত (মুম্বাই) গান্ধীৰ সৈতে কথোপকথন শীৰ্ষক অনুষ্ঠানত অংশ লৈ দেশৰ স্বাধীনতা সম্পৰ্কত গান্ধীৰ ধাৰণা বিষয়ত সুভাষ বসুৱে প্ৰশ্ন কৰে। গান্ধীৰ প্ৰতি সন্মান থকাৰ পাছতো মহাত্মা গান্ধীৰ পৰা স্বাধীনতা সম্পৰ্কত থকা গান্ধী দৰ্শনত বীতশ্ৰদ্ধ হৈ সুভাষে সেই সভাস্থান ত্যাগ কৰিছিল।
১৯৩৮ চনত তেওঁ কংগ্ৰেছ দলটোৰ সভাপতি নিৰ্বাচিত হয়। ১৯৩৯ চনত তেওঁ মহাত্মা গান্ধী সমৰ্থিত প্ৰাৰ্থী পট্টাভাই সীতাৰমায়াক পৰাজিত কৰি পুনৰাই সভাপতি নিৰ্বাচিত হয়। পূৰ্ণ স্বৰাজক ৰাষ্ট্ৰীয় বিষয় হিচাপে প্ৰতিষ্ঠা কৰাৰ চেষ্টা চলোৱাৰ সময়তে তেওঁ কূটনীতিৰ বলি হৈ সভাপতি পদ ৰাজেন্দ্ৰ প্ৰসাদক দি কংগ্ৰেছৰ মজিয়া এৰিবলগীয়া হয়। তাৰ পাছত তেওঁ ফৰৰ্ৱাড ব্লক আৰম্ভ কৰিছিল।
গান্ধী আৰু বসু সম্পৰ্কত ইতিহাসবিদ শতদ্ৰু সেনে লিখিছে যে গান্ধী আধুনিক প্ৰযুক্তি তথা বস্তুবাদী চিন্তাৰ পৰিপন্থী হোৱাৰ লগতে ক্ষমতাৰ বিকেন্দ্ৰীকৰণৰ সমৰ্থক আছিল, আনহাতে বসু আধুনিত প্ৰযুক্তিত বিশ্বাসী আৰু উৎপাদনমুখী শক্তিশালী কেন্দ্ৰ চৰকাৰৰ পোষকতা কৰিছিল। বসুৱে স্বাধীনতাৰ বাবে গান্ধীৰ অহিংসা নীতিক সমৰ্থন কৰা নাছিল। অৱশ্যে সুভাষ বসুৱে কেতিয়াও গান্ধীজীক অপমান কৰা নাছিল আৰু ১৯৪৪ চনত ছিংগাপুৰৰ পৰা আজাদ হিন্দ ৰেডিঅ’ত দিয়া ভাষণত গান্ধীক দেশৰ পিতা আখ্যা দিছিল।
সোঁপন্থী আছিল বা দেশৰ স্বাধীনতা হস্তগত কৰি লোৱাৰ পোষকতা কৰিছিল বাবেই সুভাষ বসুৱে আজাদ হিন্দ ফৌজ গঠন কৰি ইংৰাজ বিৰুদ্ধে যুঁজ দিছিল। ১৯৪৫ চনত আজাদ হিন্দ ফৌজ মণিপুৰৰ ইম্ফল পৰ্যন্ত পাইছিল যদিও হিৰোশ্বিমা-নাগাছাকিৰ পাৰমাণবিক বিস্ফোৰণৰ পাছত জাপানে দ্বিতীয় বিশ্বযুদ্ধত আত্মসমৰ্পন কৰে আৰু আজাদ হিন্দ ফৌজো মণিপুৰ-ম্যানমাৰৰ পৰা পাছুৱাই যাবলৈ বাধ্য হয়।
১৯৪৫ চনত টাইপেইত হোৱা বিমান দুৰ্ঘটনাত সুভাষ বসুৰ মৃত্যু হোৱা বুলি কোৱা হয় যদিও এই সন্দৰ্ভত স্বাধীনতাৰ পাছত ভাৰত চৰকাৰে অনেক কমিটী গঠন কৰি সুভাষ বসুৰ মত্যু ৰহস্য সন্দৰ্ভত উমৈহতীয়া মতামত গঠন কৰিব নোৱাৰিলে।
প্ৰশ্ন হয়, সুভাষ বসু যদিহে কংগ্ৰেছৰ সৈতে সক্ৰিয় হৈ থাকি দেশৰ স্বাধীনতা পৰ্যন্ত থাকিলহেঁতেন তেন্তে আজি ভাৰতৰ ছবি অনেক দিশত পৃথক হ’লহেঁতেন।