জনগণ বাৰ্তা - Phone:: 940-123-9090. Email: editor@janaganabarta.com
Tuesday, September 15, 2026

অৰণ্য মানৱৰ সপোনত জুই: মাফিয়াগিৰিৰ চত্ৰছায়াত কঁপিব ধৰিছে নেকি অসম?

by Janagana Desk
1 minutes read
Jadav Payeng

পদ্মশ্ৰী যাদৱ পায়েং—যাক আমি বিশ্বই ‘ফৰেষ্ট মেন অফ ইণ্ডিয়া’ বুলি জানো, যাৰ হাড়ভঙা পৰিশ্ৰমৰ ফলত মাজুলীৰ বালিচৰত আজি ১২০০ হেক্টৰতকৈও অধিক ভূমি জুৰি থকা ‘মোলাই কাঠনি’ থিয় হৈ আছে। কিন্তু দুৰ্ভাগ্যজনকভাৱে, এই বৰ্ষত এই সেউজীয়া সপোনত দুৰ্বৃত্তই অগ্নিসংযোগ কৰা কাৰ্যই এক গভীৰ আশংকালৈ আঙুলিয়াই দিছে। এয়া কোনো আকস্মিক ঘটনা নহয়, বৰঞ্চ ৰাজ্যখনত বৃদ্ধি পোৱা মাফিয়াগিৰি আৰু অৰাজকতাৰ এক নগ্ন প্ৰতিচ্ছবিহে।

বন মাফিয়া হওক বা ভূমি মাফিয়া, বৰ্তমান সময়ত ৰাজ্যৰ চুকে-কোণে মাফিয়াগিৰি এক ভয়াৱহ ব্যাধি হৈ পৰিছে। যি সময়ত চৰকাৰে পৰিৱেশ সংৰক্ষণৰ ডাঙৰ ডাঙৰ কথা কয়, সেই একে সময়তে বিশ্বৰ বিস্ময় যাদৱ পায়েংৰ হাবি সুৰক্ষিত নহয় কিয়? এই মাফিয়া বোৰৰ ইমান সাহস ক’ৰ পৰা আহে? জনসাধাৰণৰ মাজত এতিয়া এটাই প্ৰশ্ন—কাৰ চত্ৰছায়াত এই দুৰ্বৃত্তবোৰে দিন-দুপৰতে এনে দুষ্কাৰ্য কৰিবলৈ সাহস পাইছে?

অৰণ্য মানৱৰ দৰে এজন আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন ব্যক্তিৰ কৰ্মভূমিত সুৰক্ষা দিব নোৱাৰাটো প্ৰশাসনৰ এক চৰম ব্যৰ্থতা। চৰকাৰী মেচিনেৰী থকাৰ পাছতো যদি একাংশ ভূ-মাফিয়া বা বন-মাফিয়াই এনেদৰে আগবাঢ়ি যাব পাৰিছে, তেন্তে ইয়াৰ অন্তৰালত থকা শক্তিশালী ৰাজনৈতিক শক্তিৰ উমান পোৱাটো কঠিন নহয়। চৰকাৰৰ ‘শূন্য সহনশীলতা’ (Zero Tolerance) নীতি কেৱল ভাষণতে সীমাবদ্ধ নেকি বুলি এতিয়া সচেতন মহলে প্ৰশ্ন উত্থাপন কৰিছে।

যিখন ৰাজ্যত যাদৱ পায়েংৰ দৰে ব্যক্তি সুৰক্ষিত নহয়, য’ত তেওঁৰ জীৱনজোৰা সাধনাৰ ফলত গঢ়ি উঠা অৰণ্যখনত জুই লগাই দিব পাৰি, তাত সাধাৰণ জনতাৰ অৱস্থা কি হ’ব পাৰে সেয়া সহজেই অনুমেয়। বৰ্তমানৰ চৰকাৰৰ দিনত চোৰাং চিকাৰী, বন মাফিয়া আৰু ছিণ্ডিকেটৰাজ ইমানেই বৃদ্ধি পাইছে যে প্ৰকৃতি প্ৰেমী বা সমাজকৰ্মীসকল আজি নিৰুপায় হৈ পৰিছে। যাদৱ পায়েংৰ মোলাই কাঠনিত লগা জুই কেৱল গছ-গছনিৰ জুই নহয়, এয়া আমাৰ ব্যৱস্থাটোত লাগি থকা পচনৰ চিন। যদিহে চৰকাৰে সময় থাকোতেই এই মাফিয়া চক্ৰৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ নকৰে আৰু এই দুষ্কাৰ্যৰ আঁৰত থকা শক্তিবোৰক ধৰা পেলাই উচিত শাস্তি নিদিয়ে, তেন্তে ভৱিষ্যতে অসমৰ সেউজীয়া হেৰাই যোৱাটো নিশ্চিত। আমি চৰকাৰৰ পৰা কেৱল টুইটাৰ বা ফেচবুকত সহানুভূতি নিবিচাৰোঁ, আমি বিচাৰোঁ এক মাফিয়ামুক্ত, সুৰক্ষিত অসম।

Was this article helpful?
Yes0No0

You may also like