অসমত ঋণগ্ৰস্ত কৃষকৰ দুৰৱস্থাৰ বিষয়টো এটা গুৰুত্বপূর্ণ সমস্যা । ৰাজ্য চৰকাৰৰ দৰে ঋণগ্ৰস্ততাৰ কৱলত ৰাজ্যৰ কৃষক। বহু কৃষকে বিভিন্ন বেংক, মাইক্রোফাইন্যান্স (Microfinance ) প্ৰতিষ্ঠান আৰু অন্যান্য উৎসৰ পৰা কৃষিৰ উন্নয়ন আৰু জীৱিকা নিৰ্ভৰ কৰি ঋণ লয়। কিন্তু বিভিন্ন কাৰণৰ বাবে এই ঋণবোৰ সময়মতে ঘূৰাই দিব নোৱাৰাৰ পৰিস্থিতি সৃষ্টি হয়।
অসমৰ বৰ্তমানৰ ৰাজ্য চৰকাৰখনে শাসনলৈ অহাৰ পূৰ্বে দিয়া অন্যতম প্রতিশ্রুতি আছিল কৃষকৰ আয় দুগুণ কৰা। কিন্তু বিভিন্ন সমস্যাত চেপা, খুন্দা খোৱা কৃষকৰ আয় দুগুণ হোৱা দূৰৰ কথা, এতিয়া ঋণত ককবকাব লগাত পৰিছে অসমৰ কৃষকে। শেহতীয়াকৈ নাবার্ডে চলোৱা এক সমীক্ষা অনুসৰি, অসমৰ গ্রামীণ পৰিয়ালৰ পৰিশোধ কৰিব লগা গড় ঋণৰ পৰিমাণ হ’ল ৪৭,৭৮৩ টকা। আনহাতে, গাঁৱৰ ২৯ শতাংশ লোকেই ঋণগ্রস্ত। আনহাতে, অকল চৰকাৰী বেংকত ৩১ শতাংশ কৃষকৰ ৪,৪৯৮ কোটি টকাৰ ঋণ অনাদায় হৈ আছে। গতিকে প্রতিটো কৃষক পৰিয়ালে গড়ে ১৬,৪০৭ টকাকৈ বেংকৰ ঋণ আদায় দিবলৈ আছে। আনহাতে, এই সমীক্ষাত বিভিন্ন ব্যক্তিগত প্রতিষ্ঠানৰ, ব্যক্তিৰ পৰা লোৱা অধিক হাৰৰ সূতৰ ঋণ ধৰা হোৱা নাই। হয়তো সকলো ধৰিলে কৃষক পৰিয়ালৰ গড় ঋণৰ পৰিমাণ দুগুণ হ’ব।
কিন্তু কিয় অসমৰ দৰে কৃষিপ্রধান ৰাজ্য বুলি কোৱা ৰাজ্য এখনৰ কৃষকৰ মুৰত ঋণৰ ইমান বৃহৎ বোজা? ইয়াৰ কাৰণ হ’ল কৃষকৰ আয় চৰকাৰীভাবে কৃষকৰ আয় দুগুণ কৰাৰ কথা কৈ অহা হৈছে যদিও ইয়াৰ বাবে লোৱা বাস্তৱ পদক্ষেপ কিন্তু চকুত লগা নহয়। নাবাৰ্ডৰ জৰীপ অনুসৰি, অসমত এটা কৃষক পৰিয়ালৰ মাহে গড় আয় ১৫.৫৭৯ টকা। বিপৰীতে পঞ্জাৱৰ কৃষকৰ গড় উপার্জন মাহে ৩১,৪৩৩ টকা, হাৰিয়ানাৰ ২৫,৬৫৫ টকা। আনকি অসমৰ চুবুৰীয়া ৰাজ্য অৰুণাচলৰ কৃষকৰ মাহে গড় আয় ১৯,২২৫ টকা, মিজোৰামৰ ১৭,৯৬৪ টকা। অর্থাৎ অৰুণাচল, মিজোৰামতকৈও অসমৰ কৃষক পৰিয়ালৰ মাহে গড় আয় কম। অসমৰ কৃষক পৰিয়ালে এই নামমাত্র আয়েৰে সন্তানৰ পঢ়া- শুনা, চিকিৎসা, খোৱা, পিন্ধা সকলো কাম কৰিব লাগে। ফলত কৃষিকার্যত বিনিয়োগ আৱশ্যক অনুসাবে কৰিব নোৱাৰে । উৎপাদনী আয়ৰ তুলনাত খৰচ মিলাব নোৱাৰি অধিকাংশ কৃষকে ঋণ ল’ব লগা হয় যদিও তেওঁলোকৰ আয়ৰ লগত ব্যয় নিমিলাত ঋণ পৰিশোধ কৰিব নোৱৰা হয়। আজি বহুকেইটা ৰাষ্ট্রীয়কৃত বেংকে অসমৰ কৃষকক ঋণ দিব নিবিচাৰে। ইয়াৰ একমাত্ৰ কাৰণ হিচাপে তেওঁলোকে অসমৰ কৃষকে ঋণ সময়মতে পৰিশোধ নকৰে বুলি কৈ আহিছে। আচলতে আয় বৃদ্ধি নোহোৱাত কৃষক পৰিয়ালসমূহে ঋণ পৰিশোধ কৰাৰ বাবে হাহাকাৰ কৰিব লগা হয়।
কিন্তু কৃষকৰ আয় বৃদ্ধি হ’ব ক’ৰ পৰা? দেখা যায় অসমৰ কৃষকৰ কৃষি উৎপাদন শক্তি থকা কৃষিভূমি যথেষ্ট কম। নাবাৰ্ডৰ জৰীপ অনুসৰি অসমৰ কৃষক পৰিয়ালৰ গড় কৃষিভূমিৰ পৰিমাণ ০.৩ হেক্টৰ। তাকো প্রায়ভাগ মাটি আজিও বছৰৰ সকলো সময়তে কৃষি কৰিব পৰা ধৰণে উপযোগী হৈ নুঠিল। আজি পঞ্জাব, হাৰিয়ানাৰ কৃষকে এডৰা মাটিত বছৰত তিনিটাকৈ খেতি কৰিব পাবে। অসমৰ কৃষকে কিবাকৈ এবাৰ ধান ৰোৱাৰ পাছত বছৰৰ বাকী সময় মাটি ছন পৰি থাকে। চৰকাৰে দ্বি-তৰপীয়া কৃষিৰ বাবে আঁচনি লোৱাৰ কথা কয়, কিন্তু কামত নাহে। এই সংক্রান্তত কৃষকৰ কথা হ’ল পথাৰত জলসিঞ্চন নাই। বাৰিষা বৰষুণনিৰ্ভৰ কৰি ধান খেতি কৰাৰ পাছত খবালি সেই মাটিত অন্য শস্য কৰিব নোৱাৰি। কৃষকৰ এই কথা অমূলক নহয়। কাৰণ আজিও ৰাজ্যৰ ৮৬ শতাংশ কৃষিভূমিত চৰকাৰী জলসিঞ্চন ব্যবস্থাই স্পর্শ কৰা নাই। চৰকাৰী খতিয়ান মতেই ৰাজ্যৰ ৩৮.৮৮ লাখ হেক্টৰ কৃষিভূমিৰ ১১.০৩ লাখ হেক্টৰ কৃষিভূমি চৰকাৰী জলসিঞ্চন ব্যৱস্থাৰ আওতাত আছে যদিও ৫.৫০ লাখ হেক্টৰ মাটিতহে চৰকাৰী জলসিঞ্চন ব্যবস্থা কার্মক্ষম হৈ আছে। জলসিঞ্চনৰ এনে পুতৌলগা অৱস্থাত দ্বি-তৰপীয়া কৃষি দূৰৰ কথা, বছৰত এটা খেতি কৰাও সম্ভৱ নহয় যেন। আনহাতে, কৃষকসকলে বতৰক ভৰষা কৰি যি ধান খেতি কৰে, সেই ধানেৰে ঘৰ চলোৱা বিভিন্ন খৰচৰ জোৰা মাৰি কৃষকৰ হাত, ভঁৰাল শূন্য হৈ পৰে। যিহেতু ৰাজ্যৰ বেছিভাগ কৃষকে উপান্ত আৰু ক্ষুদ্র কৃষক, সেয়ে ধান খেতিৰ পাছত অন্য শস্যৰ খেতি কৰাৰ বাবে হাতত ধন নাথাকে । চৰকাৰীভাবে এডৰা মাটিত অধিক শস্য উৎপাদনৰ বিভিন্ন আঁচনিৰ কথা কৈ আহিছে যদিও ক্ষুদ্র আৰু উপায়ন্ত কৃষকসকলক এইক্ষেত্রত উৎসাহিত কৰা বা সহায় কৰা পৰিলক্ষিত হোৱা নাই। কৃষিভূমি হ্রাস পোৱাটো অসমৰ কৃষিক্ষেত্ৰৰ অন্যতম সমস্যা হৈ পৰিছে। ঔদ্যোগিক ক্ষেত্ৰৰ প্রসাৰ, বিভিন্ন বিকাশমূলক কামৰ বাবে বহু কৃষিভূমি দখল হৈছে। বান, খহনীয়াত বহু কৃষিভূমি ধ্বংস হৈছে। বতৰ পৰিৱৰ্তন, ভূগর্ভৰ জলস্তৰ হ্রাস পোৱাৰ বাবে বহু কৃষিভূমি কৃষিকার্যৰ বাবে অনুপযুক্ত হৈ পৰিছে। হাতী-মানুহৰ সংঘাত, বান্দৰৰ উপদ্ৰৱ আদিৰ বাবে বহু কৃষকে কৃষিকর্মত লোকচান ভুগিছে। তথাপি এইবোৰ ক্ষেত্ৰত চৰকাৰৰ গুৰুত্ব নাই
অসমৰ গ্রাম্য অর্থনীতিৰ মেৰুদণ্ড বুলি যদিও কৃষিক্ষেত্রক কোৱা হয়, তথাপি কিন্তু কৃষিখণ্ডৰ উন্নয়নৰ বাবে আশানুৰূপ প্রচেষ্টা কেতিয়াও কৰা নাই। যাৰ বাবে অসমৰ কৃষকসকল চৌদিশে বঞ্চিত। মুখৰ কথাত কৃষকৰ আয় দুগুণ কৰা চৰকাৰৰ দিনত ঋণত ককবকাইছে অসমৰ কৃষকে। চৰকাৰে প্রকৃতার্থত কৃষিখণ্ড আৰু কৃষকৰ উন্নয়নৰ বাবে কেতিয়া ব্যৱস্থা গ্রহণ কৰিব ?