বিজ্ঞাপন বা এডভার্টাইজিঙৰ বিষয়ে সকলোৱেই জানে। মেলভার্টাইজিং (Malvertising) হৈছে ডিজিটেল জগতত সংযোজন হোৱা তুলনামূলকভাবে এক নতুন শব্দ। অনলাইন জগতত সম্প্রতি সততে দেখা পোৱা কিছুমান বিশেষধৰণৰ বিজ্ঞাপনেই হৈছে মেলভার্টাইজিং। ক্ষতিকাৰক অনলাইন বিজ্ঞাপনসমূহেই হৈছে মেলভার্টাইজিং।
মেলভাৰটাইজিং হৈছে এক প্ৰকাৰৰ চাইবাৰ আক্ৰমণ য’ত অনলাইন বিজ্ঞাপনৰ ভিতৰত ক্ষতিকাৰক ক’ড সন্নিৱিষ্ট কৰি মেলৱেৰ বিয়পাই দিয়া হয় বা ব্যৱহাৰকাৰীক ক্ষতিকাৰক ৱেবছাইটলৈ পুনৰ নিৰ্দেশিত কৰা হয়। চাইবাৰ অপৰাধীয়ে ডিভাইচ সংক্ৰমিত কৰি তথ্য চুৰি কৰিবলৈ ব্যৱহাৰ কৰা এটা সাধাৰণ কৌশল।
ফে’চবুক, ইনস্টাগ্ৰাম, ইউটিউব, অ’এলএক্স আদিকে ধৰি বিভিন্নধৰণৰ অনলাইন ব্যৱস্থাসমূহত সম্প্ৰতি ইমান বেছি বিজ্ঞাপন আহিবলৈ লৈছে যে মাজে-সময়ে ব্যৱহাৰকাৰীসকল অতিষ্ঠ কৰি পেলায়।
কিছুমান অসাধু লোকে দেখাত সঁচা যেন লগা লোভনীয় অফাৰযুক্ত বিজ্ঞাপন সৃষ্টি কৰি ব্যৱহাৰকাৰীক প্ৰদৰ্শন কৰে আৰু তাত এনে কিছুমান লিংক সংযোগ কৰে যিবিলাকে বিভিন্ন প্ৰকাৰে ব্যৱহাৰকাৰীক বিপদত পেলায়।
কোনো এটা ৱে’বছাইট বা এপ খুলিলে ব্যৱহাৰকাৰীয়ে হানিকাৰক বিজ্ঞাপন বা মেলভার্টাইজিং এটা দেখা পাই যদিও, অধিকাংশ ক্ষেত্রতে তেওঁ একো নকৰাকৈয়ে কম্পিউটাৰ অথবা ম’বাইললৈ কিছুমান মেলৱেৰ স্বয়ংক্রিয়ভাৱে সোমাই যায়। মেলৱেৰ হৈছে এক বিশেষধৰণৰ কম্পিউটাৰ প্ৰগ্ৰেম, যাক ঘাইকৈ চাইবাৰ অপৰাধীসকলে আনৰ কম্পিউটাৰ বা ম’বাইল আক্ৰমণ কৰিবলৈ ব্যৱহাৰ কৰে। এইবিলাক মেলৱেৰ পিছলৈ ব্যৱহাৰকাৰীৰ ডিভাইচত নানান ধৰণৰ ক্ষতিসাধন কৰে—যেনে তথ্য চুৰি, ফাইল সংক্ৰমণ, অথবা অনধিকৃত ভাৱে নিয়ন্ত্ৰণ লোৱা।
এইবিলাক মেলভার্টাইজিং সাধাৰণতে বিশেষ কিছুমান ৱে’বছাইটতহে দেখা পোৱা যায়, বিশেষকৈ যিবিলাকত প্ৰচুৰসংখ্যক বিজ্ঞাপন থাকে অথবা সন্দেহজনক উৎসৰ বিজ্ঞাপন চলে। এইবিলাক ওলোৱাৰ লগে লগে, ব্রাউজাৰ, অপাৰেটিং ছিষ্টেম, অথবা কম্পিউটাৰৰ দুৰ্বল অংশবোৰ চিনাক্ত কৰি আক্ৰমণ আৰম্ভ কৰে।
মেলভার্টাইজিঙক এক অতিকে বিপজ্জনক চাইবাৰ অপৰাধ বুলি গণ্য কৰা হয়। কাৰণ, অধিকাংশ ক্ষেত্রতে ভুক্তভোগীয়ে গমেই নাপায় যে তেওঁ মেলভার্টাইজিঙৰ বলি হৈছে। গতিকে তেওঁ পুনঃ পুনঃ ইয়াৰ বলি হোৱাৰ সম্ভাৱনা থাকে। ভুক্তভোগীজনে গম পোৱালৈ বহুত পলম হয়গৈ আৰু তেতিয়ালৈ তেওঁৰ ভালেখিনি ধন-জন হানি হয়গৈ। আকৌ, মেলভার্টাইজিঙৰ যোগেদি মনে মনে কম্পিউটাৰত সোমাই গোঁজ পুতি বহি থকা মেলৱেববিলাকে ব্যৱহাৰকাৰীৰ প্রতিটো পদক্ষেপ গোপনে নিৰীক্ষণ কৰি থাকে। ইয়াৰ দ্বাৰা ব্যৱহাৰকাৰীৰ গোপনীয়তা খর্ব হোৱাৰ লগতে তেওঁৰ বেংকৰ ইউজাৰ আই ডি, পাছৱর্ড আদিকে ধৰি বিভিন্নধৰণৰ বহুমূলীয়া তথ্যও হেকাৰৰ হাতলৈ যাব পাবে। এইবিলাক কাৰণতে মেলভার্টাইজিঙক এক বিপজ্জনক ফান্দ বুলি গণ্য কৰা হয়।
মেলভার্টাইজিং চিনাক্ত কৰাটো সহজ নহয় যদিও অসম্ভৱো নহয়। চাইবাৰ অপৰাধীসকলে ভুৱা বিজ্ঞাপন প্ৰস্তুত কৰোঁতে দেখাত বাস্তৱিক যেন লগে সেয়ে সাৱধানতা অৱলম্বন কৰে, তথাপি কিছুমান খুঁত ইয়াত থাকি যায়।
১. মেলভার্টাইজিং বিজ্ঞাপনসমূহৰ ডিজাইন সাধাৰণতে অপেচাদাৰী হয়। সৌন্দর্যবোধ আৰু নান্দনিকতাৰ অভাৱ স্পষ্ট কৰিব পৰা যায়।মেলভার্টাইজিঙত সাধাৰণতে উজ্জ্বল, উগ্ৰ আৰু চকুত লগা ৰং ব্যৱহাৰ কৰা হয় যাতে অধিক সংখ্যক ব্যৱহাৰকাৰীৰ দৃষ্টি আকৰ্ষণ কৰিব পাৰি। ভুল বানান অথবা ভাষাগত ভুল এইধৰণৰ বিজ্ঞাপনসমূহত প্ৰায় দেখা পোৱা যায়, যিয়ে ভুৱা হোৱাৰ এটা গুৰুত্বপূর্ণ সংকেত।
২. দেখা যায় চাঞ্চল্যকৰ শিৰোনাম যেনে “অমিতাভ বচ্চনৰ কেৰিয়াৰ শেষ…”, “নেহা কক্কৰৰ কেলেংকাৰি…” আদি চাঞ্চল্যকৰ বাক্য ব্যৱহাৰ কৰি কৌতূহল জগাব খোজা হয়—এইবোৰ লিংক অপেন নকৰিব।
৩. “বাত বিষৰ প্ৰামাণিক চিকিৎসা…”, “অব্যর্থ ঔষধ…” আদি অবৈজ্ঞানিক অথবা সন্দেহজনক দাবী থকা বিজ্ঞাপন মেলভার্টাইজিং হোৱাৰ সম্ভাৱনা অধিক।
৪. অতিকে কম দামৰ প্ৰলোভন যেনে “দুহেজাৰ টকাত আইফ’ন”, “৪৯৯৯ টকাত স্মাৰ্ট টিভি”—এইধৰণৰ অবাস্তৱ দামেৰে প্ৰলোভিত কৰা বিজ্ঞাপন মেলৱেৰ সংযুক্ত হৈ থাকিব পাৰে।
৫. “আপোনাৰ কম্পিউটাৰত ভাইৰাছ পোৱা গ’ল… এতিয়াই ক্লিক কৰক”—এইধৰণৰ বিপদ সংকেতযুক্ত বিজ্ঞাপন পূৰ্ণৰূপে মেলৱেৰ সংযোগৰ আশঙ্কা বহন কৰে।“
৬. এতিয়াই ক্লিক কৰক”, “২ মিনিটৰ ভিতৰত অৰ্ডাৰ কৰক”—এইধৰণৰ তাগিদাসম্পন্ন ভাষা ব্যৱহাৰ মেলৱেৰ আক্ৰমণৰ অংশ হ’ব পাৰে।
এই লক্ষণবোৰ মনত ৰাখি, অনলাইন সচেতনভাৱে ব্যৱহাৰ কৰিলে মেলভার্টাইজিঙৰ পৰা নিজকে বহু পৰিমাণে ৰক্ষা কৰিব পাৰি।