প্ৰায় এক শতিকাৰ পিছত এইবাৰ প্ৰথমবাৰৰ বাবে বিশদ জাতিগত লোকপিয়ল কৰা হ’ব। কিয়নো শেষৰটো সম্পূৰ্ণ জাতি লোকপিয়ল স্বাধীনতাৰ পূৰ্বে ১৯৩১ চনত ব্ৰিটিছ শাসনৰ অধীনত অনুষ্ঠিত হৈছিল। স্বাধীনতাৰ পিছত ধৰ্মীয় ভিত্তিত দেশখন দুটা ভাগত বিভক্ত হোৱা বাবে, কোনো ধৰণৰ সামাজিক বিভাজন ৰোধ কৰিবলৈ ভাৰতে ব্ৰিটিছৰ লোকপিয়ল নীতি সলনি কৰে। ১৯৫১ চনৰ পৰা ২০১১ চনলৈ সাতবাৰকৈ লোকপিয়ল কৰা হৈছে, কিন্তু এই লোকপিয়লসমূহত মাত্র সংখ্যালঘু, অনুসূচিত জাতি (SC) আৰু অনুসূচিত জনজাতি (ST)ক গণনা কৰা হৈছিল; অন্যান্য পিছপৰা জাতি (OBC)ৰ গণনা কৰা হোৱা নাছিল। এতিয়া মোদী চৰকাৰে ৯৪ বছৰৰ পাছত জাতিগত লোকপিয়ল কৰাৰ সিদ্ধান্ত লৈছে।
সম্প্ৰতি জাতিগত লোকপিয়ল সম্পৰ্কে মোদী চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্তক “ঐতিহাসিক পদক্ষেপ” হিচাপে আগবঢ়োৱা হৈছে। কিন্তু এই সিদ্ধান্তৰ মূল ধাৰণা ক’ৰ পৰা আহিছিল—সেয়া কিমানজনৰ মনত আছে ? জাতিগত লোকপিয়ল আছিল প্ৰকৃততে কংগ্ৰেছৰ কিন্তু কৃতিত্ব মোদীৰ। যদিও জাতিগত লোকপিয়ল সম্পৰ্কে সিদ্ধান্ত মোদী চৰকাৰে লৈছে, এই দাবীটো কংগ্ৰেছই দীৰ্ঘদিন ধৰি কৰি আহিছিল। বাস্তৱতে, এই সংস্কাৰৰ ধাৰণা আৰু প্ৰস্তাৱ কংগ্ৰেছৰ পৰা আহিছিল, বিশেষকৈ ৰাহুল গান্ধীৰ পৰা। তথাপি, বহুতো লোকৰ দৃষ্টিত এই যুগান্তকাৰী পদক্ষেপৰ কৃতিত্ব মোদী চৰকাৰৰ হৈছে, যিয়ে বিৰোধীৰ দাবীক নিজৰ ৰাজনৈতিক মুনাফাৰ বাবে ব্যৱহাৰ কৰিছে।
কংগ্ৰেছই জাতিগত ভিত্তিত জনগণনাৰ প্ৰয়োজনীয়তা বুজি এই দাবী জনাই আহিছিল যে জাতিগত লোকপিয়ল হব লাগে। তথাপি, বৰ্তমান ৰাজনৈতিক পৰিসৰত ই এক ব্যতিক্ৰম চিত্ৰ উপস্থাপন কৰিছে। মোদী চৰকাৰ এই দাবী গ্ৰহণ কৰি বাস্তৱায়নৰ ঘোষণা কৰিছে। কিন্তু এই সিদ্ধান্তক নিজৰ দলীয় কৃতিত্ব হিচাপে প্ৰচাৰ কৰি মূল দাবীকাৰীক অর্থাৎ কংগ্ৰেছৰ দাবী হাইজেক কৰি ভোটৰ অংকত হে ব্যৱহাৰ কৰিছে বিৰোধীৰ শেষ অস্ত্ৰ পাত। এই দৰে, কংগ্ৰেছৰ যুগান্তকাৰী ধাৰণাক বিজেপিয়ে ৰাজনৈতিক মঞ্চত নিজৰ বাবে কৃতিত্ব হৰণত ব্যস্ত চৰকাৰ।
জাতিগত লোকপিয়লত জাতিৰ সংখ্যা, সামাজিক, অৰ্থনৈতিক আৰু শিক্ষাগত অৱস্থা জানিব পৰা যাব। ইয়াৰ ফলত কেৱল সংৰক্ষণ ব্যৱস্থাতেই নহয়, ৰাজনীতিতো গুৰুত্বপূৰ্ণ প্ৰভাৱ পৰিব। দক্ষতা লোকপিয়লে চৰকাৰক কৰ্মশক্তিৰ উন্নীতকৰণৰ পৰিকল্পনা কৰিবলৈ সক্ষম কৰে আৰু তেওঁলোকক উপযুক্ত ভাল দৰমহা পোৱা চাকৰি বিচাৰি উলিওৱাত সহায় কৰে, যাৰ ফলত প্ৰতিটো সম্প্ৰদায়ৰ দুৰ্বল শ্ৰেণীত অৰ্থনৈতিক সবলীকৰণ হয়, ইয়াৰ বিপৰীতে জাতি লোকপিয়লে দেশৰ বৰ্তমানৰ সমন্বয়ক বিঘ্নিত কৰিব পাৰে আৰু সামাজিক তন্ত্ৰৰ শোষণৰ বাবে এক বিভাজনকাৰী ৰাজনৈতিক আহিলা হিচাপে পৰিগণিত হ’ব পাৰে। ৩৫ বছৰৰ তলৰ জনসংখ্যাৰ ৬০%তকৈ অধিক যুৱক-যুৱতীৰ সৈতে বিশ্বৰ সৰ্বাধিক যুৱ জনসংখ্যা ভাৰতত আছে যদিও যুৱক-যুৱতীসকলে নিবনুৱাতকৈও অধিক নিবনুৱা সমস্যাৰ এক বৃহৎ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে।
১৯৩১ চনৰ জনগণনা অনুসৰি OBCৰ জনসংখ্যা প্ৰায় ৫২% আছিল। এই তথ্যৰ ভিত্তিত মণ্ডল আয়োগে ২৭% সংৰক্ষণৰ পৰামৰ্শ দিছিল। কিন্তু ই সম্পূৰ্ণ তথ্যৰ অভাৱত দিয়া হৈছিল। বিহাৰ আৰু তেলেংগানাৰ সাম্প্ৰতিক জাতিগত জৰীপত দেখা গৈছে যে এই ৰাজ্যসমূহত OBCৰ জনসংখ্যা ৬৩% আৰু ৬৫%ৰো ওপৰত। এই পৰিসংখ্যাই কেন্দ্ৰৰ ওপৰত সংৰক্ষণৰ সীমা (৫০%) বৃদ্ধি কৰাৰ হেঁচা বৃদ্ধি কৰিছে। SC/STৰ ক্ষেত্ৰত সংৰক্ষণ দিয়াৰ সময়ত তেওঁলোকৰ জনসংখ্যা বিবেচনা কৰা হৈছিল, কিন্তু OBCৰ ক্ষেত্ৰত এনে নহ’ল। জাতিগত লোকপিয়লৰ ফলাফল অহাৰ পাছত সংৰক্ষণ বৃদ্ধি, ব্যক্তিগত খণ্ডতো সংৰক্ষণৰ দাবী, আৰু শিক্ষাগত আৰু চৰকাৰী চাকৰিৰ ক্ষেত্ৰতো নতুন ব্যৱস্থা গ্রহণৰ সম্ভাৱনা বৃদ্ধি পাইছে।
জাতিগত লোকপিয়লৰ ফলত সংসদ আৰু বিধানসভাত আসন বিন্যাসত পৰিৱৰ্তন সম্ভৱ, বিশেষকৈ যদি কোন জাতিৰ জনসংখ্যা কোনখন সমষ্টিত বেছি বা কম জানিব পৰা যায়। অধিক জনসংখ্যা থকা জাতিবোৰৰ প্ৰাৰ্থীক অধিক আসনত টিকট দিয়াৰ সম্ভাৱনা থাকিব। ৩৩% মহিলা সংৰক্ষণ আইন অনুসৰি, OBC, SC আৰু ST মহিলাৰ বাবে “কোটাৰ ভিতৰত কোটাৰ” দাবী অধিক জোৰালো হ’ব।
লোকপিয়লৰ তথ্য বিত্ত আয়োগক বিভিন্ন ৰাজ্যক অনুদান বণ্টনৰ ক্ষেত্ৰত সহায় কৰিব। পিছপৰা জাতি আৰু গোষ্ঠীৰ উন্নয়নৰ বাবে লক্ষ্যভিত্তিক নীতি প্ৰণয়ন সম্ভৱ হ’ব। শিক্ষা, স্বাস্থ্য, চাকৰি আৰু বাসগৃহৰ ক্ষেত্ৰত অধিক লক্ষ্যভিত্তিক আঁচনি গঠন কৰা হ’ব।
যদিও জাতিগত লোকপিয়লে পিছপৰা শ্ৰেণীৰ উন্নয়নৰ বাবে সদ্ব্যৱস্থা গ্ৰহণ সহজ কৰিব, তথাপি ইয়াৰ ফলত সমাজত নতুন ধৰণৰ বিভাজনৰ সম্ভাৱনাও আছে। নব্বই দশকত মণ্ডল আন্দোলনৰ সময়ত দেখা গৈছিল যে সংৰক্ষণৰ সিদ্ধান্তৰ পিছত হিংসা আৰু আত্মহত্যাৰ দৰে ঘটনা ঘটিছিল।
জাতিগত লোকপিয়লক সঠিকভাৱে ব্যৱহাৰ কৰিলে ই সামাজিক ন্যায়, OBC-ৰ অধিক স্বীকৃতি আৰু উন্নয়নৰ পথ মুকলি কৰিব পাৰে। কিন্তু ৰাজনৈতিক স্বাৰ্থ, সমাজিক বিভাজন আৰু সংঘাতৰ আশংকা থাকি যায়। সেয়েহে ইয়াক সুদক্ষ আৰু ন্যায়সঙ্গতভাৱে ব্যৱহাৰ কৰা অতি আৱশ্যক।
জাতিগত গণনাৰ সমান্তৰালভাৱে ৰাষ্ট্ৰীয় দক্ষতা লোকপিয়লৰ প্ৰয়োজনীয়তা আছে। দক্ষতা লোকপিয়ল কেৱল এটা পৰিসংখ্যা নহয় ই এখন সমাজৰ ভিতৰৰ বাস্তৱিক অৱস্থা, অৰ্থনৈতিক সামৰ্থ্য আৰু সামাজিক সমতা বুজাবলৈ সহায় কৰে। ভাৰতৰ দৰে এখন জনবহুল দেশত সামগ্ৰিক নিবনুৱাৰ হাৰ মাত্ৰ ৪.১ শতাংশ হ’লেও যুৱ নিবনুৱা সমস্যা ১২ শতাংশৰ ওপৰত এক গুৰুতৰ বিষয় হৈয়েই আছে। মুঠ কৰ্মশক্তিৰ ৪.৭ শতাংশৰ কম অংশ প্ৰশিক্ষণ লোৱাৰ ফলত পৰিস্থিতি আৰু অধিক তীব্ৰতৰ হৈ পৰিছে। ৰাষ্ট্ৰীয় দক্ষতা লোকপিয়লে এই ব্যৱধান পূৰণ কৰাত সহায় কৰিব পাৰে। যিয়ে সমগ্ৰ দেশৰ শিক্ষিত নিবনুৱাক কৰ্মসংস্থাপন দিয়াৰ দেশৰ অৰ্থনীতিত সহায়ক হব।






