Skip to content

৯০ হাজাৰ পাকিস্তানী সৈনিকক আঁঠু ল’বলৈ বাধ্য কৰোৱা লেফটেনেণ্ট জেনেৰেল জগজিৎ সিং অৰোৰা

Janagana Desk
May 4, 20251 second read
Hero of 1971 Indo Pak war

১৯৭১ চনত বাংলাদেশৰ স্বাধীনতা লাভ সহায় কৰা ভাৰতে নিজৰ সেনাবাহিনীৰ সম্পূৰ্ণ শক্তি ব্যৱহাৰ কৰিছিল। বাংলাদেশৰ স্বাধীনতাত ভাৰতীয় সেনাৰ গুৰুত্বপূৰ্ণ অৱদান আছিল। ভাৰতীয় সেনা লগত থিয় নহ’লে হয়তো বাংলাদেশে স্বাধীনতা লাভ নকৰিলেহেঁতেন। এই যুদ্ধত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা ভাৰতীয় সেনা বিষয়াসকলৰ ভিতৰত এজন আছিল লেফটেনেণ্ট জেনেৰেল জগজিৎ সিং অৰোৰা, যাৰ বিষয়ে ফিল্ড মাৰ্শ্বাল জেনেৰেল মানেকশ্বৱে কৈছিল যে, প্ৰকৃত কাম জগজিৎ সিঙে কৰিছিল।

লেফটেনেণ্ট জেনেৰেল জগজিৎ সিং অৰোৰাৰ জন্ম হৈছিল ১৯১৬ চনৰ ১৩ ফেব্ৰুৱাৰীত অবিভক্ত ভাৰতত। তেওঁৰ জন্মস্থান ঝেলুম জিলাৰ কল্লে গুজৰাণ, বৰ্তমান পাকিস্তানত। ১৯৩৯ চনত জগজিৎ সিং অৰোৰাই ব্ৰিটিছ ভাৰতৰ ২য় পঞ্জাব ৰেজিমেণ্টৰ ১ম বেটেলিয়নত কমিচন লাভ কৰে। ১৯৪৭ চনত দেশৰ স্বাধীনতা লাভৰ সময়ত জগজিৎ সিং অৰোৰা সেনাবাহিনীৰ অধিনায়ক আছিল। স্বাধীনতাৰ পিছত ভাৰত-পাকিস্তান আৰু ভাৰত-চীনৰ মাজত হোৱা তিনিওখন যুদ্ধৰে অংশ আছিল তেওঁ।

তেওঁ ১৯৬২ চনত ভাৰত-চীন যুদ্ধত ব্ৰিগেডিয়াৰ হিচাপে যুঁজিছিল। সামৰিক বিষয়া হিচাপে তেওঁ ১৯৭১ চনত বাংলাদেশৰ স্বাধীনতা সংগ্ৰামৰ সমাপ্তি ঘটায়।ইয়াৰ বাবে তেওঁক পৰম বিশিষ্ট সেৱা পদক আৰু পদ্মভূষণেৰে সন্মানিত কৰা হয়। সেনাবাহিনীৰ পৰা অৱসৰ লোৱাৰ পিছত ১৯৮৬ চনত আকালি দলে ৰাজ্যসভালৈ পঠিয়াই দিয়ে।২০০৫ চনৰ ৩ মে’ত ৮৯ বছৰ বয়সত তেওঁ চিৰদিনৰ বাবে চকু মুদে।
প্ৰকৃততে স্বাধীনতাৰ পাছত ভাৰত বিভাজনৰ ফলত সৃষ্টি হোৱা পাকিস্তানৰ পূব অংশত বসবাস কৰা জনসাধাৰণৰ ওপৰত অত্যাচাৰ আৰম্ভ হ’ল৷ তেওঁলোক নতুন দেশৰ অংশ হৈ পৰিছিল যদিও প্ৰকৃত স্বাধীনতা লাভ কৰা নাছিল। সেইবাবেই তেওঁৰ অস্থিৰ অনুভৱ হৈছিল। ১৯৭১ চনৰ ভিতৰত পূব পাকিস্তানৰ পৰা ইমান বৃহৎ সংখ্যক শৰণাৰ্থী ভাৰতলৈ আহিবলৈ ধৰিলে যে ভাৰতৰ বাবে তেওঁলোক সমস্যা হৈ পৰিবলৈ ধৰিলে। ইয়াৰ বাবে ভাৰতে স্বাধীনতাৰ যুঁজত পূব পাকিস্তানক সহায় কৰাৰ সিদ্ধান্ত লয় আৰু ইয়াৰ বাবে এক বিশেষ অভিযান সাজু কৰা হয়।
পাকিস্তানৰ পৰা পূব পাকিস্তানক মুক্ত কৰিবলৈ সাজু কৰা অভিযানৰ নেতৃত্ব তেতিয়াৰ লেফটেনেণ্ট জেনেৰেল জগজিৎ সিং অৰোৰাৰ হাতত অৰ্পণ কৰা হয়। সেই সময়ত তেওঁ ভাৰতীয় সেনাৰ ইষ্টাৰ্ণ কমাণ্ডৰ কমাণ্ডাৰ আছিল। অভিযান আৰম্ভ হোৱাৰ লগে লগে ভাৰত আৰু পাকিস্তানৰ মাজত উত্তেজনা বৃদ্ধি পাবলৈ ধৰিলে। অৱশ্যে ভাৰতীয় সেনাই তেতিয়া কোনো যুদ্ধ বিচৰা নাছিল। পাকিস্তানৰ সৈতে যাতে যুদ্ধৰ পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ বাবেও ভাৰতীয় সেনাক বিশেষভাৱে নিৰ্দেশ দিয়া হৈছিল। একে সময়তে পাকিস্তানে নিজৰ কাৰ্যকলাপৰ পৰা বিৰত থকা নাছিল। তেওঁলোকে ভাবিছিল যে, কেৱল পূৱ পাকিস্তানৰ স্বাধীনতা সংগ্ৰামক মষিমূৰ কৰাই নহয়, যুদ্ধত ভাৰতকো পৰাস্ত কৰিব। সেইবাবেই ভাৰতক আক্ৰমণ কৰিছিল।

অৱশ্যে পাকিস্তানে যেতিয়া আক্ৰমণ কৰিছিল তেতিয়া ভাৰতেনো কেনেকৈ পিছ পৰি থাকিব? জেনেৰেল মানেকশ্বৰ নেতৃত্বত লেফটেনেণ্ট জেনেৰেল জগজিৎ সিঙৰ দৰে সাহসী সৈনিকে নতুন কৌশল ৰচনা কৰি পাকিস্তানী সেনাক আক্ৰমণ কৰে। ভাৰতীয় সেনাই পাকিস্তানৰ আক্ৰমণৰ উপযুক্ত উত্তৰ দিবলৈ আৰম্ভ কৰিলে। ১৯৭১ চনৰ এই যুদ্ধত ভাৰতৰ পদক্ষেপ দ্ৰুতগতিত আগবাঢ়িবলৈ আৰম্ভ কৰিলে আৰু পাকিস্তানী সেনাই পিছুৱাই যাবলৈ ধৰিলে।

যুদ্ধত তেওঁৰ সেনাবাহিনীয়ে ভুগি থকা গধুৰ লোকচান দেখি তেতিয়াৰ পাকিস্তানৰ লেফটেনেণ্ট জেনেৰেল আমিৰ আব্দুল্লা খান নিয়াজীয়ে পিছুৱাই যোৱাৰ সিদ্ধান্ত লয়। ইয়াৰ লগে লগে পাকিস্তান ভাৰতৰ ওচৰত আত্মসমৰ্পণ কৰিবলৈ সাজু হৈ উঠিল। ইয়াৰ লগে লগে ৯০ হাজাৰ পাকিস্তানী সৈন্যই পৰাজয় স্বীকাৰ কৰি আত্মসমৰ্পণ কৰে। লেফটেনেণ্ট জেনেৰেল নিয়াজীয়ে যেতিয়া ভাৰতীয় কামাণ্ডাৰ লেফটেনেণ্ট জেনেৰেল জগজিৎ সিং অৰোৰালৈ আত্মসমৰ্পণৰ বিষয়ে অৱগত কৰি বাৰ্তা প্ৰেৰণ কৰে, তেতিয়া ভাৰতীয় সেনাইও পাকিস্তানী সীমান্ত এৰি আহিবলৈ সাজু হয়।

এই বাৰ্তাৰ পিছত জেনেৰেল মানেকশ্বৱে সিদ্ধান্ত ল’লে যে , লেফটেনেণ্ট জেনেৰেল জগজিৎ সিং অৰোৰা ভাৰতৰ ফালৰ পৰা গৈ আত্মসমৰ্পণ কৰোৱাৰ কাম কৰিব। ভাৰতে প্ৰেৰণ কৰা চুক্তিৰ নথি-পত্ৰত লিখা আছিল যে যদি কোনো পাকিস্তানী বিষয়া বা সৈনিকে আত্মসমৰ্পণ কৰে তেন্তে তেওঁলোকৰ নিৰাপত্তাৰ দায়িত্ব জেনেভা সন্ধিৰ অধীনত লোৱা হ’ব। জেনেৰেল নিয়াজীক আত্মসমৰ্পণ কৰাবলৈ যোৱা লেফটেনেণ্ট জেনেৰেল জগজিৎ সিঙে পত্নী ভগৱন্ত কৌৰক লগত লৈ গৈছিল। তেওঁ সমগ্ৰ বিশ্বক দেখুৱাব বিচাৰিছিল যে যুদ্ধৰ সময়ত নাৰীক অমানৱীয় ব্যৱহাৰ কৰা হৈছিল।

অৱশেষত ১৯৭১ চনৰ ১৬ ডিচেম্বৰত ঢাকাত আত্মসমৰ্পণৰ সিদ্ধান্ত লোৱা হয়।লেফটেনেণ্ট জেনেৰেল জগজিৎ সিং অৰোৰাৰ সৈতে প্ৰায় তিনি হাজাৰ সৈনিক ঢাকাত আছিল। পাকিস্তানী কমাণ্ডাৰ নিয়াজীৰ সৈতে আছিল ক্লান্ত জোৱান। যেতিয়া জেনেৰেল নিয়াজীয়ে তেওঁৰ ৯৩ হাজাৰ সৈনিকৰ সৈতে ভাৰতলৈ আত্মসমৰ্পণৰ নথি-পত্ৰত চহী কৰিছিল, তেতিয়া তেওঁৰ চকুৰ পৰা চকুলো ওলাই আহিছিল। আত্মসমৰ্পণৰ নথি-পত্ৰৰ ছটা কপি তৈয়াৰ কৰি ডাঠ বগা কাগজত টাইপ কৰা হৈছিল। নিয়াজীয়ে যেতিয়া কেৱল এ এ কে নিয়াজী বুলি স্বাক্ষৰ কৰিছিল তেতিয়া জগজিৎ সিঙে সম্পূৰ্ণ নাম লিখিবলৈ কৈছিল। তাৰ পাছতে স্বাধীনতা লাভ কৰিছিল বাংলাদেশে।

Janagana Desk

Janagana Barta News Desk, Guwahati.

Related Articles

Facebook Posts
This message is only visible to admins.
Problem displaying Facebook posts. Backup cache in use.
Click to show error
Error: Error validating access token: The session has been invalidated because the user changed their password or Facebook has changed the session for security reasons. Type: OAuthException
Most Discussed
Back To Top