“কোনোবাই যদি ভাবিছে, বন্দুক, বেয়নট বা শাৰিৰীক অত্যাচাৰৰ ভয়ত আমি আমাৰ কলম নমাই থম, তেনেহলে তেওঁ মূৰ্খৰ স্বৰ্গত বাস কৰিছে” -পৰাগ কুমাৰ দাস৷
কলমেৰে বাৰুদৰ আখৰ লিখা স্বনামধন্য সাংবাদিক পৰাগ কুমাৰ দাসৰ মৃত্যু বাৰ্ষিকী । আজিৰ দিনটো অসমীয়া সাংবাদিকতাৰ ইতিহাসত এটা ক’লা দিন। অসমৰ সাংবাদিকতাৰ ইতিহাসৰ উজ্জ্বল নক্ষত্ৰ নিৰ্ভীক সাংবাদিক পৰাগ কুমাৰ দাসৰ আজি মৃত্যু বাৰ্ষিকী। ১৯৯৬ চনৰ ১৯ মে’ত সাংবাদিকগৰাকীক গুলীয়াই হত্যা কৰিছিল । সাংবাদিকগৰাকীৰ হত্যা আজি ৩১ বছৰ হ’ল। ১৯৯৬ চনৰ ১৭ মে’ত অচিনাক্ত দুৰ্বৃত্তই ১৩ টা গুলীৰে গুলীয়াই হত্যা কৰিছিল পৰাগ কুমাৰ দাসক। সন্তানক স্কুলৰ পৰা ঘৰলৈ লৈ যোৱাৰ সময়তে ৰাজগড়ৰ লিংকৰোডত সংঘটিত হৈছিল এই ঘটনা।
পৰাগ কুমাৰ দাস—এজন সাংবাদিক, এজন চিন্তাবিদ, এজন বিপ্লবী, আৰু সকলোতকৈ আগত এজন সচেতন মানব। তেওঁ কলমক অস্ত্ৰ হিচাপে বাছি লৈছিল, কিন্তু সেই অস্ত্ৰ কেতিয়াও বিধ্বংসী নহ’ল, বৰঞ্চ আলোচনাৰ, যুক্তিৰ, আৰু ন্যায়ৰ এক বলিষ্ঠ ভাষ্য হিচাপে ইতিহাসত ৰৈ গ’ল। তেওঁৰ হত্যাকাণ্ড কেৱল এজন সাংবাদিকৰ মৃত্যুই নহয়, ই আছিল গণতান্ত্ৰিক চিন্তাৰ ওপৰত এটা সংগঠিত আক্ৰমণ। এতিয়া শতাব্দীৰ শেষত গৈ বিশ্ব গণমাধ্যমত যেতিয়া সাংবাদিকসকলৰ নিৰাপত্তা, স্বাধীনতা, আৰু অভিব্যক্তিৰ অধিকাৰৰ কথা উঠে, পৰাগ কুমাৰ দাসৰ হত্যা আৰু তাৰ পিচত হোৱা ন্যায়বিহীন ন্যায়িক প্ৰক্ৰিয়াই ভাৰতবৰ্ষৰ গণতন্ত্ৰৰ প্ৰতি প্ৰশ্ন উত্থাপন কৰে।
জাতীয় বীৰ শ্বহীদ পৰাগ কুমাৰ দাসদেৱে সমাজৰ প্ৰতি যি অৱদান আগবঢ়াই থৈ গৈছে সদায় প্ৰাতস্মৰণীয় হৈ ৰৱ। সাংবাদিক পৰাগ কুমাৰ দাস আছিল ন্যায়, সততা আৰু মানৱতাৰ একনিষ্ঠ সেৱক। অসমক মনে-প্ৰাণে ভালপোৱা সাংবাদিকগৰাকীৰ সকলো চিন্তা কেন্দ্ৰীভূত হৈছিল স্বদেশ আৰু স্বজাতিৰ প্ৰতি থকা গভীৰ ভালপোৱাত, মানুহ আৰু সমাজৰ প্ৰতি থকা সীমাহীন দায়বদ্ধতাত ৷ তেওঁৰ বৰ্ণাঢ্য কলমে সদায় সত্যৰ সন্ধান কৰিছিল, য’ত চলিছিল অন্যায়ৰ বিপক্ষে তীক্ষ্ণ সমালোচনা। পৰাগ কুমাৰ দাস আছিল সত্যৰ সৈনিক। তেওঁৰ সাংবাদিকতা কেৱল বাতৰিৰ পৰিসীমাতে সীমাবদ্ধ নাছিল, বৰঞ্চ সাংবাদিকতাৰ পৰিধিৰ বাহিৰতো এটা বিপ্লবী চিন্তা, সমাজ পৰিবর্তনৰ স্বপ্ন আছিল। তেওঁ সমাজৰ বিত্তীয়-বৈষম্য, চৰকাৰী দমননীতি, আৰু শাসকৰ দ্বিচাৰিতাক নিৰ্ভীকভাৱে প্ৰশ্ন কৰিছিল। কলমেৰে সমাজৰ এন্ধাৰ নাশি পোহৰৰ আৱাহনেৰে ভৱিষ্যৎ প্ৰজন্মক সুস্থ, সবল জাতীয়তাবাদত বিশ্বাস ৰাখিবলৈ প্ৰেৰণা দি চৰম ত্যাগ স্বীকাৰ কৰা সাংবাদিক, বিপ্লৱী চিন্তাবিদ পৰাগ কুমাৰ দাস দেৱলৈ আজি পুণ্যতিথিত জনাইছোঁ গভীৰ শ্ৰদ্ধাঞ্জলি৷
আশীৰ দশকত অসমীয়া আলোচনী ‘প্ৰান্তিক’ ,”দৈনিক অসম” কাকত আৰু ‘দ্যা ছেণ্টিনেল’ ইংৰাজী কাকতৰ নিয়মীয়া স্তম্ভ লেখক হিচাপে পৰাগ কুমাৰ দাসে সাংবাদিক জীৱন আৰম্ভ কৰিছিল।সাংবাদিকতাৰ ক্ষেত্ৰতখনত তেওঁ বহু অৱদান আগবঢ়াই গৈছে। ৰাষ্ট্ৰযন্ত্ৰৰ বিৰুদ্ধেও কলম তুলি লৈছিল তেওঁ। সাংবাদিকতাৰ লগতে কেইবাখনো কিতাপ ৰচনা কৰিছিল তেওঁ। চাংলট ফেনলা, ৰাষ্ট্ৰদ্ৰোহৰ দিনলীপি তেওঁৰ দ্বাৰা ৰচিত কিতাপৰ ভিতৰত অন্যতম। সাংবাদিকতা জীৱনত সদায় অসম আৰু অসমীয়াৰ হকে মাত মাতি আহিছিল পৰাগ কুমাৰ দাসে। তেওঁ বিচাৰিছিল অসমৰ সকলো জাতি-জনগোষ্ঠীৰ অধিকাৰ আৰু কেন্দ্ৰ চৰকাৰৰ শোষন নীতি তথা এখন শোষণমুক্ত অসম। সাংবাদিকগৰাকীয়ে সদায় আৰ্থনৈতিক স্বাধীনতা আৰু স্বাৱলম্বীতাৰ ওপৰত গুৰুত্ব দিছিল।
পৰাগ কুমাৰ দাসৰ জন্ম হৈছিল ১৯৬১ চনৰ ২৪ ফেব্ৰুৱাৰীত শ্বিলঙত। গুৱাহাটীৰ চেনিকুঠি বালক বিদ্যালয়, এম চি এম ই স্কুল আৰু কটন কলেজিয়েট স্কুলৰ পৰা তেওঁ প্ৰাখমিক, মাধ্যমিক আৰু হাইস্কুলীয়া শিক্ষা সমাপ্ত কৰিছিল। ১৯৭৭ চনত হাইস্কুল শিক্ষান্ত পৰীক্ষাত তেওঁ অসমৰ ভিতৰতে চতুৰ্থ স্থান পাইছিল। তাৰ পাছতে দিল্লীৰ ছেইন্ট ষ্টিফেন্স কলেজৰ পৰা অৰ্থনীতিত স্নাতক ডিগ্ৰী লাভ কৰে আৰু দিল্লীৰ স্কুল অৱ ইকনমিকছৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।
১৯৮৪ চনত তেওঁ পঞ্জাব নেছনেল বেংকত বিষয়া হিচাপে নিযুক্ত হৈ কৰ্মজীৱনৰ আৰম্ভ কৰিছিল। তাৰ পিছত ইউনিট ট্ৰাষ্ট আৰু গুৱাহাটী ষ্টক এক্সছেঞ্জত মহাপ্ৰবন্ধক হিচাপে যোগদান কৰিছিল। ১৯৯৫ চনত চাকৰিৰ পৰা পদত্যাগ কৰি তেওঁ’অসমীয়া প্ৰতিদিন’ কাকতৰ কাৰ্যবাহী সম্পাদক পদত যোগ দিছিল।
ইয়াৰ পূৰ্বে ১৯৮৯ চনৰ মাৰ্চ মাহৰ প্ৰস্তাৱনা সংখ্যাৰপৰা সাপ্তাহিক ‘বুধবাৰ’ কাকতৰ সম্পাদক হিচাপে কাৰ্য নিৰ্বাহ কৰিছিল তেওঁ । ১৯৯৪ চনৰপৰা ‘আগান’ আলোচনীৰ প্ৰকাশক আৰু সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ইয়াৰ পাছতে তেওঁ অসমীয়া প্ৰতিদিন কাকতত যোগদান কৰে। মৃত্যুৰ সময়লৈকে তেওঁ এই কাকতখনৰ সৈতে জড়িত হৈ আছিল। ১৯৯২ আৰু ১৯৯৩ চনত পৰাগ কুমাৰ দাস ‘ৰাষ্ট্ৰীয় নিৰাপত্তা আইন’ আৰু ‘টাডা আইন’ৰ অধীনত গ্ৰেপ্তাৰ হৈছিল। আনহাতে তেওঁৰ ‘স্বাধীনতাৰ প্ৰস্তাৱ’ নামৰ কিতাপখন চৰকাৰে নিষিদ্ধ ঘোষণা কৰি বাজেয়াপ্ত কৰিছিল।
সেই সময়ত পৰাগ কুমাৰ দাসৰ হত্যাকাণ্ডই কঁপাই তুলিছিল সমগ্ৰ অসম। চাৰিওফালে সাব্যস্ত হৈছিল প্ৰতিবাদ । এই হত্যাকাণ্ডৰ ৬ বছৰ পাছত ২০০১ চনত CBI য়ে দাখিল কৰিছিল ছাৰ্জশ্বীট। CBI য়ে দাখিল কৰা ছাৰ্জশ্বীটৰ আগতেই দিগন্ত বৰুৱা আৰু তপন দত্তৰ হত্যা হৈছিল আৰু ২০০৩ চনত ডিব্ৰুগড়ত উন্মত্ত জনতাই নয়ন দাসক হত্যা কৰিছিল। একমাত্ৰ জীৱন্ত অভিযুক্ত আছিল মৃদুল ফুকন। কিন্তু উপযুক্ত প্ৰমাণৰ অভাৱত ২০০৯ চনৰ ২৮ তাৰিখে জিলা আৰু চেচন ন্যায়ালয়ৰ ন্যায়াধীশে অভিযুক্তক দোষমুক্ত বুলি ৰায় দিছিল।
তেওঁৰ আন সৃষ্টিৰাজী আছিল ছাংলট ফেন্লা , স্বাধীনতাৰ প্ৰস্তাৱ , নিষিদ্ধ কলম আৰু অন্যান্য , আমি যি কথা কৈছিলো (অজিত কুমাৰ ভূঞাৰ সৈতে যুটীয়াভাৱে ৰছিত), ৰাষ্ট্ৰদ্ৰোহীৰ দিনলিপি, মোক স্বাধীনতা লাগে , স্বাধীন অসমৰ অৰ্থনীতি।
ন্যায় নোপোৱাকৈ পাৰ হ’ল ৩১ টা বছৰ ! তেওঁৰ মৃত্যুৰ দুদিন পূৰ্বে (মে’ ১৫) প্ৰফুল্ল কুমাৰ মহন্তই দ্বিতীয়বাৰৰ কাৰণে অসম গণ পৰিষদৰ নেতৃত্বত অসমৰ শাসনৰ বাঘজৰী হাতত লৈছিল। তেওঁ ৪৮ ঘণ্টাৰ ভিতৰত পৰাগ দাসৰ হত্যাকাৰীক কৰায়ত্ত কৰাৰ প্ৰতিশ্ৰুতি দিছিল।
১৯৯৬ চনৰ ১৭ মে’—অসমীয়া সাংবাদিকতাৰ ইতিহাসত এটি কলঙ্কজনক দিন। দিনদুপৰতে গুৱাহাটীৰ মাজমজিয়াত নিৰস্ত্ৰ পৰাগ কুমাৰ দাসক হত্যাকাণ্ডে কেৱল এজন ব্যক্তিক নহয়, গণতান্ত্ৰিক মূল্যবোধ, মত-প্ৰকাশৰ স্বাধীনতা আৰু ন্যায়ৰ বোধকো গুলীয়াই মৰিছিল। তেওঁৰ মৃত্যুৰ পিচত তদন্ত, বিচাৰ, আৰু শাস্তিৰ পন্থা যিদৰে বিচ্যুতিৰ দিশে গ’ল, সেয়াই গণতন্ত্ৰত সাংবাদিকসকলৰ অৱস্থানৰ বিষাদময় ছবি আঁকে। তেওঁৰ হত্যাকাণ্ডৰ ন্যায় আজিও অপূৰ্ণ, কিন্তু তেওঁৰ ভাবনা, তেওঁৰ আদৰ্শ, আৰু তেওঁৰ কলমৰ যুদ্ধ অমৰ। নতুন প্ৰজন্মৰ প্ৰতি এই দায়বদ্ধতা থাকিব লাগে—এই অমৰতা নিখুঁতভাৱে বুজি লোৱাৰ, আৰু সত্যৰ যুঁজত কলমক পুনৰ বলিষ্ঠ কৰি তোলাৰ।